Acts 11 : 1 (IRVAS)
পাছত পাঁচনি সকল আৰু যিহুদীয়াত থকা ভাই সকলে শুনিবলৈ পালে যে, অনা-ইহুদী লোকেও ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিলে৷
Acts 11 : 2 (IRVAS)
পাছত যেতিয়া পিতৰ যিৰূচালেমলৈ আহিল, তেতিয়া তেওঁক লৈ চুন্নৎ হোৱা মানুহবোৰে দ্বিধাবোধ হোৱাত নিন্দা কৰিলে;
Acts 11 : 3 (IRVAS)
তেওঁলোকে কলে, “তুমি চুন্নৎ নোহোৱা মানুহবোৰৰ লগত সহযোগ কৰি, সিহঁতৰ সৈতে খোৱা-বোৱা কৰিলা!”
Acts 11 : 4 (IRVAS)
কিন্তু পিতৰে এই কথা বিতং ভাৱে বৰ্ণনা কৰি তেওঁলোকক কলে,
Acts 11 : 5 (IRVAS)
“মই যাফো নগৰত প্ৰাৰ্থনা কৰি থাকোতেই মুৰ্চ্ছা গ’লো আৰু দৰ্শনত চাৰি চুকত ধৰি স্বৰ্গৰ পৰা নমোৱা ডাঙৰ কাপোৰৰ নিচিনা কোনো এটা পাত্ৰ মোৰ ওচৰলৈ নামি অহা দেখিলোঁ;
Acts 11 : 6 (IRVAS)
তেতিয়া তালৈ মন কৰি একেথৰে চাই থাকোতে তাত পৃথিৱীৰ চাৰিঠেঙীয়া জন্তু আৰু বনৰীয়া জন্তু, উৰগ আৰু আকাশৰ চৰাই এই সকলোকে দেখিলোঁ৷”
Acts 11 : 7 (IRVAS)
আৰু তেতিয়া “হে পিতৰ, উঠি মাৰি খোৱা!” এই বুলি মোলৈ কোৱা এটা বাণীও শুনিলোঁ৷
Acts 11 : 8 (IRVAS)
মই কলোঁ, “হে প্ৰভু, এনে নহওক: কিয়নো কোনো বৰ্জিত বা অশুচি বস্তু মোৰ মুখত কেতিয়াও দিয়া নাই৷”
Acts 11 : 9 (IRVAS)
কিন্তু পুনৰ আকাশৰ পৰা নে স্ৱর্গৰ পৰা উত্তৰ আহিল, “ঈশ্বৰে যিহকে শুচি কৰিলে, সেইবোৰ তুমি বৰ্জিত নুবুলিবা৷”
Acts 11 : 10 (IRVAS)
এইদৰে তিনি বাৰ ঘটাৰ পাছত সেই সকলোবোৰ আকৌ স্বৰ্গলৈ তুলি নিয়া হ’ল৷
Acts 11 : 11 (IRVAS)
আৰু চোৱা, তেতিয়াই চীজাৰিয়াৰ পৰা মোৰ ওচৰলৈ পঠোৱা তিনি জন মানুহ, মই যি ঘৰত আছিলোঁ, তাত উপস্থিত হ’ল৷
Acts 11 : 12 (IRVAS)
তাতে একো সংশয় নকৰাকৈ তেওঁলোকৰ লগত যাবলৈ আত্মাই মোক আজ্ঞা দিলে৷ পাছত এই ভাই ছয় জন মোৰ লগত গ’ল আৰু আমি সেই মানুহৰ ঘৰত গৈ সোমালো৷
Acts 11 : 13 (IRVAS)
তাতে তেওঁ আমাক কলে, কেনেকৈ এজন দূতে তেওঁৰ ঘৰত থিয় হৈ কৈছিল যে, “যাফোলৈ মানুহ পঠাই, যাৰ প্ৰখ্যাত নাম পিতৰ, সেই চিমোনক মাতি পঠোৱা৷
Acts 11 : 14 (IRVAS)
তাতে তুমি আৰু তোমাৰ ঘৰৰ সকলোৱে যাৰ দ্বাৰাই পৰিত্ৰাণ পাবা, সেই কথা তেওঁ তোমাক কব৷”
Acts 11 : 15 (IRVAS)
পাছে মই কথা কবলৈ ধৰোতেই, পূৰ্বতে আমাৰ ওপৰত যেনেকৈ পবিত্ৰ আত্মা নামিছিল, তেনেকৈ তেওঁলোকৰ ওপৰতো নামিল৷
Acts 11 : 16 (IRVAS)
“যোহনে হলে পানীতহে বাপ্তিস্ম দিলে কিন্তু তোমালোকক হ’লে পবিত্ৰ আত্মাত বাপ্তিস্ম দিয়া হ’ব,” প্ৰভুৱে কোৱা এই কথা মোৰ মনত পৰিল৷
Acts 11 : 17 (IRVAS)
এতেকে আমি প্ৰভু যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ বাবে ঈশ্বৰে যি দান আমাক দিলে সেই একে দান তেওঁলোককো দিলে, গতিকে ঈশ্বৰক প্ৰতিৰোধ কৰিবলৈ মই নো কোন?”
Acts 11 : 18 (IRVAS)
এই কথা শুনি তেওঁলোকে কোনো সহাঁৰি নিদি বৰং ঈশ্বৰৰ স্তুতি কৰি কলে, “তেনেহলে, ঈশ্বৰে অনা-ইহুদী লোককো জীৱনৰ অৰ্থে মন-পালটন দান কৰিলে৷”
Acts 11 : 19 (IRVAS)
ইতিপূৰ্বে যিবোৰ মানুহে স্তিফানৰ মৃত্যুৰ ক্ষেত্ৰত হোৱা বেজাৰৰ কাৰণে গোট গোট হৈ আছিল, তেওঁলোকে ফৈনীকিয়া, কুপ্ৰ, আৰু আন্তিয়খিয়ালৈকে ফুৰি, ইহুদী লোকৰ বাহিৰে আন কাৰো আগত ঈশ্বৰৰ বাক্য প্ৰচাৰ নকৰিলে৷
Acts 11 : 20 (IRVAS)
কিন্তু তেওঁলোকৰ মাজৰ কুপ্র আৰু কুৰীণীৰ কিছুমান আন্তিয়খিয়ালৈ আহি গ্ৰীকভাষী সকলৰ আগত প্ৰভু যীচুৰ শুভবাৰ্তা প্ৰচাৰ কৰিলে৷
Acts 11 : 21 (IRVAS)
আৰু প্ৰভুৰ হাত তেওঁলোকৰ সহকাৰী হ’ল, তাতে বহুসংখ্যক লোকে বিশ্বাস কৰি প্ৰভুলৈ আহিল৷
Acts 11 : 22 (IRVAS)
পাছত তেওঁলোকৰ সবিশেষ বাৰ্তা যিৰূচালেমত থকা মণ্ডলীৰ কাণত যেতিয়া পৰিল, তেতিয়া মণ্ডলীয়ে বাৰ্ণব্বাক আন্তিয়খিয়ালৈ পঠিয়াই দিলে৷
Acts 11 : 23 (IRVAS)
তেওঁ তাত উপস্থিত হৈ, ঈশ্বৰৰ অনুগ্ৰহ দেখি আনন্দিত হ’ল; আৰু হৃদয়ৰ আগ্ৰহেৰে প্ৰভুত আসক্ত হৈ থাকিবলৈ সকলোকে উদগালে৷
Acts 11 : 24 (IRVAS)
কিয়নো তেওঁ উত্তম লোক হোৱাৰ উপৰি, পবিত্ৰ আত্মাৰে বিশ্বাসত পৰিপূৰ্ণ আছিল, তাতে মানুহৰ এটা ডাঙৰ দলে প্ৰভুত যোগ দিলে৷
Acts 11 : 25 (IRVAS)
পাছত বাৰ্ণব্বাই চৌলক বিচাৰিবলৈ তাৰ্চ নগৰলৈ গ’ল৷
Acts 11 : 26 (IRVAS)
আৰু তেওঁক পাই আন্তিয়খিয়ালৈ লৈ আহিল৷ তাতে তেওঁলোকে গোটেই বছৰ মণ্ডলীত গোট খোৱা বহু লোকক উপদেশ দিলে৷ এই আন্তিয়খিয়া নগৰতেই শিষ্য সকলক প্ৰথমে খ্ৰীষ্টিয়ান বুলি মতা হ’ল৷
Acts 11 : 27 (IRVAS)
সেই সময়ত কিছুমান ভাববাদী যিৰূচালেমৰ পৰা আন্তিয়খিয়ালৈ আহিল৷
Acts 11 : 28 (IRVAS)
আৰু তেওঁলোকৰ মাজৰ আগাব নামেৰে এজনে উঠি, আত্মাৰ দ্বাৰাই চালিত হৈ জনালে যে, গোটেই পৃথিৱীত বৰ আকাল হ’ব আৰু ক্লৌদিয়ৰ দিনত সেয়ে ঘটিব৷
Acts 11 : 29 (IRVAS)
তাতে শিষ্য সকলৰ প্ৰতিজনে শক্তি অনুসাৰে, যিহুদীয়াত নিবাস কৰা ভাই সকলৰ পৰিচৰ্যাৰ কাৰণে সহায় পঠিয়াবলৈ সিদ্ধান্ত ললে৷
Acts 11 : 30 (IRVAS)
পাছত সেইদৰে কাৰ্য কৰি, বাৰ্ণব্বা আৰু চৌলৰ হাতত পৰিচাৰক সকললৈ ধন পঠিয়াই দিলে৷
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30