আদি 41 : 1 (IRVAS)
{যোচেফৰ উন্নতি। } এই ঘটনা ঘটি যোৱাৰ সম্পূৰ্ণ দুবছৰৰ পাছত, ফৰৌণে এটা সপোন দেখিলে। তেওঁ নীল নদীৰ দাঁতিত থিয় হৈ আছে।
আদি 41 : 2 (IRVAS)
এনে সময়ত নদীৰ পৰা দেখিবলৈ সুন্দৰ আৰু হৃষ্টপুষ্ট সাতজনী গৰু ওলাই আহি নল বননিত চৰিবলৈ ধৰিলে।
আদি 41 : 3 (IRVAS)
তাৰ পাছত, দেখিবলৈ কুচ্ছিত আৰু ক্ষীণোৱা আন সাতজনী গৰুও সেই কেইজনীৰ পাছত নীল নদীৰ পৰা ওলাই, নদীৰ দাঁতিত আগতে অহা গৰু কেইজনীৰ ওচৰতে আহি থিয় হ’ল।
আদি 41 : 4 (IRVAS)
তাতে সেই ক্ষীণোৱা আৰু দেখিবলৈ কুচ্ছিত গৰু কেইজনীয়ে দেখিবলৈ সুন্দৰ আৰু হৃষ্টপুষ্ট সেই গৰু সাতজনীক গিলি পেলালে। এনেতে ফৰৌণে সাৰ পালে।
আদি 41 : 5 (IRVAS)
তাৰ পাছত তেওঁ পুনৰ টোপনি গৈ দ্বিতীয় বাৰ সপোন দেখিলে; তেওঁ দেখিলে ঘেহুঁৰ একে ডাল ঠাৰিতে গুটিৰে ভৰা সাতোটা থোক ওলাল।
আদি 41 : 6 (IRVAS)
তেতিয়া চোৱা, সেইবোৰৰ পাছতে, পূবৰ বতাহত লেৰেলি শুকাই যোৱা এনে সাতোটা থোক ওলাল।
আদি 41 : 7 (IRVAS)
লেৰেলা থোকবোৰে গুটিৰে ভৰা সেই সাতোটা পূৰঠ থোক গিলি পেলালে। তেতিয়া ফৰৌণে সাৰ পাই দেখিলে যে, এইটো সপোনহে।
আদি 41 : 8 (IRVAS)
যেতিয়া ৰাতি পুৱাল, তেতিয়া তেওঁৰ মনটো অস্থিৰ হৈ উঠিল। তেওঁ মানুহ পঠাই মিচৰ দেশৰ শাস্ত্ৰজ্ঞ আৰু বিদ্বান লোক সকলক মতাই আনিলে আৰু ফৰৌণে তেওঁলোকৰ আগত তেওঁৰ সপোনৰ কথা ক’লে। কিন্তু কোনেও ফৰৌণক এই সপোনৰ ফলিতা দিব নোৱাৰিলে।
আদি 41 : 9 (IRVAS)
তেতিয়া প্ৰধান পান-পাত্ৰ ধৰোঁতাই ফৰৌণক ক’লে, “আজি মোৰ নিজৰ অপৰাধৰ কথা মনত পৰিছে।
আদি 41 : 10 (IRVAS)
ফৰৌণে নিজৰ দাসবোৰলৈ ক্রোধিত হৈ মূখ্য ৰান্ধনিৰ সতে মোক কাৰাৰক্ষকৰ অধ্যক্ষৰ ঘৰৰ বন্দীশালত থৈছিল।
আদি 41 : 11 (IRVAS)
তেতিয়া সেই ৰাতিয়েই আমি দুয়ো এটা এটা সপোন দেখিলোঁ। আমি দেখা প্রত্যেকটো সপোনৰ বেলেগ বেলেগ অৰ্থ আছিল।
আদি 41 : 12 (IRVAS)
তেতিয়া সেই ঠাইত ৰক্ষক-সেনাপতিৰ ওচৰত এজন ইব্ৰীয়া ডেকা বন্দী হৈ আমাৰ লগত আছিল। আমি তেওঁৰ আগত আমাৰ সপোনৰ কথা ক’ওতে, তেওঁ আমাক সপোনৰ অর্থ ক’লে,
আদি 41 : 13 (IRVAS)
আৰু তেওঁ যেনেকৈ আমাক সপোনৰ অর্থ কৈছিল, তেনেকৈয়ে আমালৈ ঘটিল। মোক মহাৰাজে পুনৰায় আগৰ পদতে নিযুক্ত কৰিলে, কিন্তু অন্য সকলক হ’লে ফাঁচি দিলে।”
আদি 41 : 14 (IRVAS)
তেতিয়া ফৰৌণে যোচেফক আনিবলৈ মানুহ পঠালে। বন্দীশালৰ পৰা তেওঁক যেতিয়া বেগাই উলিয়াই দিয়া হ’ল; তেতিয়া তেওঁ মূৰ খুৰালে আৰু কাপোৰ সলাই ফৰৌণৰ সন্মুখলৈ আহিল।
আদি 41 : 15 (IRVAS)
তাতে ফৰৌণে যোচেফক ক’লে, “মই এটা সপোন দেখিলোঁ, তাৰ অর্থ বুজাই দিব পৰা কোনো নাই; কিন্তু তুমি শুনামাত্ৰে সপোনৰ ফলিতা দিব পাৰা বুলি মই তোমাৰ বিষয়ে শুনিছোঁ।”
আদি 41 : 16 (IRVAS)
তেতিয়া যোচেফে ফৰৌণক উত্তৰ দি ক’লে, “এইটো মোৰ বাবে অসাধ্য। ঈশ্বৰেহে ফৰৌণ ৰজাৰ সপোনৰ অর্থ বুজাই দিয়াৰ লগতে মনত শান্তনা দিব।”
আদি 41 : 17 (IRVAS)
তেতিয়া ফৰৌণে যোচেফক ক’লে, “মই সপোনত নীল নদীৰ দাঁতিত থিয় হৈ আছিলোঁ;
আদি 41 : 18 (IRVAS)
এনে সময়ত নদীৰ পৰা হৃষ্টপুষ্ট আৰু দেখিবলৈ সুন্দৰ সাত জনী গৰু ওলাই আহি নল বননিত চৰিবলৈ ধৰিলে।
আদি 41 : 19 (IRVAS)
পাছত চোৱা, ক্ষীণোৱা, দেখিবলৈ কূচ্ছিত, চেৰেলা গাৰে সাত জনী গৰুও সেই কেইজনীৰ পাছত ওলাই আহিল; তেনেকুৱা কুচ্ছিত গৰু মই গোটেই মিচৰ দেশত কেতিয়াও দেখা নাই।
আদি 41 : 20 (IRVAS)
আৰু চেৰেলা গাৰে দেখিবলৈ কুচ্ছিত গৰু কেইজনীয়ে প্ৰথমে হৃষ্টপুষ্ট গৰু সাত জনী গিলি পেলালে।
আদি 41 : 21 (IRVAS)
যেতিয়া হৃষ্টপুষ্ট গৰুবোৰ কুচ্ছিত কেইজনীয়ে খালে, সেইবোৰ চেৰেলা কেইজনীৰ পেটত সোমোৱা যেন নালাগিল। কিন্তু সিহঁত আগৰ দৰে কুচ্ছিত হৈয়েই থকিল। তেতিয়া মই সাৰ পালোঁ।
আদি 41 : 22 (IRVAS)
মই পুনৰাই সপোন দেখিলোঁ, একে ডাল ঠাৰিতে গুটিৰে ভৰা ঘেহুঁৰ উত্তম সাতোটা থোক ওলাল।
আদি 41 : 23 (IRVAS)
তেতিয়া সেইবোৰৰ পাছত শুকান, পতনুৱা সেইবোৰ পুবৰ গৰম বতাহত শুকায় গৈছিল, এনে সাতোটা থোকো ওলাল।
আদি 41 : 24 (IRVAS)
পাছত সেই শুকান পতনুৱা থোকবোৰে সাতোটা উত্তম থোক গিলি পেলালে। পাছত শাস্ত্ৰজ্ঞসকলক মই ক’লোঁ; কিন্তু কোনেও মোক তাৰ অর্থ ক’ব নোৱাৰিলে।”
আদি 41 : 25 (IRVAS)
তেতিয়া যোচেফে ফৰৌণক ক’লে, “ফৰৌণৰ সপোনৰ অৰ্থও একেই। ঈশ্বৰে যি কৰিব খুজিছে, তাক তেওঁ ফৰৌণক জনাইছে।
আদি 41 : 26 (IRVAS)
সেই সাত জনী উত্তম গৰু সাত বছৰক বুজায়; সেই সাতোটা উত্তম থোকেও সাত বছৰক বুজায়; সপোনৰ অৰ্থও একেই।
আদি 41 : 27 (IRVAS)
পাছত অহা সেই কুচ্ছিত সাত জনী গৰুও সাত বছৰ, পূবৰ বতাহত শুকুৱা গুটি নথকা সাতোটা থোকেও সাত বছৰক বুজায়। সেইবোৰ আকালৰ সাত বছৰ হ’ব।
আদি 41 : 28 (IRVAS)
মই ফৰৌণৰ আগত ইয়াকে ক’লোঁ যে, ঈশ্বৰে যি কৰিব খুজিছে, তাকেহে তেওঁ ফৰৌণক দেখুৱাইছে।
আদি 41 : 29 (IRVAS)
তাতে গোটেই মিচৰ দেশত এনে সাতটা বছৰ আহিব য’ত বহুত শষ্য উৎপন্ন হ’ব।
আদি 41 : 30 (IRVAS)
সেইবোৰৰ পাছত হ’ব আকালৰ সাত বছৰ, তাতে মিচৰ দেশত বহু শস্যৰ কথা সকলোৱে পাহৰি যাব; আৰু সেই আকালে দেশখনকে নষ্ট কৰিব।
আদি 41 : 31 (IRVAS)
এই আকালৰ কাৰণে লোকসকলৰ দেশত, আগতে উৎপন্ন হোৱা বহু শস্যৰ কথা মনত নপৰিব। কিয়নো এইটো অতিশয় ভয়ংকৰ হ’ব।
আদি 41 : 32 (IRVAS)
ফৰৌণৰ আগত দুবাৰ এই সপোন দেখুৱা হৈছে। ইয়াৰ কাৰণ হৈছে ঈশ্বৰে, নিজ মন স্থিৰ কৰিছে আৰু ঈশ্বৰে অতি শীঘ্ৰেই এই সকলো কৰিব।
আদি 41 : 33 (IRVAS)
এই হেতুকে এতিয়া ফৰৌণ ৰজাই এনে এজন বুদ্ধিমান জ্ঞানী মানুহ বিচাৰি আনক, তেওঁক আনি আপুনি মিচৰ দেশৰ ওপৰত নিযুক্ত কৰক।
আদি 41 : 34 (IRVAS)
ফৰৌণে এইদৰে কৰক; তেওঁ দেশৰ ওপৰত বিষয়াসকলক পাতক আৰু বহু শস্য উৎপন্ন হোৱা সাত বছৰত, মিচৰ দেশৰ পৰা শস্য পাঁচ ভাগৰ এভাগ তুলি আনক।
আদি 41 : 35 (IRVAS)
এই লোকসকলে অহা বছৰ কেইটাৰ সকলো শস্য গোটাই ফৰৌণৰ অধীনলৈ আহাৰ হ’বৰ কাৰণে নগৰে নগৰে তাক সাঁচি ৰাখক। তাক সুৰক্ষা দিয়ক।
আদি 41 : 36 (IRVAS)
এইদৰে মিচৰ দেশত আগলৈ হ’ব লগা আকালৰ সাত বছৰৰ কাৰণে, সেই আহাৰ দেশত সঞ্চিত হৈ থাকিব; তাতে আকালত দেশখন বিনষ্ট নহব।”
আদি 41 : 37 (IRVAS)
তেতিয়া ফৰৌণে আৰু তেওঁৰ পাত্ৰমন্ত্ৰীসকলেও এই সকলো কথাকে উত্তম দেখিলে।
আদি 41 : 38 (IRVAS)
তেতিয়া ফৰৌণে তেওঁৰ পাত্ৰমন্ত্ৰীসকলক ক’লে, “এই যি জন মানুহত ঈশ্বৰৰ আত্মা আছে, এওঁৰ নিচিনা আমি কাক পাম?”
আদি 41 : 39 (IRVAS)
তেতিয়া ফৰৌণে যোচেফক ক’লে, “ঈশ্বৰে তোমাক এই সকলো কথা জনাইছে; এই যে তোমাৰ নিচিনা বুদ্ধিমান জ্ঞানী মানুহ কোনো নাই।
আদি 41 : 40 (IRVAS)
তুমিয়েই মোৰ ঘৰৰ অধ্যক্ষ হ’ব লাগে; মোৰ সকলো প্ৰজা তোমাৰ কথাৰ দৰেই চলিব; কেৱল সিংহাসনতহে মই তোমাতকৈ শ্ৰেষ্ঠ হ’ম।”
আদি 41 : 41 (IRVAS)
ফৰৌণে যোচেফক পুনৰ ক’লে, “চোৱা, গোটেই মিচৰ দেশৰ ওপৰত মই তোমাক নিযুক্ত কৰিলোঁ।”
আদি 41 : 42 (IRVAS)
পাছত ফৰৌণে নিজৰ হাতৰ পৰা মোহৰ মৰা আঙঠি সোলোকাই যোচেফৰ হাতৰ আঙুলিত পিন্ধাই দিলে। তেওঁক আৰু মিহি শণ সূতাৰ কাপোৰ পিন্ধাই, ডিঙিত সোণৰ অলঙ্কাৰও দিলে।
আদি 41 : 43 (IRVAS)
তেওঁক নিজৰ দ্বিতীয় ৰথত উঠালে; তাতে লোকসকলে তেওঁৰ আগে আগে “আঁঠুকাঢ়া” বুলি ঘোষণা কৰিলে। এইদৰে ফৰৌণে তেওঁক গোটেই মিচৰ দেশ খনৰ ওপৰত নিযুক্ত কৰিলে।
আদি 41 : 44 (IRVAS)
ফৰৌণে যোচেফক ক’লে, “মই ফৰৌণ, কিন্তু তোমাৰ বিনা অনুমতিত গোটেই মিচৰ দেশত কোনেও হাত, ভৰি লৰচৰ কৰিব নোৱাৰিব।”
আদি 41 : 45 (IRVAS)
ফৰৌণে যোচেফৰ নাম “চাফনৎপানেহ ৰাখিলে।” তেওঁ ওন নগৰৰ পুৰোহিত পোটী-ফেৰাৰ জীয়েক আচনতৰ লগত বিয়া পাতি দিলে। পাছত যোচেফ গোটেই মিচৰ দেশ খন চাব লৈ ওলাই গ’ল।
আদি 41 : 46 (IRVAS)
যোচেফ মিচৰৰ ৰজা ফৰৌণৰ আগত উপস্থিত হোৱা সময়ত, তেওঁৰ বয়স ত্ৰিশ বছৰ হৈছিল। যোচেফ ফৰৌণ ৰজাৰ আগৰ পৰা ওলাই গ’ল আৰু মিচৰ দেশৰ সকলো ঠাইতে ফুৰিলে।
আদি 41 : 47 (IRVAS)
তাতে বহু শস্য হোৱা সেই সাত বছৰত ভূমিয়ে মুঠিয়ে মুঠিয়ে শস্য উৎপন্ন কৰিলে।
আদি 41 : 48 (IRVAS)
মিচৰ দেশত সেই সাত বছৰত উৎপন্ন হোৱা সকলো শস্য গোটাই, তেওঁ নগৰে নগৰে সাঁচি হ’ল; প্ৰত্যেক নগৰৰ চাৰিওফালৰ পথাৰত যি শস্য উৎপন্ন হ’ল, তাক তেওঁ সেই নগৰতে সাঁচি থলে।
আদি 41 : 49 (IRVAS)
এইদৰে যোচেফে সাগৰৰ বালিৰ দৰে ইমান বহু শস্য গোটালে যে, তাক পাছত লেখিবলৈকে এৰিলে; কিয়নো সেয়ে অসংখ্য হৈছিল।
আদি 41 : 50 (IRVAS)
যোচেফৰ দুটি পুত্র আকাল অহাৰ আগেয়ে জন্ম পালে, ওন নগৰৰ পুৰোহিত পোটী-ফেৰাৰ জীয়েক আচনতে জন্ম দিলে।
আদি 41 : 51 (IRVAS)
তাতে যোচেফে জ্যেষ্ঠ পুত্ৰৰ নাম মনচি* পাহৰণি হ’ল; কিয়নো তেওঁ ক’লে, “ঈশ্বৰে মোৰ সকলো দুখ আৰু নিজ পিতৃৰ ঘৰকো পাহৰাইছে।”
আদি 41 : 52 (IRVAS)
দ্বিতীয় পুত্ৰৰ নাম তেওঁ ইফ্ৰয়িম† দুগুণ ফলৱান বা দুগুণ উন্নতি ৰাখিলে; কাৰণ তেওঁ ক’লে, “ঈশ্বৰে মোক দুখ ভোগ কৰা এই দেশত ফলৱান কৰিলে।”
আদি 41 : 53 (IRVAS)
তাৰ পাছত মিচৰ দেশত বহু শষ্য উৎপন্ন হোৱা সাত বছৰ শেষ হ’ল।
আদি 41 : 54 (IRVAS)
তাতে যোচেফে কোৱাৰ দৰেই আকালৰ সাত বছৰ আৰম্ভ হ’ল, তেতিয়া সকলো দেশতে আকাল হ’ল; কিন্তু গোটেই মিচৰ দেশত হ’লে আহাৰ আছিল।
আদি 41 : 55 (IRVAS)
যেতিয়া মিচৰ দেশৰ গোটেইখনতে আকাল হ’বলৈ ধৰিলে, তেতিয়া প্ৰজাসকলে আহাৰৰ অৰ্থে ফৰৌণ ৰজাৰ আগত ভিক্ষা খুজিলে গৈ; তাতে ফৰৌণে সকলো মিচৰীয়াকে ক’লে, “তোমালোকে যোচেফৰ ওচৰলৈ যোৱা; তেওঁ যি কৰিবলৈ কয়, তাকে তোমালোকে কৰিবা।”
আদি 41 : 56 (IRVAS)
তেতিয়া গোটেই দেশতে আকাল হ’ল, যোচেফে সকলো ঠাইৰ ভঁৰালবোৰ খুলিলে আৰু মিচৰীয়াসকলৰ ওচৰত শস্য বেচিবলৈ ধৰিলে। সেই সময়ত মিচৰ দেশত ভয়ংকৰ আকাল হ’ল।
আদি 41 : 57 (IRVAS)
সকলো দেশৰ মানুহবোৰে শস্য কিনিবৰ কাৰণে মিচৰ দেশত থকা যোচেফৰ ওচৰলৈ আহিল; কিয়নো গোটেই পৃথিৱীত ভীষণ আকাল হ’বলৈ ধৰিলে।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57