3 John 1 : 1 (IRVAS)
হে প্ৰিয়জন, আপোনাৰ জীৱাত্মা যেনে কুশলপ্ৰাপ্ত, তেনেকৈ সকলো বিষয়তে আপোনাৰ কুশল আৰু সু-স্বাস্থ্য হওক, এই মোৰ প্ৰাৰ্থনা।
3 John 1 : 2 (IRVAS)
যেতিয়া ভাই সকলে আহি আপোনাৰ অন্তৰত থকা সত্যৰ বিষয়ে, অৰ্থাৎ আপুনি যে সত্যক ধৰি ৰাখি জীৱন-যাপন কৰি আছে, সেই বিষয়ে সাক্ষ্য দিয়াত, মই অতিশয় আনন্দিত হ’লোঁ।
3 John 1 : 3 (IRVAS)
মোৰ সন্তান সকল সত্যত চলাৰ বাৰ্তা শুনিলে যি আনন্দ জন্মে, সেই বিষয়তকৈ অধিক আনন্দ মোৰ আন ক’ত নাই।
3 John 1 : 4 (IRVAS)
হে প্ৰিয়, আপুনি ভাই আৰু অচিনাকি ভাই সকলৰ কাৰণে যেতিয়া কর্ম কৰিলে, সেয়া আছিল আপোনাৰ বিশ্বস্তাৰ অনুশীলন,
3 John 1 : 5 (IRVAS)
তেওঁলোকে আপোনাত জন্ম হোৱা প্ৰেমক দেখিলে আৰু সাক্ষ্য ৰূপে মণ্ডলীৰ সন্মুখত আপোনাৰ প্ৰেমৰ বিষয়ে সাক্ষ্য দিলে। ঈশ্ৱৰ সন্তুষ্ট হোৱাকৈ তেওঁলোকৰ যাত্ৰা পথত আপুনি আগবঢ়াই সাহায্য কৰি ভালেই কৰিলে৷
3 John 1 : 6 (IRVAS)
কিয়নো তেওঁলোকে অনা-ইহুদী সকলৰ পৰা একো নলৈ, প্ৰভুৰ নামৰ কাৰণে ওলাই গৈছিল।
3 John 1 : 7 (IRVAS)
এতেকে আমি সত্যৰ সহকাৰী হ’বলৈ, এনে লোক সকলক প্ৰতিপালন কৰা উচিত।
3 John 1 : 8 (IRVAS)
মই মণ্ডলীলৈ কিছু কথা লিখিছিলো; কিন্তু তেওঁলোকৰ মাজত প্ৰাধান্যৰ অভিলাষী দিয়ত্ৰিফিয়ে মোৰ ক্ষমতা স্বীকাৰ নকৰে।
3 John 1 : 9 (IRVAS)
এই কাৰণে মই যদি যাওঁ, তেতিয়া তেওঁ কৰা সকলো কর্ম মই তেওঁক সোঁৱৰাম, তেওঁ আমাৰ বিৰুদ্ধে হাস্যকৰ ভাবে অসৎ কথাবোৰ কয়; আৰু এই কর্মবোৰৰ সৈতে কোনো কৰ্মসূচী নথকাত, তেওঁলোকে নিজেও ভাই সকলক গ্ৰহণ নকৰে আৰু গ্ৰহণ কৰিব খোজা সকলোকো বাৰণ কৰি মণ্ডলীৰ পৰা বাহিৰ কৰে।
3 John 1 : 10 (IRVAS)
হে প্ৰিয়, আপুনি দুষ্কৰ্মৰ অনুকাৰী নহব, কিন্তু সৎ কৰ্মৰ অনুকাৰী হওক। যি জনে সৎ কৰ্ম কৰে, তেওঁ ঈশ্বৰৰ হয়; যি জনে দুষ্কৰ্ম কৰে, তেওঁ ঈশ্বৰক দেখাই নাই।
3 John 1 : 11 (IRVAS)
দীমীত্ৰিয় সকলোৰে বাবে সাক্ষ্য, এনে কি, স্বয়ং সত্যৰ দ্বাৰায়ো সাক্ষ্য দিয়া হৈছে; আমিও সাক্ষ্য দিছোঁ; আৰু আমাৰ সাক্ষ্য যে সত্য, * যো 21:24৷ সেই বিষয়ে আপুনি জানে।
3 John 1 : 12 (IRVAS)
আপোনালৈ লিখিবৰ বাবে মোৰ অনেক কথা আছিল; কিন্তু চিয়াঁহী আৰু কলমেৰে লিখিবলৈ মই ইচ্ছা নকৰোঁ;
3 John 1 : 13 (IRVAS)
বৰং আশা কৰোঁ যে, আপোনাক অতি সোনকালে দেখিবলৈ পাম আৰু তেতিয়া মুখা-মুখি হৈ কথা-বতৰা পাতিম।
3 John 1 : 14 (IRVAS)
আপোনাৰ শান্তি হওক। আপোনাৰ বন্ধু সকলে† যোহনৰ লগত থকা গায়কৰ বন্ধু সকল৷ আপোনাক সম্ভাষণ জনাইছে। আপুনিও আপোনাৰ বন্ধু সকলক ‡ গায়কৰ সতে থকা বন্ধু সকল৷ মোৰ নামেৰে সম্ভাষণ জনাব৷
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14