অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {#1দায়ুদৰ ৰচিত গীত } [QS]হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা, [QE][QS]মোৰ কাকুতিলৈ কাণ পাতা; [QE][QS]তোমাৰ বিশ্বস্ততা আৰু ধাৰ্মিকতাত মোক উত্তৰ দিয়া। [QE]
2. [QS]তোমাৰ দাসক বিচাৰলৈ নিনিবা; [QE][QS]কিয়নো তোমাৰ দৃষ্টিত কোনো জীৱিত লোক ধাৰ্মিক নহয়। [QE]
3. [QS]শত্ৰুৱে মোক পাছে পাছে খেদি আহিল, [QE][QS]তেওঁ মোক মাটিত পেলাই মোৰ জীৱন ছিন্ন-ভিন্ন কৰিলে, [QE][QS]দীর্ঘ দিনৰ আগেয়ে মৃত হোৱা লোকৰ দৰে তেওঁ মোক অন্ধকাৰময় ঠাইত বসতি কৰালে। [QE]
4. [QS]সেইবাবে মোৰ আত্মা অন্তৰত ব্যাকুল হৈছে; [QE][QS]মোৰ অন্তৰত মন অসাৰ হৈ পৰিছে। [QE]
5. [QS]মই পূৰ্বকালৰ দিনৰ কথা মনত পেলাও, [QE][QS]মই তোমাৰ সকলো কার্যৰ বিষয়ে চিন্তা কৰোঁ, [QE][QS]তোমাৰ হাতৰ কাৰ্যবোৰ ধ্যান কৰোঁ। [QE]
6. [QS]মই তোমাৰ ফালে মোৰ হাত মেলি আগবঢ়াই দিছোঁ; [QE][QS]শুকান ভূমিৰ নিচিনাকৈ মোৰ প্ৰাণ তোমাৰ কাৰণে তৃষ্ণাতুৰ হৈছে। [চেলা] [QE]
7. [QS]হে যিহোৱা, তুমি শীঘ্ৰে মোক উত্তৰ দিয়া, [QE][QS]কাৰণ মোৰ আত্মাৰ উৎসাহ নোহোৱা হৈছে; [QE][QS]মোৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা, [QE][QS]মই গাতলৈ নামি যোৱাবোৰৰ নিচিনা হৈ পৰিম। [QE]
8. [QS]ৰাতিপুৱাতে মোক তোমাৰ সুস্থিৰ প্রেমৰ বচন শুনুউৱা, [QE][QS]কাৰণ মই তোমাৰ ওপৰতে ভাৰসা কৰিছোঁ; [QE][QS]তুমি মোক মই চলিবলগীয়া পথ শিকোঁৱা, [QE][QS]কিয়নো মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ। [QE]
9. [QS]হে যিহোৱা, মোৰ শত্ৰুবোৰৰ পৰা তুমি মোক উদ্ধাৰ কৰা; [QE][QS]মই লুকাবৰ কাৰণে তোমাৰ ওচৰলৈ পলাই আহিছোঁ; [QE]
10. [QS]তোমাৰ ইচ্ছাৰ কার্য সিদ্ধ কৰিবলৈ তুমি শিকোৱা, [QE][QS]কিয়নো তুমিয়েই মোৰ ঈশ্বৰ; [QE][QS]তোমাৰ মংগলময় আত্মাৰে মোক সমান পথত চলাই নিয়া। [QE]
11. [QS]হে যিহোৱা, তোমাৰ নামৰ কাৰণে মোক পুনৰায় সঞ্জীৱিত কৰা; [QE][QS]তোমাৰ ধাৰ্মিকতাৰে সংকটৰ পৰা তুমি মোক উদ্ধাৰ কৰা। [QE]
12. [QS]তোমাৰ সুস্থিৰ প্রেমেৰে মোৰ শত্ৰুবোৰক উচ্ছন্ন কৰা; [QE][QS]মোৰ সকলো বিপক্ষবোৰক তুমি ধ্বংস কৰা, [QE][QS]কিয়নো মই তোমাৰ দাস। [QE]

ৰেকৰ্ডসমূহ

মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 143 / 150
দায়ুদৰ ৰচিত গীত 1 হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা, মোৰ কাকুতিলৈ কাণ পাতা; তোমাৰ বিশ্বস্ততা আৰু ধাৰ্মিকতাত মোক উত্তৰ দিয়া। 2 তোমাৰ দাসক বিচাৰলৈ নিনিবা; কিয়নো তোমাৰ দৃষ্টিত কোনো জীৱিত লোক ধাৰ্মিক নহয়। 3 শত্ৰুৱে মোক পাছে পাছে খেদি আহিল, তেওঁ মোক মাটিত পেলাই মোৰ জীৱন ছিন্ন-ভিন্ন কৰিলে, দীর্ঘ দিনৰ আগেয়ে মৃত হোৱা লোকৰ দৰে তেওঁ মোক অন্ধকাৰময় ঠাইত বসতি কৰালে। 4 সেইবাবে মোৰ আত্মা অন্তৰত ব্যাকুল হৈছে; মোৰ অন্তৰত মন অসাৰ হৈ পৰিছে। 5 মই পূৰ্বকালৰ দিনৰ কথা মনত পেলাও, মই তোমাৰ সকলো কার্যৰ বিষয়ে চিন্তা কৰোঁ, তোমাৰ হাতৰ কাৰ্যবোৰ ধ্যান কৰোঁ। 6 মই তোমাৰ ফালে মোৰ হাত মেলি আগবঢ়াই দিছোঁ; শুকান ভূমিৰ নিচিনাকৈ মোৰ প্ৰাণ তোমাৰ কাৰণে তৃষ্ণাতুৰ হৈছে। *চেলা 7 হে যিহোৱা, তুমি শীঘ্ৰে মোক উত্তৰ দিয়া, কাৰণ মোৰ আত্মাৰ উৎসাহ নোহোৱা হৈছে; মোৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা, মই গাতলৈ নামি যোৱাবোৰৰ নিচিনা হৈ পৰিম। 8 ৰাতিপুৱাতে মোক তোমাৰ সুস্থিৰ প্রেমৰ বচন শুনুউৱা, কাৰণ মই তোমাৰ ওপৰতে ভাৰসা কৰিছোঁ; তুমি মোক মই চলিবলগীয়া পথ শিকোঁৱা, কিয়নো মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ। 9 হে যিহোৱা, মোৰ শত্ৰুবোৰৰ পৰা তুমি মোক উদ্ধাৰ কৰা; মই লুকাবৰ কাৰণে তোমাৰ ওচৰলৈ পলাই আহিছোঁ; 10 তোমাৰ ইচ্ছাৰ কার্য সিদ্ধ কৰিবলৈ তুমি শিকোৱা, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ; তোমাৰ মংগলময় আত্মাৰে মোক সমান পথত চলাই নিয়া। 11 হে যিহোৱা, তোমাৰ নামৰ কাৰণে মোক পুনৰায় সঞ্জীৱিত কৰা; তোমাৰ ধাৰ্মিকতাৰে সংকটৰ পৰা তুমি মোক উদ্ধাৰ কৰা। 12 তোমাৰ সুস্থিৰ প্রেমেৰে মোৰ শত্ৰুবোৰক উচ্ছন্ন কৰা; মোৰ সকলো বিপক্ষবোৰক তুমি ধ্বংস কৰা, কিয়নো মই তোমাৰ দাস।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 143 / 150
×

Alert

×

Assamese Letters Keypad References