Ezekiel 19 : 1 (IRVAS)
{যিহূদাৰ অধিপতিসকলৰ বিষয়ৰ বিলাপ। } “আৰু যি তুমি! ইস্ৰায়েলৰ অধিপতিসকলৰ বিষয়ে বিলাপ আৰম্ভ কৰা
Ezekiel 19 : 2 (IRVAS)
আৰু তেওঁলোকক কোৱা, ‘তোমাৰ মাতৃ কোন আছিল? এজনী সিংহী, তাই সিংহৰ পুতেকৰ লগত আছিল? তাই ডেকা সিংহবোৰৰ মাজত পোৱালিবোৰ প্ৰতিপালন কৰিছিল।
Ezekiel 19 : 3 (IRVAS)
তাই নিজৰ পোৱালিবোৰৰ মাজত ডেকা সিংহ হৈ উঠিবলৈ এটা পোৱালি তুলি ল’লে আৰু সি চিকাৰ ধৰিবলৈ শিকিলে আৰু মানুহকো খাবলৈ ধৰিলে।
Ezekiel 19 : 4 (IRVAS)
তেতিয়া জাতি সমূহে তাৰ বিষয়ে শুনিলে। সি তেওঁলোকৰ গাতত ধৰা পৰিল আৰু তেওঁলোকে তাক হাঁকোটা লগাই মিচৰ দেশলৈ আনিলে।
Ezekiel 19 : 5 (IRVAS)
যেতিয়া তাই দেখিলে যে, তাই তাৰ কাৰণে বাট চাই থাকোঁতে তাইৰ আশা বিফল হ’ল, তেতিয়া তাই নিজৰ আন এটা পোৱালি লৈ তাক ডেকা সিংহ কৰি তুলিলে।
Ezekiel 19 : 6 (IRVAS)
এই ডেকা সিংহই সিংহবোৰৰ মাজত অহা-যোৱা কৰোঁতে, সি ডেকা সিংহ হৈ উঠিল আৰু সি চিকাৰ ধৰিবলৈ শিকিলে; সি মানুহ খাবলৈ ধৰিলে।
Ezekiel 19 : 7 (IRVAS)
তেতিয়া সি তেওঁলোকৰ বিধৱা নাৰীসকলক ধৰ্ষণ কৰিলে আৰু তেওঁলোকৰ নগৰবোৰ ধ্বংস কৰিলে। তাৰ গৰ্জ্জনৰ শব্দত দেশ আৰু তাৰ সকলো উচ্ছন্ন হ’ল!
Ezekiel 19 : 8 (IRVAS)
কিন্তু জাতি সমূহৰ চাৰিওফালে থকা প্ৰদেশবোৰৰ পৰা তাৰ বিৰুদ্ধে আক্ৰমণ কৰিবলৈ আহিল; তেওঁলোকে তাৰ ওপৰত তেওঁলোকৰ জাল মেলিলে। সি তেওঁলোকৰ ফান্দত ধৰা পৰিল।
Ezekiel 19 : 9 (IRVAS)
তেওঁলোকে তাক হাঁকোটা লগাই পিঞ্জৰাত সোমোৱাই বাবিলৰ ৰজাৰ ওচৰলৈ আনিলে। ইস্ৰায়েলৰ পৰ্ব্বতৰ ওপৰত তাৰ মাত আৰু নুশুনিবলৈ তেওঁলোকে তাক সেই পৰ্ব্বতত ৰাখিলে।
Ezekiel 19 : 10 (IRVAS)
তোমাৰ নিৰাপদৰ সময়ত তোমাৰ মাতৃ জল সমূহৰ গুৰিত ৰোৱা এডালি দ্ৰাক্ষালতাস্বৰূপ আছিল; সেয়ে বহু জল সমূহৰ কাৰণে ফলেৰে আৰু ডালেৰে পূৰ হৈছিল।
Ezekiel 19 : 11 (IRVAS)
তাইৰ শক্তিশালী ডালবোৰ শাসনকৰ্ত্তাসকলৰ ৰাজদণ্ডৰ যোগ্য আছিল, আৰু তাই উচ্চ স্থান ঢুকি পোৱা হ’ল আৰু অধিক ডাল আৰু উচ্চতাৰ কাৰণে তাইক ভালকৈ দেখা গ’ল।
Ezekiel 19 : 12 (IRVAS)
কিন্তু দ্রাক্ষালতাক উঘালি মাটিত পেলোৱা হ’ল আৰু পূবৰ বতাহে তাইৰ ফল শুকুৱালে। তাইৰ শকত ডালবোৰ ভষ্ম হৈ শুকাল, জুয়ে সেইবোৰ ধংস কৰিলে।
Ezekiel 19 : 13 (IRVAS)
এতিয়া তাইক মৰুভূমিত, খৰাং আৰু শুকান দেশত ৰোৱা হ’ল।
Ezekiel 19 : 14 (IRVAS)
আৰু তাইৰ দণ্ডস্বৰূপ ডালবোৰৰ পৰা জুই ওলাই তাইৰ ফল গ্ৰাস কৰিলে। শাসন কৰিবলৈ দণ্ডৰ উপযুক্ত শকত ডাল তাইৰ মাজত আৰু নাথাকিল।’ এয়ে বিলাপ আৰু বিলাপেৰে গান কৰা হ’ব।”

1 2 3 4 5 6 7 8 9 10 11 12 13 14