অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: কোৰহৰ বংশৰ ৰচিত গীত। } [QS]হে যিহোৱা, তুমি তোমাৰ দেশৰ প্রতি দয়া দেখুৱালা। [QE][QS]তুমি যাকোবৰ ভৱিষ্যত পুনৰ স্থাপন কৰিলা। [QE]
2. [QS]তোমাৰ লোকসকলৰ অপৰাধ তুমি ক্ষমা কৰিলা; [QE][QS]তুমি তেওঁলোকৰ সকলো পাপ ঢাকিলা। (চেলা) [QE]
3. [QS]তোমাৰ সকলো ক্রোধ তুমি দূৰ কৰি দিলা আৰু তোমাৰ প্ৰচণ্ড কোপৰ পৰা তুমি ঘূৰি আহিলা। [QE]
4. [QS]হে আমাৰ পৰিত্ৰাণৰ ঈশ্বৰ, তুমি আমাক পুনৰ উদ্ধাৰ কৰা; [QE][QS]আমাৰ প্রতি থকা তোমাৰ ঘৃণামিশ্রিত ক্ৰোধ দূৰ কৰা। [QE]
5. [QS]তুমি চিৰকালেই আমাৰ ওপৰত ক্ৰোধ কৰি থাকিবা নেকি? [QE][QS]সৰ্ব্ব পুৰুষলৈকে তুমি তোমাৰ ক্ৰোধ ধৰি ৰাখিবা নেকি? [QE]
6. [QS]তোমাৰ লোকসকলে যাতে তোমাত আনন্দ কৰিব পাৰে, [QE][QS]তাৰবাবে তুমি জানো আমাক পুণৰায় জাগৰিত নকৰিবা? [QE]
7. [QS]হে যিহোৱা, তোমাৰ দৃঢ় প্রেম তুমি আমাক দেখুউৱা; [QE][QS]তোমাৰ পৰিত্ৰাণ আমাক দান কৰা। [QE]
8. [QS]ঈশ্বৰ যিহোৱাই যিহকে ক’ব, মই তাকেই শুনিম; [QE][QS]কিয়নো তেওঁ নিজৰ লোকসকলক আৰু নিজৰ বিশ্বাসী অনুগামীসকলক শান্তিৰ কথা ক’ব, [QE][QS]যেন সেই লোকসকল পুনৰ মুর্খতাৰ ফালে ঘূৰি নাযায়। [QE]
9. [QS]তেওঁক ভয় কৰা সকললৈ স্বৰূপেই তেওঁৰ পৰিত্ৰাণৰ সময় তেওঁলোকৰ বাবে সন্নিকট; [QE][QS]তাতে আমাৰ দেশত তেওঁৰ মহিমাই বিৰাজ কৰিব। [QE]
10. [QS]গভীৰ প্রেম আৰু বিশ্ৱস্ততাৰ মিলন ঘটিব; [QE][QS]ধাৰ্মিকতা আৰু শান্তিয়ে পৰস্পৰে চুম্বন কৰিব। [QE]
11. [QS]দেশৰ ভূমিৰ পৰা বিশ্ৱস্ততাৰ গজালি ওলাব; [QE][QS]স্বৰ্গৰ পৰা ধাৰ্মিকতাই তললৈ দৃষ্টি কৰিব। [QE]
12. [QS]যি যি উত্তম, যিহোৱাই নিশ্চয়ে তাক দান কৰিব। [QE][QS]আমাৰ দেশে নিজৰ শস্য উৎপন্ন কৰিব। [QE]
13. [QS]ধাৰ্মিকতা যিহোৱাৰ আগে আগে চলিব; [QE][QS]তেওঁৰ খোজৰ চিহ্নত ধার্মিকতাই এটি পথ প্রস্তুত কৰিব। [QE]
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 85 / 150
1 {প্ৰধান বাদ্যকৰৰ নিমিত্তে: কোৰহৰ বংশৰ ৰচিত গীত। } হে যিহোৱা, তুমি তোমাৰ দেশৰ প্রতি দয়া দেখুৱালা। তুমি যাকোবৰ ভৱিষ্যত পুনৰ স্থাপন কৰিলা। 2 তোমাৰ লোকসকলৰ অপৰাধ তুমি ক্ষমা কৰিলা; তুমি তেওঁলোকৰ সকলো পাপ ঢাকিলা। (চেলা) 3 তোমাৰ সকলো ক্রোধ তুমি দূৰ কৰি দিলা আৰু তোমাৰ প্ৰচণ্ড কোপৰ পৰা তুমি ঘূৰি আহিলা। 4 হে আমাৰ পৰিত্ৰাণৰ ঈশ্বৰ, তুমি আমাক পুনৰ উদ্ধাৰ কৰা; আমাৰ প্রতি থকা তোমাৰ ঘৃণামিশ্রিত ক্ৰোধ দূৰ কৰা। 5 তুমি চিৰকালেই আমাৰ ওপৰত ক্ৰোধ কৰি থাকিবা নেকি? সৰ্ব্ব পুৰুষলৈকে তুমি তোমাৰ ক্ৰোধ ধৰি ৰাখিবা নেকি? 6 তোমাৰ লোকসকলে যাতে তোমাত আনন্দ কৰিব পাৰে, তাৰবাবে তুমি জানো আমাক পুণৰায় জাগৰিত নকৰিবা? 7 হে যিহোৱা, তোমাৰ দৃঢ় প্রেম তুমি আমাক দেখুউৱা; তোমাৰ পৰিত্ৰাণ আমাক দান কৰা। 8 ঈশ্বৰ যিহোৱাই যিহকে ক’ব, মই তাকেই শুনিম; কিয়নো তেওঁ নিজৰ লোকসকলক আৰু নিজৰ বিশ্বাসী অনুগামীসকলক শান্তিৰ কথা ক’ব, যেন সেই লোকসকল পুনৰ মুর্খতাৰ ফালে ঘূৰি নাযায়। 9 তেওঁক ভয় কৰা সকললৈ স্বৰূপেই তেওঁৰ পৰিত্ৰাণৰ সময় তেওঁলোকৰ বাবে সন্নিকট; তাতে আমাৰ দেশত তেওঁৰ মহিমাই বিৰাজ কৰিব। 10 গভীৰ প্রেম আৰু বিশ্ৱস্ততাৰ মিলন ঘটিব; ধাৰ্মিকতা আৰু শান্তিয়ে পৰস্পৰে চুম্বন কৰিব। 11 দেশৰ ভূমিৰ পৰা বিশ্ৱস্ততাৰ গজালি ওলাব; স্বৰ্গৰ পৰা ধাৰ্মিকতাই তললৈ দৃষ্টি কৰিব। 12 যি যি উত্তম, যিহোৱাই নিশ্চয়ে তাক দান কৰিব। আমাৰ দেশে নিজৰ শস্য উৎপন্ন কৰিব। 13 ধাৰ্মিকতা যিহোৱাৰ আগে আগে চলিব; তেওঁৰ খোজৰ চিহ্নত ধার্মিকতাই এটি পথ প্রস্তুত কৰিব।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 85 / 150
×

Alert

×

Assamese Letters Keypad References