অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {#1মচকীল নামেৰে দায়ুদৰ ৰচিত গীত } [QS]ধন্য সেই লোক, যি লোকৰ অপৰাধ ক্ষমা কৰা হয়; [QE][QS]যি লোকৰ পাপ ঢকা হয়। [QE]
2. [QS]ধন্য সেই ব্যক্তি, যি ব্যক্তিৰ অপৰাধ যিহোৱাই গণনা নকৰে, [QE][QS]আৰু যি ব্যক্তিৰ মনত কোনো ছলনা নাই। [QE]
3. [QS]মই যেতিয়া পাপ স্বীকাৰ নকৰি মনে মনে আছিলোঁ, তেতিয়া ওৰে দিনটো কেঁকাই থকাত মোৰ অস্থিবোৰ ক্ষয় পাইছিল। [QE]
4. [QS]কিয়নো তেতিয়া দিনে ৰাতিয়ে মোৰ ওপৰত তোমাৰ হাত গধুৰ হৈ আছিল, [QE][QS]মোৰ গাৰ শক্তি জহকালৰ তাপত যেনেকৈ হয়, তেনেকৈয়ে শুকাই গৈছিল। (চেলা) [QE]
5. [QS]তেতিয়া মই তোমাৰ আগত মোৰ পাপ সৈ কাঢ়িলোঁ; [QE][QS]মোৰ অপৰাধ মই আৰু লুকুৱাই নাৰাখিলোঁ; [QE][QS]মই ক’লো, “যিহোৱাৰ আগত মই মোৰ অপৰাধ সৈ কাঢ়িম”; [QE][QS]তাতে মোৰ পাপৰ দোষ তুমি ক্ষমা কৰিলা। (চেলা) [QE]
6. [QS]সেইবাবে প্রয়োজনৰ সময়ত প্রতিজন বিশ্বাসীয়ে তোমাৰ আগত প্রার্থনা কৰক[* সেইবাবে তোমাক পাব পৰা সময়ত প্রতিজন বিশ্বাসীয়ে তোমাৰ আগত প্রার্থনা কৰক ]; [QE][QS]বিপদ মহা-জলপ্লাৱনৰ দৰে আহিলেও সেইজনৰ ওচৰ নাপাব। [QE]
7. [QS]তুমি মোৰ গুপ্তস্থান; [QE][QS]তুমি মোক সঙ্কটৰ পৰা উদ্ধাৰ কৰোঁতা; [QE][QS]মুক্তিৰ জয়ধ্বনিৰে তুমি মোক আৱৰি ৰাখোঁতা। (চেলা) [QE]
8. [QS]মই তোমাক বুদ্ধি দিম; [QE][QS]তুমি যাবলগীয়া পথ মই তোমাক শিকাম; তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম। [QE]
9. [QS]তোমালোক ঘোঁৰা বা খছৰৰ নিচিনা নহবা, [QE][QS]সিহঁতৰ বুজন শক্তি নাই; [QE][QS]মুখত লাগাম আৰু দনা ভূষণৰূপে লগাই সিহঁতক বশ কৰা হয়, [QE][QS]নহলে, সিহঁত তোমালোকৰ ওচৰলৈ নাহিব। [QE]
10. [QS]দুষ্টলোকৰ যাতনা অধিক; [QE][QS]কিন্তু যিজনে যিহোৱাত নির্ভৰ কৰে, যিহোৱাৰ অসীম দয়াই তেওঁক আৱৰি ৰাখে। [QE]
11. [QS]হে ধাৰ্মিক লোকসকল, তোমালোকে যিহোৱাতে আনন্দ কৰা; উল্লাস কৰা; [QE][QS]যাৰ অন্তৰ শুদ্ধ, তোমালোক সকলোৱে আনন্দ-ধ্ৱনি কৰা। [QE]

ৰেকৰ্ডসমূহ

মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 32 / 150
মচকীল নামেৰে দায়ুদৰ ৰচিত গীত 1 ধন্য সেই লোক, যি লোকৰ অপৰাধ ক্ষমা কৰা হয়; যি লোকৰ পাপ ঢকা হয়। 2 ধন্য সেই ব্যক্তি, যি ব্যক্তিৰ অপৰাধ যিহোৱাই গণনা নকৰে, আৰু যি ব্যক্তিৰ মনত কোনো ছলনা নাই। 3 মই যেতিয়া পাপ স্বীকাৰ নকৰি মনে মনে আছিলোঁ, তেতিয়া ওৰে দিনটো কেঁকাই থকাত মোৰ অস্থিবোৰ ক্ষয় পাইছিল। 4 কিয়নো তেতিয়া দিনে ৰাতিয়ে মোৰ ওপৰত তোমাৰ হাত গধুৰ হৈ আছিল, মোৰ গাৰ শক্তি জহকালৰ তাপত যেনেকৈ হয়, তেনেকৈয়ে শুকাই গৈছিল। (চেলা) 5 তেতিয়া মই তোমাৰ আগত মোৰ পাপ সৈ কাঢ়িলোঁ; মোৰ অপৰাধ মই আৰু লুকুৱাই নাৰাখিলোঁ; মই ক’লো, “যিহোৱাৰ আগত মই মোৰ অপৰাধ সৈ কাঢ়িম”; তাতে মোৰ পাপৰ দোষ তুমি ক্ষমা কৰিলা। (চেলা) 6 সেইবাবে প্রয়োজনৰ সময়ত প্রতিজন বিশ্বাসীয়ে তোমাৰ আগত প্রার্থনা কৰক* সেইবাবে তোমাক পাব পৰা সময়ত প্রতিজন বিশ্বাসীয়ে তোমাৰ আগত প্রার্থনা কৰক ; বিপদ মহা-জলপ্লাৱনৰ দৰে আহিলেও সেইজনৰ ওচৰ নাপাব। 7 তুমি মোৰ গুপ্তস্থান; তুমি মোক সঙ্কটৰ পৰা উদ্ধাৰ কৰোঁতা; মুক্তিৰ জয়ধ্বনিৰে তুমি মোক আৱৰি ৰাখোঁতা। (চেলা) 8 মই তোমাক বুদ্ধি দিম; তুমি যাবলগীয়া পথ মই তোমাক শিকাম; তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম। 9 তোমালোক ঘোঁৰা বা খছৰৰ নিচিনা নহবা, সিহঁতৰ বুজন শক্তি নাই; মুখত লাগাম আৰু দনা ভূষণৰূপে লগাই সিহঁতক বশ কৰা হয়, নহলে, সিহঁত তোমালোকৰ ওচৰলৈ নাহিব। 10 দুষ্টলোকৰ যাতনা অধিক; কিন্তু যিজনে যিহোৱাত নির্ভৰ কৰে, যিহোৱাৰ অসীম দয়াই তেওঁক আৱৰি ৰাখে। 11 হে ধাৰ্মিক লোকসকল, তোমালোকে যিহোৱাতে আনন্দ কৰা; উল্লাস কৰা; যাৰ অন্তৰ শুদ্ধ, তোমালোক সকলোৱে আনন্দ-ধ্ৱনি কৰা।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 32 / 150
×

Alert

×

Assamese Letters Keypad References