James 3 : 1 (IRVAS)
জিভাক দমন কৰি ৰাখিবৰ আৱশ্যকতা হে মোৰ ভাইসকল, আপোনালোকৰ মাজত অনেক লোকে শিক্ষক হ’বলৈ চেষ্টা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনালোকে জানে যে আমাৰ* শিক্ষক সকলৰ দৃঢ়ৰূপে অধিক সোধ-বিচাৰ হ’ব।
James 3 : 2 (IRVAS)
কিয়নো আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ। কোনো লোক এজনে যদি বাক্যত ত্ৰুটি নকৰে, তেওঁহে সিদ্ধ লোক, আনকি নিজ শৰীৰকো সম্পূর্ণৰূপে দমন কৰিবলৈ সেই জন সমৰ্থ।
James 3 : 3 (IRVAS)
ঘোঁৰাবোৰ আমাৰ বশীভূত হ’বলৈ আমি যেতিয়া সিহঁতৰ মুখত লেকাম বান্ধি দিওঁ, তেতিয়া আমি সিহঁতৰ গোটেই শৰীৰটোকে ঘূৰাব পাৰোঁ।
James 3 : 4 (IRVAS)
লক্ষ্য কৰিবা যে, কেনেকৈ অতি ডাঙৰ জাহাজবোৰে প্ৰচণ্ড বায়ুৰ দ্বাৰাই চালিত হ’লেও, সেইবোৰক অতি সৰু বৃত্তাকাৰ হালিৰেহে গুৰিয়ালৰ ইচ্ছা অনুসাৰে ঘূৰুউৱা যায়।
James 3 : 5 (IRVAS)
সেইদৰে জিভাও অতি ক্ষুদ্ৰ অঙ্গ কিন্তু ই মহা-দৰ্পৰ কথা কয়। লক্ষ্য কৰা, যে সৰু জুইৰ ফিৰিঙতি এটিয়ে কিমান ডাঙৰ হাবি পুৰি পেলায়!
James 3 : 6 (IRVAS)
সেইদৰে জিভাও হৈছে এক অগ্নি স্বৰূপ, আমাৰ অঙ্গ-প্ৰত্যঙ্গবোৰৰ মাজত জিভা অধৰ্মময় জগত স্বৰূপ; সেয়ে গোটেই শৰীৰক কলঙ্কিত কৰি আমাৰ জীৱনৰ লগতে নিজেও নৰকৰ অগ্নিৰে প্ৰজ্বলিত হয়।
James 3 : 7 (IRVAS)
কিয়নো পশু, পক্ষী, উৰগ আৰু জলজন্তু আদি কৰি সকলোৰে স্বভাৱক মানুহৰ স্বভাৱৰ দ্বাৰাই বশ কৰিব পাৰে আৰু বশ কৰি অহা হৈছে;
James 3 : 8 (IRVAS)
কিন্তু জিভাক দমন কৰিবলৈ মানুহৰ মাজত কাৰো সাধ্য নাই; ই অশান্ত দুষ্টতা স্বৰূপ, মৃত্যুজনক বিহেৰে পৰিপূৰ্ণ।
James 3 : 9 (IRVAS)
তাৰ দ্বাৰাই আমি আমাৰ পিতৃ প্ৰভুৰ প্রশংসা কৰোঁ; আৰু তাৰেই ঈশ্বৰৰ সদৃশ্যেৰে হোৱা লোক সকলক অভিশাপ দিওঁ।
James 3 : 10 (IRVAS)
একে মুখৰ পৰাই আশীৰ্বাদ আৰু অভিশাপৰ কথা ওলায়। হে মোৰ ভাই সকল, এনে হোৱা উচিত নহয়।
James 3 : 11 (IRVAS)
একেটা ভুমুকৰ বিন্ধাইদি নির্মল আৰু তিতা, একেলগে দুবিধ পানী ওলাই নে?
James 3 : 12 (IRVAS)
হে মোৰ ভাইসকল, ডিমৰু গছত জলফাই নাইবা দ্ৰাক্ষালতাত ডিমৰু ফল ধৰিব পাৰে নে?† মথি 7:16৷ তেনেদৰে লুণীয়া পানীৰ ভুমুকেও সোৱাদ পানী উৎপন্ন কৰিব নোৱাৰে।
James 3 : 13 (IRVAS)
আপোনালোকৰ মাজত জ্ঞানী আৰু সুবুদ্ধি থকা লোক কোন? তেওঁ সদাচৰণৰ দ্বাৰাই জ্ঞানমূলক মৃদুতাত নিজ কাৰ্য দেখুৱাওঁক।
James 3 : 14 (IRVAS)
কিন্তু আপোনালোকৰ হৃদয়ত যদি তিক্ততাপূৰ্ণ ঈৰ্ষা আৰু বিৰোধ‡ বা স্বাৰ্থপৰ আকাংক্ষা থাকে, তেনেহলে সত্যৰ বিৰুদ্ধে শ্লাঘা নকৰিব আৰু মিছাকৈয়ো নক’ব।
James 3 : 15 (IRVAS)
এনে জ্ঞান ওপৰৰ § ওপৰৰ স্বৰ্গ পৰা নামি অহা নহয়, কিন্তু সেয়ে পাৰ্থিৱ, ইন্দ্ৰিয়াসক্ত আৰু ভৌতিক।
James 3 : 16 (IRVAS)
কিয়নো যি ঠাইতে ঈৰ্ষা আৰু বিৰোধ* বা স্বাৰ্থপৰ আকাংক্ষা থাকে, তাতেই দ্বন্দ আৰু আটাই কুকৰ্ম থাকে।
James 3 : 17 (IRVAS)
কিন্তু ওপৰৰ পৰা অহা যি জ্ঞান, সেয়ে প্ৰথমে শুদ্ধ, পাছত শান্তিযুক্ত, ক্ষান্ত স্বভাৱী, কোমল-স্বভাৱী, দয়া আদি উত্তম ফলেৰে† গাল 5:22, 23৷ পৰিপূৰ্ণ, নিঃসংশয় ‡ নিঃসংশয় পক্ষপাতহীন আৰু নিৰ্মল § নিৰ্মল অকপট ।
James 3 : 18 (IRVAS)
যি সকল লোক মিলনকাৰী* মিলনকাৰী শান্তি স্থাপনকাৰী , † যি সকলে শান্তিৰ বীজ ৰোপন কৰে৷ তেওঁলোকৰ দ্বাৰাই ৰোপন ‡ ৰোপন স্থাপন কৰা শান্তিত ধাৰ্মিকতাৰ ফল পোৱা যায়।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18