অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: সুৰ: চোচন্নীম। কোৰহৰ বংশৰ মচকীল নামৰ প্ৰেম সঙ্গীত। } [QS]মোৰ হৃদয় ভাল সুন্দৰ ভাৱধাৰাৰে ভৰি পৰিছে; [QE][QS]ৰজাৰ উদ্দেশ্যে মই কবিতা ৰচিছো; [QE][QS]মোৰ জিভা লেখকৰ কলমৰ দৰে হৈ উঠিছে। [QE]
2. [QS]মানুহৰ সন্তান সকলতকৈ তুমি পৰম সুন্দৰ; [QE][QS]তোমাৰ ওঁঠযোৰি অনুগ্ৰহেৰে পৰিপূৰ্ণ; [QE][QS]ঈশ্বৰে চিৰকাললৈকে তোমাক আশীৰ্ব্বাদ কৰিলে। [QE]
3. [QS]হে বীৰ, তোমাৰ তৰোৱাল কঁকালত বান্ধি লোৱা; [QE][QS]গৌৰৱ আৰু মহিমাৰ সাজত তুমি বিভূষিত হোৱা। [QE]
4. [QS]ধার্মিকতাযুক্ত সত্য আৰু নম্রতাৰ পক্ষে তুমি নিজৰ গৌৰৱত বিজয়ীৰ দৰে যাত্রা কৰা; [QE][QS]তোমাৰ সোঁ হাতে তোমাক ভয় জন্মোৱা কাৰ্য শিকাওঁক। [QE]
5. [QS]তোমাৰ ধনুৰ কাঁড়বোৰ চোকা; [QE][QS]ৰজাৰ শত্ৰুবোৰৰ বুকুত সেই কাঁড়বোৰে বিন্ধি যায়; [QE][QS]জাতিবোৰ তোমাৰ ভৰিৰ তলত পৰি যায়; [QE]
6. [QS]ঈশ্বৰে তোমাক দিয়া সিংহাসন চিৰস্থায়ী[* হে ঈশ্বৰ, তোমাৰ সিংহাসন, ঈশ্বৰৰ সিংহাসন, চাওক ইব্ৰী 1:8-9 ], অনন্ত কাললৈকে থাকে; [QE][QS]তোমাৰ ৰাজকীয় ৰাজদণ্ড ন্যায়শাসনৰ দণ্ড। [QE]
7. [QS]তুমি ধাৰ্মিকতাক ভাল পোৱা আৰু দুষ্টতাক ঘৃণা কৰা; [QE][QS]সেইবাবে ঈশ্বৰে, তোমাৰ ঈশ্বৰে, তোমাৰ সংগীসকলতকৈ [QE][QS]অধিক বেচি আনন্দৰ তেলেৰে তোমাক অভিষেক কৰিলে। [QE]
8. [QS]গন্ধৰস, অগৰু আৰু দালচিনিৰ সকলো গন্ধত তোমাৰ বস্ত্ৰ সুগন্ধ হৈছে। [QE][QS]হাতী-দাঁতেৰে নির্মাণ কৰা অট্টালিকাৰ পৰা তাঁৰযুক্ত বাদ্যযন্ত্ৰৰ বাদ্যই তোমাক আনন্দ দিয়ে। [QE]
9. [QS]তোমাৰ সন্মানীত মহিলাসকলৰ মাজত ৰাজকন্যাও আছে; [QE][QS]তোমাৰ সোঁহাতে সোণ আৰু ওফীৰৰে বিভূষিতা ৰাণী থিয় হৈ আছে। [QE]
10. [QS]হে কন্যা, মন দি কাণ পাতি শুনা; [QE][QS]তোমাৰ লোকসকলক তুমি পাহৰি যোৱা; [QE][QS]তোমাৰ পিতৃ গৃহৰ কথা পাহৰি যোৱা। [QE]
11. [QS]তেতিয়াহে ৰজাই তোমাৰ সৌন্দৰ্য্যত ইচ্ছা প্রকাশ কৰিব; [QE][QS]কিয়নো তেৱেঁই তোমাৰ প্ৰভু; তেওঁৰ আগত প্রণাম কৰা। [QE]
12. [QS]তূৰ নগৰৰ লোকসকলে তোমাৰ অনুগ্রহ বিচাৰি উপহাৰেৰে সৈতে উপস্থিত হব; [QE][QS]ধনীসকলেও সকলো সম্পদেৰে সৈতে তোমাৰ অনুগ্ৰহ বিচাৰিব। [QE]
13. [QS]ৰাজপ্রাসাদত ৰাজকন্যাক সজ্জিত কৰা হ’ব; [QE][QS]তেওঁৰ বস্ত্ৰ সোণৰ সূতাৰে বোৱা হৈছে। [QE]
14. [QS]নানা বৰঙীয়া ফুলাম বস্ত্ৰেৰে বিভূষিত কৰি তেওঁক ৰজাৰ আগলৈ নিয়া হব; [QE][QS]তাইৰ পাছত তাইৰ অবিবাহিতা সংগীসকলেও অনুসৰণ কৰিব। [QE]
15. [QS]আনন্দ আৰু উল্লাসেৰে তেওঁলোকক লৈ অনা হব; [QE][QS]তেওঁলোক ৰজাৰ ৰাজপ্রসাদত আহি সোমাব। [QE]
16. [QS]তোমাৰ পূর্বপুৰুষসকলৰ ঠাই তোমাৰ পুত্রসকলে ল’ব; [QE][QS]লোকসকলৰ মাজত তুমি তেওঁলোকক গোটেই পৃথিবীত ৰাজকুমাৰ কৰিবা। [QE]
17. [QS]মই তোমাৰ নাম পুৰুষানুক্ৰমে সোঁৱৰণ কৰিম; [QE][QS]সেইকাৰণে লোকসকলে চিৰকাললৈকে তোমাৰ ধন্যবাদ কৰিব। [QE]

ৰেকৰ্ডসমূহ

মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 45 / 150
1 {প্ৰধান বাদ্যকৰৰ নিমিত্তে: সুৰ: চোচন্নীম। কোৰহৰ বংশৰ মচকীল নামৰ প্ৰেম সঙ্গীত। } মোৰ হৃদয় ভাল সুন্দৰ ভাৱধাৰাৰে ভৰি পৰিছে; ৰজাৰ উদ্দেশ্যে মই কবিতা ৰচিছো; মোৰ জিভা লেখকৰ কলমৰ দৰে হৈ উঠিছে। 2 মানুহৰ সন্তান সকলতকৈ তুমি পৰম সুন্দৰ; তোমাৰ ওঁঠযোৰি অনুগ্ৰহেৰে পৰিপূৰ্ণ; ঈশ্বৰে চিৰকাললৈকে তোমাক আশীৰ্ব্বাদ কৰিলে। 3 হে বীৰ, তোমাৰ তৰোৱাল কঁকালত বান্ধি লোৱা; গৌৰৱ আৰু মহিমাৰ সাজত তুমি বিভূষিত হোৱা। 4 ধার্মিকতাযুক্ত সত্য আৰু নম্রতাৰ পক্ষে তুমি নিজৰ গৌৰৱত বিজয়ীৰ দৰে যাত্রা কৰা; তোমাৰ সোঁ হাতে তোমাক ভয় জন্মোৱা কাৰ্য শিকাওঁক। 5 তোমাৰ ধনুৰ কাঁড়বোৰ চোকা; ৰজাৰ শত্ৰুবোৰৰ বুকুত সেই কাঁড়বোৰে বিন্ধি যায়; জাতিবোৰ তোমাৰ ভৰিৰ তলত পৰি যায়; 6 ঈশ্বৰে তোমাক দিয়া সিংহাসন চিৰস্থায়ী* হে ঈশ্বৰ, তোমাৰ সিংহাসন, ঈশ্বৰৰ সিংহাসন, চাওক ইব্ৰী 1:8-9 , অনন্ত কাললৈকে থাকে; তোমাৰ ৰাজকীয় ৰাজদণ্ড ন্যায়শাসনৰ দণ্ড। 7 তুমি ধাৰ্মিকতাক ভাল পোৱা আৰু দুষ্টতাক ঘৃণা কৰা; সেইবাবে ঈশ্বৰে, তোমাৰ ঈশ্বৰে, তোমাৰ সংগীসকলতকৈ অধিক বেচি আনন্দৰ তেলেৰে তোমাক অভিষেক কৰিলে। 8 গন্ধৰস, অগৰু আৰু দালচিনিৰ সকলো গন্ধত তোমাৰ বস্ত্ৰ সুগন্ধ হৈছে। হাতী-দাঁতেৰে নির্মাণ কৰা অট্টালিকাৰ পৰা তাঁৰযুক্ত বাদ্যযন্ত্ৰৰ বাদ্যই তোমাক আনন্দ দিয়ে। 9 তোমাৰ সন্মানীত মহিলাসকলৰ মাজত ৰাজকন্যাও আছে; তোমাৰ সোঁহাতে সোণ আৰু ওফীৰৰে বিভূষিতা ৰাণী থিয় হৈ আছে। 10 হে কন্যা, মন দি কাণ পাতি শুনা; তোমাৰ লোকসকলক তুমি পাহৰি যোৱা; তোমাৰ পিতৃ গৃহৰ কথা পাহৰি যোৱা। 11 তেতিয়াহে ৰজাই তোমাৰ সৌন্দৰ্য্যত ইচ্ছা প্রকাশ কৰিব; কিয়নো তেৱেঁই তোমাৰ প্ৰভু; তেওঁৰ আগত প্রণাম কৰা। 12 তূৰ নগৰৰ লোকসকলে তোমাৰ অনুগ্রহ বিচাৰি উপহাৰেৰে সৈতে উপস্থিত হব; ধনীসকলেও সকলো সম্পদেৰে সৈতে তোমাৰ অনুগ্ৰহ বিচাৰিব। 13 ৰাজপ্রাসাদত ৰাজকন্যাক সজ্জিত কৰা হ’ব; তেওঁৰ বস্ত্ৰ সোণৰ সূতাৰে বোৱা হৈছে। 14 নানা বৰঙীয়া ফুলাম বস্ত্ৰেৰে বিভূষিত কৰি তেওঁক ৰজাৰ আগলৈ নিয়া হব; তাইৰ পাছত তাইৰ অবিবাহিতা সংগীসকলেও অনুসৰণ কৰিব। 15 আনন্দ আৰু উল্লাসেৰে তেওঁলোকক লৈ অনা হব; তেওঁলোক ৰজাৰ ৰাজপ্রসাদত আহি সোমাব। 16 তোমাৰ পূর্বপুৰুষসকলৰ ঠাই তোমাৰ পুত্রসকলে ল’ব; লোকসকলৰ মাজত তুমি তেওঁলোকক গোটেই পৃথিবীত ৰাজকুমাৰ কৰিবা। 17 মই তোমাৰ নাম পুৰুষানুক্ৰমে সোঁৱৰণ কৰিম; সেইকাৰণে লোকসকলে চিৰকাললৈকে তোমাৰ ধন্যবাদ কৰিব।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 45 / 150
×

Alert

×

Assamese Letters Keypad References