2 Corinthians 10 : 1 (IRVAS)
পৌলৰ বিপক্ষ লোক সকলৰ প্ৰতি তেওঁৰ উত্তৰ মই, যি পৌল, নিজে খ্ৰীষ্টৰ মৃদু আৰু কোমল স্বভাৱেৰে আপোনালোকক মিনতি কৰিছোঁ - মই আপোনালোকৰ সাক্ষাতে নম্ৰ কিন্তু অসাক্ষাতে আপোনালোকৰ প্ৰতি সাহিয়াল৷
2 Corinthians 10 : 2 (IRVAS)
মই আপোনালোকক মিনতি কৰিছোঁ যে, যেতিয়া মই আপোনালোকৰ সৈতে থাকো তেতিয়া যেন মই আত্মবিশ্ৱাসৰ সাহসেৰে সাহসী নহওঁ; কিন্তু যেতিয়া আমাক যি সকলে মাংস অনুসাৰে চলা বুলি জ্ঞান কৰিব, তেতিয়া সেই সকলৰ বিৰুদ্ধে মই যেনে আৱশ্যকতা জ্ঞান কৰিছোঁ, উপস্থিত কালত তেনে সাহসেৰে মই সাহিয়াল হম৷
2 Corinthians 10 : 3 (IRVAS)
কিয়নো আমি মাংসত থাকিলেও, মাংস অনুসাৰে যুদ্ধ নকৰোঁ;
2 Corinthians 10 : 4 (IRVAS)
কিয়নো আমাৰ যুদ্ধ অস্ত্ৰ-শস্ত্ৰৰে* ইফি 6:11-17; 1 থি 5:8; 1 তী 6:12৷ কৰা মাংসিক যুদ্ধ নহয় কিন্তু স্ৱর্গীয় শক্তিৰ দ্ৱাৰাই দূৰ্গও বিনাশ কৰাৰ যোগ্য, - ইয়াতে কোনো ভুল ধাৰণা নাথাকক৷
2 Corinthians 10 : 5 (IRVAS)
আমি মনৰ তৰ্ক-বিতৰ্ক আৰু ঐশ্বৰীক জ্ঞানৰ বিৰুদ্ধে উত্থাপিত হোৱা উদ্ধত বিষয়বোৰ ভাঙি পেলাই, সকলো ভাব বন্দী কৰি, খ্ৰীষ্টৰ আজ্ঞাধীন কৰিছোঁ;
2 Corinthians 10 : 6 (IRVAS)
আৰু আপোনালোকৰ আজ্ঞাধীনতা সম্পূৰ্ণ হ’লে, সকলো অবাধ্যতাৰ প্ৰতিকাৰ সাধিবলৈ যুগুত হৈ আছোঁ।
2 Corinthians 10 : 7 (IRVAS)
সন্মুখত যি আছে, সেয়া আপোনালোকে স্পষ্ট দৃষ্টিৰে চাওক৷ কোনোৱে যদি নিজকে খ্ৰীষ্টৰ পাঁচনি বুলি নিজ প্ৰমাণত বিশ্বাস কৰে, তেনেহলে তেখেত যেনেকৈ খ্ৰীষ্টৰ, আমিও তেনেকৈ বুলি তেখেতে নিজে পুনৰায় বিবেচনা কৰি জানক।
2 Corinthians 10 : 8 (IRVAS)
আমাৰ ক্ষমতাৰ বিষয়ে যদিও কিছু অধিক গৌৰৱ কৰোঁ, যি ক্ষমতা প্ৰভুৱে আপোনালোকক বিনষ্ট কৰিবৰ কাৰণে নহয়, কিন্তু আপোনালোক যেন ধর্মত বৃদ্ধি হয়৷ তথাপি সেই বিষয়ে মই লজ্জিত নহ’ম৷
2 Corinthians 10 : 9 (IRVAS)
মোৰ পত্ৰবোৰৰ দ্বাৰাই যেন আপোনালোকক ভয় দেখুৱাবৰ ধৰণে নহও;
2 Corinthians 10 : 10 (IRVAS)
কিয়নো কিছুমান ব্যক্তিয়ে কয়, “তেখেতৰ পত্ৰবোৰ গুৰুত্ৱপূর্ণ আৰু শক্তিযুক্ত, কিন্তু শাৰীৰিকভাৱে তেখেত দূৰ্বল আৰু তেখেতৰ বাক্য শুনা অযোগ্য৷”
2 Corinthians 10 : 11 (IRVAS)
আমি অনুপস্থিত থকা সময়ত পত্ৰৰ দ্বাৰাই বিষয়বোৰ যেনেদৰে লিখিছোঁ, উপস্থিত হ’লে আমি কাৰ্যতো তেনেকুৱাই বুলি, সেই মানুহবোৰে বিবেচনা কৰি জানক।
2 Corinthians 10 : 12 (IRVAS)
কিয়নো নিজকে নিজে প্ৰশংসা কৰা লোক সকলৰ লগত আমি নিজক গণনা বা তুলনা কৰিবলৈ সাহস নকৰোঁ; কিয়নো যেতিয়া তেওঁলোকে ইজনে সিজনক জোখে আৰু নিজকে আন এজনৰ লগত তুলনা কৰে, তেতিয়া তেওঁলোকে যেন নিজকে সুক্ষ্মদৃষ্টি কৰে৷
2 Corinthians 10 : 13 (IRVAS)
কিন্তু আমি হ’লে অপৰিমিত ৰূপে গৌৰৱ নকৰি, ঈশ্বৰে যিহৰ দ্বাৰাই আমাৰ অংশৰ পৰিমাণ নিৰূপণ কৰি, আপোনালোকৰ ওচৰলৈকে পোৱা কৰিলে, আমি সেই পৰিমাণ অনুসাৰে গৌৰৱ কৰিম।
2 Corinthians 10 : 14 (IRVAS)
কিয়নো আপোনালোকৰ সেই খিনিলৈকে আমাৰ স্বত্ব নথকাৰ দৰে, আমি নিজক ডাঙৰ কৰা নাই; কিন্তু খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰোঁতে কৰোঁতে, আমি আপোনালোকৰ ওচৰ গৈ পাইছিলো৷
2 Corinthians 10 : 15 (IRVAS)
আমি যে অপৰিমিত ৰূপে আনৰ পৰিশ্ৰমৰ কথাত গৌৰৱ কৰিছোঁ, এনে নহয়; কিন্তু আশা কৰোঁ, লোকৰ বিশ্বাস বাঢ়িলে, আমাৰ পৰিমাণ-জৰী অনুসাৰে আপোনালোকৰ মাজত বাহুল্যৰূপে যেন বৃদ্ধি হ’ম৷
2 Corinthians 10 : 16 (IRVAS)
অামি আপোনালোকৰ সিমূৰে থকা অঞ্চলতো শুভবার্তাৰ প্ৰচাৰ কৰিব পাৰিম৷ আমি আন লোকৰ অঞ্চলত কৰা কামৰ গৌৰৱ নকৰিম৷
2 Corinthians 10 : 17 (IRVAS)
“কিন্তু যি জনে গৌৰৱ কৰে, তেওঁ প্ৰভুতেই গৌৰৱ কৰক”।† যিৰি 9:23, 24; 1 কৰি 1:29-31৷
2 Corinthians 10 : 18 (IRVAS)
18 কিয়নো যি জনে নিজকে নিজে যোগ্য-পাত্ৰ দেখুৱাই, তেখেত পৰীক্ষাসিদ্ধ নহয়; কিন্তু যি জনক প্ৰভুৱে যোগ্য-পাত্ৰ জ্ঞান কৰে, তেখেতহে পৰীক্ষাসিদ্ধ।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18