Amos 3 : 1 (IRVAS)
ইস্রায়েলৰ প্রতি সতর্কবাণী আৰু প্রথম দণ্ড হে ইস্ৰায়েলৰ লোক সমূহ, তোমালোকৰ বিৰুদ্ধে অর্থাৎ যিসকলক মিচৰ দেশৰ পৰা মই উলিয়াই আনিলো, সেই গোটেই ফৈদৰ বিৰুদ্ধে যিহোৱাই কোৱা এই বাক্য শুনা;
Amos 3 : 2 (IRVAS)
“পৃথিৱীৰ সকলো ফৈদৰ মাজৰ পৰা মই কেৱল তোমালোককেই বাচি ললোঁ। এই কাৰণে তোমালোকৰ সকলো পাপ কার্যৰ বাবে মই তোমালোকক দণ্ড দিম।।
Amos 3 : 3 (IRVAS)
এক-পৰামৰ্শ নহলে দুজনে জানো একেলগে খোজ কাঢ়ে?
Amos 3 : 4 (IRVAS)
চিকাৰ নোপোৱাকৈ অৰণ্যত সিংহই জানো গৰ্জ্জন কৰে? একো নধৰাকৈ যুবা সিংহই জানো তাৰ গাতৰ ভিতৰত গুজৰি থাকে?
Amos 3 : 5 (IRVAS)
ফান্দত টোপ নাথাকিলে জানো চৰাই ফান্দৰ ওচৰলৈ আহে? একো নধৰাকৈ জানো ফান্দ উফৰি উঠে?
Amos 3 : 6 (IRVAS)
নগৰত ৰণশিঙা বজালে প্ৰজাসকল জানো নকঁপিব? যিহোৱাই নঘটালে জানো নগৰত বিপর্যয় ঘটে?
Amos 3 : 7 (IRVAS)
অৱশ্যে প্ৰভু যিহোৱাই তেওঁৰ দাস ভাববাদীসকলৰ ওচৰত নিজৰ পৰিকল্পনা প্রকাশ নকৰাকৈ একোকে নকৰে।
Amos 3 : 8 (IRVAS)
সিংহই গৰ্জ্জন কৰিলে কোনে ভয় নকৰিব? প্ৰভু যিহোৱাই কবলৈ কলে কোনে ভাববাদীৰূপে কথা নোকোৱাকৈ থাকিব পাৰিব?
Amos 3 : 9 (IRVAS)
তোমালোকে অচ্‌দোদ আৰু মিচৰৰ সকলো দুর্গৰ লোকসকলৰ ওচৰত প্ৰচাৰ কৰি কোৱা, ‘তোমালোকে চমৰিয়াৰ পৰ্ব্বতবোৰৰ ওপৰত গোট খোৱা; চোৱা, তাৰ মাজত কিমান বিশৃঙ্খল হৈছে! লোকসকলৰ মাজত কিমান অত্যাচাৰ হৈছে’!”
Amos 3 : 10 (IRVAS)
কিয়নো প্রভু যিহোৱাই এই কথা কৈছে, “তেওঁলোকে ন্যায় কাৰ্য কৰিব নাজানে; তেওঁলোকৰ দুর্গবোৰৰ ভিতৰত তেওঁলোকে অত্যাচাৰ আৰু লুট-দ্রব্য সাঁচি থৈছে।
Amos 3 : 11 (IRVAS)
এই হেতুকে কোনো এজন শত্ৰুৱে দেশ ঘেৰাও কৰিব; তেওঁ তেওঁলোকৰ শক্তিশালী প্রতিৰক্ষাৰ উপায়বোৰ ধ্বংস কৰিব আৰু দুর্গবোৰ লুট কৰিব।”
Amos 3 : 12 (IRVAS)
Amos 3 : 13 (IRVAS)
যিহোৱাই এই কথা কৈছে, “মেৰ-ছাগ ৰখীয়াই যেনেকৈ সিংহৰ মুখৰ পৰা কেৱল মেৰ-ছাগৰ দুখন ঠেং বা কাণৰ এডোখৰ উদ্ধাৰ কৰিব পাৰে, তেনেকৈ চমৰিয়াত যি ইস্রায়েলৰ লোকসকলে বাস কৰে, তেওঁলোকে কেৱল শয্যাৰ চুক বা বিচনা চাদৰৰ এটা টুকুৰাৰ সৈতে উদ্ধাৰ পাব।[* সেই সময়ত বনৰীয়া জন্তুৱে আহি কোনো মেৰ-ছাগ বধ কৰিলে, তাৰ ৰৈ যোৱা অংশ গৰাকীৰ ওচৰলৈ লৈ যোৱা ৰখীয়ৰ কৰ্তব্য। যদি ৰখীয়াই এই কর্তব্য পালন নকৰে, তেনেহলে সেই মেৰ-ছাগৰ মূল্য ৰখীয়াজনে দিব লাগিব। ]” বাহিনীগণৰ ঈশ্বৰ যিহোৱাই কৈছে, “তোমালোকে শুনা আৰু যাকোবৰ বংশৰ বিৰুদ্ধে সাক্ষ্য দিয়া।
Amos 3 : 14 (IRVAS)
কিয়নো মই যিদিনা পাপৰ কাৰণে ইস্ৰায়েলক দণ্ড দিম, সেইদিনা মই বৈৎএলৰ যজ্ঞবেদীবোৰ ভাঙি পেলাম; বেদীৰ শিংবোৰ ভাঙি মাটিত পৰিব।
Amos 3 : 15 (IRVAS)
মই জাৰকাল কটোৱা ঘৰ আৰু জহকাল কটোৱা ঘৰ ভাঙি পেলাম; হাতী দাঁতৰ শিল্পকার্য কৰা ঘৰবোৰ নষ্ট কৰা হ’ব আৰু ডাঙৰ ডাঙৰ ঘৰবোৰ ধ্বংস কৰা হ’ব।” যিহোৱাই এই কথা কৈছে।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15