বিচাৰ 5 : 2 (IRVAS)
সেইদিনাখন দবোৰা আৰু অবীনোৱমৰ পুত্ৰ বাৰাকে এই গীত গালে, “নেতাসকলে ইস্রায়েলৰ লোকক যুদ্ধত পৰিচালনা কৰিলে, লোকসকলে স্বেচ্ছায় আনন্দেৰে আগবাঢ়ি গ’ল* অৰ্থাৎ যিহোৱাই নিজৰ ধাৰ্মিকতা স্থাপন কৰিলে - আমি যিহোৱাৰ প্রশংসা গীত কৰোঁ!
বিচাৰ 5 : 3 (IRVAS)
হে ৰজাসকল শুনা! নেতাসকল, মনোযোগ দিয়া! মই, ময়েই যিহোৱাৰ উদ্দেশ্যে গান কৰিম; মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম।
বিচাৰ 5 : 4 (IRVAS)
হে যিহোৱা, তুমি যেতিয়া চেয়ীৰৰ পৰা ওলাই আহিছিলা, ইদোমৰ পৰা আগুৱাই আহিছিলা, পৃথিৱী কঁপি উঠিছিল, আকাশে গৰজি উঠিছিল, এনেকি মেঘেও জল বৰষালে।
বিচাৰ 5 : 5 (IRVAS)
যিহোৱাৰ সাক্ষাতে পর্বতমালা কঁপি উঠিছিল; এনেকি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে চীনয় পর্বত কঁপি উঠিল।
বিচাৰ 5 : 6 (IRVAS)
চমগৰ† চমগৰ অনাতৰ পুত্ৰ আৰু যায়েলৰ দিনত ৰাজআলিবোৰ জনশূণ্য হৈ পৰিছিল আৰু পথিকসকলে বেঁকা বাটেদি যাতায়ত কৰিছিল।
বিচাৰ 5 : 7 (IRVAS)
মই, দবোৰাই নেতৃত্ব নিদিয়ালৈকে, ইস্রায়েলৰ ভূমিত কৃষকসকল নাছিল, মই ইস্রায়েলবাসীৰ মাতৃৰ দৰে হ’লো।
বিচাৰ 5 : 8 (IRVAS)
লোকসকলে নতুন দেৱতাবোৰক মনোনীত কৰিছিল; তেতিয়া নগৰৰ দুৱাৰত যুদ্ধ লাগিল। চল্লিশ হাজাৰ ইস্রায়েল লোকৰ মাজত এখনো ঢাল বা এপাত যাঠি দেখা পোৱা নাছিলো।
বিচাৰ 5 : 9 (IRVAS)
মোৰ মন ইস্রায়েলৰ নেতাসকলৰ লগতে আছে, যিসকলে স্বেচ্ছায় আনন্দেৰে যুদ্ধলৈ গৈছিল, সেইসকলৰ বাবে আমি যিহোৱাৰ ধন্যবাদ কৰোঁ!
বিচাৰ 5 : 10 (IRVAS)
তোমালোক যিসকলে বগা গাধত উঠি, পিঠিত আসনৰ বাবে কম্বলৰ গদিত বহি ঘূৰি ফুৰা আৰু তোমালোক যিসকলে পথত খোজ কাঢ়ি ফুৰা, তোমালোকে এই সকলো বিষয়ে ভাৱা!
বিচাৰ 5 : 11 (IRVAS)
তোমালোকে পশুবোৰে পানী পিবলৈ অহা ঠাইত ধনুৰ্ধৰসকল‡ গায়কসকলৰ কথা শুনা ৰ মাত কথা শুনা, তাত তেওঁলোকে যিহোৱাৰ ধাৰ্মিকতাৰ কার্যবোৰৰ কথা পুনৰ কয়, আৰু ইস্রায়েলত যিহোৱাৰ সৈনিকসকলে কৰা ধার্মিকতাৰ কার্যবোৰ বর্ণনা কৰে। “তাৰ পাছত যিহোৱাৰ সন্তানসকল নগৰৰ দুৱাৰবোৰলৈ নামি গ’ল।
বিচাৰ 5 : 12 (IRVAS)
সাৰ পোৱা দবোৰা, সাৰ পোৱা! সাৰ পোৱা, সাৰ পোৱা, গীতগান কৰা! হে অবীনোৱমৰ পুত্ৰ বাৰাক, উঠা আৰু যুদ্ধত যিসকলক তোমালোকে ধৰিলা, বন্দী কৰি লৈ যোৱা।
বিচাৰ 5 : 13 (IRVAS)
তাৰ পাছত জীয়াই থকা লোকসকল গণ্য-মান্য লোকৰ ওচৰলৈ নামি আহিল; যিহোৱাৰ লোকসকলে যুদ্ধ কৰিবৰ বাবে মোৰ ওচৰলৈ নামি আহিল।
বিচাৰ 5 : 14 (IRVAS)
কিছু লোক আহিল ইফ্ৰয়িমৰ পৰা, য’ত অমালেকীয়াসকলে বাস কৰিছিল; তোমালোকৰ পাছে পাছে বিন্যামীন বংশৰ লোক আহিল; মাখীৰৰ পৰা সেনাপতিসকল নামি আহিল; আৰু জবূলূনৰ বংশৰ লোকসকলে শাসনকর্তাৰ দণ্ড লৈ নামি আহিল।
বিচাৰ 5 : 15 (IRVAS)
ইচাখৰৰ মুখ্য লোকসকল দবোৰাৰ লগত আছিল আৰু ইচাখৰ বাৰাকৰ লগত আছিল। বাৰাকৰ পাছে পাছে দৌৰি লোকসকলে শীঘ্ৰে উপত্যকালৈ নামি গ’ল। ৰূবেণৰ ফৈদৰ মাজত অনেক দৃঢ়মনৰ লোক আছিল।
বিচাৰ 5 : 16 (IRVAS)
তোমালোকে মেৰ-ছাগ ৰখীয়াবোৰৰ বাঁহীৰ শব্দ শুনি শুনি কিয় মেৰ-ছাগৰ জুহালৰ মাজত বহি আছিলা? যিহেতু ৰূবেণৰ বংশত অনেক দৃঢ়মনা লোক আছিল।
বিচাৰ 5 : 17 (IRVAS)
গিলিয়দৰ বংশৰ লোকসকল যৰ্দ্দনৰ সিপাৰে বাস কৰিলে; আৰু দান ফৈদৰ লোকে কিয় জাহাজৰ কাষত বাস কৰিলে? আচেৰৰ লোকসকল সমুদ্ৰৰ তীৰত থাকি বন্দৰবোৰৰ কাষত বাস কৰিলে।
বিচাৰ 5 : 18 (IRVAS)
জবূলূন আৰু নপ্তালীৰ ফৈদ ৰণস্থলীত প্ৰাণক মৰণলৈকে তুচ্ছ জ্ঞান কৰা লোক।
বিচাৰ 5 : 19 (IRVAS)
ৰজাসকলে আহি যুদ্ধ কৰিলে; কনানৰ ৰজাসকলে যুদ্ধ কৰিলে; মগিদ্দোৰ পানীৰ কাষত থকা তানকত তেওঁলোকে যুদ্ধ কৰিলে; কিন্তু তেওঁলোকে কোনো ৰূপ লুটি নিব নোৱাৰিলে।
বিচাৰ 5 : 20 (IRVAS)
আকাশৰ পৰা তৰাবোৰে যুদ্ধ কৰিলে; নিজ নিজ পথবোৰৰ পৰা তৰাবোৰে চীচৰাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
বিচাৰ 5 : 21 (IRVAS)
কীচোন নদীয়ে সিহঁতক উটাই নিলে; সেই প্ৰাচীন কালৰ নদীৰপানী, কীচোন নদীয়ে শত্রুবোৰক উটুৱাই নিলে। হে মোৰ মন, শক্তিশালী হৈ আগবাঢ়া।
বিচাৰ 5 : 22 (IRVAS)
তেতিয়া ঘোঁৰাবোৰৰ খুৰাৰ আঘাতত মাটি কঁপি উঠিল; তেওঁৰ শক্তিশালী ঘোঁৰাবোৰে চেঁকুৰি দৌৰিবলৈ ধৰিলে।
বিচাৰ 5 : 23 (IRVAS)
যিহোৱাৰ দূতে কৈছে, মেৰোজ চহৰক অভিশাপ দিয়া! তাৰ নিবাসীসকলক অতিশয় শাও দিয়া! কিয়নো সিহঁত যিহোৱাৰ সহায়ৰ অৰ্থে নাহিল- বীৰসকলৰ বিৰুদ্ধে যুদ্ধত যিহোৱাক সহায় কৰিবলৈ নাহিল।
বিচাৰ 5 : 24 (IRVAS)
কেনীয়া হেবৰৰ ভার্যা যায়েল, আন মহিলাসকলতকৈ ধন্যা মহিলা; তেওঁ সকলো তম্বুবাসী মহিলাতকৈও অতি ধন্যা।
বিচাৰ 5 : 25 (IRVAS)
চীচৰাই পানী খুজিলত তেওঁ গাখীৰ দিলে; এটি ৰাজকীয় পাত্ৰত তেওঁ ঘন গাখীৰ আনি দিলে।
বিচাৰ 5 : 26 (IRVAS)
তেওঁ তম্বু বন্ধা খুটিটোলৈ নিজৰ হাত মেলিলে, বনুৱাৰ হাতুৰীটো সোঁ হাতত ল’লে; চীচৰাক হাতুৰীৰে আঘাত কৰি তেওঁৰ মূৰ ভাঙিলে; মূৰৰ কাষেদি খুঁটি বিন্ধাই চীচৰাৰ মূৰৰ লাওখোলা গুড়ি কৰিলে।
বিচাৰ 5 : 27 (IRVAS)
তেওঁৰ ভৰিৰ ওচৰত মূৰ গুজি চীচৰা পৰি গ’ল, আৰু য’ত পৰিছিল, তাতে পৰি থাকিল। ভৰিৰ ওচৰত যি ঠাইত পৰিছিল, সেই ঠাইতে তেওঁক নিশংসভাবে বধ কৰা হ’ল।
বিচাৰ 5 : 28 (IRVAS)
চীচৰাৰ মাতৃয়ে এখন খিড়িকিয়েদি জুমি চালে - তেওঁ জালিকটা খিড়িকিৰে চাই চিঞঁৰি ক’লে, “চীচৰাৰ ৰথ আহিবলৈ কিয় ইমান পলম হৈছে? তেওঁৰ ৰথবোৰ টনা ঘোঁৰাবোৰৰ চেকুৰাৰ শব্দ কিয় এতিয়ালৈকে শুনা নাই?”
বিচাৰ 5 : 29 (IRVAS)
তেওঁৰ জ্ঞানৱতী লিগিৰীবোৰে উত্তৰ দিলে আৰু তেৱোঁ একে উত্তৰকে নিজকে নিজে দিলে:
বিচাৰ 5 : 30 (IRVAS)
তেওঁলোকে লুটদ্ৰব্য পাই ভাগ কৰা নাই নেকি? - প্ৰতিজন পুৰুষৰ কাৰণে এজনী বা দুজনী ৰমণী; চীচৰাৰ কাৰণে খমখমীয়া ৰঙীণ পোছাক, ফুল কৰা ৰঙীণ পোছাক, মোৰ ডিঙিৰ চৌপাশে ফুল বচা দুটাকৈ পোছাক§ এইবোৰ লুট কৰা সকলৰ ডিঙি আছিল -
বিচাৰ 5 : 31 (IRVAS)
হে যিহোৱা, তোমাৰ সকলো শত্ৰুবোৰ যেন এনেদৰেই বিনষ্ট হয়! কিন্তু যিসকলে তোমাক প্ৰেম কৰে, সেইসকল যেন প্ৰতাপেৰে উদয় হোৱা সূৰ্যৰ নিচিনা হৈ উঠে। ইয়াৰ পাছত দেশত চল্লিশ বছৰলৈকে শান্তি আছিল।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31