লেবীয়া 11 : 1 (IRVAS)
শুচি অশুচি জন্তুৰ বিষয় পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে,
লেবীয়া 11 : 2 (IRVAS)
“তোমালোকে ইস্ৰায়েলৰ সন্তান সকলক কোৱা যে, ‘সকলো ভূ-চৰ পশুবোৰৰ মাজত এইবোৰ জন্তু তোমালোকে খাব পাৰিবা।
লেবীয়া 11 : 3 (IRVAS)
পশুবোৰৰ মাজত যি কোনো জন্তুৰ খুৰা সম্পুৰ্ণৰূপে দুফাল আৰু ঘাঁহ পাগুলে তাক তোমালোকে খাব পাৰিবা
লেবীয়া 11 : 4 (IRVAS)
তথাপি ঘাঁহ পাগুলা বা খুৰা দুফাল হোৱাবোৰৰ মাজত তোমালোকে কোনোমতে খাব নলগীয়া পশু এইবোৰ; উট, কিয়নো সি ঘাঁহ পাগুলে হয়, কিন্তু দুফলীয়া খুৰা থকা নহয়, সি তোমালোকৰ পক্ষে অশুচি।
লেবীয়া 11 : 5 (IRVAS)
আৰু চাফন পশু, কিয়নো সিও ঘাঁহ পাগুলে, তথাপি দুফলীয়া খুৰা থকা নহয়, সিওঁ তোমালোকৰ পক্ষে অশুচি।
লেবীয়া 11 : 6 (IRVAS)
শহা; কিয়নো সিও ঘাঁহ পাগুলে, কিন্তু দুফলীয়া খুৰা থকা নহয়, সি তোমালোকৰ পক্ষে অশুচি।
লেবীয়া 11 : 7 (IRVAS)
আৰু গাহৰি: কিয়নো তাৰ খুৰা সম্পুৰ্ণৰূপে দুফাল হয় তথাপি সি ঘাঁহ নাপাগুলে, তোমালোকৰ পক্ষে সিও অশুচি।
লেবীয়া 11 : 8 (IRVAS)
তোমালোকে সেইবোৰৰ মাংস ভোজন নকৰিবা আৰু সেইবোৰৰ শৱকো নুচুবা; সেইবোৰ তোমালোকৰ পক্ষে অশুচি।
লেবীয়া 11 : 9 (IRVAS)
জলজন্তুবোৰৰ মাজত সমুদ্ৰত কি নদীত বা আন পানীত থকা জন্তুৰ মাজত, পাখি আৰু বাকলি থকা জন্তু তোমালোকে খাব পাৰিবা।
লেবীয়া 11 : 10 (IRVAS)
কিন্তু সমুদ্ৰত বা নদীত থকা জলচৰবোৰৰ মাজত বা পানীত থকা সকলো প্ৰাণীৰ মাজত, যিবোৰৰ পাখি আৰু বাকলি নাই, সেইবোৰ তোমালোকৰ পক্ষে ঘিণলগা।
লেবীয়া 11 : 11 (IRVAS)
সেইবোৰ তোমালোকৰ পক্ষে সদায় ঘিণলগা। তোমালোকে সেইবোৰৰ মাংস ভোজন নকৰিবা আৰু সেইবোৰৰ শৱকো ঘিণ কৰিবা।
লেবীয়া 11 : 12 (IRVAS)
জলন্তুবোৰৰ মাজত যিবোৰৰ পাখি আৰু বাকলি নাই, সেই সকলোৱেই তোমালোকৰ পক্ষে ঘিণলগা।
লেবীয়া 11 : 13 (IRVAS)
আৰু পক্ষীবোৰৰ মাজত এইবোৰ তোমালোকে ঘিণ কৰিবা আৰু এইবোৰ নাখাবা, ঈগল, শগুণ,
লেবীয়া 11 : 14 (IRVAS)
মটিয়া চিলনী আৰু সকলো বিধৰ ৰঙা চিলনী;
লেবীয়া 11 : 16 (IRVAS)
বগা ফেচাঁ, লক্ষী ফেচাঁ, গঙ্গা-চিলনী আৰু সকলো বিধৰ শেন।
লেবীয়া 11 : 17 (IRVAS)
তোমালোকে এইবোৰকো ঘিণ কৰিবা, যেনে - ফেঁচা, মাছৰোকা আৰু হুদু,
লেবীয়া 11 : 18 (IRVAS)
দীঘল ডিঙীয়া হাঁহ, ঢোঁৰা কাউৰী আৰু সৰু শগুণ,
লেবীয়া 11 : 19 (IRVAS)
বৰটোকোলা, সকলো বিধৰ বগলী, গোবৰ খোঁচোৰা আৰু বাদুলী।
লেবীয়া 11 : 20 (IRVAS)
চাৰি ঠেঙেৰে উৰি ফুৰা সকলো পাখি থকা জন্তু তোমালোকৰ পক্ষে ঘিণলগা।
লেবীয়া 11 : 21 (IRVAS)
তথাপি পাখি থকা উৰি ফুৰা চাৰি ঠেঙেৰে ফুৰা জন্তুৰ মাজত, মাটিত ভৰ দি জাপ মাৰিবৰ বাবে যিবোৰৰ চাৰি ভৰিৰ ওপৰত দুটা ঠেং থাকে, সেইবোৰ খাব পাৰিবা।
লেবীয়া 11 : 22 (IRVAS)
আৰু সকলো বিধৰ কাকতী ফৰিং, সকলো বিধৰ খগা ফৰিং, সকলো বিধৰ উই-চিৰিঙা আৰু সকলো বিধৰ তামুলী ফৰিং, এই সকলোকে তোমালোকে খাব পাৰিবা।
লেবীয়া 11 : 23 (IRVAS)
কিন্তু উৰি ফুৰা সকলো চাৰি ঠেঙীয়া জন্তু তোমালোকৰ পক্ষে ঘিণ লগা।
লেবীয়া 11 : 24 (IRVAS)
তোমালোক এই জন্তুবোৰৰ দ্বাৰাই সন্ধিয়ালৈকে অশুচি হৈ পৰিবা, যদি কোনোৱে এইবোৰৰ শৱবোৰো স্পৰ্শ কৰে, তেৱোঁ অশুচি হ’ব।
লেবীয়া 11 : 25 (IRVAS)
আৰু যিকোনোৱে সেইবোৰৰ শৱ লৈ যাব, সি নিজ কাপোৰ ধুব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব।
লেবীয়া 11 : 26 (IRVAS)
যিবোৰ জন্তুৰ খুৰা দুফাল হলেও সম্পুৰ্ণৰূপে দুফাল নহয় আৰু যি জন্তুৱে ঘাঁহ নাপাগুলে, সেইবোৰ তোমালোকৰ পক্ষে অশুচি। যিকোনোৱে সেইবোৰৰ শৱ চুব, তেওঁ অশুচি হ’ব।
লেবীয়া 11 : 27 (IRVAS)
আৰু চাৰি ঠেঙেৰে ফুৰা সকলো জন্তুৰ মাজত যিবোৰ ভৰিৰ তলুৱাৰে খোজ কাঢ়ে, সেইবোৰ তোমালোকৰ পক্ষে অশুচি। যিকোনোৱে সেইবোৰৰ শৱ চুব, তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
লেবীয়া 11 : 28 (IRVAS)
আৰু যিকোনোৱে সেইবোৰৰ শৱ লৈ যাব, সি নিজ বস্ত্ৰ ধুব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব। সেইবোৰেই তোমালোকৰ পক্ষে অশুচি।
লেবীয়া 11 : 29 (IRVAS)
মাটিত বগাই ফুৰা সকলো বিধৰ উৰগ জন্তুৰ মাজত এইবোৰ তোমালোকৰ পক্ষে অশুচি; নেউল, এন্দুৰ,
লেবীয়া 11 : 30 (IRVAS)
সকলো বিধৰ গুঁই জেঠী, নাইপিয়া, তেজপিয়া, সোণগুঁই, আৰু মটিয়া গুঁই।
লেবীয়া 11 : 31 (IRVAS)
বগাই ফুৰা জন্তুৰ জন্তুবোৰৰ ভিতৰত এইবোৰ তোমালোকৰ পক্ষে অশুচি; সেইবোৰ মৰিলে, যি কোনোৱে সেইবোৰৰ শৱ চুব, তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
লেবীয়া 11 : 32 (IRVAS)
আৰু সেইবোৰৰ মাজৰ কোনো শৱ যি বস্তুৰ ওপৰত পৰিব, সিও অশুচি হ’ব; কাঠৰ পাত্ৰ বা বস্ত্ৰ বা ছাল বা মোনা, যিকোনো কামত লগা বস্তুৱেই হওক, তাক পানীত জুবুৰিয়াব লাগিব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব আৰু তেতিয়াহে শুচি হ’ব।
লেবীয়া 11 : 33 (IRVAS)
আৰু কোনো মাটিৰ পাত্ৰৰ ভিতৰত সেইবোৰৰ শৱ পৰিলে, তাৰ ভিতৰত থকা সকলো বস্তু অশুচি হ’ব আৰু তোমালোকে তাক ভাঙি পেলাবা।
লেবীয়া 11 : 34 (IRVAS)
তাৰ ভিতৰত থকা পানী দি সিজোৱা সকলো খোৱা বস্তু অশুচি হ’ব আৰু তেনেকুৱা সকলো পাত্ৰত থকা সকলো প্ৰকাৰ পেয় দ্ৰব্য অশুচি হ’ব।
লেবীয়া 11 : 35 (IRVAS)
আৰু এন্দুৰেই হওঁক বা চুলাই হওঁক, যিকোনো বস্তুৰ ওপৰত সেইবোৰৰ শৱ পৰিব, সেয়ে অশুচি হ’ব; তাক ভাঙি পেলাব লাগিব; সেইবোৰ অশুচি, তোমালোকৰ পক্ষে সেইবোৰ অশুচি হৈ থাকিব।
লেবীয়া 11 : 36 (IRVAS)
তথাপি ভুমুক বা যি নাদত অনেক পানী জমা হৈ থাকে, সেয়ে শুচি হব; কিন্তু যি জনে সেইবোৰৰ মৰা শৱ চুব, তেওঁ অশুচি হ’ব।
লেবীয়া 11 : 37 (IRVAS)
আৰু সেইবোৰৰ শৱ যদি কোনো ববলগীয়া গুটিত পৰে, তেন্তে সেয়ে শুচি হৈ থাকিব।
লেবীয়া 11 : 38 (IRVAS)
কিন্তু গুটিৰ ওপৰত পানী দিলে, যদি সেইবোৰৰ শৱ তাৰ ওপৰত পৰে, তেন্তে সেয়ে তোমালোকৰ পক্ষে অশুচি।
লেবীয়া 11 : 39 (IRVAS)
তোমালোকে খাব পৰা পশুৰ মাজত কোনো পশু মৰিলে, যিকোনোৱে তাৰ শৱ চুব, সি সন্ধ্যালৈকে অশুচি হৈ থাকিব।
লেবীয়া 11 : 40 (IRVAS)
আৰু যিকোনোৱে তাৰ মাংস খাব, সি নিজৰ কাপোৰ ধুব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব। আৰু যি কোনোৱে তাৰ শৱ লৈ যাব তেওঁ নিজ বস্ত্ৰ ধুব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব।
লেবীয়া 11 : 41 (IRVAS)
আৰু মাটিত বগাই ফুৰা প্ৰত্যেক উৰগ জন্তু ঘিণ লগা; তাক খাব নালাগে।
লেবীয়া 11 : 42 (IRVAS)
মাটিত বগাই ফুৰা যিকোনো জীৱজন্তু পেটেৰে যায় বা চাৰি ঠেঙেৰে যায় বা যিবোৰৰ অধিক ভৰি থাকে, সেইবোৰ তোমালোকে নাখাবা; কিয়নো সেইবোৰ ঘিণ লগা।
লেবীয়া 11 : 43 (IRVAS)
সেই সকলো বগাই ফুৰা উৰগ আদি জন্তুবোৰৰ দ্বাৰাই তোমালোকে নিজক অশুচি নকৰিবা আৰু অশুচি হবলৈ সেইবোৰৰ দ্বাৰাই নিজকে অশুচি নকৰিবা।
লেবীয়া 11 : 44 (IRVAS)
কাৰণ মই তোমালোকৰ ঈশ্বৰ যিহোৱা; এই হেতুকে তোমালোকে নিজকে পবিত্ৰ কৰি পবিত্ৰ হোৱা, কিয়নো মই পবিত্ৰ; তোমালোকে মাটিৰ ওপৰত বগাই ফুৰা ভূ-চৰ জন্তুবোৰৰ দ্বাৰাই নিজকে অশুচি নকৰিবা।
লেবীয়া 11 : 45 (IRVAS)
কিয়নো, তোমালোকৰ ঈশ্বৰ হ’বলৈ তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই অনা যিহোৱা মই; এই হেতুকে তোমালোক পবিত্ৰ হোৱা, কাৰণ মই পবিত্ৰ।
লেবীয়া 11 : 46 (IRVAS)
শুচি অশুচি বস্তুৰ আৰু খাব পৰা, খাব নোৱাৰা জন্তু, প্ৰভেদ জন্মাবৰ বাবে,
লেবীয়া 11 : 47 (IRVAS)
পশু, পক্ষী; জলচৰ আৰু বগাই ফুৰা উৰগ আদি প্ৰাণীবোৰৰ বিষয়ে এই নিয়ম’।”
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47