Exodus 26 : 1 (IRVAS)
{ঈশ্বৰৰ আবাসৰ বিষয়ে আদেশ। } তুমি দহখন পৰ্দাৰে আবাস যুগুত কৰিবা; সেই পৰ্দাৰ কাপোৰ কেইখন পকোৱা মিহি শণ সূতা, আৰু নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতাৰে নিপুণ শিল্পকাৰৰ দ্বাৰাই কৰূবৰ নক্সাৰে তৈয়াৰ কৰিবা।
Exodus 26 : 2 (IRVAS)
প্ৰত্যেক খন পৰ্দা আঁঠাইশ হাত দীঘল, আৰু চাৰি হাত বহল, এইদৰে সকলোবোৰ পৰ্দা একে জোখৰ হ’ব লাগিব।
Exodus 26 : 3 (IRVAS)
পাঁচখন পৰ্দা ইখনৰ লগত সিখন একেলগে জোৰা দিব লাগিব, আৰু আন পাঁচখন পৰ্দাও একেদৰে যোৰা দিব লাগিব।
Exodus 26 : 4 (IRVAS)
প্ৰথম জোৰা দিয়া পৰ্দা কেইখনৰ শেষৰ খনৰ চুকত, আৰু দ্বিতীয়তে জোৰা দিয়া পৰ্দা কেইখনৰ শেষৰ খনৰ চুকত নীলা বৰণীয়া জৰীৰ পাক লগাবা।
Exodus 26 : 5 (IRVAS)
সেই প্ৰথম খন পৰ্দাৰ কিনাৰত পঞ্চাশটা জৰীৰ পাক লগাবা, আৰু জোৰা দিয়া দ্বিতীয়খন পৰ্দাৰ শেষৰ কিনাৰতো পঞ্চাশটা জৰীৰ পাক লগাবা। এইদৰে কৰিবা যাতে, জৰীৰ পাক দুশাৰী মুখামুখি হ’ব।
Exodus 26 : 6 (IRVAS)
সোণৰ পঞ্চাশটা হাঁকোটা গঢ়াই সেই হাঁকোটাৰে কাপোৰ দুখন ইখনৰ সৈতে সিখনক বান্ধিবা; সেইদৰে কৰিলে আবাস একলগ হ’ব।
Exodus 26 : 7 (IRVAS)
সেই আবাস ঢাকিবলৈ তম্বুৰ দৰে ছাগলীৰ নোমেৰে পৰ্দা যুগুত কৰিবা। তুমি এঘাৰখন পৰ্দা যুগুত কৰিব লাগিব।
Exodus 26 : 8 (IRVAS)
প্ৰতিখন পৰ্দা দীঘলে ত্রিশ হাত আৰু বহলে চাৰি হাত হ’ব; সেই এঘাৰখন পৰ্দা একে জোখৰ হ’ব লাগিব।
Exodus 26 : 9 (IRVAS)
পাঁচখন পৰ্দা ইখনৰ লগত সিখনক জোৰা লগাবা, আৰু আন ছয়খন পৰ্দাও ইখনৰ লগত সিখনক জোৰা লগাবা। তুমি ষষ্ঠ পৰ্দাখন দুতৰপিয়া কৰি তম্বুৰ সন্মুখত থবা।
Exodus 26 : 10 (IRVAS)
প্ৰথম জোৰা দিয়া পাঁচখন পৰ্দাৰ শেষৰ খনৰ আউঠিত পঞ্চাশটা জৰীৰ পাক লগাবা, আৰু সেই দৰে জোৰা দিয়া দ্বিতীয়খন পৰ্দাৰ শেষৰ আউঠিতো পঞ্চাশটা জৰীৰ পাক লগাবা।
Exodus 26 : 11 (IRVAS)
পিতলৰ পঞ্চাশটা হাঁকোটা গঢ়াই, সেই হাঁকোটাৰে জৰীৰ পাক যোৰা দি তম্বু ল’গ লগাবা। তাৰ পাছত তম্বুৰ ঢাকনিৰ দৰে একেলগে যোৰা দিবা, সেয়ে এটাৰ দৰে হ’ব।
Exodus 26 : 12 (IRVAS)
সেই তম্বুৰ পৰ্দা কেইখনৰ পৰা ওলমি থকা আধা কাপোৰ আবাসৰ পাছফালে ওলমি থাকিব লাগিব।
Exodus 26 : 13 (IRVAS)
তম্বুৰ পৰ্দা কেইখনৰ এফালে এহাত দীঘল, আৰু আনফালে এহাত দীঘল হ’ব লাগিব। তম্বুৰ বাকী থকা পৰ্দাৰ দীঘল অংশ আবাসৰ এটা ফালে ওলমি থাকিব লাগিব, আৰু আন ফালৰ ওলমি থকা অংশ আবাস ঢাকি ৰাখিব।
Exodus 26 : 14 (IRVAS)
তুমি ৰঙা ৰং কৰা মেৰ-ছাগ পোৱালীৰ ছালেৰে তম্বুৰ বাবে এটা আবৰণ যুগুত কৰিবা। তাৰ ওপৰত আন এটা আবৰণ মিহি ছালেৰে যুগুত কৰিবা।
Exodus 26 : 15 (IRVAS)
তুমি আবাসৰ বাবে চিটীম কাঠৰ থিয়কৈ তক্তা যুগুত কৰিবা।
Exodus 26 : 16 (IRVAS)
প্রতিখন তক্তা দহ হাত দীঘল, আৰু ডেৰ হাত বহল হ’ব।
Exodus 26 : 17 (IRVAS)
প্ৰতিখন তক্তাত একে ধৰণৰ দুটা ভাগ ওলাই থকা হ’ব লাগিব; যাতে ইখন তক্তা সিখন তক্তাৰ লগত যোৰা দিব পাৰি। আবাসৰ কাৰণে এইদৰেই তক্তা তৈয়াৰ কৰিবা।
Exodus 26 : 18 (IRVAS)
তুমি আবাসৰ বাবে তক্তা যুগুত কৰোঁতে, বিশখন তক্তা দক্ষিণ দিশৰ বাবে তৈয়াৰ কৰিবা।
Exodus 26 : 19 (IRVAS)
সেই বিশখন তক্তাৰ তলত চল্লিশটা ৰূপৰ চুঙী লগাবা, এখন তক্তাৰ তলত দুটা স্তম্ভমূলৰ বাবে দুটা চুঙী, আৰু আনবোৰ তক্তাৰ তলতো দুটা দুটাকৈ স্তম্ভমূলৰ বাবে দুটাকৈ চুঙী লগাবা।
Exodus 26 : 20 (IRVAS)
তুমি আবাসৰ দ্বিতীয় ফালৰ উত্তৰদিশত বিশখন তক্তা তৈয়াৰ কৰিব লাগিব।
Exodus 26 : 21 (IRVAS)
আৰু সেইবোৰত চল্লিশটা ৰূপৰ চুঙী লগাবা; প্রথম তক্তাৰ তলত দুটা চুঙী, আৰু আনবোৰ তক্তাৰ তলতো দুটাকৈ চুঙী থাকিব।
Exodus 26 : 22 (IRVAS)
আবাসৰ পশ্চিমদিশে পাছফালৰ বাবে ছয়খন তক্তা তৈয়াৰ কৰিবা।
Exodus 26 : 23 (IRVAS)
তুমি আবাসৰ পাছফালৰ চুক দুটাৰ বাবে দুখন তক্তা যুগুত কৰিবা।
Exodus 26 : 24 (IRVAS)
প্ৰত্যেক তক্তা তলৰ ফালে খোলা হৈ থাকিব, কিন্তু ওপৰফালে একেডাল আঙঠিতে যোৰা লাগি থাকিব। এইদৰেই পিছফালৰ দুয়োটা চুকৰ বাবেও হ’ব।
Exodus 26 : 25 (IRVAS)
তাত আঠখন তক্তা ৰূপৰ চুঙীৰ সৈতে একেলগে থাকিব লাগিব। সৰ্ব্বমুঠ ষোল্লটা চুঙী হ’ব লাগিব। প্রথম তক্তাৰ তলত দুটা চুঙী, আৰু আনখন তক্তাৰ তলতো দুটা চুঙী থাকিব। এইদৰে বাকিবোৰ তক্তাতো থাকিব লাগিব।
Exodus 26 : 26 (IRVAS)
তুমি আবাসৰ এটা ফালৰ তক্তাৰ বাবে চিটীম কাঠৰ ছয়ডাল পথালি ডাং বনাবা।
Exodus 26 : 27 (IRVAS)
আবাসৰ আনফালৰ তক্তাৰ বাবে পাঁচডাল, আৰু আবাসৰ পশ্চিমদিশে থকা পাছফালৰ তক্তাৰ বাবেও পাঁচডাল; চিটীম কাঠৰ পথলি ডাং বনাবা।
Exodus 26 : 28 (IRVAS)
তক্তাৰ মাজত থকা ডাং ডাল তক্তাবোৰৰ মাজেদি এমুৰৰ পৰা আন মুৰলৈকে যাব।
Exodus 26 : 29 (IRVAS)
সেই তক্তাবোৰত সোণৰ পতা মাৰিবা, আৰু ডাংবোৰ সুমুউৱাবলৈ, সোণৰ চক্র গঢ়াবা; আৰু ডাংবোৰতো সোণৰ পতা মাৰিবা।
Exodus 26 : 30 (IRVAS)
তোমাক পৰ্ব্বতত আবাসৰ যি আচনি দেখুউৱা হৈছিল, তুমি সেইদৰেই তাক তৈয়াৰ কৰিবা।
Exodus 26 : 31 (IRVAS)
তুমি নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে এখন পৰ্দা যুগুত কৰিবা। সেই পৰ্দা নিপুণ শিল্পকাৰে কৰূবৰ নক্সাৰে তৈয়াৰ কৰিব লাগিব।
Exodus 26 : 32 (IRVAS)
তুমি সেই পৰ্দাবোৰ, সোণৰ পতা মৰা চিটীম কাঠৰ চাৰিটা খুটাৰ ওপৰত ওলমাই দিবা। সেই খুটাবোৰৰ হাঁকোটা সোণৰ হ’ব লাগিব, আৰু সেই খুঁটা ৰূপৰ চাৰিটা চুঙীৰ ওপৰত থাকিব।
Exodus 26 : 33 (IRVAS)
তুমি পৰ্দাবোৰ হাঁকোটাবোৰত ওলমাবা; আৰু তাৰ ভিতৰলৈ নিয়ম চন্দুকৰ সাক্ষ্য ফলি আনিবা। সেই পৰ্দাই পবিত্ৰ-স্থান আৰু অতি পবিত্ৰ-স্থানৰ মাজত প্ৰভেদ ৰাখিব।
Exodus 26 : 34 (IRVAS)
তুমি অতি পবিত্ৰ-স্থানত সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ ওপৰত পাপাবৰণ থ’বা।
Exodus 26 : 35 (IRVAS)
মেজখন পৰ্দাৰ বাহিৰত ৰাখিবা, মেজৰ বিপৰীতে আবাসৰ দক্ষিণ ফালে দীপাধাৰ ৰাখিবা, আৰু মেজখন উত্তৰফালে থ’ব লাগিব।
Exodus 26 : 36 (IRVAS)
তম্বুৰ প্রবেশ দুৱাৰৰ বাবে নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে ফুল বছা এখন পৰ্দা যুগুত কৰিবা।
Exodus 26 : 37 (IRVAS)
সেই পৰ্দা ওলমাবলৈ চিটীম কাঠৰ পাঁচটা খুঁটা যুগুত কৰিবা, আৰু সেইবোৰত সোণৰ পতা মাৰিবা। সেইবোৰৰ হাঁকোটা সোণৰ হ’ব; আৰু সেইবোৰৰ বাবে পিতলৰ পাঁচটা চুঙী সাঁচত ঢালিবা।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37