Hosea 5 : 1 (IRVAS)
{ইস্ৰায়েল আৰু যিহূদালৈ আহিবলগীয়া দণ্ড। } হে পুৰোহিতসকল, এই কথা শুনা! হে ইস্ৰায়েলীয়া-বংশ, মনোযোগ দিয়া! হে ৰাজবংশৰ লোকসকল, শুনা! কিয়নো তোমালোক সকলোৰে বিৰুদ্ধে বিচাৰ কৰা হৈছে। কাৰণ তোমালোক মিস্পাত পতা ফান্দস্বৰূপ, আৰু তাবোৰত মেলি দিয়া এক জালস্বৰূপ হৈছা।
Hosea 5 : 2 (IRVAS)
বিদ্ৰোহীসকলে অনেক লোকক বধ কৰি গভীৰলৈকে খন্দা ৰক্তৰ গাতলৈকে গ’ল, মই তেওঁলোকৰ সকলোকে শাস্তি দিম।
Hosea 5 : 3 (IRVAS)
মই ইফ্ৰয়িমক জানো; ইস্ৰায়েল মোৰ পৰা লুকাই থকা নাই; হে ইফ্ৰয়িম, তুমি এতিয়া পতিতাৰ কৰ্ম কৰিছা; ইস্ৰায়েল অশুচি হ’ল।
Hosea 5 : 4 (IRVAS)
তেওঁলোকৰ কাৰ্যবোৰে তেওঁলোকক ঈশ্বৰলৈ উলটি যাব নিদিয়ে, কিয়নো তেওঁলোকৰ অন্তৰত ব্যভিচাৰী আত্মা আছে, আৰু তেওঁলোকে যিহোৱাক নাজানে।
Hosea 5 : 5 (IRVAS)
ইস্ৰায়েলৰ অহঙ্কাৰেই তেওঁলোকৰ বিৰুদ্ধে সাক্ষ্য দিয়ে; ইফ্ৰয়িমে নিজৰ অপৰাধতে উজুটি খাইছে; তেওঁলোকৰ লগতে যিহূদায়েও উজুটি খাইছে।
Hosea 5 : 6 (IRVAS)
নিজৰ মেৰ-ছাগ আৰু গৰুৰ জাকবোৰক লৈ তেওঁলোকে যিহোৱাক বিচাৰি যাব, কিন্তু তেওঁলোকে তেওঁক নাপাব; কাৰণ তেওঁলোকৰ ওচৰৰ পৰা যিহোৱাই নিজক আঁতৰাই নিলে।
Hosea 5 : 7 (IRVAS)
তেওঁলোকে যিহোৱাৰ সৈতে বিশ্বাসঘাতকতা কৰিলে, তেওঁলোকে জাৰজ সন্তানবোৰক জন্ম দিলে। এতিয়া তেওঁলোকৰ পথাৰবোৰৰ লগতে ন-জোনৰ উৎসৱে তেওঁলোকক গ্ৰাস কৰিব।
Hosea 5 : 8 (IRVAS)
তোমালোকে গিবিয়াত শিঙা বজোৱা, ৰামাত তুৰী বজোৱা। বৈৎ-আবনত যুদ্ধৰ উচ্চধ্বনি কৰি কোৱা, হে বিন্যামীন, “তোমাৰ পাছ ফালৰ শত্রুলৈ চোৱা!’
Hosea 5 : 9 (IRVAS)
শাস্তি দিয়াৰ দিনা ইফ্ৰয়িম জনশূন্য হৈ পৰিব। যি ঘটনাবোৰ নিশ্চয়ে ঘটিব, সেই বিষয়ে মই ইস্ৰায়েলৰ ফৈদবোৰৰ মাজত সতর্ক কৰি ঘোষণা কৰিলোঁ।
Hosea 5 : 10 (IRVAS)
যি সকলে চাৰিসীমাৰ শিল আঁতৰায়, যিহূদাৰ নেতাসকল তেওঁলোকৰ নিচিনাই হ’ল। মই তেওঁলোকৰ ওপৰত পানীৰ ধলৰ নিচিনাকৈ মোৰ ক্রোধ ঢালি দিম।
Hosea 5 : 11 (IRVAS)
ইফ্ৰয়িমক নির্যাতিত কৰা হ’ল; বিচাৰত তেওঁক চূর্ণ কৰা হ’ল; কাৰণ ইফ্রয়িমে অসাৰ মূর্তিবোৰৰ পাছত চলিবলৈ মনস্থ কৰিলে।
Hosea 5 : 12 (IRVAS)
সেয়ে মই ইফ্ৰয়িমলৈ নষ্টকাৰক পোকৰ নিচিনা হ’লো, আৰু যিহূদা-বংশলৈ ধ্বংস কৰা ক্ষয়কাৰকৰ দৰে হ’লো।
Hosea 5 : 13 (IRVAS)
ইফ্ৰয়িমে নিজৰ অসুস্থতা দেখা পালে, আৰু যিহূদাই নিজৰ আঘাত দেখা পালে; সেয়ে ইফ্ৰয়িমে অচুৰীয়াৰ ওচৰলৈ সহায়ৰ বাবে গ’ল; মহাৰাজৰ ওচৰলৈ লোক পঠাই বার্তা প্রেৰণ কৰিলে; কিন্তু মহাৰাজে তোমাক আৰোগ্য কৰিব নোৱাৰিব; তেওঁ তোমাৰ আঘাত নিৰাময় কৰিব নোৱাৰিব।
Hosea 5 : 14 (IRVAS)
মই ইফ্ৰয়িমলৈ সিংহৰ নিচিনা হ’ম, যিহূদা-বংশলৈ এটা যুবা সিংহৰ নিচিনা হ’ম; মই নিজেই তেওঁলোকক ছিন্ন-ভিন্ন কৰিম আৰু আঁতৰ হৈ যাম; মই তেওঁলোকক দূৰলৈ লৈ যাম, তেওঁলোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব।
Hosea 5 : 15 (IRVAS)
মই মোৰ নিজৰ ঠাইলৈ ঘূৰি যাম। তেওঁলোকে নিজৰ দোষ স্বীকাৰ নকৰা পর্যন্ত আৰু মোক বিচাৰি নহালৈকে মই সেই ঠাইত থাকিম। তেওঁলোকৰ সঙ্কটৰ সময়ত তেওঁলোকে মোক বিচাৰিবলৈ আপ্রাণ চেষ্টা কৰিব।”

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15