যাত্ৰা 25 : 1 (IRVAS)
{উপহাৰ, নিয়ম-চন্দুক, মেজ, আৰু দীপাধাৰৰ বিষয়ে আদেশ। } যিহোৱাই মোচিক ক’লে,
যাত্ৰা 25 : 2 (IRVAS)
“মনৰ ইচ্ছাৰে প্রভাৱিত হোৱা প্রতিজন ইস্ৰায়েলী লোকৰ পৰা মোৰ অৰ্থে দান গ্রহণ কৰিবলৈ ক’বা। তুমি নিশ্চয়কৈ মোৰ অৰ্থে এই দান গ্রহণ কৰিবা।
যাত্ৰা 25 : 3 (IRVAS)
তুমি তেওঁলোকৰ পৰা গ্ৰহণ কৰিব লগা দান এইবোৰ: সোণ, ৰূপ, পিতল,
যাত্ৰা 25 : 4 (IRVAS)
আৰু নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা, মিহি শণ সূতা, ছাগলীৰ নোম,
যাত্ৰা 25 : 5 (IRVAS)
ৰঙা ৰং কৰা মেৰ-ছাগ পোৱালীৰ ছাল, গৰুৰ মিহি ছাল, চিটীম কাঠ,
যাত্ৰা 25 : 6 (IRVAS)
পবিত্র প্ৰদীপৰ বাবে তেল, অভিষেক তেলৰ বাবে মচলা, আৰু সুগন্ধি ধূপ,
যাত্ৰা 25 : 7 (IRVAS)
এফোদ আৰু বুকুপতাত লগাবৰ বাবে গোমেদক আৰু আন বহুমূল্য বাখৰ।
যাত্ৰা 25 : 8 (IRVAS)
মই তেওঁলোকৰ মাজত বাস কৰিবৰ অৰ্থে, তেওঁলোকক মোৰ বাবে এটা ধৰ্মধাম নিৰ্মাণ কৰিবলৈ কোৱা।
যাত্ৰা 25 : 9 (IRVAS)
সেই আবাস আৰু তাৰ সকলো বস্তুৰ যি নমুনা মই তোমাক দেখুৱাম, তোমালোকে সেই নমুনাৰ দৰেই সকলো কৰিবা।
যাত্ৰা 25 : 10 (IRVAS)
তেওঁলোকে চিটীম কাঠেৰে আঢ়ৈ হাত দীঘল, ডেৰ হাত বহল আৰু ডেৰ হাত ওখকৈ এটা নিয়ম-চন্দুক সাজিব।
যাত্ৰা 25 : 11 (IRVAS)
তুমি সেই নিয়ম চন্দুকৰ ভিতৰে বাহিৰে শুদ্ধ সোণৰ পতা মাৰিবা; আৰু তাৰ ওপৰৰ চাৰিওফালৰ সীমা সোণেৰে তৈয়াৰ কৰিবা।
যাত্ৰা 25 : 12 (IRVAS)
ইয়াৰ বাবে সোণৰ চাৰিটা আঙঠি সাঁচত বনাবা, আৰু নিয়ম চন্দুকৰ এফালে দুটা, আৰু আন ফালে দুটা, এইদৰে চাৰিওটা খুৰাত লগাবা।
যাত্ৰা 25 : 13 (IRVAS)
তুমি চিটীম কাঠৰ দুডাল কানমাৰি সাজি, তাতো সোণৰ পতা মাৰিবা।
যাত্ৰা 25 : 14 (IRVAS)
নিয়ম চন্দুক বৈ নিবৰ বাবে, সেই কানমাৰি নিয়ম-চন্দুকৰ দুয়ো ফালে থকা আঙঠিত সুমুৱাবা।
যাত্ৰা 25 : 15 (IRVAS)
সেই কানমাৰি নিয়ম-চন্দুকৰ আঙঠিৰ ভিতৰতে থাকিব লাগে, তাৰ পৰা উলিয়াব নালাগে।
যাত্ৰা 25 : 16 (IRVAS)
মই তোমাক যি সাক্ষ্য ফলি দিম, সেই সাক্ষ্য ফলি নিয়ম-চন্দুকৰ ভিতৰত ৰাখিবা।
যাত্ৰা 25 : 17 (IRVAS)
তাৰ পাছত তুমি শুদ্ধ সোণৰ আঢ়ৈ হাত দীঘল, ডেৰ হাত বহল এখন পাপাবৰণ সাজিবা।
যাত্ৰা 25 : 18 (IRVAS)
তুমি সোণ পিটি দুটা কৰূব সাজিবা; পাপাবৰণৰ দুই মুৰত সেই কৰূব দুটা লগাবা।
যাত্ৰা 25 : 19 (IRVAS)
এক মুৰত এটা কৰূব আৰু আন মুৰত আনটো কৰূব লগাবা; পাপাবৰণৰ দুই মুৰত তাৰে সৈতে একে ডোখৰ সোণতে সেই দুটা কৰূব সাজিবা।
যাত্ৰা 25 : 20 (IRVAS)
কৰূব দুটাই ওপৰলৈ ডেউকা মেলি নিজৰ ডেউকাৰে পাপাবৰণক ঢাকিব; সেই কেইটা মুখামুখি হৈ থাকিব; আৰু কৰূব দুটাৰ দৃষ্টি পাপাবৰণৰ মাজত থাকিব।
যাত্ৰা 25 : 21 (IRVAS)
তুমি সেই পাপাবৰণ, সেই নিয়ম চন্দুকৰ ওপৰত ৰাখিবা; আৰু মই তোমাক যি সাক্ষ্য-ফলি দিম, সেই ফলি নিয়ম চন্দুকৰ ভিতৰত থ’বা।
যাত্ৰা 25 : 23 (IRVAS)
মই সেই নিয়ম চন্দুকতে তোমাৰে সৈতে সাক্ষাৎ কৰিম। পাপাবৰণৰ ওপৰৰ পৰা, সাক্ষ্য ফলিৰ নিয়ম চন্দুকৰ ওপৰত থকা কৰূব দুটাৰ মাজৰ পৰা, ইস্ৰায়েলৰ লোকসকলৰ বাবে যিবোৰ আজ্ঞা দিম, সেই বিষয়ে তোমাৰে সৈতে কথা পাতিম। তুমি দুহাত দীঘল, এহাত বহল, আৰু ডেৰ হাত ওখকৈ চিটীম কাঠৰ এখন মেজ সাজিবা,
যাত্ৰা 25 : 24 (IRVAS)
সেই মেজত শুদ্ধ সোণৰ পতা মাৰিবা, আৰু তাৰ চাৰিওফালে সোণৰ সীমা দিবা।
যাত্ৰা 25 : 25 (IRVAS)
সেই মেজৰ চাৰিওফালে চাৰি আঙুলি জোখৰ এচটা কাঠ দি ফ্রেম বনাবা, আৰু সেই ফ্রেমৰ চাৰিও ফালে সোণৰ সীমা বনাবা।
যাত্ৰা 25 : 26 (IRVAS)
সোণৰ চাৰিটা আঙঠি সাজি, সেই আঙঠি চাৰিটা খুৰা থকা মেজৰ চাৰি চুকত লগাবা।
যাত্ৰা 25 : 27 (IRVAS)
মেজ বৈ নিবলৈ কানমাৰি সুমুউৱাবলৈ ফ্রেমত আঙঠি লগাবা।
যাত্ৰা 25 : 28 (IRVAS)
তুমি মেজ বৈ নিবৰ বাবে, চিটীম কাঠৰ দুডাল কানমাৰি সাজি, তাতো সোণৰ পতা মাৰিবা।
যাত্ৰা 25 : 29 (IRVAS)
পেয় নৈবেদ্যৰ বাবে ব্যৱহাৰ কৰিবলৈ কাঁহি, চামুচ, জাৰ আৰু বাটি গঢ়াবা। এই সকলোকে শুদ্ধ সোণেৰে গঢ়াবা।
যাত্ৰা 25 : 30 (IRVAS)
তুমি সেই মেজৰ ওপৰত মোৰ আগত সদায় দৰ্শন-পিঠা ৰাখিবা।
যাত্ৰা 25 : 31 (IRVAS)
তুমি শুদ্ধ পিটা সোণৰ এটা দীপাধাৰ সাজিবা। দীপাধাৰৰ সৈতে তাৰ বাটিবোৰ, তাৰ তলৰ পাতবোৰ, আৰু ফুলবোৰ একেডোখৰ সোণেৰেই বনোৱা হ’ব লাগে।
যাত্ৰা 25 : 32 (IRVAS)
দীপাধাৰৰ কাষৰ পৰা ছয়ডাল শাখা ওলোৱা হ’ব লাগিব। তাৰে তিনি ডাল শাখা এফালৰ পৰা, আৰু আন তিনি ডাল শাখা আন ফালৰ পৰা ওলোৱা হ’ব লাগিব।
যাত্ৰা 25 : 33 (IRVAS)
তাৰ এটা শাখাত বাদাম ফুলৰ আকৃতিৰে তিনিটা বাটি, এটা কলি, আৰু এটা ফুল থাকিব লাগিব। আন শাখাতো বাদাম ফুলৰ আকৃতিৰে তিনিটা বাটি, এটা কলি, আৰু এটা ফুল থাকিব। দীপাধাৰৰ পৰা ওলোৱা ছয়টা ডালতে সেই একে দৰেই হ’ব।
যাত্ৰা 25 : 34 (IRVAS)
দীপাধাৰৰ মাজভাগতো বাদাম ফুলৰ আকৃতিৰে চাৰিটা বাটি, কলি, আৰু ফুল থাকিব।
যাত্ৰা 25 : 35 (IRVAS)
সেই দীপাধাৰৰ প্রথম যোৰ শাখাত একে ডোখৰ সোণেৰে এটা কলি, আৰু আন দ্বিতীয় যোৰ শাখাতো একে ডোখৰ সোণেৰে এটা কলি থাকিব।
যাত্ৰা 25 : 36 (IRVAS)
সেইবোৰৰ কলি আৰু সেইবোৰৰ শাখাবোৰ একে ডোখৰ সোণেৰে হ’ব; আৰু সেই সকলোৱেই শুদ্ধ সোণ পিটি বনোৱা হ’ব।
যাত্ৰা 25 : 37 (IRVAS)
তুমি দীপাধাৰ আৰু ইয়াৰ সাতটা প্ৰদীপ সাজিবা। প্রদীপৰ পৰা পোহৰ ওলাবলৈ প্ৰদীপবোৰ দীপাধাৰত লগাবা।
যাত্ৰা 25 : 38 (IRVAS)
এঙাৰ ধৰা চেপেনা আৰু ট্রে শুদ্ধ সোণৰ হ’ব লাগিব।
যাত্ৰা 25 : 39 (IRVAS)
দীপাধাৰ আৰু দীপাধাৰৰ বাবে ব্যৱহাৰ কৰা সকলো বস্তু সাজিবলৈ এক কিক্কৰ শুদ্ধ সোণ ব্যৱহাৰ কৰিবা।
যাত্ৰা 25 : 40 (IRVAS)
মই তোমাক পৰ্ব্বতত দেখুউৱা নমুনাৰ দৰেই সেই সকলো নিশ্চয় সাজিবা।”
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40