Isaiah 21 : 1 (IRVAS)
{বাবিল, ইদোম, আৰু আৰবৰ বিষয়ে কোৱা ভাববাণী। সাগৰৰ তীৰৰ মৰুভূমি বিষয়ে ঘোষণা। } সাগৰৰ তীৰৰ মৰুভূমিৰ বিষয়ে কৰা ঘোষণা। দক্ষিণ অঞ্চলত বা’মৰলী বতাহ বেগেৰে চলাৰ দৰে, এখন ভয়ানক দেশৰ পৰা আৰু অৰণ্যৰ পৰা পাৰ হৈ আছে।
Isaiah 21 : 2 (IRVAS)
এটি বেদনাদায়ক দৰ্শন মোক দেখুৱা হৈছে; বিশ্বাসঘাতকে বিশ্বাসঘাতকতা আচৰণ কৰে, আৰু বিনাশকাৰীয়ে বিনাশ কৰে। হে এলম, উঠি যোৱা, আৰু আক্রমণ কৰা; হে মাদিয়া, অবৰোধ কৰা; মই তেওঁৰ সকলো ক্রন্দন শান্ত কৰিলোঁ।
Isaiah 21 : 3 (IRVAS)
এই কাৰণে মোৰ কঁকাল বেদনাৰে পূৰ হৈছে; প্ৰসৱ কৰিব লোৱা মহিলাৰ বেদনাৰ দৰে বেদনা মোৰ হৈছে; মই যি শুনিলো তাৰ দ্বাৰাই মোৰ আঁঠু কুচ গৈছে; আৰু যি দেখিলোঁ তাৰ দ্বাৰাই মোৰ শান্তিভঙ্গ হৈছে,
Isaiah 21 : 4 (IRVAS)
মোৰ হৃদয় চূৰ্ণ হৈছে; কম্পমানে মোক অতিক্রম কৰিছে; সেই নিশা মই যি ইচ্ছা কৰি আছিলোঁ, সেইয়া মোক কম্পমান কৰিবলৈ ঘূৰি আহিছিল।
Isaiah 21 : 5 (IRVAS)
তেওঁলোকে মেজ যুগুত কৰিছিল, আৰু ভোজন পান কৰিবলৈ মেজত কাপোৰ পাৰিছিল; হে সেনাপতিসকল উঠা, ঢালত তেল ঘঁহা।
Isaiah 21 : 6 (IRVAS)
কিয়নো প্ৰভুৱে মোক এই দৰে কৈছে, “যোৱা, এজন প্রহৰী নিযুক্ত কৰা; তেওঁ যি দেখিব, সেই বিষয়ে নিশ্চয় তেওঁ সংবাদ দিব।
Isaiah 21 : 7 (IRVAS)
যেতিয়া তেওঁ অশ্বাৰোহীৰ সৈতে এটা ৰথক দেখিব, আৰু গাধ, উটবোৰত আৰোহী দেখিব, তেতিয়া তেওঁ মনোযোগ দিব লাগিব আৰু অতি সচেতন হ’ব লাগিব।”
Isaiah 21 : 8 (IRVAS)
সেই প্রহৰীজনে ৰিঙিয়াই ক’লে, “হে প্ৰভু, মই প্রতিদিনে প্ৰহৰী স্তম্ভত দিনটো থিয় হৈ থাকো, আৰু ওৰে ৰাতি পৰ দিয়া ঠাইত মই থিয় হৈ থাকো।”
Isaiah 21 : 9 (IRVAS)
ৰথচালকৰ সৈতে সৈন্য, আৰু যোৰকৈ অশ্বাৰোহী ইয়ালৈ আহিছে। তেওঁ চিঞৰী ক’লে, “বাবিল পতিত হ’ল; আৰু দেৱতাবোৰৰ সকলো মূৰ্ত্তিবোৰ ভাঙি মাটিত পৰিছে।”
Isaiah 21 : 10 (IRVAS)
হে মোৰ মৰণা মৰা আৰু পৰিষ্কাৰ জন, হে মোৰ মৰণা মৰা ঠাইৰ সন্তান, ইস্ৰায়েলৰ ঈশ্বৰ আৰু বাহিনীসকলৰ যিহোৱাৰ পৰা মই যি শুনিলোঁ, সেই কথা মই তোমালোকক ঘোষণা কৰিলোঁ।
Isaiah 21 : 11 (IRVAS)
দুমা[* দুমা মানে হ’ল নীৰৱ। ই ইদোমৰ আন এটা নাম। ইয়াত ইদোম ৰাজ্যৰ বিষয়ে কৈছে। ]ৰ বিষয়ে ঘোষণা। চেয়ীৰ [† চিয়েৰ হ’ল ইদোমৰ আন এটা নাম। ]ৰ পৰা এজনে মোক মাতি কৈছে, “হে প্ৰহৰী, ৰাতিৰ কিমান ভাগ গ’ল? হে প্ৰহৰী, ৰাতিৰ কিমান ভাগ গ’ল?”
Isaiah 21 : 12 (IRVAS)
প্ৰহৰীয়ে উত্তৰ দিলে, “ৰাতিপুৱা হৈছে, আৰু ৰাতিও আহিছে; যদি আপুনি সুধিব, সোধক; আৰু তাৰ পাছত পুনৰ ঘূৰি আহক।”
Isaiah 21 : 13 (IRVAS)
আৰবৰ বিষয়ে ঘোষণা। হে দদানীয়া পথিকসকল, তোমালোকে আৰবৰ অৰণ্যত ৰাতি থাকিব লাগিব।
Isaiah 21 : 14 (IRVAS)
তৃষ্ণাতুৰ লোকসকলৰ বাবে পানী আনা; তেমা দেশৰ নিবাসীসকলক আহাৰৰ সৈতে সাক্ষাৎ কৰা।
Isaiah 21 : 15 (IRVAS)
কিয়নো তেওঁলোক তৰোৱাল, খোলা তৰোৱালৰ পৰা পলাই অহা, ভিৰোৱা ধেনু, আৰু কষ্টদায়ক যুদ্ধৰ পৰা পলাইছে।
Isaiah 21 : 16 (IRVAS)
সেই বাবে প্ৰভুৱে মোক কৈছে, “এবছৰৰ ভিতৰত হাজিৰাত কাম কৰা মানুহৰ দৰে কেদৰ[‡ কেদৰ হ’ল, মৰুপ্ৰান্তত থকা এখন আৰবীয় দেশ। ]ৰ সকলো গৌৰৱ লুপ্ত হ’ব।
Isaiah 21 : 17 (IRVAS)
আৰু কেদৰৰ বংশৰ বীৰ পুৰুষ ধনুৰ্দ্ধৰসকলৰ অৱশিষ্ট সংখ্যা তাকৰ হ’ব;” কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17