2 Samuel 22 : 1 (IRVAS)
যি কালত যিহোৱাই দায়ূদক চৌল আৰু আন আন শক্ৰৰ হাতৰ পৰা উদ্ধাৰ কৰিছিল, সেই সময়ত তেওঁ যিহোৱাৰ উদ্দ্যেশেৰে এই কথাৰে গীত গালে৷
2 Samuel 22 : 2 (IRVAS)
তেওঁ প্ৰার্থনা কৰি ক’লে, “যিহোৱা মোৰ শিলা, মোৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা।
2 Samuel 22 : 3 (IRVAS)
মোৰ ঈশ্বৰ, মোৰ শিলা; তেৱেঁই মোৰ আশ্রয়স্থান। তেওঁ মোৰ ঢাল, মোৰ পৰিত্ৰাণৰ শিং, মোৰ উচ্চ দু্ৰ্গ আৰু মোৰ আশ্ৰয়স্থান, তুমি মোৰ ত্ৰাণকৰ্তা; তুমি মোক উপদ্ৰৱৰ পৰা নিস্তাৰ কৰোঁতা।
2 Samuel 22 : 4 (IRVAS)
প্ৰশংসাৰ যোগ্য যি যিহোৱা, মই তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ; তাতে মোৰ শত্ৰুবোৰৰ পৰা মই উদ্ধাৰ পাওঁ।
2 Samuel 22 : 5 (IRVAS)
কিয়নো মৃত্যুৰ ঢৌৱে মোক বেৰি ধৰিছিল৷ অধৰ্মৰূপ ঢল পানীয়ে মোক অভিভূত কৰিছিল।
2 Samuel 22 : 6 (IRVAS)
চিয়োলৰ জৰীয়ে মোক আগুৰি ধৰিছিল; মৃত্যু-পাশে মোক মেৰাই ধৰিছিল।
2 Samuel 22 : 7 (IRVAS)
সঙ্কতৰ কালত মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ; মোৰ ঈশ্বৰৰ আগত মই কাতৰোক্তি কৰিলোঁ; তাতে তেওঁ নিজ মন্দিৰৰ পৰা মোৰ মাত শুনিলে, তেওঁৰ সন্মুখত কৰা মোৰ কাতৰোক্তি তেওঁৰ কাণত পৰিল।
2 Samuel 22 : 8 (IRVAS)
তেতিয়া পৃথিৱী কঁপিল আৰু জোকাৰ খালে৷ স্ৱর্গৰ মূলবোৰো জোকাৰ খাই লৰিল; কিয়নো তেওঁৰ ক্ৰোধ জ্বলি উঠিছিল।
2 Samuel 22 : 9 (IRVAS)
তেওঁ নাকৰ পৰা ধোঁৱা ওলাই ওপৰলৈ গ’ল, তেওঁৰ মুখৰ পৰা ওলোৱা অগ্নিয়ে গ্ৰাস কৰিলে; তাৰ পৰা জ্বলি থকা আঙঠা ওলাই জ্বলি থাকিল।
2 Samuel 22 : 10 (IRVAS)
তেতিয়া তেওঁ আকাশ মুকলি কৰি নামিল, তেওঁৰ চৰণৰ তলত ঘোৰ অন্ধকাৰ আছিল।
2 Samuel 22 : 11 (IRVAS)
তেওঁ কৰূবত উঠিছিল আৰু উৰি ফুৰিছিল, এনে কি, বায়ুৰূপ ডেউকাৰে উৰা মাৰি আহি তেওঁ দৰ্শন দিছিল।
2 Samuel 22 : 12 (IRVAS)
আৰু তেওঁ অন্ধকাৰক নিজৰ চাৰিওফালে তম্বুৰূপে স্থাপন কৰি ল’লে, তেওঁ আকাশৰ মেঘত গধুৰ জলৰাশি একত্রিত কৰিলে৷
2 Samuel 22 : 13 (IRVAS)
তেওঁৰ সন্মুখত থকা দীপ্তিৰ পৰা জ্বলন্ত আঙঠা ওলাই পৰিল।
2 Samuel 22 : 14 (IRVAS)
যিহোৱাই আকাশৰ পৰা গৰ্জ্জন কৰিলে৷ সৰ্ব্বোপৰি জনে আটাহ পাৰিলে।
2 Samuel 22 : 15 (IRVAS)
তেওঁ বাণ মাৰি তেওঁৰ শত্ৰুসকলক গোট গোট কৰিলে, তেওঁ বজ্ৰ মাৰি তেওঁলোকক ব্যাকুল কৰিলে।
2 Samuel 22 : 16 (IRVAS)
যিহোৱাৰ ভৎসৰ্নাত আৰু তেওঁৰ নাকৰ নিশ্বাস প্ৰশ্বাসৰ বায়ুত, সমুদ্ৰৰ তলি দেখা গ’ল, পৃথিৱীৰ মূলবোৰ অনাবৃত হ’ল।
2 Samuel 22 : 17 (IRVAS)
তেওঁ ওপৰৰ পৰা হাত মেলিলে; আৰু মোক ধৰিলে! তেওঁ মহাজল সমূহৰ পৰা মোক তুলি আনিলে৷
2 Samuel 22 : 18 (IRVAS)
তেওঁ মোক বলৱন্ত শত্ৰুৰ পৰা উদ্ধাৰ কৰিলে, মোৰ বৈৰীবোৰৰ পৰা মোক উদ্ধাৰ কৰিলে; কিয়নো তেওঁলোক মোতকৈ অতি বলৱন্ত আছিল।
2 Samuel 22 : 19 (IRVAS)
মোৰ বিপদৰ কালত তেওঁলোকে মোক আক্ৰমণ কৰিছিল, কিন্তু যিহোৱা মোৰ উপকাৰক হ’ল।
2 Samuel 22 : 20 (IRVAS)
তেওঁ মোক বহল ঠাইলৈ উলিয়াই আনিলে৷ তেওঁ মোক উদ্ধাৰ কৰিলে, কিয়নো তেওঁ মোত সন্তোষ পালে।
2 Samuel 22 : 21 (IRVAS)
যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক পুৰস্কাৰ দিলে৷ মোৰ হাতৰ শুদ্ধতাৰ দৰে মোক ফল দিলে।
2 Samuel 22 : 22 (IRVAS)
কিয়নো মই যিহোৱাৰ পথত চলিলোঁ, আৰু কুকৰ্ম কৰি মোৰ ঈশ্বৰক এৰা নাই৷
2 Samuel 22 : 23 (IRVAS)
কাৰণ তেওঁৰ সকলো শাসন মোৰ সন্মুখত আছে; মই তেওঁৰ বিধিবোৰ মোৰ পৰা দূৰ কৰা নাই৷
2 Samuel 22 : 24 (IRVAS)
তেওঁৰ দৃষ্টিত মই সিদ্ধও আছিলোঁ, আৰু নিজ অপৰাধৰ পৰা মই নিজকে আঁতৰে ৰাখিলোঁ।
2 Samuel 22 : 25 (IRVAS)
এই হেতুকে যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক ফল দিলে, তেওঁৰ চকুৰ আগত থকা মোৰ হাতৰ শুদ্ধতাৰ দৰেই মোক ফল দিলে।
2 Samuel 22 : 26 (IRVAS)
যি জন বিশ্বাসযোগ্য, তেওঁলৈ তুমি নিজৰ বিশ্বাসযোগ্যতা প্রকাশ কৰা, যি জন নিৰ্দোষী, তেওঁলৈ তুমি নিৰ্দোষীতা প্রকাশ কৰা৷
2 Samuel 22 : 27 (IRVAS)
তুমি শুচি লোকলৈ নিজৰ শুচিতা প্ৰকাশ কৰা, কিন্তু বিপথগামী লোকলৈ তুমি চতুৰ ব্যৱহাৰ কৰোঁতা।
2 Samuel 22 : 28 (IRVAS)
তুমি দুখ পোৱা লোকক পৰিত্ৰাণ দিওঁতা, কিন্তু গৰ্ব্বী চকুক তল কৰোঁতা।
2 Samuel 22 : 29 (IRVAS)
কিয়নো হে যিহোৱা, তুমি মোৰ প্ৰদীপ৷ আৰু যিহোৱাই মোৰ অন্ধকাৰক পোহৰ কৰি দিয়ে৷
2 Samuel 22 : 30 (IRVAS)
কিয়নো তোমাৰ সহায়ত মই সৈন্যদলৰ বিৰুদ্ধে খেদি যাওঁ; আৰু মোৰ ঈশ্বৰৰ সহায়ত মই জাপ মাৰি গড় পাৰ হওঁ।
2 Samuel 22 : 31 (IRVAS)
ঈশ্বৰৰ পথ হ’লে সিদ্ধ৷ যিহোৱাৰ বাক্য নিভাঁজ৷ তেওঁ প্ৰত্যেক লোকৰ ঢালস্বৰূপ; যি জন তেওঁত থাকে, তেওঁ তাৰ আশ্ৰয়স্থান।
2 Samuel 22 : 32 (IRVAS)
কিয়নো যিহোৱাৰ বাহিৰে কোন ঈশ্বৰ আছে? আমাৰ ঈশ্বৰত বাহিৰে কোন শিলা আছে?
2 Samuel 22 : 33 (IRVAS)
ঈশ্বৰ মোৰ দৃঢ় আশ্ৰয়; তেওঁ সিদ্ধ লোকক নিজ পথত চলায়।
2 Samuel 22 : 34 (IRVAS)
তেওঁ মোৰ ভৰি হৰিণীৰ ঠেঙৰ সদৃশ কৰে আৰু মোক পর্বতৰ ওখ ঠাইত থিয় কৰায়।
2 Samuel 22 : 35 (IRVAS)
তেওঁ মোৰ হাতক ৰণ কৰিবলৈ শিক্ষা দিয়ে, তাতে মোৰ বাহুৱে পিতলৰ ধনুকো বেকা কৰিব পাৰে৷
2 Samuel 22 : 36 (IRVAS)
তুমি মোক পৰিত্ৰাণ স্বৰূপ ঢাল দিলা, আৰু তোমাৰ সাহাৰ্যই মোক মহান কৰিলে।
2 Samuel 22 : 37 (IRVAS)
তুমি মোৰ ভৰিৰ তলৰ ঠাই বহল কৰিলা, তাতে মোৰ ভৰি পিছলি নগ’ল।
2 Samuel 22 : 38 (IRVAS)
মই মোৰ শত্ৰুবোৰৰ পাছত খেদি গৈ তেওঁলোকক বিনষ্ট কৰিলোঁ৷ তেওঁলোক বিনষ্ট নহ’লমানে মই উভটি নাহিলোঁ।
2 Samuel 22 : 39 (IRVAS)
মই তেওঁলোকক সংহাৰ কৰি এনেকৈ গুড়ি কৰিলোঁ যে, তেওঁলোকে উঠিব নোৱাৰিলে৷ এনে কি, তেওঁলোক মোৰ ভৰিৰ তলত পতিত হ’ল।
2 Samuel 22 : 40 (IRVAS)
কিয়নো যুদ্ধ কৰিবৰ অৰ্থে তুমি মোক বলৰূপ কটিবন্ধন দিলা; তুমি মোৰ বিৰুদ্ধে উঠাবোৰক, মোৰ তলতীয়া কৰিলা।
2 Samuel 22 : 41 (IRVAS)
তুমি মোৰ শত্ৰুবোৰক মোলৈ পিঠি দিয়ালা; তাতে মোক ঘিণ কৰোঁতাবোৰক মই সংহাৰ কৰিলোঁ।
2 Samuel 22 : 42 (IRVAS)
তেওঁলোকে সহায়ৰ বাবে আটাহ পাৰিলে, কিন্তু পৰিত্ৰাণ কৰোঁতা কোনো নাছিল৷ তেওঁলোকে যিহোৱালৈ আটাহ পাৰিলে, কিন্তু তেওঁ তেওঁলোকক উত্তৰ নিদিলে।
2 Samuel 22 : 43 (IRVAS)
তাতে পৃথিৱীৰ ধূলিৰ নিচিনাকৈ মই তেওঁলোকক গুড়ি কৰিলোঁ, আৰু বাটৰ বোকাৰ দৰে মই তেওঁলোকক গচকিলোঁ আৰু মৰ্দ্দন কৰিলোঁ।
2 Samuel 22 : 44 (IRVAS)
তুমি মোৰ লোকসকলৰ বিবাদৰ পৰা মোক ৰক্ষা কৰিলা৷ তুমি মোৰ ফৈদক উত্তৰাধিকাৰ হ’বলৈ ৰাখিলা৷ মোৰ অপৰিচিত এটা জাতিক মোৰ দাস হ’বলৈ দিলা।
2 Samuel 22 : 45 (IRVAS)
বিদেশীসকল মোৰ বশীভূত হ’ল৷ শুনামাত্ৰকে তেওঁলোকে মোৰ আজ্ঞা পালন কৰিলে।
2 Samuel 22 : 46 (IRVAS)
বিদেশীসকল নিৰূৎসাহী হৈ নিজ নিজ দুৰ্গৰ পৰা কঁপি কঁপি ওলাই আহিল।
2 Samuel 22 : 47 (IRVAS)
যিহোৱা জীৱন্ত! মোৰ শিলাৰ প্রশংসা হওঁক৷ মোৰ পৰিত্ৰাণৰ শিলা, ঈশ্বৰ গৌৰৱাম্বিত হওঁক;
2 Samuel 22 : 48 (IRVAS)
যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে মোৰ হৈ প্ৰতিকাৰ সাধে আৰু লোকসকলক মোৰ ভৰিৰ তলত চাপৰ কৰে,
2 Samuel 22 : 49 (IRVAS)
আৰু মোৰ শত্ৰুবোৰৰ মাজৰ পৰা মোক উলিয়াই আনে৷ এনে কি, তুমি মোৰ বিৰুদ্ধে উঠাবোৰৰ ওপৰত মোক তোলা, আৰু উপদ্ৰৱকাৰীবোৰৰ পৰাও মোক উদ্ধাৰ কৰা।
2 Samuel 22 : 50 (IRVAS)
এই হেতুকে হে যিহোৱা, মই জাতিবোৰৰ মাজত তোমাক ধন্যবাদ কৰিম; আৰু তোমাৰ নামৰ উদ্দেশে প্ৰশংসাৰ গান কৰিম।
2 Samuel 22 : 51 (IRVAS)
ঈশ্ৱৰে নিজ ৰজাক মহা-পৰিত্ৰাণ দিয়ে, আৰু তেওঁ নিজৰ অভিষিক্ত জনক দয়া কৰে। তেৱেঁই সদাকাললৈকে দায়ুদ আৰু তেওঁৰ বংশক দয়া কৰিব।”
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51