2 John 1 : 1 (IRVAS)
এগৰাকী খ্ৰীষ্টিয়ান মহিলাৰ প্ৰতি পত্ৰ ঈশ্বৰৰ মনোনীত সেই ভদ্ৰ মহিলা পৰিচাৰিকা আৰু তেখেতৰ সন্তান সকলক মই সত্য প্ৰেম কৰোঁ; একমাত্ৰ ময়েই নহয়, কিন্তু যি সকলে সত্যক জানে তেওঁলোকেও প্ৰেম কৰে৷
2 John 1 : 2 (IRVAS)
কাৰণ সেই সত্য আমাৰ অন্তৰত আছে আৰু আমাৰ সৈতে চিৰকাল থাকিব৷
2 John 1 : 3 (IRVAS)
পিতৃ ঈশ্বৰৰ পৰা আৰু পিতৃৰ পুত্ৰ যীচু খ্ৰীষ্টৰ পৰাও অনুগ্ৰহ, দয়া আৰু শান্তি, সত্যত আৰু প্ৰেমত আমাৰে সৈতে আছে।
2 John 1 : 4 (IRVAS)
আমি পিতৃৰ পৰা পোৱা আজ্ঞা গ্ৰহণ কৰাৰ দৰে আপোনাৰ কিছুমান সন্তানে সত্যত চলি থকা দেখি, মই অতি আনন্দিত হৈছোঁ৷
2 John 1 : 5 (IRVAS)
হে ভদ্ৰ মহিলা* কুৰিয় , এতিয়া মই আপোনাক মিনতি কৰোঁ যে, আপোনালৈ মই কোনো এটা নতুন আজ্ঞা লিখা নাই, কিন্তু আমি আৰম্ভণিৰে পৰা পোৱাৰ দৰে পৰস্পৰে প্ৰেম কৰা উচিত † যো 13:34 ।
2 John 1 : 6 (IRVAS)
আৰু প্ৰেম এইটোৱে হয়, য’ত আমি তেওঁৰ আজ্ঞা অনুসাৰে চলোঁ৷‡ যো 14:15, 21 এই আজ্ঞা আপোনালোকে আৰম্ভণিৰে পৰা শুনি আহিছে, সেয়েহে ইয়াতে আপোনালোকে চলক।
2 John 1 : 7 (IRVAS)
কিয়নো অনেক প্রৱঞ্চক জগতত ওলাল; তেওঁলোকে যীচু খ্ৰীষ্টক মাংসত অহা বুলি স্বীকাৰ নকৰে৷ এওঁলোকেই প্ৰবঞ্চক আৰু খ্ৰীষ্টাৰি।
2 John 1 : 8 (IRVAS)
আপুনি নিজকে চাওক, যি বিষয়ৰ বাবে আমাৰ কৰ্ম কৰিবলগীয়া আছে, সেয়া নেহেৰুৱাব, কিন্তু সম্পূৰ্ণ পুৰস্কাৰ গ্ৰহণ কৰক৷§ 1ম কৰি 3:8-15; প্ৰ 3:11 এই কাৰণতে নিজলৈ সাৱধান হ’ব।
2 John 1 : 9 (IRVAS)
যি কোনোৱে খ্রীষ্টৰ উপদেশত নাথাকি সীমা পাৰ হৈ যায়, তেওঁত ঈশ্বৰ নাই; যি জনে সেই উপদেশত থাকে, তেওঁত পিতৃ আৰু পুত্ৰ, এই উভয়েই আছে।
2 John 1 : 10 (IRVAS)
যদি কোনো এজন আপোনাৰ ওচৰলৈ আহে আৰু এনে উপদেশ আপোনালোকৰ ওচৰলৈ লৈ নাহে, তেনেলোকক ঘৰত গ্ৰহণ নকৰিব আৰু শুভেচ্ছাও নজনাব।
2 John 1 : 11 (IRVAS)
যি জনে তেনেলোকক শুভেচ্ছা জনায়, তেৱোঁ তেনেলোকৰ দুষ্কৰ্মৰ অংশীদাৰ হয়।
2 John 1 : 12 (IRVAS)
আপোনালোকলৈ লিখিবৰ বাবে মোৰ অনেক কথা আছে আৰু সেইবোৰ চিঠি আকাৰে কাগজৰ পাতত লিখিবলৈ মই ইচ্ছা নকৰোঁ৷ কিন্তু আমাৰ আনন্দ যেন সম্পূৰ্ণ হয়, সেয়েহে আপোনালোকৰ ওচৰলৈ গৈ মুখা-মুখি হৈ কথা পাতিবৰ বাবে মই আশা কৰি আছোঁ।
2 John 1 : 13 (IRVAS)
আপোনাৰ মনোনীত ভনীয়েৰাৰ সন্তান সকলে আপোনাক শুভেচ্ছা জনাইছে।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13