1 Corinthians 10 : 1 (IRVAS)
সাৱধানতা আৰু ভাতৃ-প্ৰেম আদি হে প্ৰিয় ভাই আৰু ভনী সকল, আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই যে, আমাৰ পূৰ্বপুৰুষ সকল মেঘৰ* যা. 13:21 তলত আছিল, আৰু সকলোৱেই সাগৰৰ † যা. 14:22 মাজেদি পাৰ হৈছিল৷
1 Corinthians 10 : 2 (IRVAS)
মোচিৰ অনুকাৰী আৰু সমর্পিত হোৱাত সকলোৱে মেঘ আৰু সাগৰত বাপ্তাইজিত হ’ল৷
1 Corinthians 10 : 3 (IRVAS)
তেওঁলোক সকলোৱেই একে আত্মিক আহাৰ‡ যা. 16:15, 35 ভোজন কৰিছিল,
1 Corinthians 10 : 4 (IRVAS)
সকলোৱেই একে আত্মিক জল§ যা. 17:6 পান কৰিছিল৷ কিয়নো যি শিল তেওঁলোকৰ লগত গৈছিল, তাৰ পৰাই তেওঁলোকে পানীয় পান কৰিছিল; সেই শিলেই খ্ৰীষ্ট।
1 Corinthians 10 : 5 (IRVAS)
1 Corinthians 10 : 6 (IRVAS)
তথাপি তেওঁলোকৰ অধিক ভাগ লোকৰ ওপৰত ঈশ্বৰ সন্তুষ্ট নহ’ল; কিয়নো তাৰ প্ৰমাণ এই যে, তেওঁলোকক অৰণ্যতে নিপাত কৰা হ’ল।
1 Corinthians 10 : 7 (IRVAS)
এই সকলো ঘটনা আমালৈ আর্হি স্বৰূপ হ’ল; তেওঁলোকে যেনেকৈ কামনা কৰিছিল, আমিও যেন তেনেকৈ মন্দ বিষয়ৰ কামনা নকৰোঁ৷ তেওঁলোকৰ মাজৰ কিছুমানে যেনেকৈ মূৰ্তিপূজক হৈছিল, আপোনালোক তেনে নহ’ব; সেই বিষয়ে এনেদৰে লিখা আছে; “মানুহবোৰে ভোজন-পান কৰিবলৈ বহিল আৰু পাছত যৌন কামনাৰে নাচিবলৈ উঠিল”।
1 Corinthians 10 : 8 (IRVAS)
তেওঁলোকৰ কিছুমানে যেনেকৈ যৌনপাপ কৰাত; একেদিনাই একুৰি তিনি হাজাৰ মানুহ মৰা পৰিল, তেনেকৈ আমি ব্যভিচাৰ নকৰোঁহক।
1 Corinthians 10 : 9 (IRVAS)
তেওঁলোকৰ কিছুমানে যেনেকৈ ঈশ্বৰক পৰীক্ষা কৰাত, সাপৰ দ্বাৰাই বিনষ্ট হ’ল, তেনেকৈ আমি যেন খ্ৰীষ্টক পৰীক্ষা নকৰোঁ।
1 Corinthians 10 : 10 (IRVAS)
তেওঁলোকৰ কিছুমান লোক অসন্তুষ্ট হৈ ধ্বংসকাৰী স্বর্গৰ দূতৰ কবলত পৰি মৃত্যু হ’ল, আপোনালোক তেনেকৈ অসন্তুষ্ট নহ’ব৷
1 Corinthians 10 : 11 (IRVAS)
তেওঁলোকলৈ আৰ্হি স্বৰূপে এইবোৰ ঘটিছিল; আৰু শেষৰ যুগৰ মানুহ যি আমি, আমাক চেতনা দিবলৈ এইবোৰ লিখা আছে।
1 Corinthians 10 : 12 (IRVAS)
এই কাৰণে যি কোনোৱে স্থিৰ আছোঁ বুলি ভাবে, তেওঁ নপৰিবৰ বাবে সাৱধান হওক।
1 Corinthians 10 : 13 (IRVAS)
যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব।
1 Corinthians 10 : 14 (IRVAS)
এই কাৰণে, হে মোৰ প্ৰিয় ভাই আৰু ভনী সকল সকলো প্ৰকাৰৰ মূৰ্তিপূজাৰ পৰা দূৰৈত থাকক৷
1 Corinthians 10 : 15 (IRVAS)
মই আপোনালোকক বুদ্ধিমান যেন ভাবি কওঁ, আপোনালোকে নিজে মোৰ কথা বিবেচনা কৰি চাব৷
1 Corinthians 10 : 16 (IRVAS)
আমি যি আশীৰ্বাদৰ পানপাত্ৰক আশীৰ্বাদ কৰোঁ, সেয়ে খ্ৰীষ্টৰ তেজৰ সহভাগিতা নহয় নে? আৰু যি পিঠা ভাঙো, সেয়ে খ্ৰীষ্টৰ সহভাগিতা নহয় নে?
1 Corinthians 10 : 17 (IRVAS)
কিয়নো অনেক যি আমি, সকলোৱেই এক পিঠাত অংশ গ্ৰহণ কৰাৰ যোগেদি আমি অনেক লোক হলেও এক শৰীৰৰ ভাগী হলোঁ৷
1 Corinthians 10 : 18 (IRVAS)
ইস্ৰায়েল জাতিৰ কথা চিন্তা কৰক৷ চোৱা; যি লোকে উৎসৰ্গ কৰা বলিৰ মাংস খায়, তেওঁলোক বেদিৰ সহভাগী নহয় নে?
1 Corinthians 10 : 19 (IRVAS)
তেনেহলে মই কি কথা কৈছোঁ? দেৱতালৈ উৎসৰ্গ কৰা প্ৰসাদৰ কোনো তাৎপর্য আছে নে? বা মূৰ্তিবোৰৰ কোনো বাস্তবতা আছে?
1 Corinthians 10 : 20 (IRVAS)
তেনে নহয়; কিন্তু অনা-ইহুদী লোকে যি যি বলিদান কৰে, তাক ঈশ্বৰৰ উদ্দেশ্যে নহয়, ভূত, পিশাচৰ উদ্দেশ্যেহে কৰে, ইয়াকেহে কৈছোঁ; আৰু আপোনালোক ভূত, পিশাচৰ সহভাগী হোৱা মোৰ ইচ্ছা নাই।
1 Corinthians 10 : 21 (IRVAS)
আপোনালোকে প্ৰভুৰ পান-পাত্ৰ আৰু ভূত, পিশাচৰ পান-পাত্ৰ, এই উভয়ত পান কৰিব নোৱাৰে; প্ৰভুৰ মেজ আৰু ভূত, পিশাচৰ মেজ এই উভয়ৰে ভাগীও হ’ব নোৱাৰে।
1 Corinthians 10 : 22 (IRVAS)
নতুবা, আমি প্ৰভুৰ ঈৰ্ষা* দ্বি. বি. 6:15; 32:21 জন্মাব খুজিছোঁ নে কি? আমি জানো তেওঁতকৈ বলৱন্ত?
1 Corinthians 10 : 23 (IRVAS)
সকলো বিধান সন্মত, কিন্তু সকলোৱেই হিতজনক নহয়; সকলো অবাধ কিন্তু সকলোৱেই ধৰ্মত বৃদ্ধি নকৰে।
1 Corinthians 10 : 24 (IRVAS)
প্ৰতিজনে নিজৰ হিত নিবিচাৰি, পৰৰ হিত বিচাৰক।
1 Corinthians 10 : 25 (IRVAS)
যি কোনো বস্তু বজাৰত বেচে, দোষাদোষ জ্ঞানৰ কাৰণে একো নুসুধি-নুপুচি† নুসুধি-নুপুচি বিচাৰ নকৰাকৈ সেইবোৰ ভোজন কৰিব;
1 Corinthians 10 : 26 (IRVAS)
কিয়নো পৃথিৱী আৰু তাৰ পৰিপূৰ্ণতা প্ৰভুৰেই।
1 Corinthians 10 : 27 (IRVAS)
খ্ৰীষ্টত বিশ্বাস নকৰা সকলৰ কোনোৱে আপোনালোকক নিমন্ত্ৰণ কৰিলে, আপোনালোক যদি যাবলৈ সন্মত হয়, তেনেহলে দোষাদোষ জ্ঞানৰ কাৰণে একো নুসুধি-নুপুচি‡ নুসুধি-নুপুচি বিচাৰ নকৰাকৈ , যি কোনো বস্তু আপোনালোকৰ আগত থোৱা হয়, সেই বস্তুকে ভোজন কৰিব।
1 Corinthians 10 : 28 (IRVAS)
কিন্তু কোনোৱে যদি আপোনালোকক, “এয়ে বলি দিয়া আহাৰ হয় বুলি কয়”, তেনেহলে সেই কথা জনোৱা জনৰ কাৰণে আৰু দোষাদোষ জ্ঞানৰ কাৰণে, সেই দ্ৰব্য ভোজন নকৰিব।
1 Corinthians 10 : 29 (IRVAS)
দোষাদোষ জ্ঞান বুলি যে কৈছোঁ, সেয়ে আপোনাৰ নহয়, আনৰহে; কিয়নো মোৰ স্বাধীনতা অন্যৰ দোষাদোষ জ্ঞানৰ দ্বাৰাই কিয় সোধ-বিচাৰ কৰা হয়?
1 Corinthians 10 : 30 (IRVAS)
মই যদি কৃতজ্ঞতাৰে ভোজন কৰোঁ, তেনেহলে যি বস্তুৰ কাৰণে ধন্যবাদ কৰোঁ, তাৰ কাৰণে মই নিন্দিত হওঁ কিয়?
1 Corinthians 10 : 31 (IRVAS)
এতেকে আপোনালোকে ভোজন-পান আদি যি যি কৰ্ম কৰে, সকলোকে ঈশ্বৰৰ মহিমাৰ অৰ্থে কৰিব।
1 Corinthians 10 : 32 (IRVAS)
তেনেকৈ আপোনালোকো ইহুদী, কি গ্ৰীক বা ঈশ্বৰৰ মণ্ডলী কাৰো বিঘিনি জনক নহয়
1 Corinthians 10 : 33 (IRVAS)
কিন্তু অনেকে পৰিত্ৰাণ পাবলৈ, মই নিজৰ হিত নিবিচাৰি আনৰ হিত বিচাৰি, সকলো বিষয়তে সকলোকে সন্তুষ্ট কৰোঁ৷ তাতে সকলোৱে পৰিত্ৰাণ পায়৷
❮
❯