অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {যিহূদাৰ অৰণ্যত থকা সময়ত দায়ূদৰ ৰচিত গীত। } [QS]হে ঈশ্বৰ, তুমি মোৰ ঈশ্বৰ; [QE][QS]আন্তৰিকতাৰে মই তোমাক বিচাৰিম; [QE][QS]পানী নথকা শুকান আৰু খৰাং দেশত, তোমালৈ হাবিয়াহ কৰোঁতে, [QE][QS]মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে, মোৰ শৰীৰ ক্ষীণাই গৈছে। [QE]
2. [QS]এই দৰে মই তোমাৰ আশ্রয় স্থল, পৰাক্ৰম আৰু গৌৰৱ দেখিবলৈ, [QE][QS]পবিত্ৰ স্থানত তোমাক চাইছিলোঁ। [QE]
3. [QS]কিয়নো তোমাৰ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা জীৱনতকৈয়ো উত্তম; [QE][QS]মোৰ ওঁঠে তোমাৰ স্তুতি প্রশংসা কৰিব। [QE]
4. [QS]এইদৰে মই জীয়াই থাকোমানে তোমাৰ ধন্যবাদ কৰিম, [QE][QS]তোমাৰ নামত মই মোৰ হাত প্রার্থনাৰ সময়ত ওপৰলৈ তুলি ধৰিম। [QE]
5. [QS]লোকসকলে মগজু আৰু তেলীয়া মাংসত যেনেকৈ সন্তুষ্ট, তেনেকৈ মোৰ প্ৰাণ তৃপ্ত হ’ব; [QE][QS]আৰু মোৰ মুখে আনন্দিত মনেৰে তোমাৰ প্ৰশংসা কৰিব। [QE]
6. [QS]মই মোৰ শয্যাত শুই তোমাৰ কথা ভাৱো; [QE][QS]নিশা প্ৰহৰে প্ৰহৰে তোমাক ধ্যান কৰোঁ। [QE]
7. [QS]কিয়নো তুমি মোৰ সহায়কর্তা; [QE][QS]তোমাৰ ডেউকাৰ ছাঁত মই আনন্দ কৰিম। [QE]
8. [QS]মোৰ প্ৰাণে তোমাক ধৰি ৰাখিছে; [QE][QS]তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিছে। [QE]
9. [QS]যিবোৰে বিনাশৰ অৰ্থে মোৰ প্ৰাণ বিচাৰিছে, [QE][QS]তেওঁলোক পৃথিবীৰ অধঃস্থানলৈ গতি কৰিব। [QE]
10. [QS]তেওঁলোক তৰোৱালৰ ধাৰত সমৰ্পিত হ’ব; [QE][QS]আৰু তেওঁলোকৰ অংশ শিয়ালৰ আহাৰ হ’ব। [QE]
11. [QS]কিন্তু ৰজাই ঈশ্বৰত আনন্দ কৰিব; [QE][QS]তেওঁৰ নামেৰে শপত কৰা প্ৰতিজনে গৌৰৱ কৰিব, [QE][QS]কিয়নো মিছলীয়াবোৰৰ মুখ বন্ধ হ’ব। [QE]

ৰেকৰ্ডসমূহ

মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 63 / 150
1 {যিহূদাৰ অৰণ্যত থকা সময়ত দায়ূদৰ ৰচিত গীত। } হে ঈশ্বৰ, তুমি মোৰ ঈশ্বৰ; আন্তৰিকতাৰে মই তোমাক বিচাৰিম; পানী নথকা শুকান আৰু খৰাং দেশত, তোমালৈ হাবিয়াহ কৰোঁতে, মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে, মোৰ শৰীৰ ক্ষীণাই গৈছে। 2 এই দৰে মই তোমাৰ আশ্রয় স্থল, পৰাক্ৰম আৰু গৌৰৱ দেখিবলৈ, পবিত্ৰ স্থানত তোমাক চাইছিলোঁ। 3 কিয়নো তোমাৰ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা জীৱনতকৈয়ো উত্তম; মোৰ ওঁঠে তোমাৰ স্তুতি প্রশংসা কৰিব। 4 এইদৰে মই জীয়াই থাকোমানে তোমাৰ ধন্যবাদ কৰিম, তোমাৰ নামত মই মোৰ হাত প্রার্থনাৰ সময়ত ওপৰলৈ তুলি ধৰিম। 5 লোকসকলে মগজু আৰু তেলীয়া মাংসত যেনেকৈ সন্তুষ্ট, তেনেকৈ মোৰ প্ৰাণ তৃপ্ত হ’ব; আৰু মোৰ মুখে আনন্দিত মনেৰে তোমাৰ প্ৰশংসা কৰিব। 6 মই মোৰ শয্যাত শুই তোমাৰ কথা ভাৱো; নিশা প্ৰহৰে প্ৰহৰে তোমাক ধ্যান কৰোঁ। 7 কিয়নো তুমি মোৰ সহায়কর্তা; তোমাৰ ডেউকাৰ ছাঁত মই আনন্দ কৰিম। 8 মোৰ প্ৰাণে তোমাক ধৰি ৰাখিছে; তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিছে। 9 যিবোৰে বিনাশৰ অৰ্থে মোৰ প্ৰাণ বিচাৰিছে, তেওঁলোক পৃথিবীৰ অধঃস্থানলৈ গতি কৰিব। 10 তেওঁলোক তৰোৱালৰ ধাৰত সমৰ্পিত হ’ব; আৰু তেওঁলোকৰ অংশ শিয়ালৰ আহাৰ হ’ব। 11 কিন্তু ৰজাই ঈশ্বৰত আনন্দ কৰিব; তেওঁৰ নামেৰে শপত কৰা প্ৰতিজনে গৌৰৱ কৰিব, কিয়নো মিছলীয়াবোৰৰ মুখ বন্ধ হ’ব।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 63 / 150
×

Alert

×

Assamese Letters Keypad References