James 4 : 1 (IRVAS)
নানা বিধ চেতনা-বাক্য আপোনালোকৰ মাজত হাই-কাজিয়া আৰু বিৰোধ নো ক’ৰ পৰা হয়? আপোনালোকৰ অঙ্গ-প্ৰত্যঙ্গত যুদ্ধ কৰা যি যি কু-অভিলাষ, সেইবোৰৰ পৰা নহয় নে?
James 4 : 2 (IRVAS)
আপোনালোকৰ যি নাই, তাকে পাব বিচাৰে কিন্তু নাপায়৷ তেতিয়া আপোনালোকে বধ কৰে আৰু হিংসা কৰে, কিন্তু তেতিয়াও আপোনালোকৰ অভিলাষ পুৰণ নহয়; সেয়েহে আপোনালোকে কাজিয়া কৰে, মাৰ-পিত কৰে৷ আপোনালোকে যি বিচাৰে, সেয়া নাপায়, কাৰণ আপোনালোকে ঈশ্বৰৰ ওচৰত নিবিচাৰে৷
James 4 : 3 (IRVAS)
আপোনালোকে বিচাৰে, আৰু বিচাৰিলেও নাপায়, কাৰণ আপোনালোকে অসৎ উদ্দেশ্য ৰাখি বিচাৰে৷ আপোনালোকে কেৱল নিজৰ ভোগ-বিলাস পূৰণ কৰিবৰ কাৰণে বস্তুবোৰ বিচাৰে৷
James 4 : 4 (IRVAS)
হে ব্যভিচাৰী* অৰ্থাৎ ঈশ্বৰক বিশ্বাস কৰিও আজ্ঞা পালন নকৰা লোক৷ যিচয়া 54:5; যিৰি. 2:2 সকল, জগতৰ সৈতে ৰখা মিত্ৰতাই ঈশ্বৰৰ শত্ৰুতা † 1 যো 2:15, 16 , ইয়াক আপোনালোকে নাজানে নে? এতেকে যি জনে জগতৰ প্ৰেমিক হবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে ঈশ্বৰৰ শত্ৰু কৰি লয়।
James 4 : 5 (IRVAS)
অথবা ধৰ্মশাস্ত্ৰৰ বচনে অনৰ্থকৰূপে কয় বুলি আপোনালোকে ভাবিছে নে? যি আত্মা তেওঁ আমাত নিবাস কৰাইছিল, সেই আত্মাই ঈৰ্ষালৈ অতিশয় হাবিয়াহ কৰে নে?
James 4 : 6 (IRVAS)
কিন্তু ঈশ্বৰে আমাক অতিকৈ অনুগ্ৰহ দান কৰে। শাস্ত্ৰে এইদৰে কয় গীত 138:6; 1 পি 5:5 , “ঈশ্বৰ অহংকাৰী লোকৰ বিপক্ষ হয়, কিন্তু নম্ৰ লোক সকলক তেওঁ অনুগ্ৰহ দান কৰে।”
James 4 : 7 (IRVAS)
এতেকে আপোনালোক ঈশ্বৰৰ বশীভুত হওক আৰু চয়তানক§ 1 পি 5:8, 9 প্ৰতিৰোধ কৰক; তাতে সি আপোনালোকৰ মাজৰ পৰা পলাই যাব।
James 4 : 8 (IRVAS)
ঈশ্বৰৰ ওচৰলৈ চাপি আহক; তাতে তেৱোঁ আপোনালোকৰ ওচৰলৈ চাপিব। হে পাপ কৰ্ম কৰোঁতা সকল, আপোনালোকৰ হাত পৰিষ্কাৰ কৰক আৰু হে দুই মনৰ মানুহ, আপোনালোকৰ হৃদয় শুচি কৰক।
James 4 : 9 (IRVAS)
বিলাপ, শোক আৰু ক্ৰন্দন কৰক; আপোনালোকৰ হাঁহি শোক হৈ যাওঁক, আৰু আপোনালোকৰ আনন্দ বিষাদ হৈ যাওঁক।
James 4 : 10 (IRVAS)
প্ৰভুৰ দৃষ্টিত আপোনালোকে নিজকে নত কৰক, তাতে তেওঁ আপোনালোকক উন্নত কৰিব।
James 4 : 11 (IRVAS)
হে ভাইসকল, আপোনালোকে ইজনে সিজনৰ বিৰুদ্ধে কথা নক’ব;* ইফি 4:31, 32 যি জনে ভাই † মথি 5:22 ৰ বিৰুদ্ধে কথা কয় আৰু ভাইৰ সোধ-বিচাৰ কৰে, সেই জনে বিধানৰ বিৰুদ্ধে কথা কয় আৰু ঈশ্বৰৰ বিধানৰ সোধ-বিচাৰ কৰে, তেনেস্থলত সেই জন বিধান পালনকাৰী নহয় কিন্তু বিধানৰ বিচাৰকৰ্তাহে হয়।
James 4 : 12 (IRVAS)
বিধান দিওঁতা আৰু বিচাৰকৰ্তা এজন মাথোন আছে, তেৱেঁই হৈছে ঈশ্বৰ৷ তেওঁ পৰিত্ৰাণ কৰিবলৈ আৰু বিনষ্ট কৰিবলৈকো সমৰ্থ৷ কিন্তু চুবুৰীয়াৰ সোধ-বিচাৰ কৰা যি তুমি, তুমি নো কোন? মথি 7:1-5; ৰো 14:10
James 4 : 13 (IRVAS)
শুনক, আপোনালোকে কয় যে, আজি বা কাইলৈ আমি অমুক নগৰলৈ গৈ, তাতে এবছৰ থাকি বেহা-বেপাৰ কৰি লাভ কৰিম;
James 4 : 14 (IRVAS)
কিন্তু কালিলৈ কি ঘটিব, সেই বিষয়ে আপোনালোকে নাজানে আৰু আপোনালোকৰ জীৱন নো কি? কিয়নো এখন্তেক দেখা পোৱা হৈ পাছত দেখা নোপোৱা যি ভাপ, আপোনালোক সেই ভাপ স্বৰূপ৷
James 4 : 15 (IRVAS)
তাৰ সলনি বৰং এইদৰে আপোনালোকে কোৱা উচিত যে, “যদি প্ৰভুৱে ইচ্ছা কৰে, আমি জীয়াই থাকিম, আৰু এই কৰ্ম বা সেই কৰ্ম কৰিব পাৰিম।”
James 4 : 16 (IRVAS)
কিন্তু এতিয়া আপোনালোকে নিজৰ নিজৰ পৰিকল্পনাত অহংকাৰ কৰি আছে; এনে অহংকাৰ অতি মন্দ।
James 4 : 17 (IRVAS)
এতেকে যিজনে সৎ কৰ্ম কৰিবলৈ জানিও, উচিত ভাবে নকৰে, সেই জনে পাপ কৰে।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17