অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {এটি গীত। } [QS]তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা; [QE][QS]কাৰণ তেওঁ অনেক আচৰিত কার্য কৰিলে; [QE][QS]তেওঁৰ সোঁ হাত আৰু তেওঁৰ পবিত্ৰ বাহুৱে [QE][QS]আমাক জয়ী কৰিলে। [QE]
2. [QS]যিহোৱাই তেওঁৰ পৰিত্ৰাণৰ কথা জনালে; [QE][QS]তেওঁ জাতি সমূহৰ দৃষ্টি গোচৰত নিজৰ ধাৰ্মিকতা মুকলিকৈ প্ৰকাশ কৰিলে। [QE]
3. [QS]ইস্ৰায়েল বংশৰ কাৰণে তেওঁৰ অটল প্রেম আৰু বিশ্বস্ততাৰ কথা তেওঁ সোঁৱৰণ কৰিলে; [QE][QS]পৃথিৱীৰ সকলো প্রান্তই আমাৰ ঈশ্বৰৰ জয় দেখা পাব। [QE]
4. [QS]হে সমুদায় পৃথিৱী, যিহোৱাৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা; [QE][QS]উচ্চ ধ্বনিৰে আনন্দ গান কৰা, প্ৰশংসাৰ গীত গোৱা। [QE]
5. [QS]বীণা বজাই যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা, [QE][QS]বীণা বজাই সুন্দৰ সুৰেৰে যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা। [QE]
6. [QS]তূৰী বজাই শিঙা বাদ্যৰে সৈতে ৰজা যিহোৱাৰ আগত আনন্দ ধ্বনি কৰা। [QE]
7. [QS]সমুদ্ৰ আৰু তাৰ সকলোৱেই গৰ্জ্জন কৰক; [QE][QS]জগত আৰু তাত বাস কৰা সকলোৱে গৰ্জ্জন কৰক। [QE]
8. [QS]নদীবোৰে হাত-তালি দিয়ক; [QE][QS]পর্বতবোৰে একেলগে আনন্দ গান কৰক, [QE]
9. [QS]যিহোৱাৰ সন্মুখতে তেনে কৰক; [QE][QS]কিয়নো তেওঁ আহি আছে; [QE][QS]পৃথিৱীৰ বিচাৰ কৰিবলৈ তেওঁ আহি আছে। [QE][QS]তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব; [QE][QS]নিজ ন্যায়েৰে জাতি সমূহৰ বিচাৰ কৰিব। [QE]

ৰেকৰ্ডসমূহ

মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 98 / 150
1 {এটি গীত। } তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা; কাৰণ তেওঁ অনেক আচৰিত কার্য কৰিলে; তেওঁৰ সোঁ হাত আৰু তেওঁৰ পবিত্ৰ বাহুৱে আমাক জয়ী কৰিলে। 2 যিহোৱাই তেওঁৰ পৰিত্ৰাণৰ কথা জনালে; তেওঁ জাতি সমূহৰ দৃষ্টি গোচৰত নিজৰ ধাৰ্মিকতা মুকলিকৈ প্ৰকাশ কৰিলে। 3 ইস্ৰায়েল বংশৰ কাৰণে তেওঁৰ অটল প্রেম আৰু বিশ্বস্ততাৰ কথা তেওঁ সোঁৱৰণ কৰিলে; পৃথিৱীৰ সকলো প্রান্তই আমাৰ ঈশ্বৰৰ জয় দেখা পাব। 4 হে সমুদায় পৃথিৱী, যিহোৱাৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা; উচ্চ ধ্বনিৰে আনন্দ গান কৰা, প্ৰশংসাৰ গীত গোৱা। 5 বীণা বজাই যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা, বীণা বজাই সুন্দৰ সুৰেৰে যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা। 6 তূৰী বজাই শিঙা বাদ্যৰে সৈতে ৰজা যিহোৱাৰ আগত আনন্দ ধ্বনি কৰা। 7 সমুদ্ৰ আৰু তাৰ সকলোৱেই গৰ্জ্জন কৰক; জগত আৰু তাত বাস কৰা সকলোৱে গৰ্জ্জন কৰক। 8 নদীবোৰে হাত-তালি দিয়ক; পর্বতবোৰে একেলগে আনন্দ গান কৰক, 9 যিহোৱাৰ সন্মুখতে তেনে কৰক; কিয়নো তেওঁ আহি আছে; পৃথিৱীৰ বিচাৰ কৰিবলৈ তেওঁ আহি আছে। তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ ন্যায়েৰে জাতি সমূহৰ বিচাৰ কৰিব।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 98 / 150
×

Alert

×

Assamese Letters Keypad References