Ezra 2 : 1 (IRVAS)
যি লোক সকলক ৰজা নবূখদনেচৰে বন্দী কৰি লৈ গৈছিল, তেওঁলোকক বাবিলত বন্দী কৰি ৰাখিছিল। পাছত এই বন্দীত্বৰ পৰা মুকলি হৈ তেওঁলোক নিজৰ নগৰ যিৰূচালেম আৰু যিহূদালৈ উভতি আহিল।
Ezra 2 : 2 (IRVAS)
তেওঁলোক জৰুব্বাবিল, যেচুৱা, নহিমিয়া, চৰায়া, ৰিয়েলায়া, মৰ্দখয়, বিলচন, মিস্পৰ, বিগবয়, ৰহূম, আৰু বানা, এওঁলোকৰ লগত আহিল।
Ezra 2 : 3 (IRVAS)
{ইস্ৰায়েলী লোকসকলৰ লিখিত নথি-পত্র। } পৰিয়োচৰ বংশধৰসকলৰ সংখ্যা: দুই হাজাৰ এশ বাসত্তৰ জন।
Ezra 2 : 4 (IRVAS)
চফটিয়াৰ বংশধৰসকলৰ সংখ্যা: তিনিশ বাসত্তৰ জন।
Ezra 2 : 5 (IRVAS)
আৰহৰ বংশধৰসকলৰ সংখ্যা: সাত শ পঁয়সত্তৰ জন,
Ezra 2 : 6 (IRVAS)
যেচুৱা আৰু যোৱাবৰ দ্বাৰাই পহৎ-মোৱাবৰ বংশধৰসকলৰ সংখ্যা: দুই হাজাৰ আঠ শ বাৰজন।
Ezra 2 : 7 (IRVAS)
এলমৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ দুশ চৌৱন্ন জন।
Ezra 2 : 8 (IRVAS)
জত্তুৰ বংশধৰসকলৰ সংখ্যা: নশ পঞ্চল্লিশ জন।
Ezra 2 : 9 (IRVAS)
জক্কয়ৰ বংশধৰসকলৰ সংখ্যা: সাত শ ষাঠি জন।
Ezra 2 : 10 (IRVAS)
বাণীৰ বংশধৰসকলৰ সংখ্যা ছশ বিয়াল্লিশ জন।
Ezra 2 : 11 (IRVAS)
বেবয়ৰ বংশধৰসকলৰ সংখ্যা ছশ তেইশ জন।
Ezra 2 : 12 (IRVAS)
অজগদৰ বংশধৰসকলৰ সংখ্যা এক হাজাৰ দুশ বাইশ জন।
Ezra 2 : 13 (IRVAS)
অদোনীকামৰ বংশধৰসকলৰ সংখ্যা: ছশ ছয়ষষ্ঠি জন।
Ezra 2 : 14 (IRVAS)
বিগবয়ৰ বংশধৰসকলৰ সংখ্যা: দুই হাজাৰ ছাপন্ন জন।
Ezra 2 : 15 (IRVAS)
আদীনৰ বংশধৰসকলৰ সংখ্যা: চাৰিশ চৌৱন্ন জন।
Ezra 2 : 16 (IRVAS)
হিষ্কিয়াৰ বংশধৰসকলৰ পৰা অহা আটেৰৰ লোকসকলৰ সংখ্যা: আঠানব্বৈ জন।
Ezra 2 : 17 (IRVAS)
বেচয়ৰ বংশধৰসকলৰ সংখ্যা: তিনিশ তেইশ জন।
Ezra 2 : 18 (IRVAS)
যোৰাৰ বংশধৰসকলৰ সংখ্যা: এশ বাৰ জন।
Ezra 2 : 19 (IRVAS)
হাচুমৰ লোকসকলৰ সংখ্যা: দুশ তেইশ জন।
Ezra 2 : 20 (IRVAS)
গিব্বৰৰ লোকসকলৰ সংখ্যা: পঞ্চানব্বৈ জন।
Ezra 2 : 21 (IRVAS)
বৈৎলেহেমৰ লোকসকলৰ সংখ্যা: এশ তেইশ জন।
Ezra 2 : 22 (IRVAS)
নটোফাৰ লোকসকলৰ সংখ্যা: ছাপন্ন জন।
Ezra 2 : 23 (IRVAS)
অনাথোতৰ লোকসকলৰ সংখ্যা: এশ আঠাইশ জন।
Ezra 2 : 24 (IRVAS)
অজমাবতৰ লোকসকলৰ সংখ্যা: বিয়াল্লিশ জন।
Ezra 2 : 25 (IRVAS)
কিৰিয়ৎ-আৰীম, কফীৰা, আৰু বেৰোতৰ লোকসকলৰ সংখ্যা: সাতশ তিয়ল্লিশ জন।
Ezra 2 : 26 (IRVAS)
ৰামা আৰু গেবাৰ লোকসকলৰ সংখ্যা: ছশ একৈশ জন।
Ezra 2 : 27 (IRVAS)
মিকমচৰ লোকসকলৰ সংখ্যা: এশ বাইশ জন।
Ezra 2 : 28 (IRVAS)
বৈৎএল আৰু অয়ৰ লোকসকলৰ সংখ্যা: দুশ তেইশ জন।
Ezra 2 : 29 (IRVAS)
নবোৰ লোকসকলৰ সংখ্যা: বাৱন্ন জন।
Ezra 2 : 30 (IRVAS)
মগবীচৰ লোকসকলৰ সংখ্যা: এশ ছাপন্ন জন।
Ezra 2 : 31 (IRVAS)
অন্য এজন এলমৰ লোকসকলৰ সংখ্যা: এক হাজাৰ দুশ চৌৱন্ন জন।
Ezra 2 : 32 (IRVAS)
হাৰীমৰ লোকসকলৰ সংখ্যা: তিনিশ বিশ জন।
Ezra 2 : 33 (IRVAS)
লোদ, হাদীদ, আৰু ওনোৰ লোকসকলৰ সংখ্যা: সাতশ পঁচিশ জন।
Ezra 2 : 34 (IRVAS)
যিৰীহোৰ লোকসকলৰ সংখ্যা: তিনিশ পঞ্চল্লিশ জন।
Ezra 2 : 35 (IRVAS)
চনাৱাৰ লোকসকলৰ সংখ্যা: তিনি হাজাৰ ছশ ত্ৰিশ জন।
Ezra 2 : 36 (IRVAS)
পুৰোহিতসকল; যেচুৱাৰ ঘৰৰ পৰা অহা যিদয়াৰ বংশধৰসকলৰ সংখ্যা: নশ ত্ৰেসত্তৰ জন।
Ezra 2 : 37 (IRVAS)
ইম্মেৰৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ বাৱন্ন জন।
Ezra 2 : 38 (IRVAS)
পচহুৰৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ দুশ সাতচল্লিশ জন।
Ezra 2 : 39 (IRVAS)
হাৰীমৰ বংশধৰসকলৰ সংখ্যা: এক হাজাৰ সোঁতৰ জন।
Ezra 2 : 40 (IRVAS)
লেবীয়াসকল: হোদবিয়াৰ বংশধৰসকলৰ মাজৰ পৰা যেচুৱা আৰু কদ্মীয়েলৰ বংশধৰসকলৰ সংখ্যা: চৌসত্তৰ জন।
Ezra 2 : 41 (IRVAS)
মন্দিৰৰ গায়কসকল: আচফৰ বংশধৰসকলৰ সংখ্যা: এশ আঠাইশ জন।
Ezra 2 : 42 (IRVAS)
দুৱৰীসকলৰ বংশধৰসকলৰ: চল্লুম, আটেৰ, টল্মোন, অক্কুব, হটীটা, আৰু চোবয় বংশধৰসকলৰ সংখ্যা: সৰ্ব্বমুঠ এশ উনচল্লিশ জন।
Ezra 2 : 43 (IRVAS)
যিসকলক মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোক হ’ল: চীহা, হচুফা, টব্বায়োৎ,
Ezra 2 : 46 (IRVAS)
হাগব, চলম্য়, আৰু হাননৰ, বংশধৰসকল।
Ezra 2 : 50 (IRVAS)
অস্না, মিয়ূনীম, আৰু নফূচীমৰ, বংশধৰসকল।
Ezra 2 : 54 (IRVAS)
নচীহ, আৰু হটীফাৰ বংশধৰসকল।
Ezra 2 : 55 (IRVAS)
চলোমনৰ দাসবোৰৰ বংশধৰসকল: চোটয়, হচ্ছোপেৰৎ, পৰূদা,
Ezra 2 : 57 (IRVAS)
চফটিয়া, হত্তীল, পোখৰৎ-হচবয়িম, আৰু আমী। এওঁলোকৰ বংশধৰ।
Ezra 2 : 58 (IRVAS)
চলোমনৰ দাসবোৰৰ বংশধৰসকল আৰু যিসকলক মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোক সৰ্ব্বমুঠ তিনিশ বিৰানব্বৈ জন আছিল।
Ezra 2 : 59 (IRVAS)
যিসকল তেল-মেলহ, তেল-হৰ্চা, কৰূব, অদ্দন, আৰু ইম্মেৰ এৰি আহিছিল, কিন্তু তেওঁলোক যিৰূচালেমত থকা পূৰ্বপুৰুষৰ একো প্ৰমাণ দিব নোৱাৰিছিল। তেওঁলোক হ’ল:
Ezra 2 : 60 (IRVAS)
দলায়াৰ টোবিয়াৰ আৰু নকোদাৰ বংশধৰসকলৰ সংখ্যা: ছশ বাৱন্ন জন।
Ezra 2 : 61 (IRVAS)
পুৰোহিতসকলৰ বংশধৰসকল: হবয়া, হক্কোচ, আৰু বৰ্জ্জিল্লয় (যিজনে গিলিয়দৰ বৰ্জ্জিল্লয়ৰ মহিলাৰ মাজৰ এজনীক বিয়া কৰিলে, আৰু তেওঁলোকৰ নামেৰে তেওঁৰ নামাকৰণ হ’ল)
Ezra 2 : 62 (IRVAS)
তেওঁলোকে বংশাৱলীৰ পত্রত তেওঁলোকৰ বংশৰ বৃত্তান্ত বিচাৰিবলৈ চেষ্টা কৰিলে, কিন্তু বিচাৰি নাপালে, সেয়ে তেওঁলোকক কলুষিত বুলি পুৰোহিত বাবৰ পৰা আঁতৰোৱা হ’ল।
Ezra 2 : 63 (IRVAS)
তেওঁলোকক অধিপতিয়ে কৈছিল, যেতিয়ালৈকে ঊৰীম আৰু তুম্মিমৰ সৈতে এজন পুৰোহিতে অনুমোদন নকৰে তেতিয়ালৈকে তোমালোকে কিছুমান উৎসৰ্গিত পবিত্র বস্তু নাখাবা।
Ezra 2 : 64 (IRVAS)
সৰ্ব্বমুঠ গোটেই দলটোৰ সংখ্যা: বিয়াল্লিশ হাজাৰ তিনিশ ষাঠীজন আছিল;
Ezra 2 : 65 (IRVAS)
তেওঁলোকৰ দাস-দাসী সকলক (তেওঁলোক সাত হাজাৰ তিনিশ সাতত্ৰিশ জন) আৰু তেওঁলোকৰ মন্দিৰৰ গায়ক-গায়িকা সকলক (দুশ জন) অন্তৰ্ভুক্ত কৰা হোবা নাছিল।
Ezra 2 : 66 (IRVAS)
তেওঁলোকৰ সাতশ চয়ত্ৰিশ টা ঘোঁৰা, দুশ পঞ্চল্লিশটা খছৰ,
Ezra 2 : 67 (IRVAS)
চাৰিশ পঁয়ত্ৰিশ টা উট, আৰু ছয় হাজাৰ সাতশ বিশ টা গাধ আছিল।
Ezra 2 : 68 (IRVAS)
যেতিয়া তেওঁলোকে যিৰূচালেমত থকা যিহোৱাৰ গৃহলৈ গৈছিল, তেতিয়া যিহোৱাৰ গৃহ নিৰ্ম্মাণৰ অৰ্থে সন্মানীয় ব্যক্তিসকলে ইচ্ছাকৃত উপহাৰ দান কৰিছিল।
Ezra 2 : 69 (IRVAS)
তেওঁলোকে নিজৰ শক্তি অনুসাৰে সেই কামৰ বাবে পুঁজিত এষষ্ঠি হাজাৰ সোণৰ মূদ্রা* মূদ্রা পাৰস্য দেশত প্রচলিত মূদ্রাৰ পৰিমাণ পাঁচ হাজাৰ ৰূপৰ মিনা † মিনা মূদ্রা আৰু পুৰোহিতে পিন্ধা এশখন বস্ত্ৰ দিলে।
Ezra 2 : 70 (IRVAS)
পুৰোহিতসকল, লেবীয়াসকল, লোকসকল, মন্দিৰৰ গায়কসকল আৰু দুৱৰীসকল, আৰু যিসকলক নিজৰ নগৰৰ মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোক নিজৰ নগৰবোৰত বাস কৰিছিল। ইস্ৰায়েলৰ সকলো লোক নিজৰ নগৰবোৰত আছিল।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70