1 Samuel 5 : 1 (IRVAS)
{নিয়ম চন্দুক ফিলিষ্টীয়াসকলৰ দেশত থকা। } পলেষ্টীয়াসকলে ঈশ্বৰৰ নিয়ম-চন্দুক আটক কৰি এবেন-এজৰৰ পৰা অচ্‌দোদলৈ নিলে।
1 Samuel 5 : 2 (IRVAS)
তাৰ পাছত পলেষ্টীয়াসকলে ঈশ্বৰৰ নিয়ম-চন্দুক দাগোন* পলেষ্টীয়াসকলৰ এজন দেৱতাৰ নাম ৰ মন্দিৰলৈ নিলে আৰু দাগোনৰ মূৰ্তিৰ কাষত ৰাখিলে।
1 Samuel 5 : 3 (IRVAS)
পাছদিনা অচ্‌দোদৰ লোকসকলে ৰাতিপুৱাতে উঠি দেখিলে যে, যিহোৱাৰ নিয়ম-চন্দুকৰ আগত দাগোনৰ মূৰ্তিটো তললৈ মুখ কৰি মাটিত পৰি আছে; সেয়ে তেওঁলোকে দাগোনৰ মূৰ্তিক তুলি পুনৰ নিজ ঠাইত ৰাখিলে।
1 Samuel 5 : 4 (IRVAS)
তাৰ পাছদিনাও তেওঁলোকে পুৱাতে উঠি দেখিলে যে, যিহোৱাৰ চন্দুকৰ সন্মুখত দাগোন মাটিত উবুৰি হৈ পৰি আছে, আৰু দাগোনৰ মুৰটো আৰু হাত দুখন কটাহৈ দুৱাৰ দলিত পৰি আছে; কেৱল তাৰ গাডোখৰ মাথোন অৱশিষ্ট থাকিল।
1 Samuel 5 : 5 (IRVAS)
সেই কাৰণে দাগোনৰ পুৰোহিত আদি কৰি যিমান লোক দাগোনৰ মন্দিৰত সোমায়, তেওঁলোকৰ মাজৰ কোনেও অচ্‌দোদত থকা দাগোনৰ দুৱাৰ ডলিত আজি পৰ্য্যন্ত ভৰি নিদিয়ে।
1 Samuel 5 : 6 (IRVAS)
অচ্‌দোদীয়া লোক সকলৰ ওপৰত যিহোৱাৰ হাত ভাৰযুক্ত আছিল, আৰু তেওঁ তেওঁলোকক ধংস কৰিলে, আৰু অচদোদৰ সীমালৈকে অনেক লোকক বিহ ফোঁহোৰাৰে আঘাত কৰিলে।
1 Samuel 5 : 7 (IRVAS)
অচ্‌দোদীয়া সকলে তাকে দেখি ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক আমাৰ ওচৰত থাকিব নোৱাৰে; কিয়নো আমাৰ ওপৰত আৰু আমাৰ দেৱতা দাগোনৰো ওপৰত তেওঁৰ হাত ক্লেশদায়ক হৈছে।”
1 Samuel 5 : 8 (IRVAS)
এই হেতুকে তেওঁলোকে মানুহ পঠাই পলেষ্টীয়াসকলৰ সকলো অধিপতিক নিজৰ ওচৰলৈ মাতি ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুকৰ বিষয়ে আমি কি কৰিম?” তেওঁলোকে ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক গাতলৈ নিয়া হওঁক।” তেতিয়া তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক সেই ঠাইলৈ লৈ গ’ল।
1 Samuel 5 : 9 (IRVAS)
কিন্তু এইদৰে লৈ যোৱাৰ পাছত যিহোৱাৰ হাত নগৰ খনৰ বিৰুদ্ধে অতিশয় ত্ৰাসযুক্ত হ’ল; তেওঁ নগৰখনৰ বৰ কি সৰু সকলোকে আঘাত কৰাত, তেওঁলোকৰ গাত বিহ ফোঁহোৰা ওলাল।
1 Samuel 5 : 10 (IRVAS)
সেয়ে, তেওঁলোকে যিহোৱাৰ চন্দুক ইক্ৰোণলৈ পঠালে। কিন্তু যিহোৱাৰ চন্দুক ইক্ৰোণলৈ অহাৰ পাছত, ইক্ৰোণীয়া সকলে চিঞৰি ক’লে, “আমাৰ মানুহবোৰক বধ কৰিবৰ বাবে তেওঁলোকে আমাৰ ওচৰলৈ ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক আনিলে।”
1 Samuel 5 : 11 (IRVAS)
তাকে দেখি তেওঁলোকে মানুহ পঠাই পলেষ্টীয়াসকলৰ সকলো অধিপতিক গোট খুৱাই ক’লে, “আমাৰ লোকসকলক যেন বধ নকৰে, তাৰ বাবে ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক ইয়াৰ পৰা পঠাই দিয়ক; নিজৰ ঠাইলৈ ইয়াক ঘূৰাই পঠাওঁক।” কিয়নো নগৰৰ সকলো ফালে মহামাৰীৰ ভয়ত লোকসকল ব্যাকুল হৈছিল; কাৰণ ঈশ্বৰৰ শাস্তি দিয়া হাত তেওঁলোকৰ বিৰুদ্ধে উঠিছিল।
1 Samuel 5 : 12 (IRVAS)
যি লোকসকৰ মৃত্যু হোৱা নাছিল, তেওঁলোক বিহ ফোঁহোৰাৰে পীড়িত হৈছিল; যাৰ ফলত নগৰৰ লোকসকলৰ আৰ্তনাদ আকাশলৈকে উঠিল।

1 2 3 4 5 6 7 8 9 10 11 12