Hosea 3 : 1 (IRVAS)
হোচেয়াই গোমৰক দাসত্বৰ পৰা কিনি লোৱা
Hosea 3 : 2 (IRVAS)
পাছত যিহোৱাই মোক ক’লে, “যেনেদৰে ইস্ৰায়েলীয়াসকল যদিও আন দেৱতাবোৰৰ ফালে ঘূৰিল আৰু অর্ঘ্যত দিয়া কিচমিচৰ পিঠা খাবলৈ তেওঁলোকে ভাল পায়, তথাপিও যিহোৱাই তেওঁলোকক প্ৰেম কৰে; সেইদৰে তোমাৰ ভার্যাৰ আন এজন প্রেমিক থকাত যদিও তাই ব্যভিচাৰ কৰিলে, তথাপিও তুমি পুনৰ উঠি যোৱা আৰু তাইক প্রেম কৰা।[* ‘উঠা’ মান, “কিছুমান পিঠা তৈয়াৰ কৰা”। ]” সেয়ে মই পোন্ধৰ চেকল[† 15 চেকল মানে, 170 গ্রাম ৰূপ। ] ৰূপ আৰু ডেৰ হোম [‡ এক হোমৰ মানে হ’ল, এক শস্য জোখা পাত্রৰ মাপ; প্রায় 110 লিটাৰ, বা 150 কিলোগ্ৰাম। ] যৱেৰে তাইক নিজৰ বাবে কিনি ললোঁ।
Hosea 3 : 3 (IRVAS)
তাৰ পাছত মই তাইক কলোঁ, “তুমি অনেক দিন পর্যন্ত মোৰ বাবে অপেক্ষা কৰিব লাগিব; তুমি ব্যভিচাৰ নকৰিবা বা কোনো পুৰুষৰে সৈতে ভালপোৱাৰ সম্পর্ক নাৰাখিবা; মইও তোমাৰ প্রতি তেনে ব্যৱহাৰ কৰিম।”
Hosea 3 : 4 (IRVAS)
কিয়নো ইস্ৰায়েলীয়াসকল অনেক দিনলৈকে ৰজা, অধ্যক্ষ, যজ্ঞ, স্তম্ভ, এফোদ আৰু দেৱমূর্তিবোৰ নোহোৱাকৈ থাকিব।
Hosea 3 : 5 (IRVAS)
তাৰ পাছত ইস্ৰায়েলীয়াসকলে ঘূৰি আহি তেওঁলোকৰ ঈশ্বৰ যিহোৱা আৰু তেওঁলোকৰ ৰজা দায়ুদক বিচাৰিব। শেষকালত তেওঁলোকে ভয়েৰে যিহোৱা আৰু তেওঁৰ উত্তমতালৈ আহিব।

1 2 3 4 5