যিহি 11 : 1 (IRVAS)
{বাবিলৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব খোজা লোকসকলৰ অহিতে কোৱা ভাববাণী। }
যিহি 11 : 2 (IRVAS)
তেতিয়া সেই আত্মাই মোক ওপৰলৈ তুলি নিলে, আৰু যিহোৱাৰ গৃহৰ পূব দিশত পূবমুৱাকৈ থকা প্রৱেশ পথৰ ওচৰলৈ আনিলে। আৰু চোৱা! সেই প্রৱেশ পথৰ দুৱাৰমুখত পঁচিশজন পুৰুষ আছিল। তেতিয়া মই লোকসকলৰ চলাওঁতা অজ্জুৰৰ পুত্ৰ যাজনিয়া আৰু বনায়াৰ পুত্ৰ পেলাটিয়াক তেওঁলোকৰ মাজত, এই দুজনক তেওঁলোকৰ মাজত দেখিলোঁ। ঈশ্ৱৰে মোক ক’লে, “হে মনুষ্য সন্তান, এইসকল লোকেই এই নগৰখনত অতিশয় অনৈতিক আচৰণ কৰোঁতা আৰু কু-মন্ত্ৰণা দিওঁতা।
যিহি 11 : 3 (IRVAS)
তেওঁলোকে কৈ থাকে যে, ‘ঘৰবোৰ সাজিবৰ সময় ওচৰ চপা নাই; এই নগৰখন কেৰাহী আৰু আমি মাংস-স্বৰূপ।’
যিহি 11 : 4 (IRVAS)
এই হেতুকে হে মনুষ্য সন্তান, তেওঁলোকৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা!”
যিহি 11 : 5 (IRVAS)
তেতিয়া যিহোৱাৰ আত্মা মোৰ ওপৰত স্থিতি হ’ল আৰু তেওঁ মোক ক’লে, “তুমি কোৱা, ‘যিহোৱাই এই কথা কৈছে: হে ইস্ৰায়েল-বংশ, তোমালোকে যিবোৰ কথা কৈ আছা, তোমালোকৰ মনত উদয় হোৱা সেই কথাবোৰৰ বিষয়ে মই জানো।
যিহি 11 : 6 (IRVAS)
তোমালোকে এই নগৰত হত হোৱা লোকসকলৰ সংখ্যা বৃদ্ধি কৰিলা আৰু ইয়াৰ বাট-পথবোৰ তেওঁলোকেৰে পৰিপূৰ্ণ কৰিলা।
যিহি 11 : 7 (IRVAS)
এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে যি সকলক বধ কৰিলা আৰু যিৰূচালেমৰ মাজত যিসকলৰ মৃতদেহবোৰ পেলাই থ’লা, তেওঁলোকক মাংস আৰু নগৰ খনক কেৰাহী যেন কৰিলা; কিন্তু তোমালোকক এই নগৰখনৰ মাজৰ পৰা বাহিৰ কৰি দিয়া হ’ব।
যিহি 11 : 8 (IRVAS)
তোমালোকে তৰোৱাললৈ ভয় কৰিছা, এই কাৰণে মই তোমালোকৰ ওপৰলৈ তৰোৱালকেই আনিম’।” এয়ে প্ৰভু যিহোৱাই কৰা ঘোষণা।
যিহি 11 : 9 (IRVAS)
“মই তোমালোকক নগৰৰ মাজৰ পৰা উলিয়াই আনিম আৰু বিদেশীসকলৰ হাতত সমৰ্পণ কৰিম, কিয়নো মই তোমালোকৰ বিৰুদ্ধে দণ্ডাজ্ঞা সিদ্ধ কৰিম।
যিহি 11 : 10 (IRVAS)
তোমালোক তৰোৱালত পতিত হ’বা। মই ইস্ৰায়েলৰ সীমাৰ ভিতৰতেই তোমালোকৰ বিচাৰ কৰিম, তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা!
যিহি 11 : 11 (IRVAS)
এই নগৰখন তোমালোকৰ কেৰাহীস্বৰূপ নহ’ব, বা তোমালোক তাৰ মাজত থকা মাংসস্বৰূপ নহ’বা। মই ইস্ৰায়েলৰ সীমাৰ ভিতৰতেই তোমালোকৰ বিচাৰ কৰিম।
যিহি 11 : 12 (IRVAS)
তেতিয়া তোমালোকে জানিবা যে, মইয়ে যিহোৱা। মোৰ আজ্ঞা তোমালোকে লঙ্ঘন কৰিছিলা। তোমালোকে মোৰ পথ অনুসৰণ কৰা নাই। বৰং তোমালোকৰ চাৰিওফালে থকা জাতিবোৰৰ শাসন প্ৰণালী অনুসাৰে তোমালোকে কাৰ্য কৰি আছা।”
যিহি 11 : 13 (IRVAS)
যিহি 11 : 14 (IRVAS)
আৰু এইদৰে মই ভাববাণী প্ৰচাৰ কৰি থকাৰ সময়ত, বনায়াৰ পুত্র পেলাটিয়াৰ মৃত্যু হ’ল। মই মূৰ দোৱাই উবুৰি পৰি চিঞৰি বৰ মাতেৰে কলোঁ, “হায় হায়, প্ৰভু যিহোৱা! আপুনি ইস্ৰায়েলৰ অৱশিষ্ট থকা সকলকো সম্পূৰ্ণৰূপে বিনষ্ট কৰিব নে?” যিহোৱাৰ বাক্য মোৰ ওচৰলৈ পুনৰায় আহি মোক ক’লে,
যিহি 11 : 15 (IRVAS)
“হে মনুষ্য সন্তান, তোমাৰ ভাইসকল! তোমাৰ পৰিয়াল, তোমাৰ বংশৰ লোকসকল আৰু ইস্ৰায়েলৰ গোটেই বংশ! তোমালোকৰ এই সকলোকে যিৰূচালেমত থকা সকলো নিবাসীসকলে কয়, ‘তেওঁলোক যিহোৱাৰ পৰা বহু আঁতৰত আছে! অধিকাৰস্বৰূপে এই দেশ আমাকহে দিয়া হৈছিল!’
যিহি 11 : 16 (IRVAS)
এই হেতুকে তুমি ক’বা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: যদিও মই তেওঁলোকক জাতি সমূহৰ মাজৰ পৰা দূৰ কৰিলোঁ আৰু যদিও মই দেশবোৰৰ মাজত তেওঁলোকক ছিন্ন-ভিন্ন কৰিলোঁ, তথাপি তেওঁলোক যি যি দেশলৈ গৈছিল, সেই ঠাইবোৰত মই অলপকাল তেওঁলোকৰ ধৰ্মধাম হৈ আছিলোঁ।’
যিহি 11 : 17 (IRVAS)
এই হেতুকে কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: মই জাতি সমূহৰ মাজৰ পৰা তোমালোকক সংগ্রহ কৰিম আৰু ছিন্ন-ভিন্ন হোৱা দেশবোৰৰ পৰা তোমালোকক গোটাই আনিম আৰু মই তোমালোকক ইস্ৰায়েলৰ দেশখন দিম।
যিহি 11 : 18 (IRVAS)
তেতিয়া তেওঁলোকে সেই ঠাইলৈ যাব আৰু তাৰ পৰা আটাই জঘন্য আৰু ঘৃণনীয় বস্তুবোৰ দূৰ কৰিব।
যিহি 11 : 19 (IRVAS)
যেতিয়া তেওঁলোক মোৰ ওচৰ চাপিব, তেওঁলোকক মই এখন নতুন অন্তৰ দিম আৰু তেওঁলোকত এক নতুন আত্মা স্থিতি কৰিম; মই তেওঁলোকৰ অন্তৰ আৰু তেওঁলোকৰ শৰীৰৰ পৰা শিলৰূপ হৃদয় গুচাই তেওঁলোকক মাংসৰূপ হৃদয় দিম,
যিহি 11 : 20 (IRVAS)
তেওঁলোকে মোৰ বিধিত চলিব আৰু মোৰ শাসন-প্ৰণালীবোৰ পালন কৰি সেই অনুসাৰে কাৰ্য কৰিব। তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।
যিহি 11 : 21 (IRVAS)
কিন্তু তেওঁলোকৰ যিসকলে গৰ্হিত আৰু ঘিণলগীয়া বস্তুবোৰৰ পাছত চ’লে, মই তেওঁলোকৰ নিজ নিজ মূৰত তেওঁলোকৰ সেই কাৰ্যৰ প্রতিফল আনিম। এয়ে প্ৰভু যিহোৱাৰ ঘোষণা।”
যিহি 11 : 22 (IRVAS)
তেতিয়া কৰূব কেইজনে তেওঁলোকৰ নিজ নিজ ডেউকাবোৰ দাঙি তুলিলে আৰু তেওঁলোকৰ সৈতে কাষে কাষে চক্ৰকেইটাও আছিল আৰু তেওঁলোকৰ ওপৰত ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আছিল।
যিহি 11 : 23 (IRVAS)
আৰু যিহোৱাৰ গৌৰৱ নগৰৰ মাজৰ পৰা ওপৰলৈ উঠি গ’ল আৰু নগৰৰ পূৱফালে থকা পৰ্ব্বতখনৰ ওপৰত ৰ’ল।
যিহি 11 : 24 (IRVAS)
আৰু সেই আত্মাই মোক তুলিলৈ দৰ্শনক্ৰমে ঈশ্বৰৰ আত্মাৰ দ্ৱাৰাই কলদীয়া দেশলৈ দেশান্তৰিত লোকসকলৰ ওচৰলৈ লৈ আহিল। তেতিয়া মই দেখা সেই দৰ্শন মোৰ পৰা ওপৰলৈ উঠি গ’ল।
যিহি 11 : 25 (IRVAS)
তেতিয়া যিহোৱাই মোক দেখুউৱা সকলোৰে বিষয় মই দেশান্তৰিত লোকসকলক কলোঁ।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25