Joshua 15 : 1 (IRVAS)
দক্ষিণ কনানৰ অন্তভাগত ইদোমৰ সীমালৈকে দক্ষিণফালে ছিন মৰুপ্ৰান্তলৈ নিজ নিজ বংশ অনুসাৰে যিহূদাৰ সন্তান সকলৰ ফৈদৰ সীমা নিৰূপণ কৰা হ’ল।
Joshua 15 : 2 (IRVAS)
তেওঁলোকৰ দক্ষিণ সীমা লৱণ-সমুদ্ৰ* মৰুৎ সাগৰ ৰ শেষ অংশৰ পৰা অৰ্থাৎ দক্ষিণ ফাললৈ বাঢ়ি যোৱা উপসাগৰৰ পৰা আৰম্ভ হ’ল।
Joshua 15 : 3 (IRVAS)
অক্ৰব্বীম নামৰ পৰ্ব্বতৰ দক্ষিণফালে উঠি হিষ্ৰোণেদি গৈ, অদ্দৰলৈ উঠি কৰ্কালৈকে ঘূৰি গ’ল৷
Joshua 15 : 4 (IRVAS)
পাছত অচমোনলৈ গৈ, মিচৰ দেশৰ জুৰিয়েদি সাগৰত ইয়াৰ সীমা শেষ হ’ল। এয়ে তেওঁলোকৰ দক্ষিণ সীমা আছিল৷
Joshua 15 : 5 (IRVAS)
যৰ্দ্দনৰ মুখত থকা লবণ সমুদ্ৰটো পূব সীমা আছিল৷ উত্তৰ ফালৰ সীমা সমুদ্ৰৰ উপসাগৰৰ ভাগৰ পৰা যর্দ্দনৰ মুখলৈ আছিল৷
Joshua 15 : 6 (IRVAS)
এই সীমা বৈৎ-হগ্লালৈ উঠি গৈ বৈৎ-অৰাবাৰ উত্তৰ ফালে গ’ল৷ পাছত সেই সীমা ৰূবেণৰ সন্তান বোহনৰ শিলটোলৈকে উঠি গ’ল৷
Joshua 15 : 7 (IRVAS)
পাছত সেই সীমা আখোৰ উপত্যকাৰ পৰা দবীৰলৈ উঠি গৈ উত্তৰ ফালে ঘূৰি গিলগলৰ দিশে; ইয়াৰ অৱস্থিতি নদীৰ দক্ষিণ পাৰত থকা অদুম্মীম পর্বতৰ বিপৰীতে আছিল৷ পাছত সেই সীমা অয়িন-চেমচৰ জুৰিৰ কাষে কাষে অয়িন-ৰোগেলত গ’ল।
Joshua 15 : 8 (IRVAS)
তাৰ পাছত সেই সীমা বিন হিন্নোমৰ উপত্যকাইদি উঠি যিবুচী নগৰৰ দক্ষিণ কাষলৈ অৰ্থাৎ যিৰূচালেমলৈ গ’ল৷ পাছত সেই সীমা পশ্চিম দিশৰ বিন-হিন্নোমৰ উপত্যকাৰ সন্মুখত থকা আৰু উত্তৰ ফালে ৰফায়ীম উপত্যকাৰ অন্তভাগত থকা পৰ্ব্বতৰ টিঙলৈকে গ’ল৷
Joshua 15 : 9 (IRVAS)
পাছত এই সীমা সেই পৰ্ব্বতৰ ওপৰৰ পৰা নেপ্তোহ জলৰ ভুমুকলৈকে বাঢ়ি গৈ ইফ্ৰোণ পৰ্ব্বতৰ নগৰবোৰত ওলাল৷ পাছত সেই সীমা বালা অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীমলৈকে ঘূৰি তাতে থিৰ হ’ল৷
Joshua 15 : 10 (IRVAS)
পাছত সেই সীমা বালাৰ পৰা চেয়ীৰ পৰ্ব্বতলৈকে ঘূৰি, যিয়াৰীম পৰ্ব্বতৰ উত্তৰ ফালে অৰ্থাৎ কচালোনলৈকে গ’ল আৰু তললৈ নামি আহি বৈৎচেমচ হৈ তিম্নাৰ কাষেৰে গ’ল৷
Joshua 15 : 11 (IRVAS)
আৰু সেই সীমা ইক্ৰোণৰ উত্তৰ কাষত ওলাল, পাছত চিক্কৰোণলৈকে থিৰ হৈ বালা পৰ্ব্বতলৈ গৈ যচনিয়েলত ওলাল৷ সেই সীমাৰ অন্ত সমুদ্ৰত আছিল।
Joshua 15 : 12 (IRVAS)
পশ্চিম সীমাটো মহাসাগৰ আৰু ইয়াৰ অঞ্চল আছিল। এয়ে যিহূদা ফৈদৰ সন্তান সকলৰ বংশানুক্ৰমে থকা চাৰিও ফালৰ সীমা।
Joshua 15 : 13 (IRVAS)
পাছত যিহোচূৱালৈ কৰা যিহোৱাৰ আজ্ঞা অনুসাৰে, তেওঁ যিহূদাৰ সন্তান সকলৰ মাজত যিফুন্নিৰ পুত্ৰ কালেবক, নিজ অংশৰ অৰ্থে কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ দিলে৷ সেই অৰ্ব্ব অনাকৰ পিতৃ আছিল৷
Joshua 15 : 14 (IRVAS)
কালেবে তাৰ পৰা অনাকৰ বংশৰ চেচয়, অহিমন আৰু তল্ময় নামেৰে অনাকৰ এই তিনিটা বংশধৰ দূৰ কৰিলে।
Joshua 15 : 15 (IRVAS)
পাছত তাৰ পৰা তেওঁ দবীৰ-নিবাসীসকলৰ বিৰুদ্ধে উঠিল পূৰ্বতে দবীৰৰ নাম কিৰিয়ৎ-চেফৰ আছিল৷
Joshua 15 : 16 (IRVAS)
সেই সময়ত কালেবে ক’লে, “যি জনে কিৰিয়ৎ-চেফৰ আক্ৰমণ কৰি বন্দী কৰি ল’ব, তেওঁক মই মোৰ জী অকচাক কন্যা হিচাপে দান কৰিম৷”
Joshua 15 : 17 (IRVAS)
তাতে কালেবৰ ভায়েক, কনজৰ সন্তান অৎনীয়েলে কিৰিয়ৎ-চেফৰক বন্দী কৰে৷ তেতিয়া কালেবে নিজৰ জীয়েক অকচাক পত্নী হ’বলৈ তেওঁৰে সৈতে বিয়া দিলে।
Joshua 15 : 18 (IRVAS)
Joshua 15 : 19 (IRVAS)
সেই সময়ত এনে ঘটিল যে, অকচাই তাইৰ পিতৃৰ ওচৰলৈ আহি এখন পথাৰ দিবলৈ তেওঁক অনুৰোধ কৰিলে, আৰু তাই যেতিয়া গাধৰ পৰা নামি আহিল, তেতিয়া কালেবে তাইক ক’লে, “তোমাক কি লাগে?”
Joshua 15 : 20 (IRVAS)
তাই উত্তৰ দিলে, “আপুনি মোক এক বিশেষ দয়া কৰক৷ যিহেতু আপুনি মোক দক্ষিণ অঞ্চলৰ ভূমি দিলে সেইবাবে জলৰ কিছু ভূমুকো মোক দিয়ক।” তেতিয়া কালেবে ওপৰ অংশত থকা আৰু নিম্ন অংশত থকা জলৰ ভূমুকসমূহ তাইক দিলে।
Joshua 15 : 21 (IRVAS)
এয়ে যিহূদা সন্তান সকলৰ নিজ নিজ ফৈদ অনুসাৰে তেওঁলোকৰ সন্তান সকলৰ বংশক উত্তৰাধিকাৰ হিচাপে দিয়া হ’ল। ইদোমৰ সীমাৰ দক্ষিণ অঞ্চলৰ শেষ সীমাত থকা যিহূদা ফৈদৰ নগৰসমূহ কবচেল, এদৰ, যাগূৰ,
Joshua 15 : 22 (IRVAS)
কীনা, দীমোনা, অদাদা,
Joshua 15 : 23 (IRVAS)
কেদচ, হাচোৰ, যিৎনন,
Joshua 15 : 24 (IRVAS)
জীফলম, টেলন, বালোৎ৷
Joshua 15 : 25 (IRVAS)
হাচোৰ-হদত্তা, কৰিয়োৎ হিষ্ৰোণ অৰ্থাৎ হাচোৰ,
Joshua 15 : 26 (IRVAS)
অমাম, চমা, মোলাদা,
Joshua 15 : 27 (IRVAS)
হচৰ-গদ্দা, হিচ্‌মোন বৈৎ-পেলট,
Joshua 15 : 28 (IRVAS)
হচৰ-চূৱাল, বেৰ-চেবা, বিজিয়োথিয়া৷
Joshua 15 : 29 (IRVAS)
বালা, ইয়ীম, এচম,
Joshua 15 : 30 (IRVAS)
ইল্টুলদ, কচীল, হৰ্মা,
Joshua 15 : 31 (IRVAS)
চিক্লগ, মদ্‌মন্না, চন্‌চন্না,
Joshua 15 : 32 (IRVAS)
লবায়োৎ, চিল্‌হীম, ঐন আৰু ৰিম্মোন৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি, এইবোৰ সৰ্ব্বমুঠ উনত্ৰিশখন নগৰ৷
Joshua 15 : 33 (IRVAS)
পশ্চিম ফালৰ নিম্ন ভুমিত থকা নগৰ বোৰ আছিল ইষ্টায়োল, চৰা, অচ্‌না,
Joshua 15 : 34 (IRVAS)
জানোহ, অয়িন-গন্নীম, তপ্পুহ, ঐনম,
Joshua 15 : 35 (IRVAS)
যৰ্মূত, অদুল্লম, চোকো, অজেকা,
Joshua 15 : 36 (IRVAS)
চাৰয়িম, অদীথয়িম আৰু গদেৰা গদেৰা গদেৰোথয়িম ৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এইবোৰ সকলো নগৰৰ সংখ্যা আছিল চৌধ্যখন৷
Joshua 15 : 37 (IRVAS)
চনান, হদাচা, মিগ্দল-গাদ,
Joshua 15 : 38 (IRVAS)
দিলিয়ন, মিস্পি, যক্তেল,
Joshua 15 : 39 (IRVAS)
লাখীচ, বস্কৎ, ইগ্লোন৷
Joshua 15 : 40 (IRVAS)
কব্বোন, লহমম, কিৎলীচ,
Joshua 15 : 41 (IRVAS)
গদেৰোৎ, বৈৎ-দাগোন, নয়মা আৰু মক্কেদা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা আছিল ষোল্লখন৷
Joshua 15 : 42 (IRVAS)
লিব্‌না, এথৰ, আচন,
Joshua 15 : 43 (IRVAS)
যিপ্তহ, অস্না, নচীব,
Joshua 15 : 44 (IRVAS)
কয়ীলা, অকজীব আৰু মাৰেচা৷ গাওঁবোৰ গণনা নকৰি মুঠে ন খন নগৰ আছিল।
Joshua 15 : 45 (IRVAS)
ইক্ৰোণ, তাৰ উপনগৰ আৰু গাওঁ;
Joshua 15 : 46 (IRVAS)
ইক্ৰোণৰ পৰা সমুদ্ৰলৈকে অচ্‌দোদৰ ওচৰত থকা সকলো উপনগৰ আৰু সেইবোৰৰ গাওঁ।
Joshua 15 : 47 (IRVAS)
Joshua 15 : 48 (IRVAS)
অচ্‌দোদ, তাৰ উপনগৰ আৰু গাওঁ; গাজা,তাৰ উপনগৰ আৰু গাওঁ। মিচৰ জুৰি আৰু মহা-সমুদ্ৰ আৰু তাৰ সীমালৈকে৷ পৰ্ব্বতীয়া অঞ্চলৰ নগৰ চামীৰ, যত্তীৰ, চোকো,
Joshua 15 : 49 (IRVAS)
দন্না, কিৰিয়ৎ-চন্না,
Joshua 15 : 50 (IRVAS)
অনাব, ইষ্টিমোৱা, আনীম,
Joshua 15 : 51 (IRVAS)
গোচন, হোলোন আৰু গিলো৷ গাওঁবোৰ গণনা নকৰি এই বোৰ সকলো মুঠে এঘাৰ খন নগৰ৷
Joshua 15 : 52 (IRVAS)
অৰাব, দুমা, ইচিয়ন,
Joshua 15 : 53 (IRVAS)
যানীম, বৈৎ-তপ্পূহ, অফেকা,
Joshua 15 : 54 (IRVAS)
হুম্‌টা, কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ আৰু চীয়োৰ৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰ বোৰৰ সংখ্যা মুঠে ন খন৷
Joshua 15 : 55 (IRVAS)
মায়োন, কৰ্মিল, জীফ, যুত্তা,
Joshua 15 : 56 (IRVAS)
যিজ্ৰিয়েল, যক্‌দিয়াম, জানোহ,
Joshua 15 : 57 (IRVAS)
কয়িন, গিবিয়া আৰু তিম্না৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা হৈছে দহখন৷
Joshua 15 : 58 (IRVAS)
হল্‌হূল, বৈৎ-চুৰ, গদোৰ,
Joshua 15 : 59 (IRVAS)
মাৰৎ, বৈৎ-অনোৎ আৰু ইল্টকোন৷ গাওঁবোৰৰ গণনা নকৰি ইয়াৰ মুঠে ছখন নগৰ৷
Joshua 15 : 60 (IRVAS)
Joshua 15 : 61 (IRVAS)
কিৰিয়ৎ-বাল অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীম আৰু ৰব্বা৷ গাওঁবোৰ গণনা নকৰি ইয়াৰ মুঠ দুখন নগৰ৷ মৰুপ্ৰান্তত বৈৎ-অৰাবা, মিদ্দিন, চকাকা,
Joshua 15 : 62 (IRVAS)
নিব্‌চন, লবণ নগৰ আৰু অয়িন-গদী৷ গাওঁবোৰ গণনা নকৰি ইয়াৰ নগৰৰ মুঠ সংখ্যা হ’ল ছখন৷
Joshua 15 : 63 (IRVAS)
কিন্তু যিবুচীয়াসকল যিৰূচালেমৰ নিবাসী আছিল; এওঁলোকক যিহূদা ফৈদে দূৰলৈ আতৰ কৰি খেদি দিব নোৱাৰিলে। এই যিবুচীয়াসকলে আজিলৈকে যিহূদা ফৈদৰ সৈতে যিৰূচালেমত বাস কৰি আছে।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63