Genesis 36 : 1 (IRVAS)
এচৌৰ বংশৰ তালিকা এচৌ অর্থাৎ যিজনক ইদোম বোলা হয়, তেওঁৰ বংশৰ তালিকা হৈছে এনেদৰে।
Genesis 36 : 2 (IRVAS)
এচৌৱে কনানীয়া ছোৱালীবোৰক বিয়া কৰিছিল। সেই ছোৱালীবোৰ হৈছে হিত্তীয়া এলোনৰ জীয়েক আদা; হিব্বীয়া চিবিয়োনৰ নাতিনীয়েক অর্থাৎ অনাৰ জীয়েক অহলীবামা।
Genesis 36 : 3 (IRVAS)
আৰু ইশ্মায়েলৰ জীয়েক নবায়োতৰ ভনীয়েক বাচমতকো বিয়া কৰিছিল।
Genesis 36 : 4 (IRVAS)
এইসকলৰ মাজত আদাই এচৌলৈ ইলীফজ আৰু বাচমতে ৰূৱেলক প্রসৱ কৰিলে;
Genesis 36 : 5 (IRVAS)
অহলীবামাৰ ঔৰসত যিয়ূচ, যালম, আৰু কোৰহৰ জন্ম হ’ল; কনান দেশত এচৌৰ এই সকলো পুত্রৰে জন্ম হ’ল।
Genesis 36 : 6 (IRVAS)
পাছত এচৌৱে তেওঁৰ ভার্য্যাসকলক, ল’ৰা-ছোৱালীক আৰু তেওঁৰ ঘৰৰ আন সকলোৰে লগত তেওঁৰ পশুধন অর্থাৎ মেৰ-ছাগ, ছাগলী, গৰু আদি অন্যান্য পশু আৰু কনান দেশত উপাৰ্জন কৰা সকলো সম্পত্তিকে লৈ তেওঁ ভায়েক যাকোবৰ ওচৰৰ পৰা আন এক দেশলৈ গুছি গ’ল।
Genesis 36 : 7 (IRVAS)
এচৌ আৰু যাকোবৰ ধন-সম্পদ ইমান বেছি হ’ল যে তেওঁলোকৰ পক্ষে একেলগে বাস কৰাটো সম্ভৱ নহ’ল; কিয়নো তেওঁলোক যি ঠাইত আছিল সেই ঠাইত তেওঁলোকৰ পশুৰ জাকবোৰ চৰাবলৈ যথেষ্ট ঠাইৰ অভাৱ আছিল।
Genesis 36 : 8 (IRVAS)
সেয়ে এচৌৱে চেয়ীৰৰ পাহাৰীয়া এলেকাত গৈ স্থায়ীভাৱে বাস কৰিবলৈ ধৰিলে; সেই এচৌৰ আন এটা নাম আছিল ইদোম।
Genesis 36 : 9 (IRVAS)
চেয়ীৰৰ পাহাৰীয়া এলেকাত ইদোমীয়াসকলৰ ওপৰপিতৃ এচৌৰ বংশৰ তালিকা হৈছে এনেধৰণৰ।
Genesis 36 : 10 (IRVAS)
এচৌৰ পুত্রসকলৰ নাম ইলীফজ আৰু ৰূৱেল। ইলীফজ আদাৰ পুত্ৰ আৰু ৰূৱেল এচৌৰ বাচমতৰ পুত্ৰ।
Genesis 36 : 11 (IRVAS)
ইলীফজৰ পুত্ৰসকল হ’ল তৈমন, ওমাৰ, চফো, গয়িতম আৰু কনজ।
Genesis 36 : 12 (IRVAS)
এচৌৰ পুত্ৰ ইলীফজৰ তিম্না নামেৰে এজনী উপপত্নী আছিল। তেওঁৰ গর্ভত অমালেকৰ জন্ম হ’ল; এই সকলোৱেই এচৌৰ ভার্য্যা আদাৰ পো-নাতি।
Genesis 36 : 13 (IRVAS)
ৰূৱেলৰ পুত্ৰসকল হ’ল নহৎ, জেৰহ, চম্মা আৰু মিজ্জা; এই সকলোৱেই এচৌৰ ভার্য্যা বাচমতৰ পো-নাতি।
Genesis 36 : 14 (IRVAS)
চিবিয়োনৰ নাতিনী অর্থাৎ অনাৰ জীয়েক আৰু এচৌৰ ভার্য্যা অহলীবামাই এচৌলৈ প্রসৱ কৰা পুত্ৰসকল হ’ল যিয়ূচ, যালম আৰু কোৰহ।
Genesis 36 : 15 (IRVAS)
এচৌৰ বংশৰ সন্তান সকলৰ মাজত এইসকলেই অধিপতি হৈছিল - এচৌৰ জ্যেষ্ঠ পুত্ৰ ইলীফজৰ বংশৰ পৰা হোৱা অধিপতিসকল হ’ল- তৈমন, ওমাৰ, চফো, কনজ অধিপতি।
Genesis 36 : 16 (IRVAS)
কোৰহ, গয়িতম, অমালেক অধিপতি; ইলীফজৰ বংশৰ পৰা, ইদোম দেশত এওঁলোকেই অধিপতি হ’ল। এইসকল আদাৰ পো-নাতি আছিল।
Genesis 36 : 17 (IRVAS)
এচৌৰ পুত্ৰ ৰূৱেলৰ বংশৰ পৰা হোৱা অধিপতিসকল হ’ল: নহৎ, জেৰহ, চম্মা আৰু মিজ্জা; ৰূৱেলৰ বংশৰ পৰা ইদোম দেশত এওঁলোক অধিপতি হ’ল। এইসকল এচৌৰ ভার্য্যা বাচমতৰ পো-নাতি আছিল।
Genesis 36 : 18 (IRVAS)
এচৌৰ ভার্য্যা অহলীবামাৰ বংশত এইসকল অধিপতি হ’ল: যিয়ূচ, যালম আৰু কোৰহ; অনাৰ জীয়েক এচৌৰ ভার্য্যা অহলীবামাৰ বংশৰ পৰা এইসকলেই অধিপতি হৈছিল।
Genesis 36 : 19 (IRVAS)
এওঁলোকেই এচৌ অর্থাৎ ইদোমৰ সন্তান আৰু তেওঁলোকই নিজৰ বংশৰ অধিপতি আছিল।
Genesis 36 : 20 (IRVAS)
চেয়ীৰৰ বংশৰ তালিকা সেই ঠাইৰ বাসিন্দা হোৰীয়া চেয়ীৰৰ সন্তান সকলৰ নাম লোটন, চোবল, চিবিয়োন, অনা,
Genesis 36 : 21 (IRVAS)
দিচোন, এচৰ আৰু দীচন। ইদোমত চেয়ীৰৰ এইসকল সন্তানেই হোৰীয়া বংশৰ অধিপতি হ’ল।
Genesis 36 : 22 (IRVAS)
লোটনৰ পুত্রসকলৰ নাম হোৰী আৰু হেমম; লোটনৰ ভনীয়েকৰ নাম তিম্না।
Genesis 36 : 23 (IRVAS)
চোবলৰ পুত্রসকলৰ নাম: অলবন, মানহৎ, এবল, চফো, আৰু ওনম।
Genesis 36 : 24 (IRVAS)
চিবিয়োনৰ পুত্রসকলৰ নাম: অয়া আৰু অনা; এই অনাই পিতৃ চিবিয়োনৰ গাধ চৰাওঁতে মৰুপ্রান্তৰৰ মাজত গৰম পানীৰ জুৰি[* ‘গৰম পানীৰ জুৰি’ মানে হল ‘খচ্ছৰ’। ] পালে।
Genesis 36 : 25 (IRVAS)
এই অনাৰ পুত্ৰৰ নাম দীচন আৰু জীয়েকৰ নাম অহলীবামা।
Genesis 36 : 26 (IRVAS)
Genesis 36 : 27 (IRVAS)
দীচনৰ পুত্ৰসকলৰ নাম হিমদন, ইচবন, যিত্ৰন আৰু কৰান। এচৰৰ পুত্ৰ বিলহন, জাবন, আৰু অকন।
Genesis 36 : 28 (IRVAS)
দীচনৰ পুত্ৰ উচ আৰু অৰান।
Genesis 36 : 29 (IRVAS)
হোৰীয়াৰ অধিপতিসকলৰ নাম আছিল: লোটন, চোবল, চিবিয়োন, অনা,
Genesis 36 : 30 (IRVAS)
দিচোন, এচৰ আৰু দীচন; এইসকলেই চেয়ীৰ দেশত বংশৰ তালিকা অনুসাৰে হোৰীয়া জাতিৰ অধিপতি আছিল।
Genesis 36 : 31 (IRVAS)
ইস্ৰায়েলীসকলৰ মাজত কোনো ৰজাই ৰাজত্ব কৰাৰ আগতে, ইদোম দেশত যি সকল ৰজাই ৰাজত্ব কৰিছিল, তেওঁলোক হ’ল:
Genesis 36 : 32 (IRVAS)
বিয়োৰৰ পুত্ৰ বিলাই ইদোমত ৰাজত্ব কৰিছিল; তেওঁৰ নগৰৰ নাম আছিল দিনহাবা।
Genesis 36 : 33 (IRVAS)
বিলাৰ মৃত্যুৰ পাছত তেওঁৰ ঠাইত বস্ৰা নগৰৰ জেৰহৰ পুত্ৰ যোববে ৰাজত্ব কৰিছিল।
Genesis 36 : 34 (IRVAS)
যোববৰ মৃত্যুৰ পাছত তেওঁৰ ঠাইত তৈমনীয়াসকলৰ দেশৰ হূচমে ৰাজত্ব কৰিছিল।
Genesis 36 : 35 (IRVAS)
হূচমৰ মৃত্যুৰ পাছত তেওঁৰ ঠাইত বদদৰ পুত্র হদদে ৰাজত্ব কৰিছিল। তেওঁ মোৱাব দেশত মিদিয়নীয়সকলক পৰাজয় কৰিছিল; তেওঁৰ নগৰৰ নাম আছিল অবীৎ।
Genesis 36 : 36 (IRVAS)
যেতিয়া হদদৰ মৃত্যু হ’ল, তেতিয়া তেওঁৰ ঠাইত মস্ৰেকাৰ চম্নাই ৰাজত্ব কৰিছিল।
Genesis 36 : 37 (IRVAS)
চম্নাৰ মৃত্যু হ’লত, তেওঁৰ ঠাইত ফৰাৎ নদীৰ ওচৰৰ ৰহোবোতীয়া চৌলে ৰাজত্ব কৰিছিল।
Genesis 36 : 38 (IRVAS)
চৌলৰ মৃত্যু পাছত তেওঁৰ ঠাইত অকবোৰৰ পুত্ৰ বাল-হাননে ৰাজত্ব কৰিছিল।
Genesis 36 : 39 (IRVAS)
অকবোৰৰ পুত্ৰ বাল-হাননৰ মৃত্যু পাছত তেওঁৰ ঠাইত হদৰে ৰাজত্ব কৰিছিল; তেওঁৰ নগৰৰ নাম পাউ আছিল; তেওঁৰ ভাৰ্যাৰ নাম আছিল মহেটবেল। তেওঁ মট্ৰেদৰ জীয়েক আৰু মে-জাহবৰ নাতিনীয়েক।
Genesis 36 : 40 (IRVAS)
এচৌৰ বংশৰ যি সকল লোক অধিপতি আছিল, সেইসকলৰ নাম: তিম্না, অলবা, যিথেৎ,
Genesis 36 : 41 (IRVAS)
অহলীবামা, এলা, পীনোন,
Genesis 36 : 42 (IRVAS)
কনজ, তৈমন, মিবচৰ,
Genesis 36 : 43 (IRVAS)
মগ্দীয়েল আৰু ঈৰম; এওঁলোক আছিল ইদোমীয়সকলৰ পূর্বপুৰুষ এচৌৰ বংশৰ লোক ইদোমৰ অধিপতি। দেশৰ যিবোৰ ঠাইত তেওঁলোকে বাস কৰিছিল, তেওঁলোকৰ নাম অনুসাৰে সেই সকলো ঠাইৰ নাম দিয়া হৈছিল।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43