Exodus 27 : 1 (IRVAS)
{যজ্ঞবেদী আৰু চোতালৰ বিষয়ে আদেশ। } তুমি যজ্ঞবেদীটো চিটীম কাঠেৰে সাজিবা। সেই বেদীৰ দীঘলে পাঁচ হাত, বহলে পাঁচ হাত হ’ব লাগিব। যজ্ঞবেদীৰ চাৰিও দিশ সমান হ’ব লাগিব, আৰু ওখই তিনি হাত হ’ব লাগিব।
Exodus 27 : 2 (IRVAS)
তুমি তাৰ চাৰিও চুকে ওলাই থকা অংশ, গৰুৰ শিঙৰ আকৃতিৰে তৈয়াৰ কৰিব লাগিব। শিং কেইটা যজ্ঞবেদিৰ সৈতে একেলগে তৈয়াৰ কৰিব লাগিব; আৰু তাত পিতলৰ পতা মাৰিব লাগিব।
Exodus 27 : 3 (IRVAS)
তুমি যজ্ঞবেদীৰ সকলো সামগ্রী তৈয়াৰ কৰিবা: ছাঁই পেলোৱা পাত্ৰ, হেঁতা, চৰিয়া, মাংস খোঁচ যাঠি, আৰু জুই ধৰা পাত্ৰ। সেই সকলো সঁজুলি পিতলেৰে গঢ়াবা।
Exodus 27 : 4 (IRVAS)
যজ্ঞবেদীৰ বাবে পিতলৰ এটা জালি গঢ়াবা, আৰু সেই জালিৰ চাৰিওটা চুকত পিতলৰ চাৰিটা চক্র লগাবা।
Exodus 27 : 5 (IRVAS)
তুমি সেই জালি, যজ্ঞবেদীৰ ভিতৰৰ স্তৰত লগাবা। সেই জালি বেদীৰ তলৰ আধা ভাগলৈকে পাব।
Exodus 27 : 6 (IRVAS)
বেদিৰ বাবে চিটীম কাঠৰ কান্ধমাৰি সাজিবা, আৰু তাত পিতলৰ পতা মাৰিবা।
Exodus 27 : 7 (IRVAS)
কান্ধমাৰি কেইডাল চক্রৰ ভিতৰত সুমুউৱাই ৰাখিবা; আৰু যজ্ঞবেদি কঢ়িয়াবলৈ কান্ধমাৰিবোৰ বেদীৰ দুয়ো কাষে ৰাখিব লাগিব।
Exodus 27 : 8 (IRVAS)
তুমি সেই যজ্ঞবেদী তক্তাৰে ফোঁপোলা কৰি সাজিবা। পৰ্ব্বতত তোমাক যি দৰে দেখুৱা হৈছিল, সেইদৰেই তৈয়াৰ কৰিবা।
Exodus 27 : 9 (IRVAS)
তুমি আবাসৰ বাবে চোতাল প্রস্তুত কৰিব লাগিব। চোতালৰ দক্ষিণফালে মিহি শণ সূতাৰ এশ হাত দীঘল কাপোৰ ওলমাবা।
Exodus 27 : 10 (IRVAS)
সেই কাপোৰ ওলমাবলৈ বিশটা খুঁটা; আৰু সেইবোৰৰ বাবে পিতলৰ বিশটা চুঙী; খুটাবোৰৰ হাঁকোটা আৰু মাৰি কেইডাল ৰূপৰ হ’ব লাগিব।
Exodus 27 : 11 (IRVAS)
সেইদৰে উত্তৰফালে এশ হাত দীঘল কাপোৰ বিশটা খুটাৰ সৈতে থাকিব। সেই খুটাবোৰত বিশটা পিতলৰ চুঙী, আৰু হাঁকোটা লগা থাকিব আৰু মাৰি কেইডাল ৰূপৰ হ’ব লাগিব।
Exodus 27 : 12 (IRVAS)
সেই চোতালৰ পশ্চিমফালে পঞ্চাশহাত দীঘল পৰ্দা থাকিব। তাত দহটা খুঁটা আৰু দহটা চুঙী থাকিব।
Exodus 27 : 13 (IRVAS)
পূবদিশে চোতালখন পঞ্চাশ হাত দীঘল হ’ব লাগিব।
Exodus 27 : 14 (IRVAS)
প্রবেশ দুৱাৰৰ এফালে ওলমাই থোৱা পৰ্দা পোন্ধৰ হাত দীঘল হ’ব লাগিব; আৰু সেই পৰ্দাৰ বাবে তিনিটা চুঙীৰে সৈতে তিনিটা খুঁটা লাগিব।
Exodus 27 : 15 (IRVAS)
আনদিশে পোন্ধৰ হাত দীঘল কাপোৰ ওলমাব লাগিব। তাৰ বাবে তিনিটা চুঙী আৰু তিনিটা খুঁটা হ’ব।
Exodus 27 : 16 (IRVAS)
Exodus 27 : 17 (IRVAS)
চোতালখনৰ দুৱাৰৰ বাবে নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা ও পকোৱা মিহি শণ সূতাৰে ফুল বছা বিশ হাত দীঘল এখন পৰ্দা তৈয়াৰ কৰিব লাগিব। সেই পৰ্দাৰ চাৰিটা খুঁটা, আৰু সেই খুটাবোৰৰ বাবে চাৰিটা চুঙী লাগিব। চোতালৰ সকলো খুটাবোৰত ৰূপৰ মাৰি, ৰূপৰ হাঁকোটা আৰু পিতলৰ চুঙী থাকিব লাগিব।
Exodus 27 : 18 (IRVAS)
চোতাল দীঘলে এশ হাত, পথালিয়ে পঞ্চাশ হাত, আৰু ওখই পাঁচ হাত। চোতালৰ চাৰিওফালে ওলমি থকাকৈ পকোৱা মিহি শণ সূতাৰ পৰ্দা, আৰু চুঙীবোৰ পিতলৰ হ’ব।
Exodus 27 : 19 (IRVAS)
আবাসৰ কাৰ্যত ব্যৱহাৰ হোৱা সকলো সামগ্রী, আবাস আৰু চোতালৰ কাৰণে সকলো তম্বুৰ খুটি পিতলৰ হ’ব লাগিব।
Exodus 27 : 20 (IRVAS)
সদায় প্ৰদীপ জ্বলাই পোহৰ কৰিবলৈ, খান্দি উলিওৱা জিতগছৰ গুটিৰ শুদ্ধ তেল তোমাৰ ওচৰলৈ আনিবলৈ, তুমি ইস্ৰায়েলী লোকসকলক আজ্ঞা দিবা।
Exodus 27 : 21 (IRVAS)
সাক্ষাৎ কৰা তম্বুৰ ভিতৰত সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ আগত থকা পৰ্দাৰ বাহিৰত যিহোৱাৰ আগত গধূলিৰ পৰা ৰাতিপুৱালৈকে প্রদীপ জ্বলি থাকিবৰ বাবে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে তত্বাৱধান ল’ব লাগিব। এয়ে ইস্ৰায়েলী লোকসকলে পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21