James 1 : 1 (IRVAS)
ধৈৰ্য ধৰিবৰ আৰু ঈশ্বৰৰ বাক্য পালন কৰিবৰ আৱশ্যকতা মই যাকোব, ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ এজন দাস, সিঁচৰিত হৈ থকা বাৰ ফৈদৰ লোক সকলৰ ওচৰলৈ এই সম্ভাষণ।
James 1 : 2 (IRVAS)
হে মোৰ ভাইসকল, আপোনালোকে যেতিয়া নানা বিধ পৰীক্ষাত পৰে, তেতিয়া সেই বিষয়ক অতি আনন্দৰ বিষয় বুলি মানিব;* মথি 5:11, 12; 1 পি 4:13-16৷
James 1 : 3 (IRVAS)
কিয়নো আপোনালোকৰ বিশ্বাসৰ পৰীক্ষাই যে সহন ক্ষমতা জন্মায়, † ৰো 5:3-5৷ সেই বিষয়ে আপোনালোকে জানে।
James 1 : 4 (IRVAS)
এই কাৰণে সহনশীলতাক সিদ্ধ কাৰ্য-বিশিষ্ট কৰা হওক, যাতে আপোনালোকে একোতে অসম্পূৰ্ণ নহৈ সিদ্ধ আৰু সম্পূৰ্ণ হয়৷
James 1 : 5 (IRVAS)
কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞান‡ বা প্ৰজ্ঞা ৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্ৱৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক § মথি 21:22; মার্ক 11:24৷ আৰু তাতে আপোনালোকক দিয়া হ’ব।
James 1 : 6 (IRVAS)
কিন্তু বিশ্বাসেৰে নিঃসংশয় হৈ যাচনা কৰক; কিয়নো যি জনে সংশয় কৰে, তেওঁ বতাহে বলোৱা আৰু ওপৰলৈ উধুৱা সাগৰৰ ঢৌৰ নিচিনা হয়।
James 1 : 7 (IRVAS)
এনে ধৰণৰ মানুহে যে প্ৰভুৰ পৰা কিবা পাব, ইয়াক তেওঁ নাভাবক;
James 1 : 8 (IRVAS)
কিয়নো সেই মানুহ, দুই মনৰ; তেওঁ নিজৰ সকলো গতিতে অস্থিৰ।
James 1 : 9 (IRVAS)
যি ভাই আৰ্থিকভাবে দূৰ্বল বা নম্ৰ; তেওঁ নিজৰ * নিজৰ ঈশ্বৰৰ পৰা পোৱা উচ্চপদৰ বাবে গৌৰৱ কৰক;
James 1 : 10 (IRVAS)
যি জন ধনৱান, তেৱোঁ ঈশ্বৰে শিকোৱা নম্ৰতাত গৌৰৱ কৰক; কিয়নো বনৰীয়া ফুল এটাৰ নিচিনা তেৱোঁ লুপ্ত হৈ যাব।† যিচ 40:6-8৷
James 1 : 11 (IRVAS)
কাৰণ সূৰ্য অতি তাপৰ সৈতে উদয় হয় আৰু তৃণ শুকুৱায়, তাতে তাৰ ফুল সৰি পৰে আৰু তাৰ সৌন্দৰ্য্যও নষ্ট হয়৷ এনেদৰে ধনৱান মানুহো এদিন নিজৰ মাজতেই মলিন হৈ যাব।
James 1 : 12 (IRVAS)
যি মানুহে পৰীক্ষা সহন কৰে, তেওঁ ধন্য; কিয়নো পৰীক্ষা সাফল্য হ’লে, প্ৰভুক প্ৰেম কৰা সকলক জীৱনৰূপ কিৰীটি‡ প্ৰ 2:10৷ দিবলৈ প্ৰভুৱে যি প্ৰতিজ্ঞা কৰিলে, সেয়া তেওঁ পাব।
James 1 : 13 (IRVAS)
কিন্তু যেতিয়া পৰীক্ষিত হয়, তেতিয়া কোনোৱে যেন এই বুলি নকওঁক “ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ”; কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত আৰু কোনো লোকৰ পৰীক্ষাও তেওঁ নকৰে।
James 1 : 14 (IRVAS)
কিন্তু প্ৰত্যেক ব্যক্তি নিজৰ কু-অভিলাষৰ দ্বাৰাই প্ৰলোভিত হয় আৰু ফুচুলনিত পৰি পৰীক্ষিত হয়।
James 1 : 15 (IRVAS)
তাতে সেই কু-অভিলাষে গৰ্ভধাৰণ কৰি পাপ প্ৰসৱ কৰে; পাছত পাপ পূৰ্ণতাপ্ৰাপ্ত হ’লে, তাৰ ফলাফল হয় মৃত্যু৷
James 1 : 16 (IRVAS)
হে মোৰ প্ৰিয় ভাইসকল, আপোনালোক ভ্ৰান্ত নহব।
James 1 : 17 (IRVAS)
সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ § ওপৰৰ স্বৰ্গ পৰাহে আহে, আৰু আকাশৰ জ্যোতি * নক্ষত্ৰ, গ্ৰহ, অাদি৷ বোৰ সেই পিতৃৰ পৰাই তললৈ নামি আহে৷ ছাঁ যি দৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়৷
James 1 : 18 (IRVAS)
ঈশ্বৰে তেওঁৰ নিজ ইচ্ছাৰে সত্য বাক্যৰ দ্বাৰাই আমাক জীৱন দিলে† যো 1:13; 1 পি 1:23৷ যাতে তেওঁৰ সৃষ্ট বস্তুবোৰৰ মাজত আমি যেন এবিধ প্ৰথম ফল হওঁ।
James 1 : 19 (IRVAS)
হে মোৰ প্ৰিয় ভাইসকল, অাপোনালোকে এই কথা জানিব যে, প্ৰত্যেক ব্যক্তি শুনিবলৈ প্ৰস্তুত থাকিব, ক’বলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ হওক,
James 1 : 20 (IRVAS)
কিয়নো মানুহৰ ক্ৰোধে ঈশ্বৰে বিচৰা ধাৰ্মিকতা সাধন নকৰে।
James 1 : 21 (IRVAS)
এতেকে আপোনালোকে সকলো অশুচিতা আৰু হিংসাৰ অধিকতা দূৰ কৰি, যি ৰোৱা বাক্য আপোনালোকৰ আত্মাৰ পৰিত্ৰাণ কৰিবৰ বাবে সমৰ্থ, ‡ 2 তী 3:15৷ তাক নম্ৰভাৱে গ্ৰহণ কৰক।
James 1 : 22 (IRVAS)
কেৱল শুনোতা হৈ নিজক নুভুলাব, কিন্তু বাক্য পালন কৰোঁতা হওক।§ মথি 7:21-72৷
James 1 : 23 (IRVAS)
কিয়নো কোনোৱে যদি বাক্য পালন কৰোঁতা নহয়, কেৱল মাথোন শুনোতা হয়, তেনেহলে সেই লোক দৰ্পণত নিজৰ স্বাভাৱিক মুখ দেখা পোৱা মানুহৰ নিচিনা হয়;
James 1 : 24 (IRVAS)
কাৰণ তেওঁ নিজকে চাই গুচি যায়, তাতে তেওঁ কেনেকুৱা আছিল, সেই বিষয়ে তেতিয়াই পাহৰি যায়।
James 1 : 25 (IRVAS)
যি কোনোৱে স্বাধীনতা স্বৰূপ সিদ্ধ বিধানৰ বাবে চাপৰি দৃষ্টি কৰি চাই থাকে আৰু শুনি পাহৰি যোৱা নহয়, কিন্তু পালন কৰোঁতা হয়, তেওঁহে নিজ কাৰ্যত ধন্য হ’ব।
James 1 : 26 (IRVAS)
কোনোৱে যদি নিজকে ধাৰ্মিক বুলি মানে, কিন্তু নিজৰ জিভা দমন* 1 পি 3:9-11৷ নকৰি নিজৰ হৃদয়ক ভুলায়, তেনেহলে সেই মানুহৰ ধৰ্ম-কৰ্ম ব্যৰ্থ।
James 1 : 27 (IRVAS)
মাউৰা আৰু বিধৱা সকলক তেওঁলোকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু সংসাৰৰ পৰা নিজকে নিষ্কলঙ্কৰূপে ৰাখা, এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্ম-কৰ্ম।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27