Isaiah 25 : 1 (IRVAS)
{ঈশ্বৰীয় পৰিত্ৰাণৰ বিষয়ে ভাববাণী। } হে যিহোৱা আপুনি মোৰ ঈশ্বৰ; মই আপোনাক মহিমাম্বিত কৰিম, মই আপোনাৰ নাম প্ৰশংসা কৰিম; কাৰণ আপুনি আচৰিত কৰ্ম কৰিলে, বহু আগৰ কল্পনাবোৰ বিশ্বস্ততাৰে আৰু সত্যতাৰে সিদ্ধ কৰিলে।
Isaiah 25 : 2 (IRVAS)
কিয়নো অাপুনি আমাৰ শত্রুবোৰক নগৰখনত স্তূপত পৰিণত কৰিলা, আৰু গড়েৰে আবৃত নগৰক ধ্বংস কৰিলে, বিদেশীসকলৰ নগৰৰ দুৰ্গ নোহোৱা হ’ল।
Isaiah 25 : 3 (IRVAS)
সেই বাবে বলবন্ত লোকসকলে অাপোনাক গৌৰৱান্বিত কৰিব, ভয়ানক জাতিবোৰৰ নগৰে অাপোনাক ভয় কৰিব।
Isaiah 25 : 4 (IRVAS)
কিয়নো আপুনি দুখীয়াৰ বাবে সুৰক্ষা, আৰু দুৰৱস্থাত থকা অভাৱীসকলৰ প্রতিপালক, ধুমুহাৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয়, আৰু সূৰ্যৰ তাপ নাপাবলৈ ছাঁস্বৰূপ হৈছে।
Isaiah 25 : 5 (IRVAS)
খৰাং দেশত ৰ’দ যেনে, তেনেকৈ আপুনি বিদেশীসকলৰ কোলাহল দমন কৰিব; যি দৰে মেঘৰ ছাঁৰে ৰ’দ নিবাৰণ কৰা হয়, সেই দৰে নিষ্ঠুৰ লোকৰ গান স্থগিত কৰা হ’ব।
Isaiah 25 : 6 (IRVAS)
বাহিনীসকলৰ যিহোৱাই এই পৰ্ব্বতত সকলো জাতিৰ বাবে চৰ্বিযুক্ত আহাৰৰ ভোজ, নিৰ্বাচিত দ্ৰাক্ষাৰস, কোমল মাংস, ক’ম পৰিমাণে ভোজ যুগুত কৰিব।
Isaiah 25 : 7 (IRVAS)
যি ওৰণিৰে সকলো লোকক ঢকা হৈছে, আৰু যি আবৰণ সকলো জাতি সমূহৰ ওপৰত বিস্তাৰিত আছে, যিহোৱাই এই পৰ্ব্বতত তাক নষ্ট কৰিব।
Isaiah 25 : 8 (IRVAS)
তেওঁ চিৰকাললৈকে মৃত্যুক গ্ৰাহ কৰিব, আৰু প্ৰভু যিহোৱাই সকলোৰে চেহেৰাৰ পৰা চকুলো মচিব, আৰু গোটেই পৃথিৱীৰ পৰা নিজৰ প্ৰজাসকলৰ দুৰ্ণাম দূৰ কৰিব; কিয়নো যিহোৱাই এই কথা ক’লে।
Isaiah 25 : 9 (IRVAS)
সেই দিনা এই দৰে কোৱা হ’ব, “চোৱা, এৱেঁই আমাৰ ঈশ্বৰ, আমি এওঁলৈ অপেক্ষা কৰি আছিলোঁ, আৰু এৱেঁই আমাক পৰিত্ৰাণ দিব; এৱেঁই যিহোৱা; আমি এওঁলৈ অপেক্ষা কৰি আছিলোঁ, আমি তেওঁৰ পৰিত্ৰাণত উল্লাসিত হৈ আনন্দ কৰিম।
Isaiah 25 : 10 (IRVAS)
কিয়নো চিয়োন পৰ্ব্বতত যিহোৱাৰ হাতে স্থিতি ল’ব, আৰু গোবৰ পেলোৱা গাতত যিদৰে খেৰ গচকা হয়, সেই দৰে মোৱাবক নিজৰ ঠাইত গচকা হ’ব।
Isaiah 25 : 11 (IRVAS)
আৰু সাঁতোৰা মানুহে যিদৰে সাঁতুৰিবলৈ হাত দুখন মেলে, সেই দৰে তেওঁ তাৰ মাজত নিজৰ হাত মেলিব; কিন্তু যিহোৱাই তেওঁৰ নানাবিধ হাতৰ কৌশলেৰে সৈতে তাৰ গৰ্ব্ব খৰ্ব্ব কৰিব।
Isaiah 25 : 12 (IRVAS)
তোমালোকৰ ওখ দুৰ্গত থকা দেৱালবোৰ তেওঁ মাটিত পেলাব, এনে কি, ধূলিত পৰিণত কৰিব।

1 2 3 4 5 6 7 8 9 10 11 12