হোচ 6 : 1 (IRVAS)
অনুতপ্তৰ বাবে আমন্ত্রণ “আহাঁ, আমি যিহোৱাৰ ওচৰলৈ ঘূৰি যাওঁ; তেঁৱেই আমাক চিন্ন-ভিন্ন কৰিলে আৰু তেওঁ আমাক সুস্থও কৰিব; তেঁৱেই আমাক আঘাত কৰিলে আৰু তেওঁ আমাৰ ঘা পটিৰে বান্ধিও দিব।
হোচ 6 : 2 (IRVAS)
দুদিনৰ পাছত তেঁৱেই পুনৰায় আমাক জীৱন দিব; তৃতীয় দিনা তেওঁ আমাক তুলিব, যাতে আমি তেওঁৰ সন্মুখত জীয়াই থাকিব পাৰোঁ।
হোচ 6 : 3 (IRVAS)
আহাঁ, আমি যিহোৱাক জানোহঁক, তেওঁক জানিবলৈ ওচৰ চাপি যাওহঁক; পুৱাৰ সূৰ্যোদয়ৰ দৰে তেওঁ নিশ্চয় প্রকাশিত হ’ব; বৰষুণৰ দৰে তেওঁ আহিব, বসন্তকালৰ ভূমি ভিজাই তোলা বৰষুণৰ দৰেই তেওঁ আহিব।”
হোচ 6 : 4 (IRVAS)
ইস্রায়েল আৰু যিহূদাৰ কঠিন মন হে ইফ্ৰয়িম, মই তোমাক লৈ কি কৰিম? হে যিহূদা, তোমাক লৈয়ে বা কি কৰিম? কিয়নো তোমালোকৰ বিশ্বস্ততা ৰাতিপুৱাৰ কুঁৱলীৰ নিচিনা; অতি শীঘ্রেই অদৃশ্য হৈ যোৱা ৰাতিপুৱাৰ নিয়ৰৰ নিচিনা।
হোচ 6 : 5 (IRVAS)
সেই কাৰণেই মই ভাববাদীৰ দ্বাৰাই তেওঁলোকক খণ্ড-খণ্ডকৈ কাটিলোঁ, মোৰ মুখৰ বাক্যৰ দ্বাৰাই তেওঁলোকক বধ কৰিলোঁ; মোৰ বিচাৰৰ ৰায় তোমালোকৰ ওপৰত বিজুলীৰ নিচিনাকৈ চমকি উঠিছে।
হোচ 6 : 6 (IRVAS)
কিয়নো মই বলিদান নিবিচাৰোঁ, বিশ্বাসপূর্ণ প্রেমহে বিচাৰো; মই বিচাৰো মানুহে যেন হোম-বলিতকৈ ঈশ্বৰ-বিষয়ক জ্ঞান অধিককৈ লাভ কৰে।
হোচ 6 : 7 (IRVAS)
তেওঁলোকে আদমৰ দৰে মই স্থাপন কৰা নিয়ম অমান্য কৰিলে; তেওঁলোকে মোৰ প্রতি বিশ্বাস-ঘাতকতা কৰিলে।
হোচ 6 : 8 (IRVAS)
গিলিয়দ হৈছে দুষ্ট লোকসকলৰ নগৰ, য’ত তেজময় পদচিহ্ন ভৰি আছে।
হোচ 6 : 9 (IRVAS)
ডকাইতবোৰে যেনেকৈ মানুহৰ অপেক্ষাত খাপ দি থাকে, তেনেকৈ পুৰোহিতসকলেও খাপ দি থাকে; তেওঁলোকে চিখিমলৈ যোৱা বাটত মানুহক বধ কৰে, এনে কি ভয়ঙ্কৰ অপৰাধমূলক কাৰ্য কৰে।
হোচ 6 : 10 (IRVAS)
ইস্ৰায়েলীয়া সকলৰ মাজত মই এক ভয়ানক বিষয় দেখিলোঁ; তাত ইফ্ৰয়িমে ব্যভিচাৰ কৰিছে আৰু ইস্ৰায়েল অশুচি হ’ল।
হোচ 6 : 11 (IRVAS)
হে যিহূদা, তোমাৰ কাৰণেও ফচল কাটিবৰ সময় স্থিৰ কৰা হৈছে। সেই সময়ত মই মোৰ লোকসকলক বন্দী অৱস্থাৰ পৰা ঘূৰাই আনি পুনৰায় স্থাপন কৰিম।
❮
❯
1
2
3
4
5
6
7
8
9
10
11