1 Chronicles 24 : 1 (IRVAS)
হাৰোণৰ বংশধৰ সকলৰ বিভাগসমূহ: নাদব, অবীহূ, ইলিয়াজৰ আৰু ঈথামৰ।
1 Chronicles 24 : 2 (IRVAS)
তেওঁলোকৰ পিতৃৰ মৃত্যু পূৰ্বেই নাদব আৰু অবীহূৰ মৃত্যু হয়। তেওঁলোকৰ সন্তান নাছিল, সেয়ে ইলিয়াজৰ আৰু ঈথামৰ পুৰোহিতৰ পৰিচৰ্যাত আছিল।
1 Chronicles 24 : 3 (IRVAS)
দায়ূদে একেলগে ইলিয়াজৰৰ বংশৰ চাদোকক, আৰু ঈথামৰৰ বংশৰ অহীমেলকক তেওঁলোকৰ পুৰোহিত পৰিচৰ্যাৰ কাৰণে বেলেগ বেলেগ দলত ভাগ কৰিলে।
1 Chronicles 24 : 4 (IRVAS)
ঈথামৰৰ বংশধৰ সকলতকৈ ইলিয়াজৰৰ বংশধৰ সকলৰ মাজত নেতৃত্ব লোৱা লোক বেছি আছিল। সেয়ে তেওঁলোকে ইলিয়াজৰৰ বংশধৰ সকলক ষোল্লটা দলত বিভক্ত কৰিছিল। তেওঁলোক ঈথামৰৰ বংশধৰ আৰু গোষ্ঠীৰ মূৰব্বী সকলৰ দ্ৱাৰাই এই সকলো কৰিছিল।
1 Chronicles 24 : 5 (IRVAS)
একো প্রভেদ নাৰাখি, তেওঁলোকক ইলিয়াজৰ আৰু ঈথামৰ দুয়োৰে বংশধৰ সকলৰ পৰা পবিত্রস্থানৰ কৰ্মচাৰীসকল, আৰু ঈশ্বৰৰ কৰ্মচাৰীসকলৰ বাবে একো প্রভেদ নাৰাখি, চিঠি খেলাই তেওঁলোকক বিভক্ত কৰিছিল।
1 Chronicles 24 : 6 (IRVAS)
1 Chronicles 24 : 7 (IRVAS)
লেবীয়া বংশৰ নথনেলৰ পুত্ৰ চমৰিয়া লিখকে ৰজাৰ, কৰ্মচাৰীৰ, চাদোক পুৰোহিতৰ, অবিয়াথৰৰ পুত্ৰ অহীমেলকৰ, আৰু পুৰোহিত সকলৰ নেতা ও লেবীয়া পৰিয়াল সকলৰ উপস্থিতিত তেওঁলোকৰ নাম লিখিলে। ইলিয়াজৰৰ বংশৰ পৰা এটা গোষ্ঠী আৰু ঈথামৰৰ বংশৰ পৰা এটা গোষ্ঠী চিঠি খেলৰ দ্ৱাৰাই নিৰ্বাচন কৰা হৈছিল। প্ৰথম চিঠি খেলত যিহোয়াৰীবৰ, দ্বিতীয় যিদয়াৰ,
1 Chronicles 24 : 8 (IRVAS)
তৃতীয়ৰ হাৰীমৰ, চতুৰ্থ চিয়োৰীমৰ,
1 Chronicles 24 : 9 (IRVAS)
পঞ্চম মল্কিয়াৰ, ষষ্ঠ মিয়ামীনৰ,
1 Chronicles 24 : 10 (IRVAS)
সপ্তম হক্কোচৰ, অষ্টম অবিয়াৰ,
1 Chronicles 24 : 11 (IRVAS)
নৱম যেচূয়াৰ, দশম চখনিয়াৰ,
1 Chronicles 24 : 12 (IRVAS)
একাদশ ইলীয়াচিবৰ, দ্বাদশ যাকীমৰ,
1 Chronicles 24 : 13 (IRVAS)
ত্ৰয়োদশ হুপ্পাৰ, চতুৰ্দ্দশ যেচেবাবৰ,
1 Chronicles 24 : 14 (IRVAS)
পঞ্চদশ বিলগাৰ, ষোড়শ ইম্মেৰৰ,
1 Chronicles 24 : 15 (IRVAS)
সপ্তদশ হেজীৰৰ, অষ্টাদশ হপ্পিচেৰৰ,
1 Chronicles 24 : 16 (IRVAS)
ঊনবিংশ পথহিয়াৰ, বিংশ যিহিষ্কেলৰ,
1 Chronicles 24 : 17 (IRVAS)
একবিংশ যাখীনৰ, দ্বাবিংশ গামূলৰ,
1 Chronicles 24 : 18 (IRVAS)
ত্ৰয়োবিংশ দলায়াৰ, চতুৰ্ব্বিংশ মাজিয়াৰ নাম উঠিল।
1 Chronicles 24 : 19 (IRVAS)
1 Chronicles 24 : 20 (IRVAS)
যেতিয়া তেওঁলোকে যিহোৱাৰ গৃহলৈ আহিব তেতিয়া ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকৰ ওপৰ-পিতৃ হাৰোণৰ দ্বাৰাই তেওঁলোকক দিয়া পদ্ধতিৰ দ্ৱাৰাই কৰা তেওঁলোকৰ পৰিচৰ্যাৰ আজ্ঞা সমূহ এইবিলাক আছিল। লেবীৰ অৱশিষ্ট বংশধৰসকল এওঁলোক: অম্ৰমৰ বংশধৰ সকলৰ মাজত চূবায়েল; চূবায়েলৰ বংশধৰ সকলৰ মাজত যেহদিয়া।
1 Chronicles 24 : 21 (IRVAS)
অম্ৰমৰ বংশধৰ সকলৰ মাজত যিচিয়া নেতা আছিল।
1 Chronicles 24 : 22 (IRVAS)
যিচহৰীয়াৰ বংশধৰ সকলৰ মাজত চলোমোৎ। চলোমোতৰ বংশধৰ সকলৰ মাজত যহৎ।
1 Chronicles 24 : 23 (IRVAS)
হিব্ৰাণৰ বংশধৰ সকলৰ মাজত প্ৰথম যিৰিয়া, দ্বিতীয় অমৰিয়া, তৃতীয় যহজীয়েল, আৰু চতুৰ্থ যিকমিয়াম।
1 Chronicles 24 : 24 (IRVAS)
উজ্জীয়েলৰ বংশধৰ সকলৰ মাজত মীখা। মীখাৰ বংশধৰ সকলৰ মাজত চামীৰ।
1 Chronicles 24 : 25 (IRVAS)
মীখাৰ ভায়েক যিচিয়া; যিচিয়াৰ পুত্র সকলৰ মাজত জখৰিয়া।
1 Chronicles 24 : 26 (IRVAS)
মৰাৰীৰ বংশধৰ সকলৰ মাজত মহলী আৰু মুচী; যাজিয়াৰ বংশধৰসকলৰ মাজত বিনো।
1 Chronicles 24 : 27 (IRVAS)
মৰাৰীৰ বংশধৰ সকলৰ মাজত যাজিয়া, বিনো, চোহম, জক্কুৰ, আৰু ইব্ৰী।
1 Chronicles 24 : 28 (IRVAS)
মহলীৰ বংশধৰ সকলৰ মাজত ইলীয়াজৰ; এওঁৰ পুত্ৰ নাছিল।
1 Chronicles 24 : 29 (IRVAS)
কীচৰ বংশধৰ সকলৰ মাজত যিৰহমেল।
1 Chronicles 24 : 30 (IRVAS)
মুচী বংশধৰ সকলৰ মাজত মহলী, এদৰ, আৰু যিৰীমোৎ। তেওঁলোকৰ পৰিয়াল অনুসাৰে তালিকাত থকা লেবীয়াসকল এওঁলোক।
1 Chronicles 24 : 31 (IRVAS)
দায়ুদ ৰজাৰ, চাদোকৰ, অহীমেলকৰ, আৰু পুৰোহিতসকলৰ আৰু লেবীয়াসকলৰ পৰিয়ালৰ নেতাসকলৰ উপস্থিতিত তেওঁলোকে পুনৰ চিঠি খেলালে। পৰিয়াল সকলৰ ডাঙৰ পুত্র সকলে সৰু সকলৰ লগত চিঠি খেলালে। হাৰোণৰ বংশধৰ সকলে কৰাৰ দৰেই এওঁলোকেও চিঠি খেলালে।
❮
❯