1 Chronicles 15 : 1 (IRVAS)
{যিৰূচালেমলৈ নিয়ম-চন্দুক অনা। দায়ূদৰ স্তুতি-গীত। } তাৰ পাছত দায়ূদে নিজৰ বাবে দায়ূদৰ নগৰত ঘৰবোৰ নিৰ্ম্মাণ কৰিলে। তেওঁ ঈশ্বৰৰ নিয়ম-চন্দুকৰ বাবে ঠাই যুগুত কৰিলে আৰু তাৰ বাবে এটা তম্বু তৰিলে।
1 Chronicles 15 : 2 (IRVAS)
তেতিয়া দায়ূদে ক’লে, “ঈশ্বৰৰ নিয়ম-চন্দুক কেৱল লেবীয়াসকলে বব পাৰিব, কাৰণ যিহোৱাই নিয়ম-চন্দুক ববলৈ আৰু সদা-সৰ্ব্বদাই তেওঁৰ পৰিচৰ্যা কৰিবলৈ তেওঁলোকক মনোনীত কৰিছে।”
1 Chronicles 15 : 3 (IRVAS)
দায়ূদে যি ঠাই যুগুত কৰিছিল, সেই ঠাইলৈ যিহোৱাৰ নিয়ম-চন্দুক আনিবৰ বাবে তেওঁ ইস্ৰায়েলৰ সকলো লোকক যিৰূচালেমত গোট খোৱালে।
1 Chronicles 15 : 4 (IRVAS)
1 Chronicles 15 : 5 (IRVAS)
দায়ূদে হাৰোণৰ বংশধৰসকলক আৰু লেবীয়াসকলক এক গোট কৰিলে। কহাতৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক উৰীয়েল, আৰু তেওঁৰ সম্বন্ধীয়সকল এশ বিশ জন আছিল।
1 Chronicles 15 : 6 (IRVAS)
মৰাৰীৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক অচায়া, আৰু তেওঁৰ সম্বন্ধীয়সকল দুশ বিশ জন আছিল।
1 Chronicles 15 : 7 (IRVAS)
গেৰ্চোমৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক যোৱেল, আৰু তেওঁৰ সম্বন্ধীয়সকল এশ ত্ৰিশ জন আছিল।
1 Chronicles 15 : 8 (IRVAS)
ইলিচাফনৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক চময়িয়া, আৰু তেওঁৰ সম্বন্ধীয়সকল দুশ জন আছিল।
1 Chronicles 15 : 9 (IRVAS)
হিব্ৰোণৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক ইলীয়েল, আৰু তেওঁৰ সম্বন্ধীয়সকল আশী জন আছিল।
1 Chronicles 15 : 10 (IRVAS)
উজ্জীয়েলৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক অম্মীনাদব, আৰু তেওঁৰ সম্বন্ধীয়সকল এশ বাৰ জন আছিল।
1 Chronicles 15 : 11 (IRVAS)
দায়ূদে চাদোক আৰু অবিয়াথৰ পুৰোহিতক, আৰু লেবীয়া উৰীয়েল, অচায়া, যোৱেল, চময়িয়া, ইলীয়েল, আৰু অম্মীনাদবক মাতিলে।
1 Chronicles 15 : 12 (IRVAS)
তেওঁ তেওঁলোকক ক’লে, “তোমালোক লেবীয়াসকলৰ বংশৰ মূল মানুহ। মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ বাবে যি ঠাই যুগুত কৰিছোঁ, সেই ঠাইলৈ যাতে এই নিয়ম-চন্দুক আনিব পাৰোঁ, তাৰ বাবে তুমি আৰু তোমাৰ ভাইসকলে নিজকে পবিত্ৰ কৰা।
1 Chronicles 15 : 13 (IRVAS)
প্রথম বাৰ তোমালোকে তাক বৈ অনা নাই। এই কাৰণে আমাৰ ঈশ্বৰ যিহোৱাই আমাক আঘাত কৰিলে। কাৰণ আমি তেওঁৰ আজ্ঞা অনুসাৰে তেওঁক বিচাৰা নাছিলোঁ বা বাধ্য হোৱা নাছিলোঁ।”
1 Chronicles 15 : 14 (IRVAS)
সেয়ে পুৰোহিত আৰু লেবীয়াসকলে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুক আনিবৰ বাবে নিজকে পবিত্ৰ কৰিলে।
1 Chronicles 15 : 15 (IRVAS)
যিহোৱাৰ বাক্য অনুসাৰে মোচিয়ে যেনেকৈ আজ্ঞা কৰিছিল, তেনেকৈ লেবীয়াসকলে কাঠৰ দীঘল মাৰিৰে নিজৰ কান্ধত যিহোৱাৰ নিয়ম-চন্দুক বৈ ল’লে।
1 Chronicles 15 : 16 (IRVAS)
দায়ূদে লেবীয়াসকলৰ মুখ্য লোকসকলক ক’লে, যে, তেওঁলোকৰ বাদ্যকৰ ভাইসকলক বাদ্যযন্ত্রৰ সৈতে নেবল, বীণা, আৰু তাল বজাই মহা-ধ্বনি কৰি আৰু আনন্দেৰে উচ্চ-স্ৱৰে গীত-গান কৰিবলৈ নিযুক্ত কৰক।
1 Chronicles 15 : 17 (IRVAS)
সেয়ে লেবীয়াসকলে যোৱেলৰ পুত্ৰ হেমনক আৰু তেওঁৰ ভায়েকৰ মাজৰ এজন, বেৰেখিয়াৰ পুত্ৰ আচফক, তেওঁলোক মৰাৰীৰ বংশধৰৰ সম্বন্ধীয় আৰু কুচায়াৰ পুত্ৰ এথনকো নিযুক্ত কৰিছিল।
1 Chronicles 15 : 18 (IRVAS)
তেওঁলোকৰ লগত তেওঁলোকৰ দ্বিতীয় শ্ৰেণীৰ সম্বন্ধীয়: জখৰিয়া, বেন, যাজীয়েল, চমীৰামোৎ, যিহীয়েল, উন্নী, ইলীয়াব, বনায়া, মাচেয়া, মত্তিথিয়া, ইলীফলেহু, মিক্নেয়া, ওবেদ-ইদোম আৰু দুৱৰী যিয়ীয়েলক নিযুক্ত কৰিলে।
1 Chronicles 15 : 19 (IRVAS)
বাদ্যকৰ হেমন, আচফ, আৰু এথনক পিতলৰ তালেৰে মহা-ধ্বনি কৰিবলৈ নিযুক্ত কৰিছিল,
1 Chronicles 15 : 20 (IRVAS)
জখৰিয়া, অজীয়েল, চমীৰামোৎ, যিহীয়েল, উন্নী, ইলীয়াব, মাচেয়া, আৰু বনায়া, এওঁলোকক অলামোৎ সুৰত বেহেলা বজাবলৈ,
1 Chronicles 15 : 21 (IRVAS)
মত্তিথিয়া, ইলীফলেহু, মিক্নেয়া, ওবেদ-ইদোম, যিয়ীয়েল, আৰু অজজীয়াক চিমিনীৎ সুৰত বীণা বজাবলৈ প্ৰধান বাদ্যকৰ হ’বলৈ নিযুক্ত কৰা হ’ল।
1 Chronicles 15 : 22 (IRVAS)
লেবীয়াসকলৰ মাজত কননিয়া মুখ্য গায়ক আছিল, তেওঁ গীত পৰিচালনা কৰিছিল, কাৰণ তেওঁ নিপুণ আছিল।
1 Chronicles 15 : 23 (IRVAS)
বেৰেখিয়া আৰু ইলকানা নিয়ম-চন্দুকৰ ৰখীয়া আছিল।
1 Chronicles 15 : 24 (IRVAS)
চবনিয়া, যোচাফট, নথনেল, অমাচয়, জখৰিয়া, বনায়া, আৰু ইলীয়েজৰ, পুৰোহিতসকলে ঈশ্বৰৰ নিয়ম-চন্দুকৰ সন্মুখত তূৰী বজাইছিল। ওবেদ-ইদোম আৰু যিহিয়া নিয়ম-চন্দুকৰ ৰখীয়া আছিল।
1 Chronicles 15 : 25 (IRVAS)
সেয়ে দায়ুদ, ইস্ৰায়েলৰ বৃদ্ধসকল, আৰু সহস্ৰপতিসকলে আনন্দ কৰি কৰি, ওবেদ-ইদোমৰ ঘৰৰ পৰা যিহোৱাৰ নিয়ম-চন্দুক আনিবলৈ গ’ল।
1 Chronicles 15 : 26 (IRVAS)
যিহোৱাৰ নিয়ম-চন্দুক বৈ আনিবলৈ লেবীয়াসকলক ঈশ্বৰে সহায় কৰিছিল, আৰু তেওঁলোকে সতোটা ষাঁড়-গৰু আৰু সাতোটা মেৰ উৎসৰ্গ কৰিছিল।
1 Chronicles 15 : 27 (IRVAS)
দায়ুদ, নিয়ম-চন্দুক বৈ অনা লেবীয়াসকল, গায়কসকল, আৰু গায়কসকলৰ লগত গীতৰ পৰিচালক কননিয়া, এওঁলোক সকলোৱে মিহি শণ সুতাৰ চোলা পিন্ধিছিল। দায়ূদে শণ সূতাৰ এফোদ কাপোৰ পিন্ধিছিল।
1 Chronicles 15 : 28 (IRVAS)
এইদৰে ইস্ৰায়েলৰ সকলোৱে মহা জয়-ধ্বনিৰে, শিঙাৰ শব্দেৰে, তালেৰে, বেহেলাৰে আৰু বীণাৰ মহা-ধ্বনিৰে যিহোৱাৰ নিয়ম-চন্দুক লৈ আহিছিল।
1 Chronicles 15 : 29 (IRVAS)
কিন্তু যিহোৱাৰ নিয়ম-চন্দুক দায়ূদৰ নগৰত সোমাওঁতে, চৌলৰ জীয়েক মীখলে, খিড়িকিয়েদি চাই দেখিলে যে, দায়ুদ ৰজাই নাচি নাচি আনন্দ কৰি আছিল। তেতিয়া তেওঁ নিজৰ অন্তৰতে দায়ূদক হেয়জ্ঞান কৰিলে।
❮
❯