Ecclesiastes 11 : 1 (IRVAS)
শ্রমৰ মূল্য তুমি তোমাৰ আহাৰ পানীৰ ওপৰত পেলাই দিয়া[* আহাৰ বিতৰণ কৰা বা সলনি কৰা প্ৰসংগত কোৱা হৈছে। - পানীত যদি পেলাই দিয়া মানে হ’ল, জাহাজত বস্তু পঠাই দি বেলেগ দেশত ব্যৱসায় কৰা। ]; কিয়নো অনেক দিনৰ পাছত তাক পুনৰ ঘূৰাই পাবা।
Ecclesiastes 11 : 2 (IRVAS)
তোমাৰ কার্য সাধনৰ উপায়বোৰ, সাত বা আঠজনৰ সৈতে ভাগ বাঁটি লোৱা; কিয়নো পৃথিবীত কি দুর্যোগ ঘটিব, তাক তুমি নাজানা।
Ecclesiastes 11 : 3 (IRVAS)
যেতিয়া মেঘবোৰ বৃষ্টিৰে পূৰ্ণ হৈ থাকে, তেতিয়া তাৰ পৰা পৃথিবীত বৰষুণ পৰে; গছ উত্তৰ বা দক্ষিণ যি দিশতেই পৰক, কিন্তু যি ঠাইত পৰে, সেই ঠাইতেই পৰি থাকে।
Ecclesiastes 11 : 4 (IRVAS)
যি কোনোৱে বতাহক নিৰীক্ষণ কৰে, তেওঁ বীজ ৰোপন কৰিব নোৱাৰে, যি কোনোৱে বৰষুণক নিৰীক্ষণ কৰে, তেওঁ শস্য দাব নোৱাৰে।
Ecclesiastes 11 : 5 (IRVAS)
বতাহ[† আত্মা কোন দিশৰ পৰা আহিব নাজানা। ] কোন দিশৰ পৰা বলিব, তুমি নাজানা; তুমি নাজানা মাতৃগর্ভত এটি শিশুৰ হাড়বোৰ কেনেকৈ বৃদ্ধি হয়; সেইদৰে যিজন সকলো বস্তুৰে সৃষ্টিকর্তা, সেই ঈশ্বৰৰ কার্যও তুমি বুজিব নোৱাৰা।
Ecclesiastes 11 : 6 (IRVAS)
ৰাতিপুৱা তুমি তোমাৰ বীজ ৰোপন কৰিবা, আৰু গধূলি পৰত তোমাৰ হাতক কর্মহীন নকৰিবা; কিয়নো পুৱা বা গধূলি কৰা কোনটো কার্যত তুমি সফল হ’বা, তুমি নাজানা; এই কার্যত নে সেই কার্যত, অথবা দুয়োটাই একে সমানেই ভাল হ’ব, তাক নাজানা।
Ecclesiastes 11 : 7 (IRVAS)
যৌৱন আৰু বৃদ্ধ কাল স্বৰূপেই পোহৰ সুন্দৰ আৰু চকুৰ বাবে সূৰ্যক দেখা পোৱা এক সন্তোষজনক বিষয়
Ecclesiastes 11 : 8 (IRVAS)
কোনো মানুহ যদি অনেক বছৰ জীয়াই থাকে, তেন্তে তেওঁ যেন নিজৰ সেই দিনবোৰত আনন্দ উপভোগ কৰে; কিন্তু অন্ধকাৰৰ আগন্তুক দিনবোৰৰ কথাও যেন তেওঁ মনত ৰাখে; কিয়নো সেই দিনবোৰ হ’ব অনেক। যি যি ঘটিব সেই সকলোৱেই অস্থায়ী, অসাৰ।
Ecclesiastes 11 : 9 (IRVAS)
হে যুবক, তুমি তোমাৰ যৌৱনকালত আনন্দ কৰা; যুবা বয়সৰ দিনবোৰত তোমাৰ হৃদয়ে তোমাক আনন্দিত কৰক; তুমি তোমাৰ হৃদয়ৰ সৎ ইচ্ছাবোৰৰ পথত চলিবা আৰু নিজ চকুৰ দৃষ্টিত যি ভাল তাকে কৰিবা। কিন্তু জানিবা যে, ঈশ্বৰে এই সকলো বিষয়ৰ কাৰণে তোমাক বিচাৰৰ ঠাইলৈ আনিব।
Ecclesiastes 11 : 10 (IRVAS)
এই হেতুকে তোমাৰ হৃদয়ৰ পৰা ক্রোধ দূৰ কৰা; তোমাৰ শৰীৰৰ কষ্টলৈ মনোযোগ নিদিবা; কিয়নো যৌৱন আৰু যুবা কালৰ শক্তি ভাপ-স্বৰূপ।

1 2 3 4 5 6 7 8 9 10