Deuteronomy 33 : 1 (IRVAS)
ইস্রায়েলীয়াসকললৈ মোচিৰ অন্তিম আশীৰ্ব্বাদ তাৰ পাছত ঈশ্বৰৰ লোক মোচিয়ে তেওঁৰ মৃত্যুৰ আগেয়ে ইস্ৰায়েলীয়া সন্তান সকলক আশীৰ্ব্বাদ কৰিলে।
Deuteronomy 33 : 2 (IRVAS)
তেওঁ ক’লে, যিহোৱা চীনয় পৰ্ব্বতৰ পৰা আহিল, তেওঁ চেয়ীৰৰ পৰা তেওঁলোকৰ ওপৰত উদয় হ’ল; তেওঁৰ জ্যোতি পাৰণ পৰ্ব্বতৰ পৰা জিলিকি উঠিল তেওঁ অযুত অযুত পবিত্ৰসকলৰ মাজৰ পৰা আহিল। তেওঁৰ সোঁ হাতত আছিল তেওঁলোকৰ কাৰণে বিজুলীৰ চমক ভৰা ব্যৱস্থা।
Deuteronomy 33 : 3 (IRVAS)
সঁচাই তেওঁ নিজৰ লোকসকলক প্ৰেম কৰে; তেওঁৰ সকলো পবিত্ৰ লোক তেওঁৰ হাতত আছিল; তেওঁলোক সকলো তেওঁৰ ভৰিত নত হ’ল; প্ৰতিজনে তেওঁৰ বাক্য গ্ৰহণ কৰিলে।
Deuteronomy 33 : 4 (IRVAS)
মই, মোচিয়ে আপোনালোকক এক ব্যৱস্থাৰ আজ্ঞা দিলোঁ, এই ব্যৱস্থা যাকোবৰ বংশধৰসকলৰ বাবে এক উত্তৰাধিকাৰ।
Deuteronomy 33 : 5 (IRVAS)
যেতিয়া ইস্রায়েলৰ মুখ্য লোকসকল গোট খালে, আৰু ইস্ৰায়েলৰ সকলো ফৈদ একত্রিত হ’ল, তেতিয়া যিহোৱাই আছিল যিচুৰূণৰ* যিচুৰণৰ অর্থাৎ ইস্রায়েলৰ ৰজা।
Deuteronomy 33 : 6 (IRVAS)
বাৰ ফৈদৰ প্রতি আশীর্বাদ ৰূবেণ জীয়াই থাকক, নমৰক; কিন্তু তেওঁৰ গোষ্ঠীৰ লোক লেখত অলপ হওক।
Deuteronomy 33 : 7 (IRVAS)
যিহূদাক দিয়া আশীৰ্ব্বাদ এই: মোচিয়ে ক’লে, “হে যিহোৱা, তুমি যিহূদাৰ মাত শুনা, তেওঁৰ লোকসকলৰ মাজলৈ তেওঁক পুনৰ ঘূৰাই আনা, তোমাৰ হাতেৰে তেওঁৰ বাবে যুদ্ধ কৰা; তেওঁৰ শত্ৰুবোৰৰ বিৰুদ্ধে এক সহায় হোৱা।”
Deuteronomy 33 : 8 (IRVAS)
লেবীৰ বিষয়ে মোচিয়ে ক’লে, “লেবী, তোমাৰ ভক্তৰ লগত তোমাৰ তুম্মীম আৰু উৰীম যাত্রা 28:30 আছে; মচ্ছাত তুমি যাৰ পৰীক্ষা কৰিছিলা, মিৰীবাৰ পানীৰ ওচৰত যাৰ সৈতে বিবাদ কৰিছিলা,
Deuteronomy 33 : 9 (IRVAS)
যিজনে নিজ পিতৃ আৰু মাতৃৰ বিষয়ে ক’লে, ‘মই তেওঁলোকক দেখা নাই।’ নিজৰ ভাই-ককাইক স্বীকাৰ নকৰিলে, এনেকি নিজৰ সন্তানবোৰকে নিচিনিলে; তেওঁ তোমাৰ বাক্যক পহৰা দিছে আৰু তোমাৰ ব্যৱস্থা ৰক্ষা কৰিছে।
Deuteronomy 33 : 10 (IRVAS)
লেবীসকলে তোমাৰ আজ্ঞাবোৰ যাকোবক শিকায়, ব্যৱস্থাবোৰ ইস্ৰায়েলক শিকায়; তোমাৰ আগত ধূপ জ্বলায়, যজ্ঞ-বেদিৰ ওপৰত হোমবলি উৎসৰ্গ কৰে।
Deuteronomy 33 : 11 (IRVAS)
হে যিহোৱা, তুমি তেওঁৰ তাৰ সম্পত্তিত আশীৰ্ব্বাদ কৰা, তেওঁৰ সকলো হাতৰ কাৰ্য গ্ৰহণ কৰা; তেওঁৰ বিৰুদ্ধে উঠা শত্রুবোৰৰ কঁকাল ভাঙি দিয়া;। তেওঁক ঘিণাওঁতাসকলৰ কঁকাল ভাঙি দিয়া, যাতে পুনৰ উঠিব নোৱাৰে।”
Deuteronomy 33 : 12 (IRVAS)
বিন্যামীনৰ বিষয়ে মোচিয়ে ক’লে, “যিহোৱাই যাক প্রেম কৰে, বিন্যামীন তেওঁৰ ওচৰত নিৰ্ভয়ে থাকে; যিহোৱাই ওৰে দিনটো তেওঁক আৱৰি ৰাখে, আৰু তেওঁ যিহোৱাৰ দুই বাহুৰ মাজত বাস কৰে।”
Deuteronomy 33 : 13 (IRVAS)
যোচেফৰ বিষয়ে মোচিয়ে ক’লে, “আকাশৰ উত্তম দান আৰু নিয়ৰেৰে সৈতে, তলত ব্যাপি থকা সাগৰেৰে, যিহোৱাই যোচেফৰ দেশক আশীৰ্ব্বাদ কৰক।
Deuteronomy 33 : 14 (IRVAS)
সূৰ্যৰ তাপৰ উৎকৃষ্ট ফলেৰে, মাহবোৰৰ উত্তম শস্যৰে,
Deuteronomy 33 : 15 (IRVAS)
পুৰণি পৰ্ব্বতবোৰৰ অতি উত্তম সম্পদেৰে, চিৰকালৰ পাহাৰবোৰৰ বহুমূলীয়া বস্তুৰে,
Deuteronomy 33 : 16 (IRVAS)
পৃথিবীৰ উত্তম উত্তম দ্ৰব্যৰ প্রচুৰতাৰে, আৰু জ্বলন্ত জোপোহাৰ মাজত যি জনা আছিল, তেওঁৰ আনুগ্রহেৰে সৈতে - যোচেফৰ মূৰত, যিজন ভাই-ককাইসকলৰ মাজত ৰাজপুত্র আছিল, তেওঁৰ কপালত এই সকলো আশীর্বাদ পৰক।
Deuteronomy 33 : 17 (IRVAS)
যোচেফৰ মহিমা প্ৰথমে ওপজা এটা ষাঁড়, তেওঁৰ শিং দুটা বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে; তাৰ দ্বাৰাই তেওঁ সকলো জাতিকে বিদ্ধ কৰিব, এনেকি পৃথিবীৰ অন্তলৈকে জাতিবোৰক ঠেলি নিব; এইদৰেই ইফ্ৰয়িমৰ অযুত অযুত আৰু মনচিৰ হাজাৰ হাজাৰ লোক হ’ব।
Deuteronomy 33 : 18 (IRVAS)
জবূলূনৰ বিষয়ে মোচিয়ে ক’লে, হে জবুলুন, তুমি বাহিৰলৈ যোৱা কালত আনন্দিত হোৱা, আৰু হে ইচাখৰ, তুমি নিজ তম্বুত আনন্দ কৰা।
Deuteronomy 33 : 19 (IRVAS)
লোকসকলক তেওঁলোকে পৰ্ব্বতলৈ মাতি পঠাব; সেই ঠাইত তেওঁলোকে যোগ্য মনোভাৱেৰে বলি উৎসৰ্গ কৰিব; তেওঁলোকে সমুদ্ৰৰ প্রচুৰ সমৃদ্ধি আৰু বালিৰ পৰা গুপুত ধন চুহিব।”
Deuteronomy 33 : 20 (IRVAS)
গাদৰ বিষয়ে মোচিয়ে ক’লে, “যিজনাই গাদৰ ৰাজ্যৰ সীমা বঢ়াব, সেই জনা ধন্য; গাদে সিংহৰ দৰে বাস কৰে, তেওঁ বাহু, এনেকি মূৰৰ তালুকো বিদাৰে।
Deuteronomy 33 : 21 (IRVAS)
তেওঁ নিজৰ কাৰণে উৎকৃষ্ট ভাগ মনোনীত কৰিলে, কিয়নো সেই ঠাইত নেতাৰ যোগ্য লোকৰ কাৰণে ভাগ ৰাখি থোৱা আছে; তেওঁ লোক সকলৰ মুখ্যৰ লগত আহিল। তেওঁ যিহোৱাৰ ন্যায় কাৰ্য সিদ্ধ কৰিলে, আৰু ইস্ৰায়েলৰ সৈতে যিহোৱাৰ নিয়ম পালন কৰিলে।
Deuteronomy 33 : 22 (IRVAS)
দানৰ বিষয়ে মোচিয়ে ক’লে, “দান বাচানৰ পৰা জাপ মাৰি অহা যুৱা সিংহ।”
Deuteronomy 33 : 23 (IRVAS)
নপ্তালীৰ বিষয়ে মোচিয়ে কলে, “হে নপ্তালী, তুমি যিহোৱাৰ অনুগ্ৰহেৰে তৃপ্ত, আৰু যিহোৱাৰ আশীৰ্ব্বাদেৰে পৰিপূৰ্ণ; পশ্চিম আৰু দক্ষিণ অঞ্চল অধিকাৰ কৰা।”
Deuteronomy 33 : 24 (IRVAS)
আচেৰৰ বিষয়ে মোচিয়ে কলে, “আন সন্তান সকলতকৈ আচেৰে অধিক আশীৰ্ব্বাদ পাওক; তেওঁ যেন নিজৰ ভাই-ককাইসকলৰ প্রিয় হয়, তেওঁৰ ভৰি দুখন যেন জলফাইৰ তেলত ডুবি থাকে।
Deuteronomy 33 : 25 (IRVAS)
তোমাৰ নগৰৰ ডাংবোৰ লোহা বা পিতলৰ হ’ব; যিমানদিন তোমাৰ আয়ুস থাকিব, সিমানদিন তোমাৰ শক্তি থাকিব।”
Deuteronomy 33 : 26 (IRVAS)
মোচিয়ে ক’লে, “হে যিচুৰূণ, ঈশ্বৰৰ তুল্য কোনো নাই; তোমালোকৰ সহায়ৰ কাৰণে তেওঁ নিজ গৌৰৱেৰে মেঘৰথত উঠি আকাশ পথত অহা যোৱা কৰে।
Deuteronomy 33 : 27 (IRVAS)
যিজন অনাদিকালৰ ঈশ্বৰ তেৱেঁই নিজৰ লোকসকলৰ আশ্রয়, অধোদেশত তেওঁ চিৰস্থায়ী বাহুৰে ধৰি ৰাখে; তেওঁ তোমালোকৰ সন্মুখৰ পৰা শত্ৰুবোৰক দূৰ কৰিব, তেওঁ ক’ব, ‘এওঁলোকক ধ্বংস কৰা!’
Deuteronomy 33 : 28 (IRVAS)
ইস্ৰায়েল জাতিয়ে নিৰ্ভয়েৰে বাস কৰিব; যাকোবৰ ভুমুক শস্য আৰু নতুন দ্রাক্ষাৰসৰ দেশত নিৰাপদ হ’ব; তেওঁৰ ওপৰত আকাশৰ নিয়ৰ টোপা টোপে পৰক।
Deuteronomy 33 : 29 (IRVAS)
হে ইস্ৰায়েল, তুমি ধন্য; যিহোৱাৰ দ্বাৰাই নিস্তাৰ পোৱা জাতি যি তোমালোক, তোমালোকৰ সদৃশ কোন আছে? তেওঁ তোমালোকৰ সাহার্যকাৰী ঢাল, তোমালোকৰ গৌৰৱৰ তৰোৱাল; শত্ৰুবোৰ তোমালোকৰ ওচৰলৈ কম্পমান হৈ আহিব; তোমালোকে ওখ ঠাইবোৰত ভৰি দিবা।”

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29