2 Corinthians 9 : 1 (IRVAS)
কিয়নো পবিত্ৰ লোক সকলৰ পৰিচৰ্যা কৰা কাৰ্যৰ বিষয়ে মই আপোনালোকলৈ লিখাৰ প্ৰয়োজন নাই৷
2 Corinthians 9 : 2 (IRVAS)
মই আপোনালোকৰ কামনা জানো, যাৰ বিষয়ে মই মাকিদনিয়া সকলৰ আগত আপোনালোকৰ পক্ষে গৌৰৱ কৰিছিলোঁ৷ মই তেখেত সকলক কৈছিলোঁ যে, এবছৰৰ আগৰ পৰাই আখায়া প্ৰস্তুত হৈ আছিল; আৰু আপোনালোকৰ সেই আগ্ৰহে অধিক ভাগ মানুহক প্ৰভাৱত পেলালে।
2 Corinthians 9 : 3 (IRVAS)
এতিয়া মই আপোনালোকৰ ওচৰলৈ ভাই সকলক পঠালোঁ, যাতে আপোনালোকৰ পক্ষে আমাৰ সেই গৌৰৱ যেন ব্যৰ্থ নহয় আৰু মই যেনেকৈ কৈছিলোঁ, আপোনালোকে তেনেকৈ যেন প্ৰস্তুত হৈ থাকে৷
2 Corinthians 9 : 4 (IRVAS)
নহ’লে মাকিদনিয়াৰ পৰা মোৰ লগত অহা কোনো মানুহে যদি আপোনালোকক অপ্ৰস্তুত পায়, তেনেহলে আমি আপোনালোকৰ প্ৰতি সেই দৃঢ় আশা ৰখাত, আমি লাজত পৰিম - মই আপোনালোকৰ বিষয়ে এনে একো কথা নকওঁ, কাৰণ আপোনালোকৰ বিশ্ৱাসৰ ওপৰত মই নিশ্চিত হৈ আছোঁ৷
2 Corinthians 9 : 5 (IRVAS)
সেই কাৰণে মই ভাই কেইজনক উৎসাহিত কৰিবলৈ প্ৰয়োজন দেখি, আপোনালোকৰ ওচৰত পঠিয়াম বুলি ভাবিলোঁ; আপোনালোকে যি পূৰ্বৰে পৰা প্ৰতিজ্ঞা কৰা সেই আশীৰ্বাদ স্বৰূপ দান, সেই বিষয়ে তেখেত সকলে আপোনালোকৰ ওচৰলৈ আহি যেন আয়োজন কৰে৷ এই বিনামূলীয়া আশীর্বাদ দানৰ দৰে যেন যুগুত থাকে, কিন্তু আপোনালোকে বাধ্যত পৰি দান কৰিলে, এনে যেন নহয়৷
2 Corinthians 9 : 6 (IRVAS)
কিন্তু সেই বিষয়ে সাৰ কথা এই- যি জনে অলপকৈ বয়, তেওঁ অলপকৈ চপাব; আৰু যি জনে অধিককৈ বয়, তেওঁ অধিককৈ চপাব।* হিতো 11:24, 25; 19:17; গাল 6:7, 9৷
2 Corinthians 9 : 7 (IRVAS)
প্ৰতিজনে নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে, তেনেকৈ দিয়ক৷ মনোদুখেৰে যেন নহয় বা আৱশ্যকতাৰেও যেন নিদিয়ে- কিয়নো হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে। যা 35:5; 1 ব 29:5, 9, 14৷
2 Corinthians 9 : 8 (IRVAS)
ঈশ্বৰে আপোনালোকক সকলো বিষয়তে অনুগ্ৰহত বৃদ্ধি কৰিব পাৰে আৰু সকলো সময়তে আপোনালোকৰ সকলো জোৰাওকৈ থকাত, আপোনালোক সকলো সৎকৰ্মত যেন উপচি পৰিব পাৰে৷
2 Corinthians 9 : 9 (IRVAS)
এই বিষয়ে যি দৰে লিখাও আছে, গীত 112:9৷ “তেওঁ নিজ ধন-সম্পত্তি দৰিদ্ৰ সকলক বিলাই দি, দান কৰিলে; তেওঁৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে৷”
2 Corinthians 9 : 10 (IRVAS)
যি জনে কঠীয়া সিচোতাজনক সিচিঁবলৈ কঠীয়া আৰু ভোজনৰ কাৰণে আহাৰ যোগাই, তেৱেঁই আপোনালোকৰ কঠীয়া যোগাই বাহুল্য কৰিব আৰু আপোনালোকৰ ধাৰ্মিকতাৰ ফল বৃদ্ধি কৰিব;
2 Corinthians 9 : 11 (IRVAS)
এইদৰে আপোনালোক সকলো দানশীলতাৰ অৰ্থে সকলো বিষয়তে ধনৱন্ত হব, আৰু সেই দানশীলতাই আমাৰ দ্বাৰাই ঈশ্বৰলৈ ধন্যবাদ সাধন কৰাব।
2 Corinthians 9 : 12 (IRVAS)
কিয়নো এই দান দি পৰিচৰ্যা কৰা কাৰ্যই পবিত্ৰ লোকৰ অভাৱ পূৰ কৰিছে, অকল এয়ে নহয়, কিন্তু ঈশ্বৰৰ অনেক ধন্যবাদত ঈশ্বৰৰ উদ্দেশ্যেও উপচি পৰিছে৷
2 Corinthians 9 : 13 (IRVAS)
আপোনালোকক এই পৰিচৰ্যা কৰা কাৰ্যত পৰীক্ষাৰ দ্ৱাৰাই নিযুক্ত কৰা হ’ল; আপোনালোকে ঈশ্বৰক মহিমান্বিত কৰিছে, কিয়নো আপোনালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ বিষয়ে স্বীকাৰ কৰি বশৱৰ্ত্তী হোৱা কাৰণে আৰু তেখেত সকললৈ আৰু আন লোকলৈও আপোনালোকে ভালেমান দান কৰিলে৷
2 Corinthians 9 : 14 (IRVAS)
তেওঁলোকে আপোনালোকলৈ অতিশয় হাবিয়াহ কৰি আছে আৰু আপোনালোকৰ কাৰণে প্ৰার্থনাত আছে, কিয়নো ঈশ্বৰৰ সেই মহৎ অনুগ্ৰহ আপোনালোকৰ ওপৰত আছে৷
2 Corinthians 9 : 15 (IRVAS)
ঈশ্বৰৰ বৰ্ণনাতীত দানৰ§ যো 3:16৷ কাৰণে তেওঁৰ ধন্যবাদ হওক।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15