Isaiah 15 : 1 (IRVAS)
{মোৱাবৰ বিষয়ে কোৱা ভাববাণী। } মোৱাবৰ বিষয়ে ঘোষণা। বাস্তৱিক একে ৰাতিতে আৰ-মোৱাব উচ্ছন্ন আৰু ধ্বংস হ’ল; বাস্তৱিকতে একে নিশাতে কীৰ-মোৱাব উচ্ছন্ন আৰু ধ্বংস হ’ল।
Isaiah 15 : 2 (IRVAS)
তেওঁলোক মন্দিৰৰ ওপৰলৈ গ’ল, আৰু দীবোনৰ লোকসকল কান্দিবলৈ ওখ স্থানলৈ গ’ল; নবো আৰু মেদবাৰ ওপৰত মোৱাবে বিলাপ কৰিছে; সকলোৰে মুৰ টকলা কৰা হৈছে, আৰু প্ৰতিজনৰ ডাঢ়ি কটা হৈছে।
Isaiah 15 : 3 (IRVAS)
তেওঁলোকৰ পথত তেওঁলোকে চট কাপোৰ পিন্ধিছে; আৰু কঁকাল বান্ধিছে; আৰু প্রতিজনে চকবোৰত চকু পানী বোৱাই কান্দিছে।
Isaiah 15 : 4 (IRVAS)
হিচবোন আৰু ইলিয়ালিয়ে চিঞৰিছে, তেওঁলোকৰ শব্দ যহচৰলৈকে শুনা গৈছে। সেয়ে মোৱাবৰ অস্ত্রধাৰী লোকসকল আৰ্তনাদ কৰিছে; আৰু তেওঁলোকৰ আত্মাই কঁপিছে।
Isaiah 15 : 5 (IRVAS)
মোৰ হৃদয়ে মোৱাবৰ বাবে কান্দিছে, তাৰ প্ৰধান লোকসকলে চোৱৰলৈ ইগ্লৎ-চলিচিয়ালৈ পলাই গৈছে। তেওঁলোকে লুহীতলৈ উঠি যোৱা বাটেদি কান্দি কান্দি উঠি গৈছে; তেওঁলোকে হোৰোণয়িমলৈ যোৱাৰ বাটত তেওঁলোকৰ বিনাশৰ কাৰণে উচ্চস্বৰে বিলাপ কৰিছে।
Isaiah 15 : 6 (IRVAS)
কাৰণ নিম্ৰীময়ৰ পানীসমূহ শুকাই গৈছে; ঘাঁহবোৰ শুকাই গৈছে, নতুন ঘাঁহও শুকাই গৈছে, সেউজীয়া একোৱেই নাই।
Isaiah 15 : 7 (IRVAS)
তেওঁলোকে যথেষ্ট ধন বৃদ্ধি কৰিলে, আৰু গোটালে তেওঁলোকে ঝাও গছৰ জুৰিৰ কাষলৈ লৈ গ’ল।
Isaiah 15 : 8 (IRVAS)
সেই ক্রন্দন মোৱাবৰ সীমাৰ চাৰিওফালে, আৰু তাৰ বিলাপ এগালীমৰ পৰা বেৰ-এলীমমলৈকে শুনা গৈছে।
Isaiah 15 : 9 (IRVAS)
কিয়নো দীমোনৰ পানী তেজেৰে পৰিপূৰ্ণ; কিন্তু মই দীমোনলৈ আৰু বেছি দুখ আনিম। মোৱাবৰ পৰা ৰক্ষা পোৱা লোকসকল, আৰু দেশৰ অৱশিষ্ট থকা লোকসকলক এটা সিংহই আক্রমণ কৰিব।
❮
❯
1
2
3
4
5
6
7
8
9