1 Thessalonians 4 : 1 (IRVAS)
খ্রীষ্টিয়ান জীৱন-যাপন সর্বশেষত, হে প্রিয় ভাইসকল, ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে কি ৰূপে জীৱন-যাপন কৰিব লাগে, এই বিষয়ে আপোনালোকে আমাৰ পৰা যি শিক্ষা গ্রহণ কৰিলে, সেইভাৱেই আপোনালোকে চলিছে। আমি প্রভু যীচুত থাকি আপোনালোকক উদগাওঁ আৰু পৰামর্শ দিওঁ, আপোনালোকে যেন অধিককৈ সেইভাৱে জীৱন-যাপন কৰে।
1 Thessalonians 4 : 2 (IRVAS)
কাৰণ প্ৰভু যীচুৰ অধিকাৰৰ দ্বাৰাই আমি আপোনালোকক কি কি পৰামৰ্শ দিছিলোঁ, সেই বিষয়ে আপোনালোকে জানে।
1 Thessalonians 4 : 3 (IRVAS)
কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে, আপোনালোক যেন পবিত্ৰ হয় অর্থাৎ সকলো ধৰণৰ ব্যভিচাৰৰ পৰা যেন দূৰৈত থাকে।
1 Thessalonians 4 : 4 (IRVAS)
আপোনালোক প্রত্যেকে নিজৰ নিজৰ ভার্যাৰ লগত কেনেদৰে পবিত্রতাৰে আৰু সন্মানজনক ভাৱে সহবাস কৰিব লাগে, সেই বিষয়ে জানে।
1 Thessalonians 4 : 5 (IRVAS)
ঈশ্বৰক নজনা অনা-ইহুদী সকলৰ নিচিনা অবৈধ মাংসিক কামনাৰ বশত চলিব নালাগে।
1 Thessalonians 4 : 6 (IRVAS)
এই বিষয়ত কোনেও যেন সীমা পাৰ নহয় আৰু তেওঁৰ ভাইক নঠগায়; আমি আগেয়ে আপোনালোকক জনাইছিলোঁ আৰু সাৱধান কৰি দিছিলোঁ যে, এই সকলো পাপ বিষয়ৰ কাৰণে প্রভুৱে তেওঁলোকক দণ্ড দিব।
1 Thessalonians 4 : 7 (IRVAS)
কিয়নো ঈশ্বৰে আমাক অপবিত্রতালৈ নহয়, কিন্তু পবিত্ৰতালৈহে আমন্ত্ৰণ কৰিলে।
1 Thessalonians 4 : 8 (IRVAS)
এতেকে যি জনে এই শিক্ষা অগ্ৰাহ্য কৰে, তেওঁ মানুহক নহয়, কিন্তু যিজনে তেওঁৰ পবিত্ৰ আত্মা আপোনালোকক দান কৰিলে, সেই ঈশ্বৰকেই অগ্ৰাহ্য কৰে।
1 Thessalonians 4 : 9 (IRVAS)
ভাতৃপ্ৰেমৰ বিষয়ে হ’লে আপোনালোকলৈ লিখা অপ্ৰয়োজন; কিয়নো এজনে আন জনক প্রেম কৰাৰ শিক্ষা আপোনালোকে ঈশ্বৰৰ পৰাই শিকিছে।
1 Thessalonians 4 : 10 (IRVAS)
বাস্তৱতে সমুদায় মাকিদনিয়া প্রদেশৰ সকলো বিশ্বাসী ভাইকে আপোনালোকে প্রেম কৰে। কিন্তু হে ভাইসকল, আমাৰ পৰামর্শ এই যে, আপোনালোকে যেন প্রেমত অধিককৈ উপচি পৰে।
1 Thessalonians 4 : 11 (IRVAS)
আমি আপোনালোকক পুণৰ পৰামর্শ দিওঁ যে, আপোনালোকে শান্তিপূর্ণ জীৱন কটোৱাৰ বাবে আপ্রাণ চেষ্টা কৰক; আমি দিয়া আজ্ঞা অনুসাৰে নিজৰ কার্যত মনোযোগ দিয়ক, নিজ হাতেৰে পৰিশ্রম কৰিবলৈ ইচ্ছা কৰক।
1 Thessalonians 4 : 12 (IRVAS)
আপোনালোকে এনেদৰে জীৱন কটাওঁক যাতে বিশ্বাস নকৰা বাহিৰা লোকে আপোনালোকৰ সন্মানপূর্ণ উপযুক্ত আচাৰ-ব্যৱহাৰক মান্য কৰিব পাৰে আৰু এইদৰে আপোনালোকৰ যেন একোৰে অভাৱ নহয়।
1 Thessalonians 4 : 13 (IRVAS)
যীচু খ্রীষ্টৰ পুণৰাগমণ হে ভাইসকল, যিসকল লোক নিদ্রিত* সাধাৰণ অৰ্থত-মৃত্যু হ’ল তেওঁলোকৰ কি হ’ব সেই সম্বন্ধে আপোনালোকে একো নজনাকৈ থকাটো আমি নিবিচাৰোঁ; কাৰণ আশাহীন অন্য লোকৰ নিচিনাকৈ আপোনালোক শোকাকুল হোৱাটো আমি নিবিচাৰোঁ।
1 Thessalonians 4 : 14 (IRVAS)
কিয়নো যীচু মৰি পুনৰায় উঠিল, ইয়াক যদি আমি বিশ্বাস কৰোঁ, তেনেহলে আমি ইয়াকো বিশ্বাস কৰোঁ যে, ঈশ্বৰে যীচুৰ আশ্ৰয়ত মৃত্যু হোৱা সকলকো যীচুৰ লগত লৈ যাব।
1 Thessalonians 4 : 15 (IRVAS)
প্ৰভুৰ বাক্যৰ দ্বাৰাই আমি আপোনালোকক এই কথা কওঁ যে, আমি যিমান লোক জীয়াই আছোঁ আৰু প্ৰভুৰ আগমণত যিমান লোক অৱশিষ্ট থাকিম, আমি সকলোৱে কোনোমতে সেই মৃত লোক সকলতকৈ আগেয়ে নাযাওঁ।
1 Thessalonians 4 : 16 (IRVAS)
কিয়নো প্রভু নিজে জয়ধ্বনি, প্ৰধান স্বর্গৰ দূতৰ স্বৰ, আৰু ঈশ্বৰৰ তূৰী বাদ্যৰে সৈতে স্বৰ্গৰ পৰা নামি আহিব; তেতিয়া খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোক সকল প্ৰথমে উঠিব;
1 Thessalonians 4 : 17 (IRVAS)
তাৰ পাছত আমি যি সকল জীয়াই থাকিম, সেই সময়ত আকাশত প্ৰভুৰ লগ লবলৈ তেওঁলোকৰ সৈতে আমাকো মেঘৰ মাজত তুলি নিয়া হব আৰু এইদৰে আমি সদায় প্ৰভুৰ সাক্ষাতে থাকিম।
1 Thessalonians 4 : 18 (IRVAS)
এতেকে, এইবোৰ কথাৰ দ্বাৰাই আপোনালোকে পৰস্পৰক সান্ত্বনা দিয়ক।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18