লেবীয়া 15 : 1 (IRVAS)
{নানা অশৌচৰ পৰা শুচি হোৱাৰ নিয়ম। } যিহোৱাই মোচি আৰু হাৰোণক কোৱা কথাখিনি এইদৰে ক’লে,
লেবীয়া 15 : 2 (IRVAS)
“তোমালোকে ইস্ৰায়েলৰ সন্তান সকলক এই কথা কোৱা, ‘কোনো পুৰুষৰ শৰীৰৰ পৰা কোনো ধৰণৰ বৈ থকা সোঁচৰা ৰোগ হ’লে, সেই ৰোগৰ কাৰণে তেওঁ অশুচি হ’ব।
লেবীয়া 15 : 3 (IRVAS)
সেই ৰোগ থকাৰ বাবে তেওঁ অশুচি হৈ থাকিব। তেওঁৰ শৰীৰৰ পৰা সেই ৰোগ বৈ থাকক বা বন্ধ হওঁক, তথাপি তেওঁ অশুচি।
লেবীয়া 15 : 4 (IRVAS)
সেই ৰোগী শোৱা প্ৰত্যেক শয্যা অশুচি আৰু তেওঁ বহা প্ৰত্যেক আসনো অশুচি।
লেবীয়া 15 : 5 (IRVAS)
যিজনে তেওঁৰ শয্যা চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীৰে গা ধুব লাগিব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব।
লেবীয়া 15 : 6 (IRVAS)
আৰু সেই ৰোগী বহা আসনত যদি কোনোজনে বহে, তেন্তে তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
লেবীয়া 15 : 7 (IRVAS)
আৰু যিজনে সেই ৰোগীৰ গা চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
লেবীয়া 15 : 8 (IRVAS)
সেই ৰোগীয়ে যদি কোনো মানুহৰ গা’ত থুই পেলায়, তেন্তে তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব, এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
লেবীয়া 15 : 9 (IRVAS)
আৰু সেই ৰোগী যিকোনো বাহনত উঠিব, সেয়ে অশুচি হ’ব।
লেবীয়া 15 : 10 (IRVAS)
আৰু যিজনে তেওঁৰ তলত থকা কোনো বস্তু চুব, তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব আৰু যিজনে সেই বস্তু তুলি বৈ নিব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
লেবীয়া 15 : 11 (IRVAS)
সেই ৰোগীয়ে হাত নোধোৱাকৈ যিজনক চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব, পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
লেবীয়া 15 : 12 (IRVAS)
আৰু সেই ৰোগীয়ে যি কোনো মাটিৰ পাত্ৰ চুব, তাক ভাঙি পেলাব লাগিব আৰু সকলো কাঠৰ পাত্ৰ পানীত ধুব লাগিব।
লেবীয়া 15 : 13 (IRVAS)
পাছত সেই ৰোগী যেতিয়া নিজ ৰোগৰ পৰা সুস্থ হ’ব, তেতিয়া তেওঁ নিজ শুচিৰ অৰ্থে, সাত দিন বাট চাই থাকি নিজ বস্ত্ৰ ধুব আৰু বোৱতী পানীত গা ধুব লাগিব; তেতিয়া তেওঁ শুচি হ’ব।
লেবীয়া 15 : 14 (IRVAS)
অষ্টম দিনা তেওঁ নিজৰ কাৰণে দুটা কপৌ বা দুটা পাৰ পোৱালি লৈ, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ যিহোৱাৰ আগলৈ আহি সেইবোৰ পুৰোহিতক দিব লাগিব।
লেবীয়া 15 : 15 (IRVAS)
তেতিয়া পুৰোহিতে তাৰ এটা পাপাৰ্থক বলিৰ বলি স্বৰূপে উৎসৰ্গ কৰিব; এইদৰে পুৰোহিতে তেওঁৰ সেই ৰোগৰ কাৰণে যিহোৱাৰ সন্মূখত তাক প্ৰায়শ্চিত্ত কৰিব।
লেবীয়া 15 : 16 (IRVAS)
যদি কোনো পুৰুষৰ স্বাভাৱিকভাৱে বীৰ্য্যপাত হয়, তেন্তে তেওঁ নিজৰ গোটেই শৰীৰ পানীত ধুব লাগিব আৰু সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
লেবীয়া 15 : 17 (IRVAS)
আৰু যিকোনো বস্তুত বা ছালত বীৰ্য্য লাগিলে, তাক পানীত ধুব লাগিব আৰু সেয়ে সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
লেবীয়া 15 : 18 (IRVAS)
আৰু কোনো পুৰুষে স্ত্রীৰ সৈতে শয়ন কৰোঁতে যদি বীৰ্য্যপাত হয়, তেওঁলোক দুয়ো পানীত গা ধুব লাগিব আৰু সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
লেবীয়া 15 : 19 (IRVAS)
যেতিয়া কোনো মহিলাৰ ঋতুস্রাৱ হয়, তেতিয়া সাত দিনলৈ তেওঁ অশুচি হৈ থাকিব আৰু যিজনে তাইক চুব, সি সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
লেবীয়া 15 : 20 (IRVAS)
আৰু সেই অশৌচৰ কালত তেওঁ য’ত শুব, সেই ঠাইও অশুচি হ’ব; আৰু য’ত তেওঁ বহিব, সেইবোৰো অশুচি হ’ব।
লেবীয়া 15 : 21 (IRVAS)
আৰু যিজনে তেওঁৰ শয্যা চুব; তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
লেবীয়া 15 : 22 (IRVAS)
আৰু যিজনে তেওঁ বহা আসন চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
লেবীয়া 15 : 23 (IRVAS)
আৰু তাইৰ শয্যাৰ ওপৰত থকা কিবা বস্তু বা যিকোনো বস্তু যদি তেওঁ চোৱে তেন্তে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
লেবীয়া 15 : 24 (IRVAS)
লেবীয়া 15 : 25 (IRVAS)
আৰু যদি কোনো পুৰুষে তাইৰে সৈতে শয়ন কৰে আৰু তাইৰ তেজ তেওঁৰ শৰীৰত লাগে, তেন্তে তেওঁ সাত দিনলৈ অশুচি হৈ থাকিব আৰু যিকোনো শয্যাত তেওঁ শুব, সেই শয্যাও অশুচি হ’ব। আৰু মাহেকীয়া অশৌচৰ কালত ৰক্তস্ৰাৱ নহৈ, যদি অসময়ত কোনো স্ত্রী’ৰ বহু দিনলৈকে ৰক্তস্ৰাৱ হয় বা মাহেকীয়া অশৌচৰ কালত যদি অনেক দিনলৈ ৰক্তস্ৰাৱ হয়, তেন্তে মাহেকীয়া অশৌচৰ কালৰ দৰে, সেই অশুচি ৰক্তস্ৰাৱৰ সকলো দিন তাই অশুচি হৈ থাকিব; তাই অশুচি।
লেবীয়া 15 : 26 (IRVAS)
সেই ৰক্তস্ৰাৱৰ সকলো দিন যিকোনো শয্যাত তাই শুব, সেয়ে মাহেকীয়া অশৌচৰ কালৰ দৰে অশুচি হব; আৰু যিকোনো আসনৰ ওপৰত তাই বহিব সেয়ে মাহেকীয়া অশৌচৰ কালৰ অশুচিতাৰ দৰে অশুচি হ’ব।
লেবীয়া 15 : 27 (IRVAS)
আৰু যিজনে সেইবোৰ চুব, তেওঁ অশুচি হ’ব আৰু তেওঁ বস্ত্ৰ ধুই পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
লেবীয়া 15 : 28 (IRVAS)
পাছত সেই স্ত্রী ৰক্তস্ৰাৱৰ পৰা সুস্থ হ’লে, তাই সাত দিন থাকিব; তাৰ পাছত তাই শুচি হ’ব।
লেবীয়া 15 : 29 (IRVAS)
পাছত অষ্টম দিনা, তাই নিজৰ কাৰণে দুটা কপৌ বা দুটা পাৰ পোৱালি লৈ, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ পুৰোহিতৰ ওচৰলৈ আনিব।
লেবীয়া 15 : 30 (IRVAS)
পুৰোহিতে তাৰ এটা পাপাৰ্থক বলি স্বৰূপে আৰু আনটো হোম-বলিস্বৰূপে উৎসৰ্গ কৰিব; এইদৰে তাই অশুচি ৰক্তস্ৰাৱৰ কাৰণে পুৰোহিতে যিহোৱাৰ সন্মূখত তাইক প্ৰায়শ্চিত্ত কৰিব।
লেবীয়া 15 : 31 (IRVAS)
লেবীয়া 15 : 32 (IRVAS)
ইস্ৰায়েলৰ সন্তান সকলে তাৰ মাজত থকা মোৰ আৱাস অশুচি কৰি তেওঁলোকে নিজ নিজ অশৌচৰ কাৰণে নমৰিবলৈ এইদৰে তোমালোকে তেওঁলোকক নিজ নিজ অশৌচৰ পৰা পৃথক কৰিবা। গা’ৰ পৰা কিবা বৈ থকা ৰোগী, বীৰ্য্যপাতৰ অশুচি হোৱা লোক,
লেবীয়া 15 : 33 (IRVAS)
ৰজস্বলা হোৱা কোনো পুৰুষ বা মহিলাৰ শৰীৰৰ পৰা যদি কোনো তৰল পদাৰ্থ বৈ থাকে, আৰু অশুচি স্ত্রী’ৰে সৈতে শয়নকাৰী পুৰুষ, এই লোকসকলৰ বাবে এই নিয়ম’।”

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33