Deuteronomy 27 : 1 (IRVAS)
এবল পাহাৰৰ যজ্ঞবেদী মোচিয়ে ইস্ৰায়েলৰ বৃদ্ধ নেতাসকলক লগত লৈ লোকসকলক এই আজ্ঞা দিলে, “যি সকলো আজ্ঞা মই আজি আপোনালোকক দিছো, তাক আপোনালোকে পালন কৰিব।
Deuteronomy 27 : 2 (IRVAS)
আপোনালোকে যি দিনা যৰ্দ্দন নদী পাৰ হৈ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক দিয়া দেশলৈ যাব, তেতিয়া কেইটামান ডাঙৰ ডাঙৰ শিল স্থাপন কৰি ল’ব আৰু চূণেৰে সেইবোৰ লিপি দিব।
Deuteronomy 27 : 3 (IRVAS)
সেইবোৰৰ ওপৰত এই বিধিৰ সকলো কথা লিখিব। আপোনালোকৰ পূৰ্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ ওচৰত কৰা তেওঁৰ প্ৰতিজ্ঞাৰ দৰেই গাখীৰ আৰু মৌ বোৱা যি দেশ আপোনালোকক দিব, আপোনালোক তাত যোৱাৰ পাছত,
Deuteronomy 27 : 4 (IRVAS)
অর্থাৎ যৰ্দ্দন নদী পাৰ হৈ যোৱাৰ পাছত মই আজি আপোনালোকক যি আজ্ঞা কৰিছোঁ, আপোনালোকে সেই সকলো শিল এবাল পাহাৰৰ ওপৰত স্থাপন কৰি তাক চূণেৰে লিপি দিব।
Deuteronomy 27 : 5 (IRVAS)
আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে আপোনালোকে সেই ঠাইত এটা শিলৰ যজ্ঞবেদী নির্ম্মাণ কৰিব। সেই শিলবোৰৰ ওপৰত আপোনালোকে কোনো লোহাৰ সজুলি ব্যৱহাৰ নকৰিব।
Deuteronomy 27 : 6 (IRVAS)
আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ এই যজ্ঞবেদীটো আপোনালোকে নকটা-শিলেৰে নিৰ্ম্মাণ কৰি তাৰ ওপৰত ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিব।
Deuteronomy 27 : 7 (IRVAS)
আপোনালোকে মঙ্গলাৰ্থক বলি উৎসর্গ কৰি তাত ভোজন কৰিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আনন্দ কৰিব।
Deuteronomy 27 : 8 (IRVAS)
সেই শিলবোৰৰ ওপৰত এই নিয়মৰ সকলো কথা অতি স্পষ্টকৈ লিখিব।”
Deuteronomy 27 : 9 (IRVAS)
এবল পাহাৰৰ পৰা অভিশাপ উচ্চাৰণ পাছত মোচি আৰু লেবীয়া পুৰোহিতসকলে সকলো ইস্ৰায়েলীয়াক ক’লে, “হে ইস্ৰায়েলীয়াসকল, আপোনালোকে মনে মনে থাকি শুনক; আজি আপোনালোক নিজ ঈশ্বৰ যিহোৱাৰ প্ৰজা হ’ল।
Deuteronomy 27 : 10 (IRVAS)
আপোনালোকে সেয়ে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ বাধ্য হৈ চলিব। আজি মই আপোনালোকক আদেশ কৰা তেওঁৰ আজ্ঞা আৰু বিধিবোৰ আপোনালোকে পালন কৰি চলিব।”
Deuteronomy 27 : 11 (IRVAS)
সেইদিনা মোচিয়ে লোকসকলক এই আজ্ঞা কৰিলে,
Deuteronomy 27 : 12 (IRVAS)
“আপোনালোকে যৰ্দ্দন নদী পাৰ হোৱাৰ পাছত লোকসকলক আশীৰ্ব্বাদ কৰিবলৈ চিমিয়োন, লেবী, যিহূদা, ইচাখৰ, যোচেফ, আৰু বিন্যামীন এই ফৈদৰ লোকসকল গৰিজ্জীম পৰ্ব্বতত উঠি থিয় হ’ব;
Deuteronomy 27 : 13 (IRVAS)
ৰূবেণ, গাদ, আচেৰ, জবূলূন, দান আৰু নপ্তালী, ফৈদৰ লোকসকলে শাও দিবলৈ এবাল পৰ্ব্বতত থিয় হ’ব।”
Deuteronomy 27 : 14 (IRVAS)
লেবীয়াসকলে তেতিয়া ইস্ৰায়েলীয়া সকলো লোকক বৰ মাতেৰে ক’ব:
Deuteronomy 27 : 15 (IRVAS)
Deuteronomy 27 : 16 (IRVAS)
‘যি লোকে সাঁচত ঢালি নাইবা খোদাই কৰি কোনো মূর্তি নির্মাণ কৰে আৰু গুপুতে তাক স্থাপন কৰে, সেই লোক অভিশপ্ত হওঁক। এই কার্য কাৰিকৰৰ হাতৰ শিল্পকলা মাত্র। এইবোৰ মূর্তি যিহোৱাৰ ঘিণলগীয়া।’ তেতিয়া সকলোৱে ক’ব ‘আমেন।’
Deuteronomy 27 : 17 (IRVAS)
যি কোনোৱে নিজ পিতৃ-মাতৃক অমান্য কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে কব ‘আমেন।’
Deuteronomy 27 : 18 (IRVAS)
যিকোনোৱে ওচৰ-চুবুৰীয়াৰ মাটিৰ সীমাৰ চিন লৰাব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে সেয়ে হওক বুলি ক’ব।
Deuteronomy 27 : 19 (IRVAS)
যি কোনোৱে অন্ধক ভুল পথে লৈ যায়, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
Deuteronomy 27 : 20 (IRVAS)
যি কোনোৱে বিদেশী, পিতৃহীন আৰু বিধৱাৰ প্রতি অন্যায় বিচাৰ হ’বলৈ দিয়ে, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
Deuteronomy 27 : 21 (IRVAS)
যি কোনোৱে বাপেকৰ ভার্যাৰে সৈতে ব্যভিচাৰ কৰে, তেওঁ বাপেকৰ অধিকাৰ লোৱাৰ কাৰণে অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
Deuteronomy 27 : 22 (IRVAS)
যি কোনোৱে পশুৰ সৈতে সহবাস কৰে, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
Deuteronomy 27 : 23 (IRVAS)
যি কোনোৱে নিজ ভনীয়েক কি বায়েকৰে সৈতে, অৰ্থাৎ নিজ বাপেক-মাকৰ জীয়েকৰ লগত শয়ন কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
Deuteronomy 27 : 24 (IRVAS)
যি কোনোৱে শাহুৱেকেৰে সৈতে শয়ন কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
Deuteronomy 27 : 25 (IRVAS)
যি কোনোৱে চুবুৰীয়াক গুপুতে বধ কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
Deuteronomy 27 : 26 (IRVAS)
যি কোনোৱে নিৰ্দ্দোষীক বধ কৰিবলৈ ভেঁটি খাব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ যি কোনোৱে এই নিয়মৰ কথাবোৰ পালন কৰিবলৈ অস্বীকাৰ কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
❮
❯