অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {চলোমনৰ ৰচিত গীত। } [QS]হে ঈশ্বৰ, ৰজাক তোমাৰ শাসন-প্ৰণালীবোৰ দান কৰা, [QE][QS]আৰু ৰাজকোঁৱৰক তোমাৰ ধাৰ্মিকতা প্ৰদান কৰা। [QE]
2. [QS]তেওঁ ধাৰ্মিকতাৰে ৰজাৰ প্ৰজাসকলৰ বিচাৰ কৰিব; [QE][QS]ন্যায়েৰে তোমাৰ দুখীয়াসকলৰ বিচাৰ কৰিব। [QE]
3. [QS]পৰ্ব্বতবোৰে প্ৰজাসকলৰ কাৰণে শান্তি উৎপাদন কৰিব; [QE][QS]পাহাৰবোৰেও ধাৰ্মিকর্তা উৎপাদন কৰিব। [QE]
4. [QS]তেওঁ দুখীয়া প্ৰজাসকলৰ বিচাৰ কৰিব, [QE][QS]অভাৱগ্রস্ত সন্তান সকলক ৰক্ষা কৰিব; [QE][QS]কিন্তু অত্যাচাৰীক টুকুৰা টুকুৰ কৰি গুৰি কৰিব। [QE]
5. [QS]তেওঁ সূৰ্য চন্দ্ৰ থাকেমানে থাকিব, পুৰুষানুক্ৰমে তেওঁলোকে তোমালৈ ভয় কৰিব[* যেতিয়ালৈকে সূৰ্য চন্দ্ৰ থাকিব, তেতিয়ালৈকে তেওঁৰ লোকসকলে পুৰুষানুক্ৰমে তোমাক ভয় কৰিব ]। [QE]
6. [QS]ঘাঁহ কাটি নিয়া মাটিৰ ওপৰত বৰষুণ পৰিলে যেনে হয়, [QE][QS]তেওঁ তেনেকৈয়ে ভূমি ভিজোৱা বৰষুণ জাকৰ দৰেই হয়। [QE]
7. [QS]তেওঁৰ সময়ত ধাৰ্মিকজন[† ধার্মিকতা ] জকমকাব; [QE][QS]যিমান দিনলৈ চন্দ্ৰ থাকিব সিমান দিনলৈকে তেওঁলোক শান্তিত থাকিব। [QE]
8. [QS]তেওঁলোকে এখন সমুদ্ৰৰ পৰা আন এখন সমুদ্ৰলৈকে ৰাজ্য শাসন কৰিব, [QE][QS]আৰু নদীৰ পৰা পৃথিবীৰ শেষলৈকে ৰাজত্ব কৰিব। [QE]
9. [QS]মৰুভূমিৰ[‡ তেওঁৰ শত্রুবোৰে ]নিবাসীসকলে তেওঁৰ আগত আঁঠু ল’ব; [QE][QS]আৰু তেওঁৰ শত্ৰুবোৰে ধূলি চেলেকিব। [QE]
10. [QS]তৰ্চীচ আৰু দ্বীপবোৰৰ ৰজাসকলে পাৰিশ্রমিক শ্রদ্ধাঞ্জলি আনিব; [QE][QS]চিবা আৰু চবাৰ ৰজাসকলে উপহাৰ আনিব। [QE]
11. [QS]এনে কি, সকলো ৰজাই তেওঁৰ আগত প্ৰণিপাত কৰিব; [QE][QS]আৰু সকলো জাতিৰ লোকে তেওঁৰ সেৱা কৰিব। [QE]
12. [QS]কিয়নো, অভাৱগ্রস্তসকলে কাতৰোক্তি কৰিলে তেওঁ উদ্ধাৰ কৰিব; [QE][QS]আৰু সহায়হীন দুখিত জনক তেওঁ ত্ৰাণ কৰিব। [QE]
13. [QS]তেওঁ দুখী অভাবগ্রস্তক কৃপা কৰিব; [QE][QS]দৰিদ্ৰসকলৰ প্ৰাণ ৰক্ষা কৰিব। [QE]
14. [QS]অত্যাচাৰ আৰু উপদ্ৰৱৰ পৰা তেওঁ তেওঁলোকৰ প্ৰাণ মুক্ত কৰিব; [QE][QS]তেওঁৰ দৃষ্টিত সেইসকলৰ তেজ বহুমূল্য হ’ব। [QE]
15. [QS]ৰজাসকল জীয়াই থাকিব আৰু তেওঁলোকক চিবাৰ সোণ দান কৰা যাব; [QE][QS]লোকসকলে নিতৌ তেওঁৰ গুৰিত প্ৰাৰ্থনা কৰিব, [QE][QS]ওৰে দিনটো ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰিব। [QE]
16. [QS]পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হ’ব; [QE][QS]সেই শস্যৰ ফল লিবানোনৰ জাৰণিৰ নিচিনাকৈ লৰিব; [QE][QS]আৰু নগৰ নিবাসীসকল পৃথিবীৰ তৃণৰ দৰে জকমকাব। [QE]
17. [QS]ৰজাৰ নাম চিৰস্থায়ী হ’ব; [QE][QS]সূৰ্য থাকেমানে তেওঁৰ নাম থাকিব; [QE][QS]লোকসকলে তেওঁৰ পৰা আশীৰ্ব্বাদ পাব; [QE][QS]সকলো জাতিয়ে তেওঁক ধন্য ধন্য বুলিব। [QE]
18. [QS]ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰ, ধন্য হওঁক; [QE][QS]যি জন কেৱল আচৰিত কৰ্ম কৰোঁতা। [QE]
19. [QS]তেওঁৰ গৌৰৱ অনন্ত কাললৈকে ধন্য হওক; [QE][QS]আৰু সমুদায় পৃথিৱী তেওঁৰ গৌৰৱেৰে পৰিপূৰ্ণ হওঁক। আমেন আৰু আমেন। [QE]
20. [QS]যিচয়ৰ পুত্ৰ দায়ুদৰ প্ৰাৰ্থনাবোৰ সমাপ্ত। [QE]

ৰেকৰ্ডসমূহ

মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 72 / 150
1 {চলোমনৰ ৰচিত গীত। } হে ঈশ্বৰ, ৰজাক তোমাৰ শাসন-প্ৰণালীবোৰ দান কৰা, আৰু ৰাজকোঁৱৰক তোমাৰ ধাৰ্মিকতা প্ৰদান কৰা। 2 তেওঁ ধাৰ্মিকতাৰে ৰজাৰ প্ৰজাসকলৰ বিচাৰ কৰিব; ন্যায়েৰে তোমাৰ দুখীয়াসকলৰ বিচাৰ কৰিব। 3 পৰ্ব্বতবোৰে প্ৰজাসকলৰ কাৰণে শান্তি উৎপাদন কৰিব; পাহাৰবোৰেও ধাৰ্মিকর্তা উৎপাদন কৰিব। 4 তেওঁ দুখীয়া প্ৰজাসকলৰ বিচাৰ কৰিব, অভাৱগ্রস্ত সন্তান সকলক ৰক্ষা কৰিব; কিন্তু অত্যাচাৰীক টুকুৰা টুকুৰ কৰি গুৰি কৰিব। 5 তেওঁ সূৰ্য চন্দ্ৰ থাকেমানে থাকিব, পুৰুষানুক্ৰমে তেওঁলোকে তোমালৈ ভয় কৰিব* যেতিয়ালৈকে সূৰ্য চন্দ্ৰ থাকিব, তেতিয়ালৈকে তেওঁৰ লোকসকলে পুৰুষানুক্ৰমে তোমাক ভয় কৰিব 6 ঘাঁহ কাটি নিয়া মাটিৰ ওপৰত বৰষুণ পৰিলে যেনে হয়, তেওঁ তেনেকৈয়ে ভূমি ভিজোৱা বৰষুণ জাকৰ দৰেই হয়। 7 তেওঁৰ সময়ত ধাৰ্মিকজন ধার্মিকতা জকমকাব; যিমান দিনলৈ চন্দ্ৰ থাকিব সিমান দিনলৈকে তেওঁলোক শান্তিত থাকিব। 8 তেওঁলোকে এখন সমুদ্ৰৰ পৰা আন এখন সমুদ্ৰলৈকে ৰাজ্য শাসন কৰিব, আৰু নদীৰ পৰা পৃথিবীৰ শেষলৈকে ৰাজত্ব কৰিব। 9 মৰুভূমিৰ তেওঁৰ শত্রুবোৰে নিবাসীসকলে তেওঁৰ আগত আঁঠু ল’ব; আৰু তেওঁৰ শত্ৰুবোৰে ধূলি চেলেকিব। 10 তৰ্চীচ আৰু দ্বীপবোৰৰ ৰজাসকলে পাৰিশ্রমিক শ্রদ্ধাঞ্জলি আনিব; চিবা আৰু চবাৰ ৰজাসকলে উপহাৰ আনিব। 11 এনে কি, সকলো ৰজাই তেওঁৰ আগত প্ৰণিপাত কৰিব; আৰু সকলো জাতিৰ লোকে তেওঁৰ সেৱা কৰিব। 12 কিয়নো, অভাৱগ্রস্তসকলে কাতৰোক্তি কৰিলে তেওঁ উদ্ধাৰ কৰিব; আৰু সহায়হীন দুখিত জনক তেওঁ ত্ৰাণ কৰিব। 13 তেওঁ দুখী অভাবগ্রস্তক কৃপা কৰিব; দৰিদ্ৰসকলৰ প্ৰাণ ৰক্ষা কৰিব। 14 অত্যাচাৰ আৰু উপদ্ৰৱৰ পৰা তেওঁ তেওঁলোকৰ প্ৰাণ মুক্ত কৰিব; তেওঁৰ দৃষ্টিত সেইসকলৰ তেজ বহুমূল্য হ’ব। 15 ৰজাসকল জীয়াই থাকিব আৰু তেওঁলোকক চিবাৰ সোণ দান কৰা যাব; লোকসকলে নিতৌ তেওঁৰ গুৰিত প্ৰাৰ্থনা কৰিব, ওৰে দিনটো ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰিব। 16 পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হ’ব; সেই শস্যৰ ফল লিবানোনৰ জাৰণিৰ নিচিনাকৈ লৰিব; আৰু নগৰ নিবাসীসকল পৃথিবীৰ তৃণৰ দৰে জকমকাব। 17 ৰজাৰ নাম চিৰস্থায়ী হ’ব; সূৰ্য থাকেমানে তেওঁৰ নাম থাকিব; লোকসকলে তেওঁৰ পৰা আশীৰ্ব্বাদ পাব; সকলো জাতিয়ে তেওঁক ধন্য ধন্য বুলিব। 18 ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰ, ধন্য হওঁক; যি জন কেৱল আচৰিত কৰ্ম কৰোঁতা। 19 তেওঁৰ গৌৰৱ অনন্ত কাললৈকে ধন্য হওক; আৰু সমুদায় পৃথিৱী তেওঁৰ গৌৰৱেৰে পৰিপূৰ্ণ হওঁক। আমেন আৰু আমেন। 20 যিচয়ৰ পুত্ৰ দায়ুদৰ প্ৰাৰ্থনাবোৰ সমাপ্ত।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 72 / 150
×

Alert

×

Assamese Letters Keypad References