1 John 4 : 1 (IRVAS)
হে প্ৰিয়সকল, অাপোনালোকে সকলো আত্মাত বিশ্বাস নকৰিব; কিন্তু সেই আত্মা ঈশ্বৰৰ হয় নে নহয়, সেই বিষয়ে জানিবৰ বাবে আত্মাবোৰ পৰীক্ষা কৰি চাব; কাৰণ জগতত বহুত ভুৱা ভাববাদী ওলাল।
1 John 4 : 2 (IRVAS)
অাপোনালোকে ঈশ্বৰৰ আত্মাক এনেদৰে জানিব পাৰিব, যীচু খ্ৰীষ্ট যে মাংসত আহিল, এই কথা যিবোৰ আত্মাই স্বীকাৰ কৰে, সেই আত্মা ঈশ্বৰৰ;
1 John 4 : 3 (IRVAS)
আৰু যি আত্মাই যীচুক স্বীকাৰ নকৰে, সেইবোৰ ঈশ্বৰৰ নহয়; সেয়ে খ্ৰীষ্টৰ শত্ৰুৰ * শত্ৰুৰ খ্ৰীষ্টাৰি আত্মা৷ এই বিষয়ে আপোনালোকে শুনিছে, এইবোৰ ইতিমধ্যে জগতত এতিয়া উপস্থিত হৈ আছে।
1 John 4 : 4 (IRVAS)
হে প্ৰিয় সন্তানসকল, অাপোনালোক হ’ল ঈশ্বৰৰ আৰু অাপোনালোকে সেই আত্মা† সেই আত্মা ভুৱা ভাববাদী বোৰৰ ওপৰত জয় কৰিলে; কিয়নো জগতত থকা জনতকৈ আপোনালোকত থকা জন মহান।
1 John 4 : 5 (IRVAS)
এই আত্মাবোৰ জগতৰ; এই কাৰণে জগতৰ কথাহে কয় আৰু জগতৰ লোক সকলেও এইবোৰৰ কথা শুনে।
1 John 4 : 6 (IRVAS)
আমি হ’লে ঈশ্বৰৰ লোক; যিজনে ঈশ্বৰক জানে, তেওঁ আমাৰ কথা শুনে; যিজন ঈশ্বৰৰ নহয়, তেওঁ আমাৰ কথা নুশুনে৷ ইয়াৰ দ্বাৰাই আমি সত্যৰ আত্মা আৰু ভ্ৰান্তিৰ আত্মাক জানিব পাৰোঁ।
1 John 4 : 7 (IRVAS)
হে প্ৰিয় লোকসকল আহক, আমি পৰস্পৰে প্ৰেম কৰোঁহক; কিয়নো প্ৰেম ঈশ্বৰৰ পৰা হয়৷ যি কোনোৱে প্ৰেম কৰে, তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা আৰু তেওঁ ঈশ্বৰক জানে।
1 John 4 : 8 (IRVAS)
যিজনে প্ৰেম নকৰে, তেওঁ ঈশ্বৰক নাজানে; কিয়নো ঈশ্বৰেই প্ৰেম।
1 John 4 : 9 (IRVAS)
ঈশ্বৰৰ একমাত্ৰ পুত্ৰৰ দ্বাৰাই আমি জীৱন লাভ কৰিবলৈ ঈশ্বৰে যে, তেওঁক জগতলৈ পঠালে, ইয়াতে আমাৰ বাবে ঈশ্বৰৰ প্ৰেম প্ৰকাশিত হ’ল৷
1 John 4 : 10 (IRVAS)
ঈশ্বৰক যে আমি প্ৰেম কৰিলোঁ, এনে নহয়; কিন্তু তেওঁহে আমাক প্ৰেম কৰিলে আৰু আমাৰ পাপৰ প্ৰায়শ্চিত্ত হ’বলৈ নিজ পুত্ৰক পঠাই দিলে, ইয়াতেই প্ৰেম আছে।‡ ৰো 5:8, 10৷
1 John 4 : 11 (IRVAS)
হে প্ৰিয়সকল, ঈশ্বৰে আমাক যদি এনে প্ৰেম কৰিলে, তেনেহলে আমিও পৰস্পৰে প্ৰেম কৰা উচিত।
1 John 4 : 12 (IRVAS)
ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই; আমি যদি পৰস্পৰে প্ৰেম কৰোঁ, তেনেহলে ঈশ্বৰ আমাৰ লগত থাকে আৰু তেওঁৰ প্ৰেম আমাৰ মাজত সিদ্ধ হয়।
1 John 4 : 13 (IRVAS)
আমি জানোঁ যে, তেওঁ আমাৰ মাজত আছে; আৰু আমিও তেওঁৰ লগত আছোঁ৷ এই বিষয়ে আমি জানো, কাৰণ ঈশ্বৰে তেওঁৰ আত্মাক আমাৰ বাবে দান কৰিলে৷
1 John 4 : 14 (IRVAS)
আমি দেখিছোঁ আৰু সাক্ষ্য দিছোঁ যে, পিতৃয়ে জগতৰ ত্ৰাণকৰ্তা হ’বলৈ তেওঁৰ পুত্ৰক পঠাই দিলে৷
1 John 4 : 15 (IRVAS)
যীচু যে ঈশ্বৰৰ পুত্ৰ; ইয়াক যিজনে স্বীকাৰ কৰে, ঈশ্বৰ তেওঁত থাকে আৰু তেৱোঁ ঈশ্বৰত থাকে।
1 John 4 : 16 (IRVAS)
আমালৈ ঈশ্বৰৰ প্ৰেম আছে, এই কথা আমি জানোঁ আৰু বিশ্বাসো কৰোঁ। ঈশ্বৰ প্ৰেম আৰু যি জন প্ৰেমত থাকে, তেওঁ ঈশ্বৰত থাকে আৰু ঈশ্বৰো তেওঁত থাকে।
1 John 4 : 17 (IRVAS)
এই প্ৰেমে আমাৰ ক্ষেত্ৰত এনেদৰে পূর্ণতা পালে যে, আমি সোধ-বিচাৰৰ দিনা আত্মবিশ্ৱাসী§ 1 যো 2:28; 3:21৷ হৈ থিয় হব পাৰিম; কিয়নো তেওঁ যেনেকুৱা, আমিও এই জগতত তেনেকুৱাই আছোঁ।
1 John 4 : 18 (IRVAS)
প্ৰেমত ভয় নাই, কিন্তু সিদ্ধ প্ৰেমে ভয়ক দূৰ কৰে; কাৰণ ভয়ৰ সৈতে শাস্তি জড়িত থাকে৷ কিন্তু যি জনে ভয় কৰে, তেওঁ প্ৰেমত সিদ্ধতা লাভ কৰা নাই৷
1 John 4 : 19 (IRVAS)
আমি প্ৰেম কৰোঁ, কাৰণ তেৱেঁই প্ৰথমে আমাক প্ৰেম কৰিলে৷
1 John 4 : 20 (IRVAS)
কোনোৱে যদি কয়, ‘মই ঈশ্বৰক প্ৰেম কৰোঁ’, কিন্তু তেওঁ যদি নিজ ভাইক ঘৃণা কৰে, তেনেহলে তেওঁ মিছলীয়া; কিয়নো ভাইক যদি তেওঁ দেখিও প্ৰেম কৰা নাই, তেনেহলে যি জনক দেখা নাই, এনে ঈশ্বৰক তেওঁ প্ৰেম কৰিব নোৱাৰে।
1 John 4 : 21 (IRVAS)
যিজনে ঈশ্বৰক প্ৰেম কৰে, তেওঁ আপোন ভাইকো প্ৰেম কৰক; এই আজ্ঞা* যো. 15:12 আমি তেওঁৰ পৰা পালোঁ।
❮
❯
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21