অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {#1ইস্রায়েলৰ প্রতি ঈশ্বৰৰ প্রেম } [QS]ইস্ৰায়েল যেতিয়া শিশু আছিল তেতিয়া মই তেওঁক প্ৰেম কৰিছিলোঁ, [QE][QS2]মই মিচৰৰ পৰা মোৰ পুত্ৰক মাতি আনিছিলোঁ। [QE]
2. [QS]মই তেওঁলোকক যিমানে মাতিছিলোঁ, [QE][QS]সিমানেই তেওঁলোক মোৰ ওচৰৰ পৰা দূৰলৈ আঁতৰি গ’ল[* তেওঁলোকৰ ওচৰলৈ মই যিমান আহিছিলো, তেওঁলোক সিমানে মোৰ পৰা দূৰলৈ আতৰি গৈছে। ]; [QE][QS]তেওঁলোকে বাল দেৱতাবোৰৰ উদ্দেশ্যে বলি উৎসর্গ কৰিছিল, [QE][QS]আৰু কটা মূৰ্ত্তিবোৰৰ কাৰণে ধূপ জ্বলাইছিল। [QE]
3. [QS]তথাপিও ময়েই ইফ্ৰয়িমক খোজ কাঢ়িবলৈ শিকালোঁ। [QE][QS]ময়েই তেওঁক মোৰ কোলাত লৈ ফুৰিলোঁ; [QE][QS]কিন্তু তেওঁলোকে নাজানিলে যে মই তেওঁলোকৰ কাৰণে চিন্তা কৰোঁ। [QE]
4. [QS]মই তেওঁলোকক প্ৰেমজৰী আৰু প্রেমৰ বান্ধোনেৰে চলাই আনিলোঁ; [QE][QS]মই তেওঁলোকৰ বাবে কান্ধৰ ওপৰৰ পৰা যুৱলিখন তুলি ধৰা লোকৰ নিচিনা হলোঁ; [QE][QS]পাছত কুজাঁ হৈ তেওঁলোকক আহাৰ খোৱাই প্রতিপালন কৰিলোঁ। [QE]
5. [QS]যিহেতু ইস্রায়েলীয়াসকল মোলৈ উলটি আহিবলৈ অসন্মত হ’ল, [QE][QS]সেয়ে তেওঁলোক মিচৰলৈ উলটি নাযাব। [QE][QS]আৰু অচূৰীয়াই তেওঁলোকৰ ওপৰত শাসন কৰিব। [QE]
6. [QS]তেওঁলোকৰ নগৰবোৰৰ ওপৰত যুদ্ধৰ তৰোৱাল পৰিব; [QE][QS]তাতে তেওঁলোকৰ দুৱাৰবোৰৰ ডাংবোৰ নষ্ট হ’ব; [QE][QS]নিজৰ পৰিকল্পনাৰ দ্বাৰাই তেওঁলোক বিনষ্ট হ’ব। [QE]
7. [QS]মোৰ লোকসকল মোৰ পৰা ঘূৰি যাবলৈ স্থিৰ কৰিছে; [QE][QS]যদিও তেওঁলোকে মোক অর্থাৎ অতি উর্দ্ধত থকা জনাক মাতিলেও, [QE][QS]তেওঁ তেওঁলোকক মুঠেই উর্দ্ধত তুলি নলব। [QE]
8. [QS]হে ইফ্ৰয়িম, মই তোমাক কেনেকৈ ত্যাগ কৰিম? [QE][QS]হে ইস্ৰায়েল, মই তোমাক কেনেকৈ আনৰ হাতত শোধাই দিম? [QE][QS]মই তোমাক কেনেকৈ অদ্মাৰ নিচিনা কৰিম? [QE][QS]মই তোমাৰ অৱস্থা কেনেকৈ চবোয়ীমৰ নিচিনা কৰিম? [QE][QS]মোৰ হৃদয় ব্যাকুল হৈছে; [QE][QS]মোৰ সকলো মমতা জাগি উঠিছে। [QE]
9. [QS]মোৰ প্ৰচণ্ড ক্ৰোধ মই তোমালোক[† নগৰৰ বিৰুদ্ধে নাহিম। ]ৰ বিৰুদ্ধে প্রকাশ নকৰিম; [QE][QS]মই ইফ্ৰয়িমক পুনৰ বিনষ্ট নকৰিম; [QE][QS]কিয়নো মই ঈশ্বৰ, মানুহ নহওঁ; [QE][QS]মই তোমালোকৰ মাজত থকা পবিত্ৰ জনা; [QE][QS]মই ক্ৰোধেৰে উপস্থিত নহম। [QE]
10. [QS]তোমাৰ লোকসকল মোৰ (যিহোৱাৰ) পাছত চলিব; [QE][QS]মই সিংহৰ নিচিনাকৈ গৰ্জ্জন কৰি মাতিম; [QE][QS]মই গৰ্জ্জন কৰি মাতিলে মোৰ সন্তান সকল পশ্চিম ফালৰ পৰা কঁপি কঁপি আহিব। [QE]
11. [QS]মিচৰ দেশৰ পৰা চৰাইৰ নিচিনাকৈ, [QE][QS]অচূৰীয়াৰ পৰা কপৌৰ নিচিনাকৈ তেওঁলোক কপিঁ কপিঁ আহিব; [QE][QS]মই তেওঁলোকক নিজ নিজ ঘৰত বাস কৰাম। [QE][QS]মই যিহোৱাই এই কথা কৈছো। [QE]
12. [QS]যিহোৱাই কৈছে, “ইফ্ৰয়িমৰ মিছা কথা, [QE][QS]ইস্ৰায়েল বংশৰ ছলনাই মোক চাৰিওফালে বেৰি ৰাখিছে; [QE][QS]কিন্তু যিহূদাই এতিয়াও মোৰ অর্থাৎ ঈশ্বৰৰ লগত অহা-যোৱা কৰিছে [QE][QS]আৰু মোলৈ অর্থাৎ পবিত্ৰ জনালৈ বিশ্বস্ত হৈ আছে। [QE]

ৰেকৰ্ডসমূহ

মুঠ 14 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 11 / 14
1 2 3 4 5 6 7 8 9 10 11 12 13 14
ইস্রায়েলৰ প্রতি ঈশ্বৰৰ প্রেম 1 ইস্ৰায়েল যেতিয়া শিশু আছিল তেতিয়া মই তেওঁক প্ৰেম কৰিছিলোঁ, মই মিচৰৰ পৰা মোৰ পুত্ৰক মাতি আনিছিলোঁ। 2 মই তেওঁলোকক যিমানে মাতিছিলোঁ, সিমানেই তেওঁলোক মোৰ ওচৰৰ পৰা দূৰলৈ আঁতৰি গ’ল[* তেওঁলোকৰ ওচৰলৈ মই যিমান আহিছিলো, তেওঁলোক সিমানে মোৰ পৰা দূৰলৈ আতৰি গৈছে। ]; তেওঁলোকে বাল দেৱতাবোৰৰ উদ্দেশ্যে বলি উৎসর্গ কৰিছিল, আৰু কটা মূৰ্ত্তিবোৰৰ কাৰণে ধূপ জ্বলাইছিল। 3 তথাপিও ময়েই ইফ্ৰয়িমক খোজ কাঢ়িবলৈ শিকালোঁ। ময়েই তেওঁক মোৰ কোলাত লৈ ফুৰিলোঁ; কিন্তু তেওঁলোকে নাজানিলে যে মই তেওঁলোকৰ কাৰণে চিন্তা কৰোঁ। 4 মই তেওঁলোকক প্ৰেমজৰী আৰু প্রেমৰ বান্ধোনেৰে চলাই আনিলোঁ; মই তেওঁলোকৰ বাবে কান্ধৰ ওপৰৰ পৰা যুৱলিখন তুলি ধৰা লোকৰ নিচিনা হলোঁ; পাছত কুজাঁ হৈ তেওঁলোকক আহাৰ খোৱাই প্রতিপালন কৰিলোঁ। 5 যিহেতু ইস্রায়েলীয়াসকল মোলৈ উলটি আহিবলৈ অসন্মত হ’ল, সেয়ে তেওঁলোক মিচৰলৈ উলটি নাযাব। আৰু অচূৰীয়াই তেওঁলোকৰ ওপৰত শাসন কৰিব। 6 তেওঁলোকৰ নগৰবোৰৰ ওপৰত যুদ্ধৰ তৰোৱাল পৰিব; তাতে তেওঁলোকৰ দুৱাৰবোৰৰ ডাংবোৰ নষ্ট হ’ব; নিজৰ পৰিকল্পনাৰ দ্বাৰাই তেওঁলোক বিনষ্ট হ’ব। 7 মোৰ লোকসকল মোৰ পৰা ঘূৰি যাবলৈ স্থিৰ কৰিছে; যদিও তেওঁলোকে মোক অর্থাৎ অতি উর্দ্ধত থকা জনাক মাতিলেও, তেওঁ তেওঁলোকক মুঠেই উর্দ্ধত তুলি নলব। 8 হে ইফ্ৰয়িম, মই তোমাক কেনেকৈ ত্যাগ কৰিম? হে ইস্ৰায়েল, মই তোমাক কেনেকৈ আনৰ হাতত শোধাই দিম? মই তোমাক কেনেকৈ অদ্মাৰ নিচিনা কৰিম? মই তোমাৰ অৱস্থা কেনেকৈ চবোয়ীমৰ নিচিনা কৰিম? মোৰ হৃদয় ব্যাকুল হৈছে; মোৰ সকলো মমতা জাগি উঠিছে। 9 মোৰ প্ৰচণ্ড ক্ৰোধ মই তোমালোক[† নগৰৰ বিৰুদ্ধে নাহিম। ]ৰ বিৰুদ্ধে প্রকাশ নকৰিম; মই ইফ্ৰয়িমক পুনৰ বিনষ্ট নকৰিম; কিয়নো মই ঈশ্বৰ, মানুহ নহওঁ; মই তোমালোকৰ মাজত থকা পবিত্ৰ জনা; মই ক্ৰোধেৰে উপস্থিত নহম। 10 তোমাৰ লোকসকল মোৰ (যিহোৱাৰ) পাছত চলিব; মই সিংহৰ নিচিনাকৈ গৰ্জ্জন কৰি মাতিম; মই গৰ্জ্জন কৰি মাতিলে মোৰ সন্তান সকল পশ্চিম ফালৰ পৰা কঁপি কঁপি আহিব। 11 মিচৰ দেশৰ পৰা চৰাইৰ নিচিনাকৈ, অচূৰীয়াৰ পৰা কপৌৰ নিচিনাকৈ তেওঁলোক কপিঁ কপিঁ আহিব; মই তেওঁলোকক নিজ নিজ ঘৰত বাস কৰাম। মই যিহোৱাই এই কথা কৈছো। 12 যিহোৱাই কৈছে, “ইফ্ৰয়িমৰ মিছা কথা, ইস্ৰায়েল বংশৰ ছলনাই মোক চাৰিওফালে বেৰি ৰাখিছে; কিন্তু যিহূদাই এতিয়াও মোৰ অর্থাৎ ঈশ্বৰৰ লগত অহা-যোৱা কৰিছে আৰু মোলৈ অর্থাৎ পবিত্ৰ জনালৈ বিশ্বস্ত হৈ আছে।
মুঠ 14 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 11 / 14
1 2 3 4 5 6 7 8 9 10 11 12 13 14
×

Alert

×

Assamese Letters Keypad References