1 Corinthians 3 : 1 (IRVAS)
প্রচাৰক সকল; ঈশ্বৰৰ পৰিচাৰক প্রিয় ভাই আৰু ভনী সকল, মই আত্মিক লোকক কোৱাৰ দৰে আপোনালোকক ক’ব পৰা নাই, বৰং খ্রীষ্টত আপোনালোক শিশু হোৱাত, আপোনালোকৰ ওচৰত মাংসিক লোকক কোৱাৰ দৰে ক’লো।
1 Corinthians 3 : 2 (IRVAS)
মই আপোনালোকক টান আহাৰ নুখুৱাই, গাখীৰ খুৱাইছিলোঁ; কিয়নো তেতিয়া আপোনালোকে খাব নোৱাৰিছিল; এনে কি, এতিয়াও নোৱাৰে;
1 Corinthians 3 : 3 (IRVAS)
কাৰণ আপোনালোক এতিয়াও মাংসিক হৈ আছে। কিয়নো আপোনালোকৰ মাজত ঈৰ্ষা আৰু বিবাদ থকাত আপোনালোক জানো মাংসিক নহয়? মানুহৰ দৰেই আচাৰ-ব্যৱহাৰ নকৰে নে?
1 Corinthians 3 : 4 (IRVAS)
কিয়নো কোনোৱে “মই পৌলৰ লোক” আৰু আন কোনোৱে “মই আপল্লোৰ লোক” বুলি কোৱাত আপোনালোকে জানো জাগতিক মানুহৰ দৰেই ব্যৱহাৰ কৰা নাই?
1 Corinthians 3 : 5 (IRVAS)
তেনেহলে আপল্লো কোন? পৌলেই বা কোন? এওঁলোক ঈশ্বৰৰ পৰিচাৰক মাথোন; এওঁলোকৰ যোগেদি আপোনালোক বিশ্বাসী হ’ল। প্ৰভুৱে প্ৰতিজনকে নিজ নিজ কার্যবোৰ দিলে;
1 Corinthians 3 : 6 (IRVAS)
মই ৰুলো, আপল্লোৱে পানী দিলে, কিন্তু ঈশ্বৰেহে বঢ়ালে।
1 Corinthians 3 : 7 (IRVAS)
এতেকে ৰোওঁতা জন একো নহয় আৰু পানী দিওঁতা জনো একো নহয়; কিন্তু ঈশ্বৰ, যি জনে বৃদ্ধি কৰে, তেৱেঁই সকলো।
1 Corinthians 3 : 8 (IRVAS)
যি জনে ৰুৱে আৰু যি জনে পানী দিয়ে, দুয়ো এক। তেওঁলোক প্ৰতিজনে নিজৰ কৰ্ম অনুসাৰে নিজৰ পুৰস্কাৰ পাব।
1 Corinthians 3 : 9 (IRVAS)
কিয়নো আমি পৰস্পৰে ঈশ্বৰৰ সহকৰ্মী। আপোনালোক ঈশ্বৰৰ শস্যক্ষেত্ৰ, ঈশ্বৰে সজা গৃহস্বৰূপ।
1 Corinthians 3 : 10 (IRVAS)
ঈশ্বৰৰ যি অনুগ্ৰহ মোক দিয়া হ’ল, তাৰ দ্বাৰাই দক্ষ ঘৰ-সাজোঁতাৰ দৰে মই ভিত্তিমূল স্থাপন কৰিলোঁ আৰু তাৰ ওপৰত আনে সাজে। কিন্তু কেনেকৈ তেওঁ তাৰ ওপৰত সাজিছে, সেই বিষয়ত প্রত্যেকেই যেন সাৱধান হয়।
1 Corinthians 3 : 11 (IRVAS)
কিয়নো যি ভিত্তি আগেয়ে স্থাপন কৰা হ’ল, তাৰ বাহিৰে আন ভিত্তিমূল কোনেও স্থাপন কৰিব নোৱাৰে; যীচু খ্রীষ্টই হৈছে সেই ভিত্তিমূল।
1 Corinthians 3 : 12 (IRVAS)
এই ভিত্তিমূলৰ ওপৰত যদি সোণ, ৰূপ, মূল্যবান ৰত্ন, কাঠ, খেৰ বা নৰাৰে যদি কোনোৱে সাজে,
1 Corinthians 3 : 13 (IRVAS)
তেনেহলে তেওঁৰ কর্ম প্রকাশিত হ’ব; কিয়নো সেই দিনৰ[* সেইদিন: সেইদিনা খ্রীষ্ট সকলো লোকৰ বিচাৰৰ বাবে আহিব। ] পোহৰে তাক প্রকাশ কৰিব। কাৰণ সেইদিন অগ্নিত প্ৰকাশিত হ’ব; তাতে প্ৰতিজনৰ কৰ্ম কেনেকুৱা, অগ্নিয়ে নিজেই তাক পৰীক্ষা কৰিব।
1 Corinthians 3 : 14 (IRVAS)
তাৰ ওপৰত সজা কোনো জনৰ কৰ্ম যদি ৰয়, তেনেহলে তেওঁ পুৰস্কাৰ পাব।
1 Corinthians 3 : 15 (IRVAS)
আৰু কোনো জনৰ সজা কৰ্ম যদি পোৰে, তেনেহলে তেওঁৰ হানি হ’ব; অৱশ্যে তেওঁ নিজে উদ্ধাৰ পাব, যদিও তেওঁৰ অৱস্থা এনে লোকৰ দৰে হব, যি জনে অগ্নিৰ মাজেদি পাৰ হৈ ৰক্ষা পাব।
1 Corinthians 3 : 16 (IRVAS)
আপোনালোক যে ঈশ্বৰৰ মন্দিৰ, আৰু ঈশ্বৰৰ আত্মা যে আপোনালোকত নিবাস কৰে, ইয়াক আপোনালোকে নাজানে নে?
1 Corinthians 3 : 17 (IRVAS)
কোনোৱে যদি ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে, তেনেহলে ঈশ্বৰে তেওঁকো নষ্ট কৰিব; কিয়নো ঈশ্বৰৰ মন্দিৰ পবিত্ৰ আৰু আপোনালোকো তেনে পবিত্র।
1 Corinthians 3 : 18 (IRVAS)
কোনেও নিজকে নিজে নুভুলাওক। আপোনালোকৰ মাজৰ কোনোৱে যদি এই যুগৰ কথাত নিজকে জ্ঞানী বুলি ভাবে, তেনেহলে তেওঁ জ্ঞানী হ’বলৈ মূৰ্খ হওক।
1 Corinthians 3 : 19 (IRVAS)
কাৰণ ঈশ্বৰৰ দৃষ্টিত এই জগতৰ জ্ঞান মূৰ্খতাস্বৰূপ। কিয়নো লিখা আছে, ‘তেওঁ তেওঁ ঈশ্বৰে জ্ঞানী সকলক তেওঁলোকৰ ধুৰ্ত্ততাত ধৰে’। ইয়োব 5:13
1 Corinthians 3 : 20 (IRVAS)
পুনৰায়, “জ্ঞানী সকলৰ তৰ্ক-বিতৰ্ক অসাৰ বুলি প্ৰভুৱে জানে।” § গীত 94:11
1 Corinthians 3 : 21 (IRVAS)
এতেকে কোনেও যেন মানুহক লৈ গর্ব নকৰে! কিয়নো সকলো আপোনালোকৰেই;
1 Corinthians 3 : 22 (IRVAS)
পৌল, আপল্লো বা কৈফাই[* কৈফা - পিতৰৰ আন নাম। ] হওক নাইবা এই জগত, জীৱন বা মৃত্যুয়েই হওক, বৰ্তমান বা ভবিষ্যতৰ সকলো বিষয়, এই সকলো আপোনালোকৰ;
1 Corinthians 3 : 23 (IRVAS)
আপোনালোক খ্ৰীষ্টৰ আৰু খ্ৰীষ্ট ঈশ্বৰৰ।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23