1 Timothy 3 : 1 (IRVAS)
অধ্যক্ষ আৰু পৰিচাৰক বাব কোনোৱে যদি অধ্যক্ষ পদৰ বাবে আকাংক্ষা কৰে, তেনেহলে তেওঁ উত্তম কৰ্মলৈ ইচ্ছা কৰে, এই কথা বিশ্বাসযোগ্য।
1 Timothy 3 : 2 (IRVAS)
এতেকে অধ্যক্ষ নিৰ্দোষী, এজনী তিৰোতাৰ স্বামী, পৰিমিত ভোগী, বিবেচক, পৰিপাটি, অতিথি সেৱক, শিক্ষা দিয়াত নিপুন
1 Timothy 3 : 3 (IRVAS)
আৰু মদপী বা প্ৰহাৰক নহৈ, ক্ষান্ত স্বভাৱী, নিৰ্ব্বিৰোধী, নিৰ্ল্লোভী, অৰ্থাৎ ধনক প্ৰেম নকৰা উচিত৷
1 Timothy 3 : 4 (IRVAS)
সেই লোক জনে যেন নিজৰ ঘৰৰ লোক সকলক উত্তমৰূপে শাসন কৰে আৰু তেওঁৰ সন্তানবোৰে যেন সকলো সন্মানেৰে তেওঁক মানি চলে৷
1 Timothy 3 : 5 (IRVAS)
কিয়নো এজন লোকে যদি নিজৰ ঘৰৰ লোক সকলকেই শাসন কৰিব নোৱাৰে তেনেহলে তেওঁ কেনেকৈ ঈশ্ৱৰৰ মণ্ডলীৰ তত্ত্ৱাৱধান কৰিব?
1 Timothy 3 : 6 (IRVAS)
তেওঁ নতুন শিষ্য হব নালাগে, কিয়নো তেওঁ যেন গর্ব-অহংকাৰত নপৰে আৰু চয়তানৰ দ্ৱাৰা যেন দণ্ড পোৱা নহয়৷
1 Timothy 3 : 7 (IRVAS)
ইয়াৰ ওপৰিও তেওঁ বাহিৰত থকা লোক সকলৰ মাজত সুখ্যাতিযুক্ত হোৱা দৰকাৰ, যাতে তেওঁ নিন্দিত নহয় আৰু চয়তানৰ ফান্দত নপৰে; এই কাৰণে সুখ্যাতি থকা লোক হব লাগে৷
1 Timothy 3 : 8 (IRVAS)
সেইদৰে পৰিচাৰক সকল ধীৰ, শ্ৰদ্ধাৰ যোগ্য হব লাগে; তেওঁলোক দুতলীয়া, কথকী, দ্ৰাক্ষাৰসত অতি আসক্ত থকা আৰু কুচ্ছিত লাভ বিচৰা লোক হব নালাগে৷
1 Timothy 3 : 9 (IRVAS)
তেওঁলোকে সদায় নিৰ্মল বিবেকত বিশ্বাসৰ নিগূঢ়-তত্ত্ব সাঁচি ৰখা উচিত৷
1 Timothy 3 : 10 (IRVAS)
প্ৰথমে তেওঁলোকে নিজকে পৰীক্ষা কৰক, পাছত নিৰ্দোষী হলেহে পৰিচাৰকৰ কাৰ্য কৰক।
1 Timothy 3 : 11 (IRVAS)
পৰিচাৰিকা মহিলা সকলো সন্মানৰ যোগ্য হব লাগে৷ তেওঁলোক যেন অপবাদ দিওতা নহয়, কিন্তু নিজক সংযম কৰি ৰখা, ধীৰ, আৰু সকলো বিষয়তে তেওঁলোক যেন বিশ্বাসযোগ্য হয়৷
1 Timothy 3 : 12 (IRVAS)
পৰিচাৰক সকলে এগৰাকী মহিলাৰ স্বামী হৈ নিজ নিজ সন্তান আৰু নিজ ঘৰ খন উত্তমৰূপে শাসন কৰক।
1 Timothy 3 : 13 (IRVAS)
কিয়নো যি পৰিচাৰক সকলে উত্তমৰূপে পৰিচাৰকৰ কাৰ্য কৰে, তেওঁলোকে নিজলৈ সুনাম অৰ্জন কৰে আৰু খ্ৰীষ্ট যীচুত তেওঁলোক বিশ্বাসত সাহসী হয়৷
1 Timothy 3 : 14 (IRVAS)
মই তোমাৰ বাবে এইবোৰ কথা লিখিলোঁ আৰু সোনকালে মই তোমাৰ তালৈ যাবলৈ আশা কৰি আছোঁ৷
1 Timothy 3 : 15 (IRVAS)
কিন্তু মই যদি পলমো কৰোঁ, তথাপি তুমি সত্যতাৰ স্তম্ভ* মথি 16:18 আৰু ভিক্তিমুল স্ৱৰূপ যি ঈশ্বৰৰ গৃহ, অৰ্থাৎ জীৱনময় ঈশ্ৱৰৰ মণ্ডলীত কেনে আচাৰ-ব্যৱহাৰ কৰিব লাগে, সেই বিষয়ে জানিবৰ বাবে এইবোৰ কথা তোমালৈ লিখিলোঁ; কিয়নো মণ্ডলী হৈছে সত্যৰ স্তম্ভ আৰু ভিত্তিমুল৷
1 Timothy 3 : 16 (IRVAS)
আৰু একেলগে আমি একমত হৈ কওঁ যে, “ভক্তিৰ নিগূঢ় সত্য অতি মহান৷ তেওঁ মাংসত প্ৰকাশিত হ’ল, আত্মাত ধাৰ্মিক বুলি গণিত কৰা হ’ল, দূতবোৰৰ দ্বাৰাই দেখা পোৱা গ’ল, অন্যান্য জাতি সকলৰ আগত ঘোষণা কৰা হ’ল, জগতত বিশ্বাস কৰা হ’ল, প্ৰতাপত তুলি নিয়া হ’ল।”

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16