হোচ 14 : 1 (IRVAS)
যিহোৱালৈ মন-পালটন হে ইস্ৰায়েল, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ উলটি আহাঁ, তোমালোকৰ অপৰাধৰ কাৰণে তোমালোক পতিত থ’লো।
হোচ 14 : 2 (IRVAS)
মন পালটনৰ বাক্য লগত লোৱা আৰু যিহোৱালৈ ঘূৰি তেওঁক কোৱা, “আমাৰ সকলো পাপ-অপৰাধ দূৰ কৰক আৰু আমাৰ যি উত্তম, তাক গ্ৰহণ কৰক; যাতে আমি আমাৰ ওঁঠে* ষাঁৰ গৰু ৰে আপোনাৰ প্রশংসা কৰিব পাৰোঁ।
হোচ 14 : 3 (IRVAS)
অচূৰীয়াই আমাক উদ্ধাৰ কৰিব নোৱাৰিব; ঘোঁৰাৰ ওপৰত ভাৰসা কৰি আমি যুদ্ধ নকৰিম। আমাৰ হাতেৰে নির্মাণ কৰা মূর্তিক আমি পুনৰ ‘তুমি আমাৰ ঈশ্বৰ’ বুলি কেতিয়াও নকম; কিয়নো আপোনাৰ ওচৰতে অনাথজনে দয়া বিচাৰি পায়।”
হোচ 14 : 4 (IRVAS)
যিহোৱাই ইস্রয়েলক ক্ষমা কৰিব যিহোৱাই কৈছে, “তেওঁলোকক বিপথে যোৱাৰ পৰা মই ঘূৰাই আনি সুস্থ কৰিম, মই বিনা চর্তেই তেওঁলোকক প্ৰেম কৰিম; কিয়নো মোৰ ক্ৰোধ তেওঁলোকৰ ওপৰৰ পৰা আঁতৰি গ’ল।
হোচ 14 : 5 (IRVAS)
মই ইস্ৰায়েললৈ নিয়ৰৰ নিচিনা হম; তেওঁ লিলি ফুলৰ নিচিনাকৈ ফুলিব, লিবানোনৰ এৰচ গছৰ নিচিনাকৈ তেওঁৰ শিপা নামি যাব।
হোচ 14 : 6 (IRVAS)
তেওঁৰ ডালবোৰ বিস্তাৰিত হৈ বাঢ়ি যাব; জিত গছৰ নিচিনা তেওঁৰ সৌন্দর্য হ’ব; তেওঁৰ সুগন্ধ লিবানোনৰ এৰচ গছৰ নিচিনা হ’ব।
হোচ 14 : 7 (IRVAS)
তেওঁলোকে পুনৰায় মোৰ ছাঁত বাস কৰিবলৈ আহিব তেওঁলোকে পুনৰায় যিহোৱাৰ ছাঁত বাস কৰিব ; তেওঁলোক প্রচুৰ শস্যৰে পুনৰ্জীৱিত হ’ব, আৰু দ্ৰাক্ষালতাৰ নিচিনাকৈ ফুলিব; লিবানোনৰ দ্ৰাক্ষাৰসৰ নিচিনাকৈ তেওঁলোকৰ সুখ্যাতি হ’ব।
হোচ 14 : 8 (IRVAS)
ইফ্ৰয়িমে ক’ব, ‘মূর্তিবোৰৰ লগত মোৰ পুনৰ কি সম্পৰ্ক?’ মইয়ে তোমাক উত্তৰ দিম আৰু তেওঁৰ যত্ন ল’ম। মই এক কেঁচাপতীয়া দেৱদাৰু গছৰ নিচিনা; তোমাৰ বিশ্বস্ততাৰ ফল মোৰ কাষৰ পৰাই আহে।”
হোচ 14 : 9 (IRVAS)
জ্ঞানৱানজনে এইবোৰ কথা বুজে; বিবেচকজনে এইবোৰ কথা জানে; কিয়নো যিহোৱাৰ পথবোৰ সততাৰ পথ আৰু ধাৰ্মিকজনে সেই পথত গমন কৰে, কিন্তু অধাৰ্মিকজনে হ’লে সেইবোৰত উজুটি খায়।

1 2 3 4 5 6 7 8 9