Isaiah 2 : 1 (IRVAS)
{চিয়োনৰ গৌৰৱ। আহিব লগা যিহোৱাৰ ক্ৰোধৰ দিন। }
Isaiah 2 : 2 (IRVAS)
আমোচৰ পুত্ৰ যিচয়াই যিহূদা আৰু যিৰূচালেমৰ বিষয়ে পোৱা দৰ্শন। ভবিষ্যতৰ দিনবোৰত, যিহোৱাৰ পৰ্ব্বতত গৃহ স্থাপন কৰা হ’ব পৰ্ব্বতবোৰৰ দৰে ওখ আৰু পাহাৰবোৰতকৈয়ো উচ্চ কৰা হ’ব; আৰু সকলো জাতি তালৈ সোঁত বোৱাৰ দৰে বৈ যাব।
Isaiah 2 : 3 (IRVAS)
অনেক লোক আহিব আৰু ক’ব, “আহাঁ, আমি যিহোৱাৰ পৰ্ব্বতলৈ, আৰু যাকোবৰ ঈশ্বৰৰ গৃহলৈ উঠি যাওহঁক; সেয়ে তেওঁ আমাক তেওঁৰ কিছুমান পথৰ বিষয়ে শিক্ষা দিব; তাতে আমি তেওঁৰ পথত গমন কৰিব পাৰিম।” কিয়নো চিয়োনৰ পৰা বিধান আৰু যিৰূচালেমৰ পৰা যিহোৱাৰ বাক্য ওলাই যাব।
Isaiah 2 : 4 (IRVAS)
তেওঁ দেশবোৰৰ মাজত বিচাৰ কৰিব, আৰু অনেক লোকৰ বাবে সিদ্ধান্ত ল’ব; তেওঁলোকে নিজৰ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াব, আৰু যাঠি ভাঙি কলম দিয়া কটাৰী গঢ়াব; এখন দেশে আনখন দেশৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব, নাইবা তেওঁলোকে যুদ্ধ-বিদ্যা আৰু নিশিকিব।
Isaiah 2 : 5 (IRVAS)
হে যাকোবৰ বংশ আহাঁ, যিহোৱাৰ পোহৰত চলি যাওঁহঁক।
Isaiah 2 : 6 (IRVAS)
কিয়নো তুমি তোমাৰ যাকোবৰ বংশৰ লোকসকলক ত্যাগ কৰিলা; কাৰণ তেওঁলোক পূবদেশৰ ৰীতি নীতিৰে পৰিপূৰ্ণ, আৰু পলেষ্টীয়াসকলৰ দৰে ভৱিষ্যত পঢ়ালোক সকলে, বিদেশীৰ সন্তানসকলৰ লগত মিত্রতা কৰে।
Isaiah 2 : 7 (IRVAS)
তেওঁলোকৰ দেশ ৰূপেৰে আৰু সোণেৰে পৰিপূৰ্ণ, আৰু তেওঁলোকৰ ধনসম্পত্তি সীমাহীন; তেওঁলোকৰ দেশ ঘোঁৰাৰে পৰিপূৰ্ণ, আৰু তেওঁলোকৰ ৰথৰ সীমাহীন।
Isaiah 2 : 8 (IRVAS)
মূৰ্ত্তিৰে তেওঁলোকৰ দেশ পৰিপূৰ্ণ, তেওঁলোকে নিজৰ হাতেৰে গঢ়া, আৰু নিজৰ আঙুলিৰে সজা মূর্তিক সেৱা কৰে।
Isaiah 2 : 9 (IRVAS)
লোকসকলে আঠুকাঢ়ি প্রণিপাত কৰিব, আৰু ব্যক্তিগতভাৱে তলত পৰিব, সেই কাৰণে তেওঁলোকক ক্ষ* গ্রহণ মা কৰা নহ’ব।
Isaiah 2 : 10 (IRVAS)
যিহোৱাৰ ভয়ৰ পৰা, আৰু তেওঁ ঐশ্বৰ্যৰ প্ৰতাপৰ পৰা তোমালোক শিলাময় ঠাইলৈ যোৱা আৰু মাটিত লুকুৱা।
Isaiah 2 : 11 (IRVAS)
মানুহৰ উৰ্দ্ধদৃষ্টি অৱনত হ’ব; আৰু লোকসকলৰ গৰ্ব্ব নাশ কৰা হ’ব; আৰু ভবিষ্যতৰ সেই সোধবিচাৰ দিনা কেৱল যিহোৱাই উন্নত হ’ব।
Isaiah 2 : 12 (IRVAS)
কিয়নো গৰ্ব্বী, অহংকাৰী, আৰু উন্নত হোৱা সকলোৰে বিৰুদ্ধে বাহিনীসকলৰ যিহোৱা এদিন আহিব, আৰু সকলোকে নত কৰিব;
Isaiah 2 : 13 (IRVAS)
আৰু লিবানোনৰ সকলো ওখ আৰু উন্নত এৰচ গছ, আৰু বাচানৰ সকলো ওক গছৰ বিৰুদ্ধে
Isaiah 2 : 14 (IRVAS)
সকলো ওখ পৰ্ব্বত, সকলো ওখ পাহাৰ,
Isaiah 2 : 15 (IRVAS)
সকলো ওখ স্তম্ভ, সকলো দৃঢ় দেৱাল,
Isaiah 2 : 16 (IRVAS)
তৰ্চীচৰ সকলো জাহাজ, আৰু সকলো ধুনীয়া নাও সুন্দৰ হস্তকর্ম ৰ বিৰুদ্ধে,
Isaiah 2 : 17 (IRVAS)
মানুহৰ অহংকাৰ নত কৰা হ’ব, আৰু লোকসকলৰ গৰ্ব্ব নাশ কৰা হ’ব; সেইদিনা কেৱল যিহোৱাই উন্নত হ’ব।
Isaiah 2 : 18 (IRVAS)
মূৰ্ত্তিবোৰ সম্পূৰ্ণকৈ আঁতৰোৱা হ’ব।
Isaiah 2 : 19 (IRVAS)
যিহোৱাৰ ভয়, আৰু তেওঁৰ ঐশ্বৰ্যৰ প্ৰতাপৰ পৰা বাচিবলৈ, লোকসকল শিলৰ গুহাত আৰু মাটিৰ গাতত সোমাব।
Isaiah 2 : 20 (IRVAS)
সেইদিনা লোকসকলে ৰূপ আৰু সোণৰ মূৰ্ত্তিবোৰ পেলাব, আৰাধনা কৰিবলৈ নিজৰ বাবে তেওঁলোকে সাজি লোৱা মুৰ্ত্তিবোৰ তেওঁলোকে এন্দুৰ আৰু বাদুলীৰ আগত পেলাই দিব।
Isaiah 2 : 21 (IRVAS)
যিহোৱাই যেতিয়া পৃথিৱী কঁপাব তেতিয়া তেওঁৰ ভয়ৰ পৰা আৰু তেওঁৰ ঐশ্বৰ্যৰ প্রতাপৰ পৰা, বাচিবলৈ লোকসকল শিলৰ গুহা, আৰু অসমান শিলৰ গাতৰ ভিতৰত সোমাব।
Isaiah 2 : 22 (IRVAS)
নাকেৰে নিশ্বাস লোৱা মানুহক বিশ্বাস কৰিবলৈ এৰা; কিহৰ বাবে তেওঁ গণ্য হ’ব পাৰে?

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22