অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: যিদুথনৰ অৰ্থে আচফৰ ৰচিত গীত। } [QS]মই উচ্চ স্বৰেৰে ঈশ্বৰৰ আগত কাতৰোক্তি কৰিম; [QE][QS]মই ঈশ্বৰৰ ওচৰত উচ্চ স্বৰেৰে কাতৰোক্তি কৰিম মোৰ ঈশ্বৰে মোৰ কথা শুনিব। [QE]
2. [QS]সঙ্কটৰ সময়ত মই যিহোৱাক বিচাৰিলো; [QE][QS]গোটেই ৰাতি মোৰ হাত দুখন ঈশ্বৰৰ ফালে আগবঢ়াই মই প্রার্থনা কৰিলোঁ; মই ক্লান্ত হৈ নপৰো। [QE][QS]মোৰ প্রাণে শান্ত্বনা পোৱা নাছিল। [QE]
3. [QS]মই যেতিয়া ঈশ্বৰক চিন্তা কৰোঁ, তেতিয়া ক্রন্দন কৰোঁ; [QE][QS]মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্রাণ নিৰাশ হৈ পৰে। [চেলা] [QE]
4. [QS]তুমিয়েই টোপনি যোৱাৰ পৰা মোৰ চকুৰ পিৰিকতিক মেলি ৰাখিলা; [QE][QS]মই অতিশয় যাতনাত আছিলোঁ আৰু সেয়ে কথাও কব পৰা নাছিলো। [QE]
5. [QS]মই অতীতৰ কথাবোৰ চিন্তা কৰিছিলোঁ; [QE][QS]অনেক অনেক বছৰৰ আগৰ কথা মই চিন্তা কৰিছিলোঁ। [QE]
6. [QS]ৰাতিৰ সময়ত মই গোৱা গীতবোৰৰ বিষয়ে মোৰ মনত পৰে; [QE][QS]ৰাতি মই মোৰ হৃদয়ত গভীৰ ভাৱে চিন্তা কৰিছিলোঁ; [QE][QS]মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্রাণে যি ঘটিল তাক বুজিবলৈ চেষ্টা কৰে[* মই মোৰ গীত সোঁৱৰন কৰো, মোৰ হৃদয়ত। ]; [QE]
7. [QS]“যিহোৱাই মোক চিৰকালৰ বাবে ত্যাগ কৰিব নেকি? [QE][QS]তেওঁ মোক পুনৰ কেতিয়াও দয়া নকৰিব নেকি? [QE]
8. [QS]তেওঁৰ গভীৰ প্রেম চিৰদিনৰ কাৰণে শেষ হৈ গ’ল নেকি? [QE][QS]তেওঁৰ প্ৰতিজ্ঞাবোৰো চিৰদিনৰ বাবে বিফল হৈ গ’ল নেকি? [QE]
9. [QS]ঈশ্বৰে কৃপা কৰিবলৈ পাহৰি গ’ল নেকি? [QE][QS]তেওঁ খঙতে নিজৰ মমতাকো বন্ধ কৰি দিলে নেকি? [চেলা] [QE]
10. [QS]মই কলোঁ, “মোৰ এইটোৱে দুখ যে সৰ্ব্বোপৰি জনাৰ সোঁ হাত সলনি হৈছে।” [QE]
11. [QS]যিহোৱাই কৰা সকলো কাৰ্যৰ কথা মই সোঁৱৰিম; [QE][QS]পূর্ব কালত তুমি কৰা আচৰিত কৰ্মবোৰ মই সোঁৱৰণ কৰিম। [QE]
12. [QS]তোমাৰ সকলো কাৰ্যৰ বিষয়ে মই ধ্যান কৰিম; [QE][QS]তোমাৰ মহৎ কার্যবোৰ গভীৰ ভাৱে চিন্তা কৰিম। [QE]
13. [QS]হে ঈশ্বৰ, তোমাৰ পথ[† পবিত্ৰস্থান ] পবিত্ৰ; [QE][QS]আমাৰ ঈশ্বৰৰ তুল্য জানো কোনো মহান ঈশ্বৰ আছে? [QE]
14. [QS]তুমিয়েই সেই আচৰিত কৰ্ম কৰোঁতা ঈশ্বৰ; সকলো জাতিৰ মাজত তুমি তোমাৰ পৰাক্ৰমৰ পৰিচয় দিছা। [QE]
15. [QS]তুমি যাকোব আৰু যোচেফৰ বংশৰ সন্তান সকলক তোমাৰ শক্তিশালী হাতৰ বাহুৰে মুক্ত কৰিলা। [চেলা] [QE]
16. [QS]হে ঈশ্বৰ, সমুদ্রৰ জল[‡ সমুদ্ৰ ] সমূহে তোমাক দেখিলে; [QE][QS]জল [§ সমুদ্ৰ ] সমূহে তোমাক দেখি ভয় খালে; [QE][QS]তাৰ গভীৰতা পর্যন্ত কঁপি উঠিল। [QE]
17. [QS]মেঘে জলৰাশিক তললৈ ঢালি দিলে; আকাশত বজ্রই গৰ্জ্জন কৰিলে; [QE][QS]তোমাৰ বিদ্যুতৰ কাঁড়বোৰ ইফালে সিফালে চমকিব ধৰিলে। [QE]
18. [QS]বা’মাৰলী বতাহত তোমাৰ বজ্ৰৰ ধ্বনি শুনা গ’ল; [QE][QS]তোমাৰ বিজুলিৰ চমকে পৃথিৱী আলোকময় কৰিলে; পৃথিৱী কঁপি উঠিল আৰু জোকাৰ খালে। [QE]
19. [QS]সমুদ্ৰৰ মাজত তোমাৰ পথ আছিল; [QE][QS]মহাজলৰাশিৰ মাজত তোমাৰ বাট আছিল; কিন্তু তোমাৰ ভৰিৰ চিহ্ন তাত দেখা নগল। [QE]
20. [QS]মোচি আৰু হাৰোণৰ হতুৱাই মেৰ-ছাগৰ জাকৰ দৰে তুমি তোমাৰ লোকসকলক চলাই লৈ গৈছিলা। [QE]
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 77 / 150
1 {প্ৰধান বাদ্যকৰৰ নিমিত্তে: যিদুথনৰ অৰ্থে আচফৰ ৰচিত গীত। } মই উচ্চ স্বৰেৰে ঈশ্বৰৰ আগত কাতৰোক্তি কৰিম; মই ঈশ্বৰৰ ওচৰত উচ্চ স্বৰেৰে কাতৰোক্তি কৰিম মোৰ ঈশ্বৰে মোৰ কথা শুনিব। 2 সঙ্কটৰ সময়ত মই যিহোৱাক বিচাৰিলো; গোটেই ৰাতি মোৰ হাত দুখন ঈশ্বৰৰ ফালে আগবঢ়াই মই প্রার্থনা কৰিলোঁ; মই ক্লান্ত হৈ নপৰো। মোৰ প্রাণে শান্ত্বনা পোৱা নাছিল। 3 মই যেতিয়া ঈশ্বৰক চিন্তা কৰোঁ, তেতিয়া ক্রন্দন কৰোঁ; মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্রাণ নিৰাশ হৈ পৰে। *চেলা 4 তুমিয়েই টোপনি যোৱাৰ পৰা মোৰ চকুৰ পিৰিকতিক মেলি ৰাখিলা; মই অতিশয় যাতনাত আছিলোঁ আৰু সেয়ে কথাও কব পৰা নাছিলো। 5 মই অতীতৰ কথাবোৰ চিন্তা কৰিছিলোঁ; অনেক অনেক বছৰৰ আগৰ কথা মই চিন্তা কৰিছিলোঁ। 6 ৰাতিৰ সময়ত মই গোৱা গীতবোৰৰ বিষয়ে মোৰ মনত পৰে; ৰাতি মই মোৰ হৃদয়ত গভীৰ ভাৱে চিন্তা কৰিছিলোঁ; মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্রাণে যি ঘটিল তাক বুজিবলৈ চেষ্টা কৰে[* মই মোৰ গীত সোঁৱৰন কৰো, মোৰ হৃদয়ত। ]; 7 “যিহোৱাই মোক চিৰকালৰ বাবে ত্যাগ কৰিব নেকি? তেওঁ মোক পুনৰ কেতিয়াও দয়া নকৰিব নেকি? 8 তেওঁৰ গভীৰ প্রেম চিৰদিনৰ কাৰণে শেষ হৈ গ’ল নেকি? তেওঁৰ প্ৰতিজ্ঞাবোৰো চিৰদিনৰ বাবে বিফল হৈ গ’ল নেকি? 9 ঈশ্বৰে কৃপা কৰিবলৈ পাহৰি গ’ল নেকি? তেওঁ খঙতে নিজৰ মমতাকো বন্ধ কৰি দিলে নেকি? *চেলা 10 মই কলোঁ, “মোৰ এইটোৱে দুখ যে সৰ্ব্বোপৰি জনাৰ সোঁ হাত সলনি হৈছে।” 11 যিহোৱাই কৰা সকলো কাৰ্যৰ কথা মই সোঁৱৰিম; পূর্ব কালত তুমি কৰা আচৰিত কৰ্মবোৰ মই সোঁৱৰণ কৰিম। 12 তোমাৰ সকলো কাৰ্যৰ বিষয়ে মই ধ্যান কৰিম; তোমাৰ মহৎ কার্যবোৰ গভীৰ ভাৱে চিন্তা কৰিম। 13 হে ঈশ্বৰ, তোমাৰ পথ পবিত্ৰস্থান পবিত্ৰ; আমাৰ ঈশ্বৰৰ তুল্য জানো কোনো মহান ঈশ্বৰ আছে? 14 তুমিয়েই সেই আচৰিত কৰ্ম কৰোঁতা ঈশ্বৰ; সকলো জাতিৰ মাজত তুমি তোমাৰ পৰাক্ৰমৰ পৰিচয় দিছা। 15 তুমি যাকোব আৰু যোচেফৰ বংশৰ সন্তান সকলক তোমাৰ শক্তিশালী হাতৰ বাহুৰে মুক্ত কৰিলা। *চেলা 16 হে ঈশ্বৰ, সমুদ্রৰ জল সমুদ্ৰ সমূহে তোমাক দেখিলে; জল § সমুদ্ৰ সমূহে তোমাক দেখি ভয় খালে; তাৰ গভীৰতা পর্যন্ত কঁপি উঠিল। 17 মেঘে জলৰাশিক তললৈ ঢালি দিলে; আকাশত বজ্রই গৰ্জ্জন কৰিলে; তোমাৰ বিদ্যুতৰ কাঁড়বোৰ ইফালে সিফালে চমকিব ধৰিলে। 18 বা’মাৰলী বতাহত তোমাৰ বজ্ৰৰ ধ্বনি শুনা গ’ল; তোমাৰ বিজুলিৰ চমকে পৃথিৱী আলোকময় কৰিলে; পৃথিৱী কঁপি উঠিল আৰু জোকাৰ খালে। 19 সমুদ্ৰৰ মাজত তোমাৰ পথ আছিল; মহাজলৰাশিৰ মাজত তোমাৰ বাট আছিল; কিন্তু তোমাৰ ভৰিৰ চিহ্ন তাত দেখা নগল। 20 মোচি আৰু হাৰোণৰ হতুৱাই মেৰ-ছাগৰ জাকৰ দৰে তুমি তোমাৰ লোকসকলক চলাই লৈ গৈছিলা।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 77 / 150
×

Alert

×

Assamese Letters Keypad References